Datasets:
mteb
/

Modalities:
Text
Formats:
parquet
Libraries:
Datasets
pandas
_id
stringlengths
64
64
text
stringlengths
355
6.65k
title
stringclasses
1 value
b2db86cf8a2af1a3fdf4a87f9926838fab24f03db736d49e02ea5e8672c1ec61
"অহল্যা" নামটো দুটা ভাগত ভাগ কৰিব পাৰি: "অ" আৰু "হল্যা। " "অ" এটা নঞৰ্থক উপসৰ্গ আৰু সংস্কৃত অভিধানসমূহত "হল্যা" শব্দটিৰ সংজ্ঞা এটা নাঙল (হাল), হালকৰ্ষণ অথবা অংগবৈকল্যৰ সৈতে যুক্ত কৰা হৈছে। ৰামায়ণৰ উত্তৰাকাণ্ডত ব্ৰহ্মাই সংস্কৃত "অহল্যা" নামটিৰ সংজ্ঞা আগবঢ়াই কৈছে যে "যি অসৌন্দৰ্যৰ অখ্যাতিৰ পৰা মুক্ত" অথবা "যি নিখুঁত সুন্দৰী। " এই প্ৰসংগত ইন্দ্ৰক তেওঁ কি দৰে অহল্যাৰ শৰীৰৰ সকলো অংশৰ মাজেৰে সকলো সৃষ্টিৰ বিশেষ সৌন্দৰ্য প্ৰকাশ কৰিছে, সেই বিষয়ে ব্যক্ত কৰিছে। কোনো কোনো সংস্কৃত অভিধানত যিহেতু অহল্যা শব্দটিৰ অনুবাদত "অকৰ্ষিত" অভিধাটো ব্যৱহাৰ কৰিছে, সেই হেতু কোনো কোনো আধুনিক লেখকে এই শব্দটো যৌনসংগমৰ ইংগিত সূচক বুলি দাবী কৰে। তেওঁলোকৰ মতে, নামটি কোনো কুমাৰী অথবা মাতৃচৰিত্ৰৰ দ্যোতক। এই অৰ্থটো তেওঁৰ চৰিত্ৰৰ সৈতে খাপ খায়। কাৰণ, ভিন্ন ভিন্ন দৃষ্টিকোণৰ পৰা ইন্দ্ৰই ঢুকি পোৱাৰ পৰা যিকোনো প্ৰকাৰে নিলগত থকা বুলি ভবা অহল্যাৰ চৰিত্ৰ সন্দৰ্ভত এই কথা খাপ খাই পৰে।
e0578d5d24e0d7df9cf92c25a40709136de6a687784a758fb21ee28516487f42
'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ "বিচু"ত। "বিচু" শব্দৰ অৰ্থ হৈছে "আটাইতকৈ পবিত্ৰ দিন", ঠিক একে দৰে যেনেকৈ "চুতীয়া" মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক"। পৰৱৰ্তীকালত অসমীয়া ভাষাত "চ" উচ্চাৰণটো "হ" লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল।
e9e1c1401edbef7940303af5f3e0136277e5d76c7d6c639b1cc9033f92203c14
'মানবগৃহ্যসূত্ৰ' আৰু 'যাজ্ঞবল্ক্য স্মৃতি'-ত শাল, কটঙ্কট, উষ্মিত, কুষ্মাণ্ড ৰাজপুত্ৰ আৰু দেবযজন ইত্যাদিকে বিনায়ক বুলি উল্লেখ কৰা হৈছে। মহাভাৰততো এওঁলোকেই বিনায়ক। এওঁলোকৰৰ কাম বিঘ্ন উৎপাদন কৰা। এই সকলো বিনায়ক মিলি পাছত বিঘ্নৰাজ গণপতিৰ ৰূপ লয়। যাজ্ঞবল্ক্যৰ স্মৃতি অনুসৰি এজন বিনায়ক অম্বিকাৰ পুত্ৰ। ইয়াতেই গণেশক প্ৰথমবাৰ দুৰ্গাৰ সন্তান বুলি উল্লেখ কৰা হয়। বহু পুৰাণত তেওঁক স্বয়ম্ভূ বোলা হৈছে। আকৌ স্কন্সকলৰ গণ বা পৰিসদসকলৰ অনেকেই পশু-চৰাইৰ মুখবিশিষ্ট। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ 'ভূমাৰা'ত এই ধৰণৰ বহু গণৰ উল্লেখ পোৱা যায়। গণেশ অৰ্থাৎ গণ-ঈশৰ হস্তীমুখৰ ইও এক কাৰণ হ’ব পাৰে। আকৌ কোনো কোনোৰ মতে যক্ষ আৰু নাগদেৱতা মিলি গণেশ। হাতীৰ মুণ্ড যুক্ত যক্ষ পুৰাণত বৰ্ণিত।
f37b1fe7c5c6758e122d0175d1785efdfbc725d092328f54e2e747e04fe698ac
[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে 'অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন' (The Assam National Park Act of 1968) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয়। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ (UNESCO) 'বিশ্ব ঐতিহ্যক্ষেত্ৰ' (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰা হয়। কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাজিৰঙাৰ আশ-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে। [উদ্ধৃতিৰ প্ৰয়োজন] আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰত হানিৰ সৃষ্টি কৰিছে। অৱশ্যে আলফাৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে কাজিৰঙাৰ কোনো হানি হোৱা নাই–বৰং–কিছুমান ক্ষেত্ৰত আলফা সদস্যই উদ্যানৰ পশু হত্যা বন্ধ কৰিবলৈ চেষ্টা কৰা দেখা যায়। ১৯৮০ চনৰপৰাই আলফা সদস্যৰ দ্বাৰা চোৰাং চিকাৰী নিধনৰ কথা জানিব পৰা গৈছে। ২০০৫ চনত উলহ-মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশ বছৰীয়া জয়ন্তী উদ্‌যাপন কৰা হয়। এই উপলক্ষত মেৰী কাৰ্জন আৰু লৰ্ড কাৰ্জনৰ বৰ্তমান বংশধৰক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়।
be4c2b29aea01c3763fb579752cc275b52d17bb4f67bc6136a2dc131bc859cd0
অক্টোবৰ ২০০১ ত দলে তেওঁক গুজৰাট চৰকাৰক নেতৃত্ব দিবলৈ আমন্ত্ৰণ কৰে। মোদীৰ চৰকাৰে যেতিয়া ২০০১ চনৰ ৭ অক্টোবৰত শপত গ্ৰহণ কৰে, গুজৰাটৰ অৰ্থনীতিক জানুৱাৰী ২০০১ ৰ বিধ্বংসী ভূমিকম্পকে ধৰি কেবাটাও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিকূল প্ৰভাৱে দুৰ্বল কৰি তুলিছিল। অৱশ্যে, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট শ্ৰেষ্ঠ ৰণকৌশলবিদ নৰেন্দ্ৰ মোদীয়ে ইয়াৰ সঠিক মোকাবিলা কৰা সিদ্ধান্ত লয়। তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল ২০০১ চনৰ জানুৱাৰীত সংঘটিত বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপন কৰা। ভুজ এখন ধ্বংসস্তুপৰ নগৰ হৈ পৰিছিল আৰু হেজাৰ হেজাৰ মানুহ কোনো মৌলিক সা-সুবিধা অবিহনে অস্থায়ী শিবিৰত জীৱনযাপন কৰি আছিল। আজিৰ ভুজ নগৰেই হ'ল নৰেন্দ্ৰ মোদীয়ে কেনেকৈ যুগান্তকাৰী বিকাশৰ বাবে প্ৰতিকূলতাক সুযোগলৈ ৰূপান্তৰ কৰিছিল তাৰ প্ৰমাণ[উদ্ধৃতিৰ প্ৰয়োজন]। আনকি পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ কাম চলি থকা অৱস্থাতো নৰেন্দ্ৰ মোদীৰ দৃষ্টি বৃহৎ কাম সমূহৰ প্ৰতি আঁতৰ হোৱা নাছিল। গুজৰাটে সদায় উদ্যোগিক বিকাশৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি আহিছে। নৰেন্দ্ৰ মোদীয়ে সামাজিক ক্ষেত্ৰৰ প্ৰতি সঠিকভাৱে দৃষ্টি নিৱদ্ধ কৰি সংহত আৰ্থ-সামাজিক বিকাশৰ দ্বাৰা ভাৰসাম্যহীনতা দূৰ কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ ৰাজ্যখনৰ সংহত উন্নয়নৰ বাবে পাঁচ-দফীয়া পঞ্চম্ৰুত আঁচনিৰ পোষণ কৰে। তেখেতৰ নেতৃত্বত, গুজৰাটে শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, আৰু অন্য কেবাটাও খণ্ডসহ ভালেমান খণ্ডত বিস্তৃত ৰূপান্তৰ প্ৰত্যক্ষ কৰি আছে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে তেখেতে এটা নিজস্ব স্পষ্ট দৃষ্টিভংগী বিকাশ কৰিছে, নীতি পৰিচালিত সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, চৰকাৰী প্ৰশাসনিক গাঁথনি পুনৰ্গঠন কৰিছে আৰু গুজৰাটক সফলভাৱে সমৃদ্ধিৰ পথেৰে আগুৱাই নিছে[উদ্ধৃতিৰ প্ৰয়োজন]। ক্ষমতা দখলৰ প্ৰথম ১০০ দিনৰ ভিতৰতেই তেওঁৰ অভিপ্ৰায় আৰু সক্ষমতা দৃষ্টিগোচৰ হৈছিল। তেওঁৰ এই দক্ষতা আৰু প্ৰশাসনিক সূক্ষ্মদৰ্শিতা, স্পষ্ট দূৰদৃষ্টি আৰু চাৰিত্ৰিক সততাই ডিচেম্বৰ ২০০২ চনৰ সাধাৰণ নিৰ্বাচনত বিপুলভাৱে তেওঁক জয়লাভ কৰাত সহায় কৰিছিল আৰু সদনৰ ১৮২খন আসনৰ ভিতৰত ১২৪খন আসনতেই বিপুলভাৱে জয়লাভ কৰি মোদী চৰকাৰ পুনৰ শাসনাধিষ্ঠ হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]। এই চমৎকাৰ পাৰদৰ্শিতা ২০০৭ লৈ অব্যাহত আছিল আৰু মোদীয়ে নিৰ্বাচনত পুনৰ অভিলেখ সৃষ্টি কৰি বিজেপিক জয়লাভ কৰাইছিল। নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ ২০১২ ত গুজৰাটত ৰাইজৰ সেৱাত অভিলেখ সংখ্যক ৪০০০ দিন অতিক্ৰম কৰিলে।
34af817661a32da3c443212f3ade6216edff33b1e87ee8af38d826be1e9b3da2
অতি কমেও কেইবা শতিকাৰ পৰা এই দ্বীপ মালাত মানুহে বসবাস কৰি আহিছে। পুৰাতত্ববিদ সকলৰ মতে প্ৰায় ২,২০০ বছৰ মানৰ পৰা ইয়াত মানুহ থকাৰ প্ৰমাণ আছে, আনহাতেদি জিনীয় আৰু সাংস্কৃতিক অধ্যয়ণৰ পৰা দেখা গৈছে খিলঞ্জীয়া আন্দামানী সকল পৃথিৱীৰ আন জনসমূহৰ পৰা মধ্য প্ৰস্তৰ যুগতে আঁতৰি আহিছিল। সেই সময়ৰ পৰা আন্দামানী সকল ভাষিক, সাংস্কৃতিক আৰু সাংগঠনিক ভাবে পৃথক হৈ পৰিল। নিকোবৰ দ্বীপৰ বাসিন্দা সকল বিভিন্ন জনসমষ্টিৰ সংমিশ্ৰণ। ইউৰোপীয় সম্পৰ্কৰ সময়ত ইয়াৰ মূল বাসিন্দা আছিল ম'ন খেমাৰ ভাষী নিকোব'ৰীজ সকল আৰু চ'ম্পেনসকল। এওঁলোকৰ আন্দামানী সকলৰ লগত কোনো সম্পৰ্ক নাছিল। তামিল চ'লা ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ চ'লা প্ৰথম (১০১৪-১০৪২)-এ ইণ্ডোনেচিয়াৰ সুমাত্ৰাৰ হিন্দু ৰাজ্য শ্ৰী বিজয় আক্ৰমণ কৰিবৰ বাবে আন্দামান নিকোবৰক নিজৰ নৌ সেণাৰ বাহৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে এই দ্বীপক তিন্ময়ত্তিভু (তামিল ভাষাত অপৰিষ্কাৰ দ্বীপ) নাম দিছিল। ১৭শ শতিকাত মাৰাঠা সকলেও এই দ্বীপসমূহক নৌবাহৰ হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰখ্যাত এডমিৰেল কাঁহুজি এংগ্ৰে ইয়াতে বাহৰ পাতি নিজৰ নৌ বাহিনীৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল, এই দ্বীপসমূক ভাৰত চামিল কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়। ১৭৫৫ চনৰ ১২ ডিচেম্বৰত ডেনমাৰ্কৰ ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিকোবৰ দ্বীপত পদাৰ্পণ কৰে। ১৭৫৬ চনৰ ১ জানুৱাৰীত নিকোবৰ দ্বীপসমূহত প্ৰথম ডেনমাৰ্কীয় উপনিবেশ স্থাপন কৰা হয়। ইয়াৰ নাম দিয়া হয় নিউ ডেনমাৰ্ক।
458ecd6e98318844c25afff14b6ac8bfc159bafc7d9a2d94baae2a4df7ca294f
অমৰ্ত্য সেনে তেওঁৰ শৈশৱ আৰু কৈশোৰ শান্তিনিকেতনতে অতি সাধাৰণভাবে অতিবাহিত কৰে। তেওঁ আছিল মাকৰ প্ৰথম সন্তান। শৈশৱতে ন'বেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথৰ আদৰ্শ আৰু সান্নিধ্যই জীৱনত তেওঁক বিশেষ ৰেখাপাত কৰিছিল। অমৰ্ত্য সেন মেধাশক্তি সম্পন্ন আছিল, সেয়ে যিকোনো কথা এবাৰ শুনি বা পঢ়ি আয়ত্ত কৰিব পাৰিছিল। তদুপৰি যিকোনো কথাতে আছিল তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠা। তেওঁৰ পৰ্যবেক্ষণ ক্ষমতাও প্ৰখৰ আছিল। লগৰীয়াৰ লগতো সমানে মিলিব পাৰিছিল, বন্ধুবৰ্গৰ লগত তেওঁ আলাপ কৰাৰ উদ্দেশ্য আছিল যাতে তেওঁলোকৰ পৰা নতুন কিবা কথা শিকিব পাৰে। সৰুতে অমৰ্ত্য সেন বন্দুক চলাই মেলাত দৰ্শকক স্তম্ভিত কৰিব পাৰিছিল। স্কুলীয়া জীৱনত তেওঁ এজন ভাল তাৰ্কিক ৰূপেও প্ৰতিষ্ঠা লাভ কৰিছিল। অমৰ্ত্য সেনে ইণ্টাৰমিডিয়েট স্তৰলৈকে শান্তিনিকেতনতেই পঢ়িছিল। কিশোৰ অমৰ্ত্য সেনে শান্তিনিকেতনৰ দাঁতি-কাষৰীয়া অঞ্চললৈ চাওঁতাল গাঁওবোৰলৈ গৈ গাঁৱৰ দুখীয়া লোকসকলক এমুঠি অন্ন দান কৰিবলৈ ঘৰে ঘৰে ঘূৰি মুষ্ঠি ভিক্ষা কৰিছিল।
1941e84c98b069e5ba5178285cce0f0d31597f9b0b63432883d6c9ca90d234ec
অসম চৰকাৰৰ বন বিভাগৰ বন্যজীৱন (Wildlife) শাখাৰ বোকাখাটস্থিত সদৰ কাৰ্যালয়ৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসন কাৰ্য্য চলোৱা হয়। উদ্যান প্ৰশাসনৰ মুৰব্বী হৈছে সঞ্চালক, এখেত সংৰক্ষক পৰ্য্যায়ৰ বিষয়া (conservator-level officer)। এজন সংমণ্ডল বন প্ৰাধিকাৰী উদ্যান প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী বিষয়া। দুজন সহকাৰী বন সংৰক্ষকৰ (conservator of forest) পদাধিকাৰীয়ে এখেতক সহযোগিতা আগবঢ়ায়। উদ্যানখনক চাৰিখন ক্ষেত্ৰত ভাগ কৰা হৈছে, একোখন ক্ষেত্ৰ 'ক্ষেত্ৰ বন বিষয়া'ৰ (ranger) দ্বাৰা পৰিচালিত হয়। এই ক্ষেত্ৰ চাৰিখন হৈছে বুঢ়াপাহাৰ, বাগৰি, মধ্য আৰু পূৰ্ব। প্ৰতিখনৰ সদৰ ক্ৰমে ঘোঁৰাকাটি, বাগৰি, কঁহৰা আৰু অগৰাতলী। একোখন ক্ষেত্ৰক আকৌ কেবাখনো 'পহৰা ক্ষেত্ৰ'ত (beat) ভগোৱা হৈছে। বিটসমূহৰ পৰিচালনা একোজন 'বনপালক'ৰ (forester) তত্ত্বাৱধানত থাকে। বিটসমূহক 'উপবিট'ত ভগোৱা হয়, যাৰ মুখ্য দায়িত্ব এগৰাকী বনৰক্ষীয়ে (forest guard) বহন কৰে। উদ্যানৰ বাবে অৰ্থনৈতিক সাহায্য ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ বিভিন্ন পৰিকল্পিত আৰু পৰিকল্পনা বহীৰ্ভূত বিভিন্ন শিতানৰ যোগেদি আগবঢ়োৱা হয়।
f6d30a11d6a62b25d4cd3da39025f96cabe56d0192d51cdc9ff55fd680022145
অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল। ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল। আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম 'অ-সম' হ'ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হ'ল। আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে:যদিও শাসকসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উৎপত্তি হোৱা। কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিৱৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয়গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল"পণ্ডিত বেডেন পাৱেলে তেওঁৰ The Indian village community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ছো-ছাম (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে। অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ'ল।
0c11b3ca35854ee252abc1cc755c8a598e3ee8014dfa92de5a2dd22328996858
অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ, ঐতিহাসিক সমল আদিয়ে অসমৰ পৰ্য্যটন উদ্যোগ চহকী কৰি তুলিছে। ব্ৰহ্মপুত্ৰ নদী:লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে পৰিচিত নদৰাজ ব্ৰহ্মপুত্ৰ ভাৰত তথা অসমৰ প্ৰধান নদী। প্ৰায় 2900 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। গুৱাহাটী:উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নগৰ। গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা, অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটী চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ আদি বিভিন্ন পৰ্য্যটন স্থান আছে। যোৰহাট:গুৱাহাটীৰ পৰা ৩০৫ কিল'মিটাৰ পূৱত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ। আহোম শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়।
b830e687e04b772e2001a19e52d4a8e6f590faaea4ff7f64ea8478d8681525d6
অসমীয়া সমাজ জীৱনত বিভিন্ন বিশ্বাস, অনুভৱ আৰু আদৰ বা সন্মানৰ ক্ষেত্ৰত তামোল-পান, গামোছা আৰু শৰাইৰ বিশেষ ভূমিকা আছে। যিকোনো সামাজিক কামত তামোল-পাণ ব্যৱহাৰ কৰা হয়। কাৰোবাৰ ঘৰলৈ অহা অতিথিক আন নহ'লেও তামোল-পাণ খাবলৈ দিয়া হয়। সামাজিক কাৰণত হোৱা যিকোনো দণ্ড মিমাংসাৰ বাবেও তামোল-পাণ ব্যৱহাৰ কৰা হয়। আনহাতে গামোছা অসমীয়া সমাজত বিহুৱানৰ ৰূপত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে গা ধোৱাৰ পিছত ব্যৱহাৰ কৰা তিয়নী গামোচা, পানী গামোচা আদিও উল্লেখযোগ্য। সৰুৱে ডাঙৰক মান ধৰা আদিৰ ক্ষেত্ৰত গামোচা ব্যৱহাৰ কৰা হয়। শৰাই ধাতুৰে নিৰ্মিত এবিধ খুৰা থকা পাত্ৰ। সাধাৰণতে তামোল-পাণ আৰু গামোচাৰে কাৰোবাক মান ধৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। অসমৰ যিকোনো সাংস্কৃতিক কাৰ্যকলাপৰ লগত এই তিনিবিধ বস্তুৰ ব্যৱহাৰ অপৰিহাৰ্য। আনাহাতে জাপি অসমীয়া সংস্কৃতিৰ আন এবিধ আদৰৰ প্ৰতিক। কাৰোবাক সন্মান জনোৱাৰ লগতে উপহাৰ দিয়াৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। ই কেইবাপ্ৰকাৰৰ যেনে-ডাং-জাপি, বৰজাপি, পানী বা হালোৱা-জাপি আৰু সৰুদৈয়া জাপি। অসমত আটাইতকৈ প্ৰচলিত জাপি হ'ল সৰুদৈয়া জাপি।
795595cb4a6fcabdd95ab13839c454c162f4d0da6cc66d8cdd0a1fd2ef285bc2
অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আছে। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল'বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বৰ্মীয় মংগোলীয়সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। উল্লেখযোগ্য যে অসমত বৰ্তমান কোনো অষ্ট্ৰ-এচিয়াটিক ভাষা গোষ্ঠী দেখা পোৱা নাযায় আৰু ডি.এন.এ. প্ৰমাণৰ অনুসৰি পুৰ্বৰসকল তিব্বতীয়-বৰ্মীয় সকলৰ মাজত বিলীন হৈ গʼল। পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। আগৰ দিনত বিহুৰ সময়ত ডেকা-গাভৰু মিলি চ'ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল যদিও ধৰ্ম আৰু কৃষিও সমান্তৰাল বাবে জড়িত আছিল। বিহুৰ‌‌ উৎপত্তি প্ৰাচীন কালৰ 'বিচু'ৰ পৰা হৈছিল বুলি জনা যায়। বৰ্তমানৰ বিহুৰ সৃষ্টি হৈছিল উজনি অসমত। হলিৰাম ঢেকিয়াল ফুকনে লিখিছে, "বিহু কামৰূপে নাই, সৌমাৰে(উজনি অসম) অধিক"। বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচু দৰে উজনি অসমৰ বড়ো মূলীয় জনজাতি চুতীয়া, দেউৰী, মৰাণ,‌ সোণোৱালসকলে বিহু/বিচু উৎযাপন কৰি আহিছে। পূৰ্বতে চুতীয়া ৰাজ্যৰ দিনত এই বিহু প্ৰধান উৎসৱ হিচাপে গঢ়ি উঠিছিল। আগৰ দিনত চ’ত মাহত মানুহে ৰাতি বিহু উৎযাপন কৰিছিল। এই বিহু গাঁৱৰ পথাৰত চাকি জ্বলাই বা দেউৰী পূজাৰী ঘৰৰ চোতালত নাচি উৎযাপন কৰা হৈছিল। চ’তৰ বিহুৰ অন্তৰত ব’হাগৰ প্ৰথম বুধবাৰৰ দিনা থানঘৰত পূজা আৰম্ভ কৰা হৈছিল। পুৱাৰ ভাগত গৰু গা ধুৱাই গৰু বিহু পালন কৰা হৈছিল যিটো নিয়ম আজিও একে আগৰ দৰে পালন কৰা হয়। এই প্ৰথা বড়োসকলৰ বৈচাগু উৎসৱতো কৰা হয়। কণী যুঁজ, কুকুৰা যুঁজ আদিয়ে ৰং-ধেমালিৰ আয়োজন কৰে। এই দিনা আবেলি বিহু গাই গাই থানঘৰৰ চোতাললৈ বিহু লৈ যোৱা হৈছিল আৰু কেঁচাই-খাতি (কলিমতী) দেৱীকে ধৰি চাৰি শাল গোসানীক স্বৰ্গৰ পৰা পৃথিৱীলৈ বিহুৰ আশীৰ্বাদ দিবলৈ নমাই অনা হৈছিল।
daccbc5fec8d521f9b812b12e2ed3e35e0670752e39318ee2855de473f1336e0
অৱশ্যে ৰাষ্ট্ৰসংঘৰ পতাকাৰ ক্ষেত্ৰত জাতীয় পতাকাক উভয় দিশতেই ৰখা যায়। সাধাৰণভাবে সম্মুখ অভিমুখে সৰ্ব দক্ষিণে জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে। কৰ্পোৰেট পতাকা বা বিজ্ঞাপনৰ বেনাৰ জাতীয় অন্যান্য পতাকাৰ লগত একলগে প্ৰদৰ্শিত কৰিবলৈ হলে, পতাকাবিধি অনুযায়ী, পতাকাসমূহ পৃথক পৃথক দণ্ডত স্থাপন কৰাৰ নিয়ম আছে; ভাৰতৰ জাতীয় পতাকা সেই ক্ষেত্ৰত এই পতাকাসমূহৰ মধ্যস্থলত অথবা দৰ্শকৰ দৃষ্টিৰ পৰা সৰ্বদিশত অথবা পতাকামণ্ডলীত অন্য পতাকাৰ তুলনাত অন্ত:ত এক পতাকা-প্ৰস্থ উচ্চতাত প্ৰদৰ্শিত হয়। জাতীয় পতাকাৰ দণ্ড এই মণ্ডলীত সকলোবোৰৰ আগত থাকে। যদি এডাল পতাকাদণ্ডতে সকলোবিলাক পতাকা প্ৰদৰ্শিত কৰিবলৈ হয়, তেতিয়া জাতীয় পতাকা আটাইতকৈ ওপৰত থাকে। অন্যান্য পতাকাৰ লগত শোভাযাত্ৰাকালত ব্যৱহিত হলে, জাতীয় পতাকা শোভাযাত্ৰাৰ সম্মুখত অথবা সমাভিমুখী পতাকাৰ শাৰীতে ব্যৱহিত হলে শোভাযাত্ৰাৰ দক্ষিণত অৱস্থান কৰে। কোনো সভাকক্ষত সভানুষ্ঠান বা অন্য কোনো প্ৰকাৰ অন্তৰ্দ্বাৰ জনসমাবেশৰ সময়ত বিধি অনুসৰি পতাকাখন সোঁফালে (দৰ্শকৰ বাওঁফালে) ৰাখিব লাগে। অৰ্থাৎ, সভাকক্ষত বক্তাৰ কাষত প্ৰদৰ্শিত কৰিবলৈ হলে ইয়াক বক্তাৰ সোঁফালে ৰাখিব লাগে। অন্য সময়ত ইয়াক শ্ৰোতাৰ সোঁফালে ৰাখিব লাগে। পতাকাখনৰ গেৰুৱা ৰং শীৰ্ষত ৰাখি পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰা হয়। ষ্টেডিয়ামৰ দেৱালত লম্বভাবে প্ৰদৰ্শিত কৰিবলৈ হলে গেৰুৱা ভাগটোক দৰ্শকৰ দৃষ্টি অনুযায়ী বাওঁফালে ৰখা হয়; আৰু পতাকাৰ ৰছীডাল শীৰ্ষত স্থাপন কৰা হয়। অন্য পতাকাৰ লগত কোনো শোভাযাত্ৰা বা কুচকাৱাজ কৰিবলৈ হলে জাতীয় পতাকাক অন্য পতাকাৰ মাজত বা সোঁমাজত অকলশৰীয়াকৈ ৰখা হয়। মূৰ্তি, স্মৃতিস্তম্ভ বা নামলিপি উন্মোচনৰ অঙ্গ হিচাবে ইয়াক ব্যবহাৰ কৰিব নোৱাৰি। জাতীয় পতাকাৰ দ্বাৰা একো ঢাকিবও নোৱাৰি। পতাকাৰ সম্মানৰ অঙ্গ হিচাবে কোনো ব্যক্তি বা বস্তুৰ সন্মুখত ইয়াক অৱনত কৰা নাযায় ৰেজিমেণ্টেল পতাকা বা প্ৰতিষ্ঠানিক পতাকা সম্মান প্ৰদৰ্শনৰ অঙ্গ হিচাবে অৱনত কৰা হব পাৰে। পতাকা উত্তোলন বা অৱনমন অনুষ্ঠানৰ সময়ত, অথবা কুচকাৱাজ বা ৰিভিউৰ সময়ত, উপস্থিত ব্যক্তিসকলে পতাকাৰ ফালে মুখ কৰি উঠি থিয় দিব লাগে। পদমৰ্যাদা থকা ব্যক্তিসকলক যথাবিধি অভিবাদন জানোৱা হয়। পতাকাৰ শাৰী ব্যৱহিত হলে উপস্থিত ব্যক্তিসকলে পতাকাসমহ পাৰ হোৱাৰ সময়ত উঠি থিয় দি সম্মান বা অভিবাদন জনাব লাগে। যি কোনো পদাধিকাৰীয়ে চ্যেলুট নজনোৱাকৈ অভিবাদন গ্ৰহণ কৰিব নোৱাৰে। জাতীয় সংগীত বজোৱাৰ পাছতেই পতাকা অভিবাদন অনুষ্ঠিত হয়। কেৱলমাত্ৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু লেফট্যানেণ্ট গভৰ্নৰসকল, মুখ্যমন্ত্ৰীসকল, কেবিনেট মন্ত্ৰীসকল আৰু ভাৰতীয় সংসদ আৰু ৰাজ্য বিধানসভাৰ জুনিয়ৰ কেবিনেট সদস্যসকল, লোকসভা আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষসকল, ৰাজ্যসভা আৰু ৰাজ্য বিধানপৰিষদৰ চেয়াৰমেনসকল, দিল্লী উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল আৰু সেনাবাহিনী, বিমানবাহিনী আৰু নৌবাহিনীৰ ফ্লেগ-ৰেঙ্ক আধিকাৰিকবৃন্দই নিজেৰ যানবাহনত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী। তেওঁলোকে যেতিয়াই প্ৰয়োজন বোধ কৰে তেতিয়াই তেওঁলোকৰ গাড়ীত জাতীয় পতাকা উত্তোলন কৰিব পাৰে। এই ক্ষেত্ৰত পতাকাখন এডাল পতাকাদণ্ডত গঁথা থাকে। দণ্ডডাল বনেটৰ সম্মুখত-মাজভাগত অথবা গাড়ীৰ সম্মুখত-দক্ষিণফালে দৃঢ়ভাবে আবদ্ধ থাকে। যেতিয়া চৰকাৰী গাড়ীত কোনো বিদেশী পদাধিকাৰী ভ্ৰমণ কৰে, তেতিয়া তেওঁৰ দেশৰ পতাকা গাড়ীৰ সম্মুখত-আগলৈ আৰু ভাৰতৰ জাতীয় পতাকা গাড়ীৰ সম্মুখত-দক্ষিণত প্ৰদৰ্শিত হয়। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণলৈ গলে তেওঁলোকৰ বিমানত জাতীয় পতাকা উত্তোলন কৰা হয়। যি দেশলৈ ভ্ৰমণ কৰিবলৈ যায়, সেই দেশৰ জাতীয় পতাকাও বিমানত উত্তোলন কৰা হয়। তথাপি মাজতে অন্য কোনো দেশত অবতীৰ্ণ হলে সৌজন্য স্মাৰক হিচাবে সেই দেশৰ জাতীয় পতাকাও উত্তোলনৰ ৰীতি আছে। ৰাষ্ট্ৰপতিয়ে দেশৰ ভিতৰতে কোনো ঠাইত ভ্ৰমণলৈ গ’লে বিমানৰ যি ফালেদি উঠা নমা কৰে সেইফালে জাতীয় পতাকা প্ৰদৰ্শিত হয়। ৰাষ্ট্ৰপতিয়ে যেতিয়া বিশেষ ৰেলেৰে দেশৰ যি কোনো ঠাইলৈ যায়, তেতিয়া ড্ৰাইভাৰে ইঞ্জিনত যি ষ্টেচনৰ-প্লেটফৰ্মৰ পৰা ট্ৰেইনখন এৰিছে সেই ফালে মুখ কৰি জাতীয় পতাকা প্ৰদৰ্শিত কৰে। বিশেষ ট্ৰেইনখন যেতিয়া নিশ্চল অৱস্থাত থাকে বা কোনো ষ্টেচনত ৰোৱাৰ বাবে প্ৰৱেশ কৰে কেৱল তেতিয়াহে জাতীয় পতাকা প্ৰদৰ্শিত হয়। কেৱলমাত্ৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশিকা অনুসৰি শোকৰ চিহ্ন হিচাবে জাতীয় পতাকা অৰ্ধনমিত ৰখাৰ ৰীতি আছে; ৰাষ্ট্ৰপতিয়ে সেইক্ষেত্ৰত শোকঁকালীন সময়সীমাও নিৰ্ধাৰিত কৰি দিয়ে। অৰ্ধনমিত কৰাৰ আগেয়ে পতাকাখন এবাৰ সম্পূৰ্ণকৈ উত্তোলিত কৰা হয়। আআৰু সূৰ্যাস্তৰ সময়ত অবনমিত কৰাৰ আগেয়েও এবাৰ সম্পূৰ্ণকৈ উত্তোলিত কৰি তাৰপাছত অবনমিত কৰা হয়। কেৱলমাত্ৰ জাতীয় পতাকাহে অৰ্ধনমিত কৰা হয়; অন্যান্য পতাকা স্বাভাবিক উচ্চতাত থাকে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মৃত্যুত সমগ্ৰ দেশত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিৰ মৃত্যুত দিল্লীত আৰু কোনো কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ মৃত্যুত দিল্লী আৰু ৰাজ্যৰ ৰাজধানীত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাষ্ট্ৰমন্ত্ৰীসকলৰ মৃত্যুতো দিল্লীত পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাজ্যপাল, লেফটেনেণ্ট গভৰ্নৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মৃত্যুত সংশ্লিষ্ট ৰাজ্যত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। আবেলি কোনো পদাধিকাৰীৰ মৃত্যুসংবাদ আহিলে যদি পাছদিনা সূৰ্যোদয়ৰ আগতে অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন নহয় তেতিয়া হ’লে পাছদিনাৰ পৰা জাতীয় পতাকা ওপৰত উল্লিখিত স্থানকাল অনুসৰি অৰ্ধনমিত থাকে। অন্ত্যেষ্টি ক্ৰিয়া স্থলতো জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, গান্ধী জয়ন্তী আৰু জাতীয় সপ্তাহ (৬-১৩ এপ্ৰিল), ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস বা ভাৰত চৰকাৰ নিৰ্ধাৰিত অন্য কোনো জাতীয় উৎসৱৰ দিনা কেৱলমাত্ৰ মৃতকৰ শৰীৰ যি ভৱনত সুৰক্ষিত হৈ থাকে সেই ভৱন বাদ অন্য কোনো ঠাইতে অৰ্ধনমিত হৈ নাথাকে। এই ক্ষেত্ৰত শৰীৰ ভৱনৰ পৰা অপসৃত হলে পতাকা সম্পূৰ্ণৰূপে উত্তোলন কৰা হয়। কোনো স্বতন্ত্ৰ ক্ষেত্ৰত স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বিদেশী পদাধিকাৰীৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক পালন কৰা হব পাৰে। যদিও, কোনো বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰ প্ৰধানৰ মৃত্যুৰ পাছত ওপৰত উল্লিখিত দিনবিলাকত ভাৰতীয় দূতাবাসত জাতীয় পতাকা উত্তোলন কৰিব পাৰে। ৰাষ্ট্ৰীয়, সামৰিক বা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্ত্যেষ্টিত মৃতদেহ বা কফিনৰ ওপৰত আচ্ছাদিত কৰা হয়। গেৰুৱা ৰংটো মৃতদেহ বা কফিনৰ উপৰৰফালে থাকে। তথাপি পতাকাখন কবৰস্থ বা চিতাত ভষ্ম কৰা নাযায়।
3e04a8f6548c6c343a3d65dc14c4514dbd671423b1e3f6713063a385c82439af
আকাশত বিষ্ণুপদীয়ে আকাশগঙ্গা সৃষ্টি কৰি উপস্থিত হৈ চন্দ্ৰত। তাৰপৰা পূবফালে প্ৰবাহিত হৈ তেওঁ গুচি যায় মেৰুপৰ্বতৰ শৃঙ্গে ব্ৰহ্মলোকলৈ। মেৰুপৰ্বতৰ শীৰ্ষত অবস্থিত ব্ৰহ্মাৰ আসনৰ পদুমসমূহৰ পৰাই পৃথিবীৰ মহাদেশসমূহৰ সৃষ্টি হয়। ইয়াৰ পৰাই বিষ্ণুপদীয়ে অলকানন্দাৰ ৰূপ ধৰি এই মহাদেশত অৱতীৰ্ণ হয় আৰু ভাৰতবৰ্ষত গঙ্গা নামেৰে প্ৰৱেশ কৰে। তথাপিও "গঙ্গাবতৰণ"-সংক্ৰান্তত অধিকাংশ গল্পত যি হিন্দু দেবতাৰ উপস্থিতি চকুত পৰে, তেওঁ হ’ল শিৱ। ৰামায়ণ, মহাভাৰত আৰু একাধিক পুৰাণত কপিল মুনিৰ গল্পটো পোৱা যায়। এই গল্প অনুযায়ী, কপিল মুনিৰ তপস্যা ভঙ্গ কৰিছিল ৰজা সগৰৰ সাতহাজাৰ পুত্ৰই। তপস্যাভঙ্গত ক্ৰুদ্ধ কপিল মুনিয়ে তেওঁলোকক এক দৃষ্টিনিক্ষেপতেই ভষ্ম কৰি দিয়ে। তাৰপাছত সেই ভষ্ম নিক্ষেপ কৰে পাতাললোকলৈ। সগৰ ৰজাৰ এক উত্তৰপুৰুষ ভগীৰথ তেওঁৰ পূৰ্বপুৰুষসকলৰ আত্মাৰ সদগতিৰ বাবে উদ্বিগ্ন হৈ গঙ্গাক মৰ্ত্যলৈ নমাই অনাৰ বাবে তপস্যা কৰে। কাৰণ, তেওঁ জানিছিল যে, একমাত্ৰ গঙ্গাৰ জলতহে তেওঁৰ পূৰ্বপুৰুষৰ আত্মাই মুক্তি পাব। কিন্তু পৃথিবীত গঙ্গাৰ গতি বেগ ধাৰণ কৰাত একমাত্ৰ সক্ষম শিৱ। ভগীৰথে শিৱক তুষ্ট কৰি অবতৰণকালে গঙ্গাক নিজেৰ জটাত ধাৰণ কৰিবৰ কাৰণে ৰাজি কৰায়। কৈলাস পৰ্বতত শিৱই নিজৰন জটাত গঙ্গাক ধাৰণ কৰে। তাৰপৰা গঙ্গা নামি আহে হিমালয়লৈ। হিমালয়ৰ পৰা হৰিদ্বাৰ হৈ গঙ্গা আহে সমতললৈ। তাৰপাছাত তেওঁ ভগীৰথ প্ৰদৰ্শিত পথেৰে বৈ যায়। প্ৰথমে প্ৰয়াগত যমুনা নদীৰ লগত তেওঁৰ মিলন ঘটিল। তাৰপাছত বাৰাণসীলৈ আহে। সৰ্বশেষত গঙ্গাসাগৰত আহি গঙ্গা সাগৰত মিলিত হয়। তাৰ পৰা পাতাললোকলৈ গুচি যায়। সগৰ ৰজাৰ পুত্ৰসকলে নিস্তাৰ পায়। গঙ্গাবতৰণত ৰজা ভগীৰথৰ ভূমিকাৰ কথা স্মৰণ কৰিয়েই গঙ্গাৰ ওপৰত নামকৰণ হয় ভাগীৰথী। গঙ্গা যিহেতু স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহিছিল, গতিকে গঙ্গাক মৰ্ত্যৰ পৰা স্বৰ্গলৈ উত্তৰণৰ এটি মাধ্যম বুলি ধৰা হয়। হিন্দু বিশ্বাস অনুযায়ী, স্বৰ্গ, মৰ্ত্য আৰু পাতাল - এই তিনি লোকত প্ৰবাহিত বুলিয়েই গঙ্গাৰ নাম ত্ৰিলোকপথগামিনী। আকৌ, জীবিত অথবা মৃত সকলো জীৱৰেই যাত্ৰাপথত অবস্থিত বুলি, ইয়াৰ অন্য নাম তীৰ্থ। এই কাৰণে হিন্দুসকলৰ শ্ৰাদ্ধ অনুষ্ঠানত গঙ্গাবতৰণ উপাখ্যানটি পাঠ কৰা হয় আৰু মৃতকৰ অন্ত্যেষ্টি আৰু পৰলৌকিক ক্ৰিয়াত গঙ্গাজল ব্যবহৃত হয়। গঙ্গাৰ সকলো স্তোত্ৰতেই গঙ্গাতীৰত হোৱা মৃত্যুক গৌৰবান্বিত কৰা হৈছে। গঙ্গাষ্টকম্‌ বুলি: মা! ... তুমি জগৎচন্দ্ৰহাৰ! স্বৰ্গগামী ধ্বজা! ইচ্ছা কৰোঁ, তোমাৰ তীৰত দেহত্যাগ কৰিবলৈ, তোমাৰ জল পান কৰি, যেন চকু মুদি, তোমাৰ নাম স্মৰণ কৰি, নিজকে সমৰ্পণ কৰি মুক্তি পাওঁ। অনেক হিন্দুৱে বাৰাণসীৰ শ্মশানঘাটত শেষ নিঃশ্বাস ত্যাগ কৰিব বিচাৰে।
29daa8301c918c081f406e8dfe384fbb3f6bf6de2fe31a4417afa95f34085b1b
আগতেই কৈ অহা হৈছে যে পৰম্পৰাগতভাৱে ব্যাসক মহাভাৰতৰ লেখক বুলি কোৱা হয়। মহাভাৰতৰ প্ৰথম অনুচ্ছেদৰ মতে ব্যাসে গণেশক তেওঁৰ শ্ৰুতলিপি অনুসৰি শ্লোকসমূহ লিখিবলৈ অনুৰোধ কৰে। তেতিয়া গণেশে চৰ্ত্ত দিয়ে যে ব্যাসে আবৃত্তিৰ মাজত অকণো ৰ’ব নোৱাৰিব। আনহাতে ব্যাসো এই চৰ্ত্ততহে মান্তি হয় যে গণেশে লিখাৰ পূৰ্বে শ্লোকটো বুজি ল’ব লাগিব। এই কাব্যখনত কাহিনীৰ ভিতৰত কাহিনীৰ ৰূপ দেখিবলৈ পোৱা যায়। ইয়াক ব্যাসৰ শিষ্য বৈশম্পায়নে অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয়ক আবৃত্তি কৰি শুনায়। এই আবৃত্তিকে পুনৰ উগ্ৰস্ৰৱা সৌতী নামৰ এজন পেছাদাৰী সাধুকওঁতাই নৈমিশ বনত সন্ন্যাসীৰ এটা দলক শুনায়। মহাভাৰতৰ মূল কাহিনী "জয়"ক কুৰু নৃপতি ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ উপদেষ্টা তথা সাৰথি সঞ্জয়ৰ কথোপকথন হিছাপে দেখুওৱা হৈছে। সঞ্জয়ে ওঠৰ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰতিটো ঘটনা বৰ্ণনা কৰি যায়। ধৃতৰাষ্ট্ৰই মাজে মাজে প্ৰশ্ন কৰে আৰু এই যুদ্ধৰ ধ্বংসলীলাৰ কথা গম পাই দুখ আৰু অনুতাপ কৰে। প্ৰথমে সঞ্জয়ে আন গ্ৰহসমূহৰ আৰু পৃথিৱীৰ বিভিন্ন মহাদেশৰ ব্যাখ্যা কৰে আৰু তাৰপিছত ভাৰতবৰ্ষৰ শ শ ৰাজ্য, জাতি, নগৰ, চহৰ, নদী, পৰ্বত, বন আদি সকলোৰে কথা কয়। তেওঁ লগতে যুদ্ধৰ দুই পক্ষৰ প্ৰতিদিনৰ সমৰসজ্জা, প্ৰতিজন মহাৰথীৰ মৃত্যু আৰু যুঁজৰ পুংখানুপুংখ বিৱৰণ দিয়ে। ব্যাসৰ জয়ৰ প্ৰায় ওঠৰটা অধ্যায়ত হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ মদ্ভাগৱত গীতা সন্নিৱিষ্ট আছে। মহাভাৰতৰ মতেই ব্যাসৰ জয় লগ লাগি বৈশম্পায়নৰ ভাৰতৰ আকাৰ ডাঙৰ হয়। শেষত উগ্ৰস্ৰৱাই দুইখন কাব্য একগোট কৰি মহাভাৰতৰ ৰচনা কৰে। মহাভাৰতৰ কাহিনীৰ বিভিন্ন স্তৰৰ চিনাক্তকৰণ আৰু সময় নিৰূপণৰ বাবে অলেখ গৱেষণা কৰা হৈছে। তাৰপৰা এই কথা প্ৰমাণ হয় যে মহাভাৰতৰ কিছু অংশৰ উৎপত্তি বৈদিক কালত। মহাভাৰতৰ উৎপত্তি বৈদিক কালৰ আৰম্ভণিত আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ভাৰতৰ প্ৰথম সাম্ৰাজ্যৰ পূৰ্বে বুলি ঠাৱৰ কৰা হৈছে। এই সময়ছোৱা খ্ৰীষ্টপূৰ্ব অষ্টম বা নৱম শতিকাও হ’ব পাৰে বুলি অনুমান কৰা হয়। এইটো সৰ্বসন্মত যে বেদৰ দৰে মহাভাৰতৰ কথা স্থায়ী নাছিল আৰু আবৃতিকাৰসকলে ইয়াক তেওঁলোকৰ নিৰ্দিষ্ট ভাষা আৰু পদ্ধতিৰে গঢ়ি-পিতি লৈছিল। এইটো অনুমান কৰা হয় যে সংস্কৃত ভাষাই গুপ্ত যুগৰ আৰম্ভণিত (খ্ৰীষ্টীয় চতুৰ্থ শতিকা) ইয়াৰ শেষ ৰূপ পায়। মহাভাৰতৰ প্ৰথমখন সমালোচনামূলক সংস্কৰণৰ সম্পাদক বিষ্ণু সুক্‌থাংকৰেও মত পোষণ কৰিছিল যে আৱিষ্কৃত পুৰণি নমুনাৰ আধাৰত মৌলিক পাঠৰ উদ্ধাৰ অতিশয় দুৰূহ কাৰ্য্য। ‘মহাভাৰত’ৰ পাঠত মূল ২৪,০০০ শ্লোকৰ ‘ভাৰত’ক পিছত যোগ হোৱা কথাখিনিৰ পৰা পৃথক কৰিব পাৰি।
3969aa04009ba6650da0b80ed65cb8b6ae5e8ac91513d1e8141e3336b33595b0
আন এখন প্ৰাক-অলিম্পিক প্ৰস্তুতি খেলত তেওঁ ৫৫.৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ আমেৰিকান স্প্ৰিণ্টাৰ জুডি ব্ৰাউনক অতিক্ৰম কৰে। অলিম্পিকৰ প্ৰথম পৰ্যায়ত তেওঁ ৫৬.৮১ ছেকেণ্ড আৰু ছেমিফাইনেলত ৫৫.৫৪ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে আৰু এইদৰে ফাইনেলত প্ৰৱেশ কৰি তেওঁ কমনৱেলথ্ ৰাষ্ট্ৰসমূহৰ মাজত নতুন অভিলেখ গঢ়ে। অলিম্পিকৰ ফাইনেলৰ দিনাখন উষাই ৫৫.৪২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি চতুৰ্থ স্থান লাভ কৰে আৰু মাত্ৰ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত ব্ৰঞ্জৰ পদক লাভৰ পৰা বঞ্চিত হয়। সেইদিনা তেওঁৰ এগৰাকী প্ৰতিদ্বন্দ্বীয়ে ভুল আৰম্ভণি কৰিছিল, যাৰ বাবে তেওঁৰ স্বাভাৱিক ছন্দ হেৰুওৱা বুলি ভবা হৈছে। কাৰণ পুনৰ্বাৰ দৌৰ আৰম্ভ কৰাত তেওঁ তুলনামূলকভাৱে কিছু লেহেম গতিৰে দৌৰ আৰম্ভ কৰিছিল। ১৯৮৫ চনত জাকাৰ্টা এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ছয়টা পদক জিকিবলৈ সক্ষম হৈছিল। ইয়াৰে পাঁচটা সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ। উষাই নিজৰ ক্ৰীড়া জীৱনত সৰ্বমুঠ ১০১টা আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছিল।
f683356f390673dd0648041d60e52d372c0b330c5be37b47a962568e185a1b59
আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ আগৰজন ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন। ২০০২ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্ব্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰিতে ৯,২২,৮৮৪টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়। ২০০২ চনত ১০ জুনত সেই সময়ত ক্ষমতাত থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই বিপক্ষ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ছোনিয়া গান্ধীক জানিবলৈ দিয়ে যে তেওঁলোকে কালামক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিব পাৰে। সমাজবাদী দল আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলেও ইয়াক সমৰ্থন কৰে আৰু লগতে তেতিয়াৰ ৰাষ্ট্ৰপতি নাৰায়ণনেও দ্বিতীয়বাৰ ৰাষ্ট্ৰপতিত্বৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ পৰা বিৰত থাকে। তথাক্ৰমে কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়।
7fedfb500d58b067cb05e2b50fe2bb474bb87761f49a6aa0888140642a2e588d
আমেৰত ১৬৯৯ চনৰ পৰা ১৭৪৩ চনলৈ শাসন কৰা দ্বিতীয় জয় সিঙৰ দ্বাৰা ১৭২৭ চনত জয়পুৰ চহৰ স্থাপন কৰা হয়। জনসংখ্যা আৰু পানীৰ নাটনি বৃদ্ধি পোৱাৰ বাবে জয় সিঙে তেওঁৰ ৰাজধানী আমেৰৰ পৰা ১১ কিলোমিটাৰ দূৰৈত অৱস্থিত জয়পুৰলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰে। প্ৰাচীন ভাৰতীয় শিল্পশাত্ৰ আৰু বাস্তুশাত্ৰৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই চহৰখনৰ প্ৰধান স্থপিতবিদ আছিল বিদ্যাধৰ ভট্টাচাৰ্য। চহৰখনৰ নিৰ্মাণ কাৰ্য্য ১৭২৬ চনত আৰম্ভ হয় আৰু প্ৰধান পথ, কাৰ্য্যালয় আৰু ভৱনসমূহৰ নিৰ্মাণ কাৰ্য্য প্ৰায় চাৰি বছৰত সম্পূৰ্ণ হয়। চহৰখনক নটা খণ্ডত বিভক্ত কৰা হয়। তাৰে দুটা খণ্ডত ৰাজ্যিক ভৱনসমূহ আছিল আৰু বাকীকেইটা আছিল জনসাধাৰণৰ বাবে। ১৮৭৬ চনত ৱেইল্‌চৰ ৰাজকোঁৱৰ এইচ আৰ এইচ এলবাৰ্ট এডৱাৰ্ডৰ আগমনৰ পূৰ্বে চহৰখনক আকৰ্ষণীয় কৰি তুলিবলৈ ছৱাই ৰাম সিঙে সমগ্ৰ চহৰখনক গুলপীয়া ৰং দিবলৈ আদেশ দিয়ে।
54546e96def805d93da01c8702681de55c9ce21b651f14843d2cd2dfda8a7b21
আয়ুৰ্বেদ প্ৰকৃততে “অথৰ্ববেদ”ৰ এক অংশ আৰু ইয়াক এক “উপবেদ” বুলি কোৱা হয়। আয়ুৰ্বেদৰ উত্পত্তি সম্বন্ধে বিভিন্ন পৌৰাণিক কথন আছে। কিছুমানৰ মতে এই জ্ঞান ব্ৰহ্মাই ধন্বন্তৰি বা দিবোদাসক দিছিল। ধন্বন্তৰিক কৃষ্ণৰ অৱতাৰ তথা আয়ুৰ্বেদৰ ভগৱান হিচাপে পূজা কৰা হয়। অষ্টাংগ হৃদযত উল্লেখ থকা মতে ব্ৰহ্মাই আয়ুৰ্বেদৰ জ্ঞান অশ্বিনী কুমাৰদ্বয়ক দিয়ে,অশ্বিনী কুমাৰে এয়া ইন্দ্ৰক শিকাই,ইন্দ্ৰই এই জ্ঞান অত্ৰিপুত্ৰ আত্ৰেয় পুনৰ্বসুক দিয়ে আৰু আত্ৰেয়ই অগ্নিৱেশ,ভেল আদি ছয়জন শিষ্যৰ মাজত এই জ্ঞান ভগাই দিযে। আয়ুৰ্বেদৰ প্ৰধান আধাৰ গ্ৰন্থ হৈছে কেবাশতিকা আগতে ৰচনা কৰা তিনিখন গ্ৰন্থ-চৰক সংহিতা,সুশ্ৰুত সংহিতা আৰু বোৱাৰৰ সাঁচিপাতৰ চিকিৎসা সম্বন্ধীয় অংশ(বা “ভেদ সংহিতা)। অৱশ্যে এই পুথি সমূহৰ ৰচনাকাল বৰ বেছি স্পষ্ট নহয়। ইয়াৰ ভিতৰত চৰক সংহিতাক সৰ্বপ্ৰথম বুলি কোৱা হয়। ইয়াক চতুৰ্থ বা পঞ্চম শতিকাত লিখা হ’লেও ইয়াৰ মূল খ্ৰীষ্টপূৰ্ব ১০০ ৰ পৰা খ্ৰীষ্টাব্দ ১০০ৰ ভিতৰত লিখিত এক পুথি বুলি ভবা হয়। .আকৌ বোৱাৰৰ সাঁচিপাত ছয় শতিকাৰ আৰম্ভণিতেই ৰচনা কৰা।
227e804542b28f03a179569fa749471e29111054ed5e8dc4f6229e90e229d9b8
আযুৰ্বেদিক প্ৰয়োগকাৰ সকলে চিকিৎসা কৰোঁতে পঞ্চইন্দ্ৰিয়ৰ পূৰ্ণ ব্যৱহাৰ কৰে। আকৌ শৰীৰৰ মৃত্য ঘটাব পৰা বিন্দু সমূহ বা “মৰ্মন মৰ্ম”ৰ অধ্যয়নো অতি গুৰুত্বপূৰ্ণ বিষয়। আয়ুৰ্বেদিক চিকিত্সকসকলে ব্যক্তিত্ত্ব,শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যক এটা একক বুলি ভাবে যাৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু ৰোগ চিনাক্তকৰণ তথা চিকিৎসা কাৰ্যত ই এক মৌলিক ধাৰণা। চাফ-চিকুনতাও আয়ুৰ্বেদিক চিকিৎসাৰ এক অংশ। সদায় স্নান কৰা,দাঁত মাজা,ছালৰ যতন লোৱা,চকু পৰিষ্কাৰ কৰা আদি ইয়াৰ অন্তৰ্গত। আয়ুৰ্বেদে বনৌষধিৰ প্ৰয়োগত অধিক গুৰুত্ব প্ৰদান কৰে। অৱশ্যে গাখীৰ,অস্থি আদি সামগ্ৰীবোৰ প্ৰাণীৰ পৰা আহৰণ কৰা হয়। তদুপৰি ছালফাৰ,আৰ্চেনিক,সীহ,কপাৰ ছালফেট,সোণ আদি খনিজ লৱণো চিকিৎসা কাৰ্যত ব্যৱহাৰ হয়। . বনৌষধিৰ লগত খনিজ লৱণ মিহলিকৰা এইবিভাগটোক “ৰস শাস্ত্ৰ” বোলে। কিছুমান ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰিব লগীয়া হোৱা ৰোগীক চেতনাহাৰী হিচাপে সুৰা প্ৰদান কৰা হৈছিল যদিও ইছলাম সকলৰ ভাৰত আগমনৰ পিছত অ’পিয়ামে সুৰাৰ স্থান দখল কৰে। সেইদৰে ৰক্তক্ষয় ৰোধ কৰিবলৈ তেল আৰু তাৰ ব্যৱহাৰ হৈছিল।
07669d18a46915c5b11de41108c3bc51771109e5f763aea0318dc3807e61ff1d
আৰ্যভট্টীয় গ্ৰন্থখনৰ গোলপাদ অংশত আৰ্যভট্টই উদাহৰণৰ মাধ্যমেৰে উল্লেখ কৰিছিল যে পৃথিৱীয়ে নিজ অক্ষৰ সাপেক্ষে ঘুৰে। তেওঁ পৃথিৱীৰ আহ্নিক গতিৰ হিচাপো কৰিছিল। তেওঁৰ হিচাপত পৃথিৱীৰ পৰিধি আছিল ৩৯,৯৬৮ কিলোমিটাৰ, যিটা সেই সময় পৰ্যন্ত বাহিৰ কৰা যিকোনো পৰিমাপতকৈ শুদ্ধতৰ (ভুল মাত্ৰ ০.২%)। সৌৰ জগতত গ্ৰহবোৰৰ কক্ষপথৰ আকৃতি তেওঁৰ মতে আছিল উপবৃত্তাকৃতিৰ, তেওঁ এক বছৰ সময়ৰ প্ৰায় সঠিক এক পৰিমাপ আগবঢ়াইছিল, সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সঠিক কাৰণ উল্লেখ কৰা আৰু তাৰ সময় নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো তেওঁ সফল হৈছিল। তেওঁ সৌৰজগতৰ পৃথিৱীকেন্দ্ৰিক নে সূৰ্যকেন্দ্ৰিক আৰ্হি ব্যৱহাৰ কৰিছিল সেই লৈ বিতৰ্ক আছে। B.L. van der Waerden, Hugh Thurston ৰ লিখনিত আৰ্যভট্টৰ জ্যোতিৰ্বিদ্যা সংক্ৰান্তিয় হিচাপ-নিকাচৰ পদ্ধতিক সূৰ্যকেন্দ্ৰিক বুলি দাবী কৰা হৈছে। Noel Swerdlow য়ে অৱশ্যে এই কাৰণে B.L. van der Waerden ৰ প্ৰত্যক্ষ সমালোচনা কৰিছে আৰু বিভিন্ন ব্যাখ্যাৰ মাধ্যমেৰে দেখুৱাইছে যে আৰ্যভট্টৰ ধাৰণাত সৌৰজগত পৃথিৱীকেন্দ্ৰিকেই আছিল।
4bbb7376eb82c4ba424f450400373895af70f03dbbc59dcdb6acc6744981ac62
আৰ্যভট্টৰ কৰ্মৰাজিত দশমিক সংখ্যা পদ্ধতিৰ পূৰ্ণ ব্যৱহাৰ পোৱা যায়। আৰ্যভট্টই অৱশ্যে তেওঁৰ লিখনিত প্ৰচলিত ব্ৰাহ্মী লিপি ব্যৱহাৰ কৰিছিল। পদবাচ্যৰ আকাৰত গ্ৰন্থ ৰচনা কৰি সংখ্যা উপস্থাপনৰ এক নিজস্ব পদ্ধতি তেওঁ তৈয়াৰ কৰিছিল। তাত সংখ্যাক শব্দৰ আকাৰত উপস্থাপন কৰা হৈছিল। ব্যঞ্জনবৰ্ণবিলাকক তেওঁ ব্যৱহাৰ কৰিছিল বিভিন্ন অংক হিচাপে আৰু স্বৰবৰ্ণবিলাকৰ সহায়ত বুজাই দিছিল যে কোনটো অংক কোন অৱস্থানত আছে। সেই দিশৰ পৰা তেওঁৰ দ্বাৰা ব্যৱহৃত দশমিক সংখ্যা ব্যৱস্থা ঠিক আজিকালিৰ দশমিক সংখ্যা ব্যৱস্থাৰ নিচিনা নহয়, কেৱল পদ্ধতিগত বিবেচনাতহে আজিকালিৰ দশমিক সংখ্যাৰ লগত সামঞ্জস্যপূৰ্ণ। তেওঁৰ দশমিক সংখ্যা পদ্ধতিত শূন্য আছিল নে নাই সেই বিষয়ে দ্বিমত আছে। শূন্যৰ সমতুল্য এটা ধাৰণা তেওঁৰ কৰ্মত আছিল, সেইটোক কোৱা হৈছিল ‘খ’ (শূন্যতা অৰ্থত)। ‘খ’ ৰ ধাৰণাটো কোনো অংক হিচাপে আছিল নে শূন্যস্থান জ্ঞাপক চিহ্ন হিচাপে আছিল সেই লৈ বিতৰ্ক আছে। প্ৰচলিত কিতাপবোৰত সেইটোক শূন্যস্থান জ্ঞাপক চিহ্ন হিচাপে চিহ্নিত কৰা হৈছে, যদিও Georges Ifrahএ দাবী কৰিছিল যে আৰ্যভট্টই পৰোক্ষভাৱে সেইটোক এটা দশমিক অংক হিচাপেই ব্যৱহাৰ কৰিছিল। দশমিক পদ্ধতি ব্যৱহাৰ কৰি তেৱেঁই প্ৰথম পূৰ্ণাঙ্গ গাণিতিক প্ৰক্ৰিয়া বৰ্ণনা কৰিছিল, ইয়াৰ ভিতৰত আছিল সংখ্যাৰ বৰ্গমূল আৰু ঘনমূল নিৰ্ণয়। এয়াই আছিল দশমিক সংখ্যা ব্যৱস্থাক পূৰ্ণাঙ্গৰূপত স্থাপিত কৰাৰ বাবে সকলোতকৈ বেছি জৰুৰী, কাৰণ স্থানাঙ্ক ব্যৱস্থাত সংখ্যাৰ উপস্থাপন বিভিন্ন সময়ত বিভিন্ন সভ্যতাত ব্যৱহাৰ কৰা হৈছিল যদিও স্থানাঙ্ক ব্যৱস্থাত গাণিতিক প্ৰক্ৰিয়াবোৰৰ ব্যৱহাৰ প্ৰতিষ্ঠা কৰা হোৱা নাছিল, গতিকে ইয়াৰ পদ্ধতিগত উপযোগিতা সম্পূৰ্ণৰূপে অনুধাবিত হোৱা নাছিল। সেই সময়ত সবাতোকৈ জৰুৰী আছিল দশমিক পদ্ধতি ব্যৱহাৰ কৰি পদ্ধতিগত সাধাৰণীকৰণ নিশ্চিত কৰা, যিটো সৰ্বপ্ৰথম কৰিছিল আৰ্যভট্টই। সেইবাবে তেৱেঁই পূৰ্ণাঙ্গ দশমিক সংখ্যা পদ্ধতি প্ৰৱৰ্তনৰ কৃতিত্বৰ দাবীদাৰ।
3f5d710ac84d112043f1f6731ab9e8aee5ed3cd114b38fb0a38fa315f71638b5
আৰৱ সাগৰৰ আয়তন ৩৮,৬২,০০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ সৰ্বোচ্চ প্ৰস্থ প্ৰায় ২,৪০০ কিলোমিটাৰ আৰু ইয়াৰ সৰ্বনিম্ন গভীৰতা ৪,৬০০ মিটাৰ। সিন্ধু নদ আৰৱ সাগৰলৈ প্ৰবাহিত সৰ্ববৃহৎ নদী। আৰৱ সাগৰৰ দুটা গুৰুত্বপূৰ্ণ শাখা আছে। প্ৰথমটো হ’ল এডেন উপসাগৰ দক্ষিণ-পশ্চিমে বাব-আল-মান্দিবকে লোহিত সাগৰৰ লগত সংযোগ কৰিছে। দ্বিতীয়টো ওমান উপসাগৰ যি উত্তৰ-পূবে পাৰস্য বা পাৰ্ছীয়ান উপসাগৰক আৰৱ সাগৰৰ লগত সংযোগ কৰিছে। ছুমালিয়া, জিবুতি, য়েমেন, ওমান, ইৰাণ, পাকিস্তান, ভাৰত আৰু মালদ্বীপৰ লগত আৰৱ সাগৰৰ সংযোগ আছে। কেইখনমান বৃহৎ চহৰ যেনে কৰাচী, পানিশী, ওৰমাৰা, এডেন, মাছকট, মুম্বাই, কেটি, সালালাহ আৰু দুকুম আৰৱ সাগৰৰ তীৰত অৱস্থিত। অতীজৰে পৰা কেইবা শতিকা ধৰি আৰৱ বণিকসকলে বিভিন্ন মহাদেশত ব্যৱসায় বাণিজ্য কৰাৰ বাবে আৰৱ সাগৰক বাণিজ্য পথ হিচাপে ব্যৱহাৰ কৰি আহিছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দ নৌযাত্ৰাৰ সহস্ৰাব্দ বোলা হয়। আৰৱ সাগৰৰ ক্ৰমবৰ্ধমান নৌযাত্ৰাৰ সূচনা ফলতেই এই অঞ্চল অতীতত অতি সমৃদ্ধিশীল অঞ্চলত পৰিগণিত হৈছিল। অতি প্ৰাচীন সভ্যতাসমূহ এই আৰৱ সাগৰৰ তীৰৰ আশে পাশে গঢ় লৈ উঠিছিল। এই সভ্যতা সমূহত পণ্যদ্ৰৱ্য আৰু মালবস্তু পৰিবহণৰ বাবে আৰৱ সাগৰৰ পাৰত কেইবাটাও সৰু সৰু বন্দৰ তৈয়াৰ কৰি লৈছিল।
dd3ba91dcfe2158fa657faf2f73102b2ac5e9b8b85134951374439cda7c5b6a3
আৱামী লীগৰ নেতা শেখ মুজিবুৰ ৰহমানক ১৯৬৬ চনত কাৰাবন্দী কৰা হয়। ১৯৬৯ চনত আগৰতলা ষড়যন্ত্ৰ গোচৰত তেওঁক আকৌ বন্দী কৰা হয়, কিন্তু ঊনসত্তৰৰ গণঅভ্যুত্থানৰৰ ফলত আয়ুব খানৰ সামৰিক জান্তাৰ পতন ঘটে আৰু মুজিবক মুক্তি দিয়া হয়। ১৯৭০ চনৰ ডিচেম্বৰ মাহত এক ভয়াবহ ঘূৰ্ণিবতাহত পূৰ্ব পাকিস্তানৰ উপকূলীয় অঞ্চলত প্ৰায় ৫ লাখ লোকৰ মৃত্যু ঘটে। কিন্তু পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে অসহযোগিতা অব্যাহত ৰাখে। ১৯৭০ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও সামৰিক জান্তাই ক্ষমতা হস্তান্তৰত অমান্তি হয়। (Baxter, pp. 78—79) মুজিবৰ সৈতে ঘূৰণীয়া মেজমেল সফল নোহোৱাত জেনেৰেল ইয়াহিয়া খানৰ নিৰ্দেশত ২৫ মাৰ্চ তাৰিখে গভীৰ ৰাতি মুজিবক গ্ৰেপ্তাৰ কৰা হয় আৰু পাকিস্তানী সেনাবাহিনীয়ে অপাৰেছন চাৰ্চলাইট আৰম্ভ কৰি বাঙালীসকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ আৰম্ভ কৰে। পাকিস্তানী সেনাবাহিনীৰ এই আক্ৰমণৰ ফলত বিপুল সংখ্যক মানুহৰ প্ৰাণহানি ঘটে। সেনাবাহিনী আৰু স্থানীয় দালালসকলৰ অন্যতম প্ৰধান লক্ষ্য আছিল বুদ্ধিজীবী আৰু সংখ্যালঘু জনগোষ্ঠী। প্ৰায় ১ কোটি মানুহ শৰণাৰ্থী হৈ ভাৰতত আশ্ৰয় লয়। (LaPorte, p. 103) বাংলাদেশত মুক্তিযুদ্ধত হোৱা জীবনহানিৰ সংখ্যা ৩০ লাখ পৰ্যন্ত হ'ব বুলি অনুমান কৰা হৈছে। আৱামী লীগৰ অধিকাংশ নেতাই ভাৰতত আশ্ৰয় লৈছিল। তেওঁলোকে ১৭ এপ্ৰিলত মেহেৰপুৰৰ বৈদ্যনাথতলাৰ আমবাগানত অস্থায়ী চৰকাৰ গঠন কৰে। বাংলাদেশৰ স্বাধীনতা যুদ্ধ চলে সুদীৰ্ঘ ৯ মাহ ব্যাপি মুক্তি বাহিনী আৰু বাংলাদেশ সেনাবাহিনী আৰু ভাৰতৰ সহায়ত ১৯৭১ চনৰ ডিচেম্বৰ মাহত এই যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হয়। মিত্ৰবাহিনীৰ প্ৰধান জেনেৰেল জগজিৎ সিং অৰোৰাৰ হাতত ১৯৭১ চনৰ ১৬ডিচেম্বৰ তাৰিখে পাকিস্তানী বাহিনীৰ প্ৰধান জেনেৰেল নিয়াজীয়ে আত্মসমৰ্পণ কৰে। প্ৰায় ৯০,০০০ পাকিস্তানী সেনা যুদ্ধবন্দী হিচাবে ধৰা পৰে। এওঁলোকক ১৯৭৩ চনত পাকিস্তানলৈ ওভোতাই পঠিওৱা হয়। স্বাধীনতাৰ পাছৰ সময়ত বাংলাদেশত প্ৰথমে সংসদীয় গণতন্ত্ৰ ব্যৱস্থা প্ৰচলন হয় আৰু শেখ মুজিব দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১৯৭৩ আৰু ১৯৭৪ চনত দেশব্যাপী দুৰ্ভিক্ষই দেখা দিয়ে। ১৯৭৫ চনৰ আৰম্ভণিতে শেখ মুজিবে দেশখনত বাকশালৰ অধীনত একদলীয় শাসন ব্যৱস্থা প্ৰবৰ্তন কৰে। ১৯৭৫ চনৰ ১৫ আগষ্ট তাৰিখে সেনাবাহিনীৰ কিয়দংশ তথা কিছু ৰাজনীতিবিদৰ ষড়যন্ত্ৰত সংঘটিত অভ্যুত্থানত মুজিব সপৰিবাৰে নিহত হয়। পৰবৰ্তী ৩ মাহত একাধিক অভ্যুত্থান আৰু প্ৰতি-অভ্যুত্থান চলি থাকে, যাৰ সমাপ্তিত মেজৰ জেনেৰেল জিয়াউৰ ৰহমান ক্ষমতালৈ আহে। জিয়াউৰ ৰহমানে বহুদলীয় গণতন্ত্ৰ পুনৰ প্ৰবৰ্তন কৰে আৰু বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি) প্ৰতিষ্ঠা কৰে। ১৯৮১ খ্ৰীষ্টাব্দৰ মে মাহত আন এটা অভ্যুত্থানত জিয়াউৰ ৰহমান নিহত হয়। ১৯৮২ চনৰ মাৰ্চ মাহত বাংলাদেশৰ পৰবৰ্তী শাসক লেফটেনেণ্ট জেনেৰেল হুছেইন মহম্মদ এৰছাদ এক ৰক্তপাতবিহীন অভ্যুত্থানৰ মাধ্যমেৰে ক্ষমতালৈ আহে।
1cb3f4746dabaaf0a102eb1ceddb6e3a360356867526d86ecebf4bf1366448ea
ইংলেণ্ডলৈ শিক্ষালাভ কৰিবলৈ যোৱাৰ আগতে নাৰায়ণন দিল্লীলৈ যায় আৰু সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ প্ৰসিদ্ধ সংবাদগোষ্ঠী "দ্যা হিন্দু" আৰু "দ্যা টাইমছ্ অৱ ইণ্ডিয়া"ত কাম কৰে। মহাত্মা গান্ধীৰ সাক্ষাৎকাৰ এটা গ্ৰহণ কৰাতো তেওঁ সফল হয়। তাৰপিছতেই তেওঁ টাটাৰ পৰা বৃত্তিটো লাভ কৰে। বিদেশত শিক্ষালাভ কৰি নাৰায়ণনে ১৯৪৮ চনত ভাৰতলৈ ঘূৰি আহে। নাৰায়ণনৰ অধ্যাপক আৰু সেই সময়ৰ প্ৰসিদ্ধ ৰাজনৈতিক তত্ত্ববিদ হেৰল্ড লাস্কিয়ে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ নাৰায়ণনৰ হৈ এখনি পৰিচয়পূৰ্বক পত্ৰ প্ৰেৰণ কৰে। ভাৰতলৈ আহি নাৰায়ণনে নেহৰুক সাক্ষাৎ কৰে আৰু ভাৰতীয় বৈদেশিক সেৱাত ১৯৪৯ চনত নিযুক্তি লাভ কৰে। বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নাৰায়ণনে ৰেংগুন, টকিঅ', লণ্ডন, কানাবেৰা আদি ঠাইত কূটনীতিবিদ হিচাপে দায়িত্ব পালন কৰে। ১৯৭৮ চনত তেওঁ বৈদেশিক সেৱাৰ পৰা পদত্যাগ কৰে। পদত্যাগৰ পাছত, তেওঁ কিছুদিনৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হয়। ১৯৮০ চনত ইন্দিৰা গান্ধীয়ে কে.আৰ. নাৰায়ণনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰে। ১৯৮২ চনত ৰ'নাল্ড ৰেগান আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকোঁতে ইন্দিৰা গান্ধীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু সেই ঐতিহাসিক ভ্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কে.আৰ. নাৰায়ণনে। সেই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কটোৰ কিছু উন্নত হৈছিল।
bc8d3ac6bcc278da0287ceca0ed8a23699a1f6f5102a37241518d30765f5c18d
ইনফৰমেল চেক্টৰত মুঠ শ্ৰম শক্তিৰ ৪০% তকৈয়ো অধিক নিয়োজিত হৈ আছে। উদাহৰণ স্বৰূপে ২০০৫ চনৰ হিচাপ অনুযায়ী কলকাতাৰ পদপথৰ হকাৰসকলৰ মুঠ ব্যৱসায়ৰ পৰিমাণ আছিল ৮,৭৭২ কোটি ভাৰতীয় টকা (প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰ)। নগৰৰ অন্যতম বৃহৎ কৰ্মশক্তি হ'ল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল। ইয়াৰ বাদেও বিভিন্ন কায়িক আৰু বৌদ্ধিক শ্ৰমিকসহ এক বৃহৎ সংখ্যক অদক্ষ আৰু অৰ্ধদক্ষ শ্ৰমিকো মহানগৰখনত আছে। তথ্য-প্ৰযুক্তি শিল্পই মহানগৰখনৰ অৰ্থনৈতিক পুনৰুজ্জীৱনত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। তথ্য-প্ৰযুক্তি খণ্ডত বাৰ্ষিক বৃদ্ধিৰ হাৰ ৭০ শতাংশ, যিটো জাতীয় অৰ্থনৈতিক বৃদ্ধিৰ হাৰতকৈ দুগুণ। বিগত কেইবছৰমানত ৰিয়েল ইষ্টেট খণ্ডত উল্লেখনীয় হাৰত বিনিয়োগ হৈছে। লগতে বহুতো নতুন নতুন আঁচনিয়ো লোৱা হৈছে।
701fc35ade546aa8a5b5522e55fc9fdd395930c35f1a8252cb1eb307cf17e789
ইয়াৰ ঔষধৰ বৰ্ণনা থকা অংশত মৌৰ্য যুগত ব্যৱহাৰ কৰা বিভিন্ন চিকিৎসা পদ্ধতিৰ কথা আছে যি চৰক আৰু সুশ্ৰুত সংহিতাতকৈও আগৰ। চৰক,সুশ্ৰুত আৰু ভেদ সংহিতাৰ উপৰিও কাশ্যপ সংহিতা আৰু হৰিত সংহিতাও আয়ুৰ্বেদ সম্বন্ধীয় উল্লেখযোগ্য গ্ৰন্থ যাক সম্ভৱতঃ গুপ্ত যুগত(৬ শতিকা) লিখা হৈছিল। সপ্তম বা অষ্টম শতিকাৰ বাঘৱতো এক উল্লেখযোগ্য ৰচয়িতা আছিল। আণ্ডাৰৱুড আৰু ৰ’ডৰ মতে এই ব্যৱস্থাই জ্বৰ,কাহ,ড্ৰপছী,ডায়েৰীয়া,সেইজুৰ,টিউমাৰৰ লগতে কুষ্ঠ আদি বিভিন্ন ছালৰ ৰোগ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। তদুপৰি আয়ুৰ্বেদে মধুমেহ, পাত্থৰ আদি কঠিন ৰোগ নিৰাময়ৰো উপায় উদ্ভাৱন কৰিছে। .প্লাষ্টিক চাৰ্জাৰি,চকু চিকিৎসা,পেটত বিন্ধা কৰি পেটত ৰস নিসৃত কৰা,শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য আঁতৰোৱা,ভঙা হাড় জোৰা লগোৱা, অৰ্শৰোগৰ চিকিৎসা, অংগচ্ছেদন,ছিজাৰিয়আন অস্ত্ৰোপছাৰ, আঘাত চিলাই কৰা আদি বিষয়তো আয়ুৰ্বেদে নিদান আগবঢ়াইছে। আয়ুৰ্বেদত বৰ্ণিত বনৌষধি আৰু সা-সঁজুলিৰ প্ৰয়োগ কালক্ৰমত বিশ্ববিশ্ৰুত হৈ পৰে।
2865e2b979fe1766bd717e733132a7f37e61ce02454c0f54530839b734777319
ইয়াৰ পাছত কিছু অন‌্য চুতীয়ালোকৰ পৰামৰ্শত ফ্ৰাচেংমুঙে আত্মসমৰ্পণ কৰা চুতীয়া সৈনিকক পৰ্বত বগাই ঘিলাগছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। ইয়াৰ ফলত পাহাৰত আশ্ৰয় লৈ থকা চুতীয়া ৰজা আৰু সৈন্যসকলে যুদ্ধত জয় লাভ হʼল বুলি ভাবি বিহু নাচিবলৈ ধৰে আৰু শেষত গাপ লৈ থকা আহোমৰ হাতত পৰাজিত হয়। পাছৰ পৰ্যায়ত শদিয়াৰ কিছু লোক ধকোৱাখানালৈ আহি এই বিহু হাৰ্হি দেৱালয়ত পাতিবলৈ ধৰে আৰু শেষত মহঘুলী চাপৰিলৈ বিয়পি 'ফাট বিহু'ৰ ৰূপ লয়। আহোম ৰজা ৰুদ্ৰসিংহই এই বিহুকে ৰংঘৰৰ বাকৰিলৈ আনে। উজনি অসমৰ এই বিহুৰ প্ৰভাৱ এসময়ত মান দেশৰ লৈকে আছিল বুলি ধৰিব পৰা যায়। এই কথা এটি বিহু গীতত উল্লেখ কৰা হয়। অৰ্থাৎ বিহু উৎসৱ ইমানে আকৰ্ষণীয় আছিল যে বিহুৰ কথা শুনিলে মান দেশৰ (Myanmar) বেমাৰত (নৰিয়াত) পৰি থকা মান (Burmese) বুঢ়া-বুঢ়ীসকলো লাখুটি লয় বিহু চাবলৈ আহিবলৈ মন কৰিছিল। সেইবাবে বুঢ়া-বুঢ়ীসকলে গম নোপোৱাকৈ লাহে লাহে বিহু নাচিবলৈ কোৱা হৈছিল। ১৬ শতিকাৰ শেষ ভাগত শংকৰদেৱে প্ৰচাৰ কৰা এক‍শৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিৱৰ্তন আহিছিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিত নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পুৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায় আৰু উজনি অসমৰ বড়োমূলীয়সকলৰ মাজৰ পৰা অসমৰ বাকী জনগোষ্ঠীৰ মাজত প্ৰচলিত হয়। এই যুগৰ পৰা বিহুনামসমূহত পূৰ্বৰ "গোসাঁনী"ৰ স্থানত 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হ’ল। এই বিষয়ে শঙ্কৰদেৱৰ 'কীৰ্ত্তন উৰেষা বৰ্ণন' আৰু ৰামচৰণ ঠাকুৰে লিখা 'গুৰু চৰিত'ত এনেদৰে লিখা হৈছে। পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউসকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা: কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে, ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেনী আমি নেপাওঁ। 'আহোম ৰজাসকলে বিহুক কেন্দ্ৰ কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্ৰেণীৰ সৃষ্টি নকৰিলেও তেওঁলোকৰ বিহু প্ৰীতি সৰ্বজন বিদিত। যিকিনহওক এইজন স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দলে থানৰ পৰা আৰম্ভ কৰি শেষত থানতে সামৰণি মাৰিছিল। কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। এই সকলোবোৰ পৰিঘটনাই বিহুৰ আচাৰ নীতিলৈ আমূল পৰিৱৰ্তন আনে যদিও, বিহুৰ যি আদিম আবেদন তাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে, অসম ব্ৰিটিছৰ অধীনলৈ যোৱাৰ লগে লগে, অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশতে যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হয়। পশ্চিমীয়া শিক্ষা আৰু ভিক্টোৰিয়ান-ইংৰাজ সভ্যতাৰ প্ৰভাৱে অসমৰ ৰাইজক নিজৰ থলুৱা কৃষ্টিৰ প্ৰতি উদাসীন কৰি তোলে। সেইসময়ৰ ভালেসংখ্যক উচ্চশিক্ষিত সমাজ সংস্কাৰকলোকে বিহুক "ইতৰ প্ৰাণীৰ নাচ গান" বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়। সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে। তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেঁপাহ পলুৱাই আনন্দ কৰাৰ পৰিৱৰ্তে এক সামাজিকভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে। এনে সময়তে বিহুত এক নতুন অধ্যায়ৰ সূচনা হ'ল- মঞ্চ বিহু। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হৈছিল, তাত আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ ধাৰাও প্ৰচলিত হৈছিল। সেইসময়তে গোলাঘাটৰ বেতিয়নীত ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়। ১৯৪১ চনত মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত মঞ্চত বিহু প্ৰদৰ্শন কৰে। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱা পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মীলনৰ আয়োজন কৰা হয়। তাৰপাছতে মঞ্চ বিহুৱে সমগ্ৰ অসম জুৰি অভুতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। মঞ্চ বিহুত বিহু -প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগিতাৰ ওপৰত গুৰুত্ব দিয়া যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয়। গতিকে এই বিহু বহু নীতি নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত থাকি কৰা হয়। ইয়াৰ ফলত বিহু নৃত্য গীতে এক প্ৰদৰ্শনমূলক কলাৰ ৰূপ লয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ কোবত প্ৰকৃত স্বতঃস্ফূৰ্ত গছ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে। বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়। বৰ্তমান বিহু সন্দৰ্ভত আন এক উল্লেখযোগ্য পৰিৱৰ্তন অহা দেখা গৈছে। দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহু-সুৰীয়া গীত মাত নতুন প্ৰজন্মৰ মাজত অতীব জনপ্ৰিয় হোৱা দেখা গৈছে। অৱশ্যে, এই বিলাক প্ৰকৃত বিহু নাচ বা বিহু নাম নহয়, ই এক প্ৰকাৰ বিহু আৰু আধুনিক গীতৰ সংমিশ্ৰণহে বুলিব পাৰি। এই গীত বিলাকত বিহুৰ থলুৱা সুৰৰ ওপৰত ভিত্তি কৰি নতুনকৈ সুৰাৰোপণ কৰা হয় আৰু আধুনিক বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰা হয়। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নাপাতি কেনৈকৈ থাকোঁ।
56ddb22d0ca2b0732a51088e35d4fc4019d64cab3c8ceb7c8843349cd98e73b7
ইয়াৰ পাছতেই আছে হিন্দু ধৰ্ম(৮.৫%)। বাকী ১.১% মানুহ বৌদ্ধ, খ্ৰীষ্টান, অথবা অগ্নিপূজক ধৰ্মত বিশ্বাসী। মুঠ জনগোষ্ঠীৰ ৩৫-ই চহৰত বাস কৰে, বাকী ৬৫% গ্ৰামাঞ্চলৰ অধিবাসী। চৰকাৰী তথা বেচৰকাৰী উন্নয়ন কৰ্মৰ ফল স্বৰূপে দাৰিদ্ৰ বিমোচন আৰু জনস্বাস্থ্যৰ বহতু অগ্ৰগতি হৈছে। কিন্তু এতিয়াও বাংলাদেশৰ জনসংখ্যাৰ এক-পঞ্চমাংশ দৰিদ্ৰ সীমাৰ তলত। মুঠ জনগোষ্ঠীৰ প্ৰায় ২০%ৰ দৈনিক মাত্ৰ ১ আমেৰিকান ডলাৰ আয় কৰে (২০১৯)। আৰ্ছেনিক জনিত বিষক্ৰিয়া বাংলাদেশৰ এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। ইয়াৰ বাহিৰেও বাংলাদেশত মেলেৰিয়া আৰু ডেঙগু ৰোগৰ প্ৰাদুৰ্ভাব লক্ষ্য কৰা যায়। ২০১৮ চনৰ অভিলেখ অনুসৰি বাংলাদেশত স্বাক্ষৰতাৰ হাৰ প্ৰায় ৭৪%। ইউনিছেফৰ ২০১৮চনৰ গণনা অনুসৰি পুৰুষৰ মাজত স্বাক্ষৰতাৰ হাৰ ৭৮% আৰু মহিলাৰ মাজত ৭০%।
2caddef149f081d6478e6e4b9ae8c66cc902e397f87fa532535bbb36f2262983
ইয়াৰ মানুহবোৰ যেনে- ওখ-পাখ, শকত-আৱত, গৰু-ম'হবোৰো তেনে প্ৰকাণ্ড প্ৰকাণ্ড। ৰাজস্থানী হিন্দুসকল মূলতঃ নিৰামিষভোজী। প্ৰধান আহাৰ ভাত আৰু ৰুটী। ঘেঁহুৰ উপৰিও মিচিৰ ৰুটী আৰু বজাৰৰ ৰুটীও তেওঁলোকৰ প্ৰধান খাদ্য। প্ৰত্যেক সাঁজ ভাততে পাপৰ সেকা আৰু দৈ অথবা ৰাইতা থাকে। বজৰাৰ খিচিৰি আন এবিধ প্ৰিয় ব্যঞ্জন। সংগীত-নৃত্য কৰি ফুৰা দলবোৰ ৰাজস্থানী সংস্কৃতিৰ অন্যতম অংগ। পৰম্পৰাগত সাজ-পোছাকেৰে চাৰি-পাঁচজনীয়া মানুহৰ দল একোটাই হাতে হাতে থলুৱা বাদ্যযন্ত্ৰ, যেনে- সাৰাংগী, চেহনাই, সুৰনাই, ঢোলক, ঘণ্টা, ডমৰু, নাদ, খৰতাল লৈ ঠায়ে ঠায়ে বহি থাকে। সেই বাদ্যযন্ত্ৰত তেওঁলোকে ৰাজস্থানী লোকসংগীতৰ সুৰ তোলে। কেতিয়াবা সেই দলত পৰম্পৰাগত সাজ আৰু অলংকাৰ পিন্ধা মহিলাও থাকে। মহিলাসকলে সেই সুৰৰ তালে তালে লোকনৃত্য কৰে। সাধাৰণতে ভোপা, লাংগা, মাংগানিয়াৰ, কালবেলিয়া, যোগী, নায়ক, থোড়ী, ভাৱাৰী আদি সম্প্ৰদায়ৰ মানুহে এনে ধৰণে দল বান্ধি সংগীত নৃত্য কৰি ফুৰে। লাংগা আৰু মাংগানিয়াৰসকল মৰুৰ বুকুৰ থলুৱা শিল্পী। বিবাহ, হোলী আদি প্ৰত্যেক অনুষ্ঠান আৰু উৎসৱৰে সুকীয়া সুকীয়া সংগীত আছে। কালবেলিয়া, মটকা ভাৱাই, কাঠপুতলি (পুতলা নাচ), চাৰী (pot dance), কাচ্চী ঘোড়ী (dummy horse dance) আদি জনপ্ৰিয় নৃত্য। নৃত্য আৰু সংগীত এই লোকসকলৰ জীৱনৰ অবিচ্ছেদ্য অংগ।
f14ab8dc660d14f6ab6240a61c792cea252a0b24f6e2835f4df7d03e7d19f5d0
ইয়াৰোপৰি একেশ্বৰবাদ (বা ব্ৰাহ্মবাদ) প্ৰতিষ্ঠা কৰাৰ কাৰণে বেদান্ত-সূত্ৰ আৰু তাৰ সমৰ্থনৰ উপনিষদৰবোৰ বঙালী অনুবাদ কৰি প্ৰচাৰ কৰি থাকিছিল। ১৮১৫ পৰা ১৮১৯ খ্ৰীষ্টাব্দৰ মাজত প্ৰকাশিত হয় বেদান্তগ্ৰন্থ, বেদান্তসাৰ, কেনোপনিষদ, ঈশোপনিষদ, কঠোপনিষদ, মাণ্ডূক্যোপনিষদ আৰু মুণ্ডকোপনিষদ। ৰক্ষণশীল ব্যক্তিসকল ক্ৰুদ্ধ হৈ তেওঁৰ লেখাৰ প্ৰতিবাদ দেখুৱাবলৈ ধৰিলে। এই সকলো প্ৰতিবাদ কটূক্তিপূৰ্ণ আৰু বিদ্বেষ ভাবাপন্ন। ৰামমোহনেও প্ৰতিবাদৰ প্ৰতিবাদ কৰিছিল কিন্তু যুক্তি আৰু ভদ্ৰভাষাত। প্ৰতিবাদ-কৰাসকলে সোনকালেই থমকি ৰৈছিল।
e24e56f1693841b3624ca0b0cbed215142d9680c8602ef080d8cfb282f774afb
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ১৮২০ খ্ৰীষ্টাব্দৰ ২৬ ছেপ্টেম্বৰত বৰ্তমান পশ্চিম মেদিনীপুৰ জিলাৰ বীৰসিংহ নামে গাৱত জন্মগ্ৰহণ কৰে। বীৰসিংহ সেই সময়ত হুগলী জিলাৰ অন্তৰ্ভুক্ত আছিল। ঈশ্বৰচন্দ্ৰৰ পিতামহ ৰামজয় তৰ্কভূষণ আছিল সুপণ্ডিত আৰু বলিষ্ঠ দৃঢ়চেতা পুৰুষ। এৱেই ঈশ্বৰচন্দ্ৰৰ নামকৰণ কৰিছিল। ঈশ্বৰচন্দ্ৰৰ পিতৃ ঠাকুৰদাস বন্দ্যোপাধ্যায় কলকাতাত এটা সৰু চাকৰি কৰিছিল। পৰিবাৰৰ সৈতে চহৰত বাস কৰা তেখেতৰ সাধ্যৰ অতীত আছিল। সেই কাৰণে কিশোৰ ঈশ্বৰচন্দ্ৰই গাঁৱতেই মাতৃ ভগৱতী দেৱী আৰু আইতাৰ লগত বাস কৰিছিল। পাঁচ বছৰ বয়সত ঠাকুৰদাসে বালক ঈশ্বৰচন্দ্ৰক গাঁৱৰ সনাতন বিশ্বাসৰ বিদ্যালয়ত ভৰ্তি কৰে। কিন্তু সনাতন বিশ্বাসে বিদ্যাদানতকৈ শাস্তিদানতেই অধিক আনন্দ পাইছিল। সেই কাৰণে ৰামজয় তৰ্কভূষণৰ উদ্যোগত পাৰ্শ্বৱৰ্তী গাঁৱৰ কালীকান্ত চট্টোপাধ্যায় নামে এজন উৎসাহী যুৱক বীৰসিংহত এখন নতুন বিদ্যালয় স্থাপন কৰে। ৮ বছৰ বয়সত এই বিদ্যালয়তে ঈশ্বৰচন্দ্ৰ ভৰ্তি হয়। তেখেতৰ দৃষ্টিত কালীকান্ত এজন আদৰ্শ শিক্ষক আছিল। কালীকান্তৰ বিদ্যালয়ত তেওঁ সেইসময়ৰ প্ৰচলিত বঙালী শিক্ষা লাভ কৰিছিল। ১৮২৮ চনৰ নৱেম্বৰ মাহত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি উচ্চশিক্ষা লাভৰ বাবে পিতৃৰ সৈতে কলকাতালৈ আহে। তেখেতসকলৰ লগত কলকাতালৈ কালীকান্ত আৰু ভৃত্য আনন্দৰাম গুটিও আহিছিল। কথিত আছে, পদব্ৰজে মেদিনীপুৰৰ পৰা কলকাতালৈ অহাৰ সময়ত পথৰ কাষৰ মাইল ফলকসমূহত ইংৰাজী সংখ্যাসমূহ দেখি তেওঁ সেইসমূহ কম আয়াসতেই আয়ত্ত কৰিছিল। কলকাতাৰ বৰবাজাৰ অঞ্চলৰ বিখ্যাত সিংহ পৰিয়ালত তেখেতসকলে আশ্ৰয় লয়। এই পৰিবাৰৰ তেতিয়া জগদ্দুৰ্লভ সিংহ আছিল। ১৮২৯ চনৰ ১ জুনত তেওঁ কলকাতা গভৰ্নমেণ্ট সংস্কৃত কলেজত ব্যাকৰণৰ তৃতীয় শ্ৰেণীতে ভৰ্তি হয়। এই সংস্কৃত কলেজৰ প্ৰতিষ্ঠা হৈছিল ১৮২৪ চনত; অৰ্থাৎ, ঈশ্বৰচন্দ্ৰৰ এই কলেজত ভৰ্তি হোৱাৰ মাত্ৰ পাঁচ বছৰ আগতে। তেখেতৰ বয়স তেতিয়া ৯ বছৰ আছিল। এই কলেজত তেখেতৰ সহপাঠী আছিল “মুক্তাৰাম বিদ্যাবাগীশ” আৰু নদিয়া-নিবাসী “মদনমোহন তৰ্কালঙ্কাৰ”। বিদ্যাসাগৰৰ আত্মকথাৰ পৰা জনা যায় মুঠ চাৰে তিনি বছৰ তেওঁ সেই শ্ৰেণীত অধ্যয়ন কৰিছিল। ব্যাকৰণ পঢ়াৰ সময়তেই ১৮৩০ চনত সংস্কৃত কলেজৰ ইংৰেজী শ্ৰেণীটো ঈশ্বৰচন্দ্ৰই নাম লগায়। ১৮৩১ চনৰ মাৰ্চ মাহত বাৰ্ষিক পৰীক্ষাত কৃতিত্বৰ বাবে মাহেকীয়াকৈ ৫ টকা হাৰে বৃত্তি আৰু ‘আউট ষ্টুডেণ্ট’ হিচাপে এখন ব্যাকৰণ গ্ৰন্থ আৰু ৮ টকা পাৰিতোষিক লাভ কৰে। সংস্কৃত কলেজত মাহেকীয়াভাৱে বৃত্তিপ্ৰাপ্ত ছাত্ৰসকলক ‘পে ষ্টুডেণ্ট’ আৰু অন্য ছাত্ৰসকলক ‘আউট ষ্টুডেণ্ট’ বোলা হৈছিল। ৩ বছৰ ব্যাকৰণ শ্ৰেণীত শিক্ষালাভ কৰা পাছত ১২ বছৰ বয়সত কাব্য শ্ৰেণীত প্ৰৱেশ কৰে। সেইসময়ত এই শ্ৰেণীৰ শিক্ষক আছিল বিশিষ্ট পণ্ডিত “জয়গোপাল তৰ্কালঙ্কাৰ”। ১৮৩৩ চনত ‘পে ষ্টুডেণ্ট’ হিচাপেও ঈশ্বৰচন্দ্ৰই ২ টকাকৈ পাই আছিল। ১৮৩৪ চনত ইংৰাজীৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰ ঈশ্বৰচন্দ্ৰই বাৰ্ষিক পৰীক্ষাত কৃতিত্বৰ বাবে ৫ টকা মূল্যৰ গ্ৰন্থ পাৰিতোষিক হিচাপে পায়। সেই বছৰতে ক্ষীৰপাই নিবাসী শত্ৰুঘ্ন ভট্টাচাৰ্যৰ কন্যা দীনময়ী দেৱীৰ সৈতে তেখেতৰ বিবাহ সম্পন্ন হয়। ১৮৩৫ চনত ইংৰাজী পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰূপে পলিটিকেল ৰিডাৰ নং ৩ আৰু ইংলিছ ৰিডাৰ নং ২ পাৰিতোষিক পায়। এই বছৰতে নৱেম্বৰ মাহত সংস্কৃত কলেজৰ পৰা ইংৰাজী শ্ৰেণী বাতিল কৰা হয়। দ্বিতীয় বৰ্ষৰ সাহিত্য পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ১৫ বছৰ বয়সত অলংকাৰ শ্ৰেণীত প্ৰৱেশ কৰে। অলংকাৰ শাস্ত্ৰ এটা অত্যন্ত কঠিন বিষয়। কিন্তু মাত্ৰ এটা বছৰৰ ভিতৰতে তেওঁ সাহিত্য দৰ্পণ, কাব্যপ্ৰকাশ আৰু ৰসগঙ্গাধৰ প্ৰভৃতি অলংকাৰ গ্ৰন্থত ব্যুৎপত্তি অৰ্জন কৰে। ১৮৩৬ চনত অলংকাৰ পাঠ শেষ কৰে। বাৰ্ষিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ৰঘুবংশম্, সাহিত্য দৰ্পণ, কাব্যপ্ৰকাশ, ৰত্নাৱলী, মালতী মাধব, উত্তৰ ৰামচৰিত, মুদ্ৰাৰাক্ষস, বিক্ৰমোৰ্বশী আৰু মৃচ্ছকটিক গ্ৰন্থ পাৰিতোষিক পাইছিল। ১৮৩৭ চনৰ মে মাহত তেখেত আৰু মদনমোহনৰ মাহেকীয়া বৃত্তি বাঢ়ি ৮ টকা হয়। এই বছৰতে ঈশ্বৰচন্দ্ৰই স্মৃতি শ্ৰেণীত ভৰ্তি হয়। সেই যুগত স্মৃতি পঢ়িব হ’লে আগেয়ে বেদান্ত আৰু ন্যায়দৰ্শন পঢ়িব লাগিছিল। কিন্তু ঈশ্বৰচন্দ্ৰৰ মেধাত সন্তুষ্ট হৈ কৰ্তৃপক্ষই তেওঁক পোণপটিয়াভাৱে স্মৃতি শ্ৰেণীত ভৰ্তি কৰে। এই পৰীক্ষাতো তেওঁ বিৰল কৃতিত্বৰ সৈতে আৰু হিন্দু ল’ কমিটিৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ত্ৰিপুৰাত জিলা জজ পণ্ডিতৰ পদ পাইও পিতৃৰ অনুৰোধত সেয়া প্ৰত্যাখ্যান কৰি বেদান্ত শ্ৰেণীত ভৰ্তি হয়। শম্ভুচন্দ্ৰ বাচস্পতি সেই সময়ত বেদান্তৰ অধ্যাপক আছিল। ১৮৩৮ চনত বেদান্ত পাঠ সমাপ্ত কৰে। এই পৰীক্ষাত তেওঁ প্ৰথম স্থান অধিকাৰ কৰি মনুসংহিতা, প্ৰবোধ চন্দ্ৰোদয়, অষ্টবিংশতত্ত্ব, দত্তক চন্দ্ৰিকা আৰু দত্তক মীমাংসা গ্ৰন্থ পাৰিতোষিক হিচাপে লাভ কৰে। সংস্কৃতত শ্ৰেষ্ঠ গদ্য ৰচনাৰ বাবে ঈশ্বৰচন্দ্ৰই ১০০ টকা পুৰস্কাৰো পাইছিল। ১৮৪০-৪১ চনত ন্যায় শ্ৰেণীত পঢ়ি নাম ভৰ্ত্তি কৰি আৰু দ্বিতীয় বাৰ্ষিক পৰীক্ষাত একাধিক বিষয়ত তেওঁ পাৰিতোষিক লাভ কৰে।
3a0968d4a98a1967959ff73917b86b9a0f2232facb090ce7c54c1c84f97b14f3
উত্তৰ প্ৰদেশৰ ফৰুখবাদ জিলাত প্ৰাপ্ত আনুমানিক চতুৰ্থ খ্ৰীষ্টাব্দত নিৰ্মিত দ্বিভূজধাৰী এটা গণেশ শিলামূৰ্তিত দেখা যায় দেৱতাৰ বাওঁ হাতত মোদকভাণ্ড আৰু তেওঁ শুঁৰেৰে মোদক ভক্ষণ কৰিছে। খ্ৰীষ্টিয় পঞ্চম শতিকাত নিৰ্মিত মধ্যপ্ৰদেশৰ উদয়গিৰি গুহাত, ভূমাৰা আৰু উত্তৰপ্ৰদেশৰ ভিতৰগাঁও মন্দিৰত প্ৰাপ্ত পোৰামাটিৰ ফলকত মোদকভক্ষণৰত অৱস্থাত গণেশ মূৰ্তি দেখা যায়। ইয়াৰ মাজত উদয়গিৰিৰ মূৰ্তিটো উৰ্ধ্বলিঙ্গ বুলি ধৰা হয়। এই মূৰ্তিসমূহ তিনিপ্ৰকাৰৰ – উপবিষ্ট, নৃত্যৰত আৰু দণ্ডায়মান। ইয়াৰ মাজত উপবিষ্ট মূৰ্তিৰ সংখ্যাই সৰ্বাধিক। নৃত্যৰত মূৰ্তিত দেখা যায় গণেশে বাহনৰ ওপৰত নাচিছে। ইয়াত তেওঁ গজমুণ্ড, ত্ৰিনয়ন, খৰ্বাকাৰ, লম্বোদৰ, চতুৰ্ভূজ বা ষড়ভূজ বা অষ্টভূজ বা দশভূজধাৰী। দ্বিভূজ মূৰ্তি সংখ্যাত কম। বৌদ্ধ আৰু জৈনসকলেও গণেশৰ এই মূৰ্তি পূজা কৰিছিল বুলি জনা যায়। প্ৰথমৰ ফালৰ গণেশ মূৰ্তিসমূহ দ্বিভূজধাৰী আৰু উপবিষ্ট। হাতত কুঠাৰ আৰু মোদক। দেৱতা গজানন, একদন্ত অৰু লম্বোদৰ। বহুকেইটা মূৰ্তিত চতুৰ্ভূজ গণেশো দেখা যায়। বৃহৎসংহিতা গ্ৰন্থ অনুসৰি, গণেশ দ্বিভূজধাৰী আৰু ইয়াতো তেখেতৰ হাতত মূলক। এই মূলক হাতীৰ খাদ্য বুলি উল্লেখ কৰা হৈছে। অমৰকোষ গ্ৰন্থত গণেশ একদন্ত। অংশুমৎভেদাগম, কালিকাগম আৰু বিষ্ণুধৰ্মোত্তৰ প্ৰভৃতি গ্ৰন্থত গণেশ চতুৰ্ভূজধাঈ আৰু তেখেতৰ হাতত নিজ দন্ত, কপিত্থ মোদক, পাশ-অঙ্কুশ, নাগ, অক্ষসূত্ৰ, পদ্ম ইত্যাদি দেখা যায়। এই সকলো গ্ৰন্থৰ উত্তৰকালৰ সংস্কৰণসমূহত দেখা যায় গণেশৰ বাহন মূষিক আৰু স্ত্ৰী ভাৰতী (সৰস্বতী), শ্ৰী (লক্ষ্মী), বিঘ্নেশ্বৰী, বুদ্ধি আৰু কুবুদ্ধি। ইয়াৰ বাদেও এই গ্ৰন্থসমূহত গণেশৰ অন্যান্য কিছু বৈশিষ্ট্যও পৰিলক্ষিত হয়। যেনে – তেওঁ ত্ৰিনয়ন, ব্যাঘ্ৰচৰ্মপৰিহিত আৰু নাগযজ্ঞোপবীতধাৰী। তেখেতৰ মূৰ্তি আভঙ্গ বা সমভঙ্গ। বিগ্ৰহ ৰূপতো গণেশৰ নানা মূৰ্তি প্ৰচলিত আছিল। এই সকলো মূৰ্তি সহগ্ৰন্থ গুপ্তোত্তৰ যুগত নিৰ্মিত নহ’ল। গুপ্তযুগৰ প্ৰথমৰ ফালে মথুৰাত প্ৰাপ্ত বেলেমাটিৰ গণপতি আৰু ভিতৰগাঁও-ৰ ইষ্টকনিৰ্মিত মন্দিৰত প্ৰাপ্ত পোৰামাটিৰ গণপতিৰ মূৰ্তিটিয়ে গণেশ মূৰ্তিৰ বিবৰ্তনৰ গুৰুত্বপূৰ্ণ সাক্ষ্যবহন কৰিছে। উল্লেখ্যোগ্য যে মথুৰাত গণেশমূৰ্তিত এন্দুৰৰ উপস্থিতি দেখা নাযায় আৰু ভিতৰগাঁৱতো ঠিক দেৱতা ৰ আকাৰত গণেশ চিত্ৰিত হোৱা নাই, তাত তেওঁ উড্ডীয়মান। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ ভূমাৰা শিবমন্দিৰত প্ৰাপ্ত গণেশ মূৰ্তিটোৱে গণেশ-বিবৰ্তনৰ শেষ নিদৰ্শন। প্ৰথম যুগৰ মূৰ্তিসমূহ নগ্ন আৰু দণ্ডায়মান। এইবোৰক দেখি দেৱতা যেন নালাগে। ইয়াৰ বাদেও গুপ্তযুগৰ প্ৰথম ভাগত ভিলসা উদয়গিৰিৰ চন্দ্ৰগুপ্ত গুহাত গণেশৰ যি এক উৎকীৰ্ণ চিত্ৰ পোৱা যায়, সেইটোও কম গুৰুত্বপূৰ্ণ নহয়। এই মূৰ্তি অনুসৰি গণেশ পৰ্যঙ্ক আসনত উপবিষ্ট, বাওঁ হাতত তেখেতৰ মোদকভাণ্ড আৰু এন্দুৰ অনুপস্থিত। উপবিষ্ট গণেশ মূৰ্তি প্ৰথম আৰু শেষ গুপ্তযুগত সমগ্ৰ ভাৰততে বিয়পি পৰে। আন এক ধৰণৰ গণেশ মূৰ্তিৰ সন্ধান পোৱা যায় ওড়িশাত। তেওঁ নৃত্যগণেশ, অষ্টভূজধাৰী, সন্মুখৰ সোঁহাতত গজহস্ত, নৃত্যৰ আবৰ্ত দেহত সুস্পষ্ট ফুটি উঠিছে। পৰৱৰ্তীকালত তান্ত্ৰিকতা আৰু শক্তিপূজাৰ লগত গণেশৰ ধাৰণা বিশেষ ভাবে জড়িত হৈ পৰে। বিভিন্ন তান্ত্ৰিকে গণেশ মূৰ্তিত শক্তিৰ উপস্থিতি লক্ষ্য কৰে। যেনে – শক্তিগণেশ, লক্ষ্মীগণেশ (লক্ষ্মীগণেশৰ লক্ষ্মী ঐশ্বৰ্যৰ দেৱী নহয়), উচ্ছিষ্টগণেশ ইত্যাদি। দাক্ষিণাত্যত উচ্ছিষ্টগণেশৰ বহুকেইটা মূৰ্তি পোৱা গৈছে। এইবোৰ বামাচাৰত পূজিত। জব্বলপুৰৰ কাষত গজমুণ্ডবিশিষ্ট এটা দেৱীমূৰ্তিও পোৱা গৈছে। সম্ভবত: এওঁ তন্ত্ৰোল্লিখিত গণেশ-পত্নী গণেশানী। ভাৰতৰ বাহিৰেও বিভিন্ন দেশত গণেশেৰ মূৰ্তি পোৱা যায়। আনামত প্ৰাপ্ত মূৰ্তি দ্বিভূজধাৰী আৰু মোদকভক্ষণৰত। হাতত মোদকভাণ্ডৰ উপৰিও কুঠাৰ, অক্ষমালা, মূলদন্তক, অঙ্কুশ, পাশ, দণ্ড, শূল, সৰ্প, ধনু আৰু শৰো দেখা যায়। জাভা দ্বীপৰ বাড়া নামৰ স্থানত আবিষ্কৃত খ্ৰীষ্টিয় একাদশ শতিকাত নিৰ্মিত এটা মূৰ্তি নৰকপালযুক্ত আসনত উপবিষ্ট আৰু মাথাৰ জঁটাত নৰকপালধাৰী। জাভাত গণেশ চতুৰ্ভুজধাৰী। এই মূৰ্তিত তন্ত্ৰৰ প্ৰভাৱ সুস্পষ্ট। ইন্দোনেছিয়া অঞ্চলৰ অন্যতো গণেশৰ উপবিষ্ট মূৰ্তি পোৱা গৈছে।
8fb396596fbb7ac7955a25cc734cdf43a397dced99e07cacea99c3bf331067f4
উদ্যানৰ ভিতৰত আৰু কাষৰীয়া ঠাইত ঘাইকৈ বন্যপ্ৰাণী দৰ্শন আৰু পক্ষী দৰ্শন পৰ্যটকৰ বাবে আকৰ্ষণীয়। হাতী আৰু জীপ গাড়ীৰে অৰণ্য দৰ্শনলৈ লৈ যোৱা হয়। মানুহ আৰু জন্তুৰ সংঘাত নহ'বলৈ উদ্যানৰ ভিতৰত হাইকিং নিষিদ্ধ। বন্যপ্ৰাণী দৰ্শনৰ বাবে ছহলা, মিহিমুখ, কাঠপৰা, ফলিয়ামাৰী, আৰু হৰমতীত 'দৰ্শন স্তম্ভ' (observation tower) আছে। উদ্যানৰ বিল-গছ-ঘাঁহনিৰ নৈসৰ্গিক দৃশ্যাৱলীক নামনি হিমালয়ৰ শৃংগসমূহে আৱৰি ৰাখিছে। পৰ্যটকক উদ্যানৰ বিষয়ে অধিক জনাবলৈ বাগৰিত এটা 'বিশ্লেষণ কেন্দ্ৰ' (interpretation center) অৱস্থিত। এপ্ৰিল মাহৰ মাজভাগৰপৰা অক্টোবৰৰ মাজভাগলৈ হোৱা তীব্ৰ বৰষুণৰ বাবে উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হয়। অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ দ্বাৰা পৰিচালিত পৰ্যটক আৱাস গৃহৰ চাৰিটা কঁহৰাত আৰু তিনিটা অৰণ্যৰ ভিতৰত অৱস্থিত। ব্যক্তিগত খণ্ডৰ কেবাটাও ৰিজোৰ্ট উদ্যান পৰিসীমাৰ বাহিৰত আছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে কাষৰীয়া অঞ্চলত পৰ্যটনৰ লগত জড়িত কাৰ্যৰ জৰিয়তে অৰ্থালাভৰ বাট মোকলাই দিছে।
a78ac4f2a0508a712b82bbb091562966c6949dc8cc1280ccbb82b77ab56f742b
উৎসস্থলৰ পৰা দিল্লীৰ ওখলা পৰ্যন্ত যমুনাৰ প্ৰবাহপথটো “উচ্চ যমুনা” (Upper Yamuna) নামেৰে পৰিচিত। ১৯৯৪ চনৰ ১২ মে, উচ্চ যমুনাৰ জলবণ্টনৰ লক্ষ্যেৰে পাঁচ অববাহিকা ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উত্তৰপ্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থান আৰু দিল্লীৰ মাজত এক মউ (মেমোৰাণ্ডাম অফ আণ্ডাৰষ্ট্যাণ্ডিং) সাক্ষৰিত হয়। ইয়াৰ পাছতেই জলসম্পদ মন্ত্ৰকৰ অধীনত উচ্চ যমুনা নদী পৰিষদ গঠিত হয়। এই পৰিষদৰ প্ৰাথমিক কাম হ’ল লাভগ্ৰহীতা ৰাজ্যসমূহৰ মাজত নদীৰ পানীৰ ন্যায্য ভাগৰ সুষম বণ্টনৰ তত্ত্বাবধান; ভূতল আৰু ভৌমজলৰ সংৰক্ষণ আৰু মানোন্নয়ন; অববাহিকাৰ জল-অৱহাৱাতত্ত্ব সংক্ৰান্ত তথ্য সংৰক্ষণ; অববাহিকা ব্যবস্থাপনা সংক্ৰান্ত পৰিকল্পনাসমূহৰ পৰ্যবেক্ষণ; ওখলা বান্ধ পৰ্যন্ত সকলো প্ৰকল্পৰ কামৰ তত্ত্বাবধান আৰু পৰ্যবেক্ষণ। পাওণ্টা চাহিবত য’ত যমুনা নদীৰ লগত উপনদী টোনচ, পওয়াৰ আৰু গিৰি মিলিত হৈছে, তাত এটা বান পূৰ্বাভাষ কেন্দ্ৰ আছে। পৰবৰ্তী কেন্দ্ৰসমূহ হ’ল হাৰিয়ানাৰ কালানৌৰৰ তাজেওৱালা আৰু দিল্লীৰ নিকটবৰ্তী মাওয়াই।
8a00b8b043808152208a7766866552150237d42c85896b6ac715e45da7687713
উৎসৰ পৰা মোহনা পৰ্যন্ত সম্পূৰ্ণ গঙ্গা নদীখনেই হিন্দুৰ বাবে পবিত্ৰ। সকলো ঠাইতেই গঙ্গাস্নান হিন্দুসকলৰ বাবে এটি পুণ্যকৰ্ম বুলি বিবেচিত হয়। গঙ্গাৰ পানীত হিন্দুসকলে পূৰ্বপুৰুষৰ তৰ্পণ কৰে। গঙ্গাত ফুল আৰু বন্তি উটুৱায়। এনেকি গঙ্গাস্নান কৰি উঠি ঘৰলৈ ওভতাৰ সময়ত কিছু পৰিমাণে গঙ্গাৰ পানী ঘৰোৱা ধৰ্মানুষ্ঠানত ব্যৱহাৰৰ বাবে তুলি নিয়ে। প্ৰিয়জনৰ মৃত্যু হ'লে মৃতকৰ অস্থি গঙ্গাত বিসৰ্জন দিয়া হয়। হিন্দু পুৰাণৰ সকলোতেই গঙ্গাজলক পবিত্ৰ বোলা হৈছে। অনেক ঠাইত স্থানীয় নদীসমূহক "গঙ্গাতুল্য" বুলি মান কৰা হয়। যেনে, কাবেৰী নদীক বোলা হয় "দক্ষিণৰ গঙ্গা"। গোদাবৰী নদীক ধৰা হয়, ঋষি গৌতমৰ দ্বাৰা মধ্যভাৰতলৈ আহ্বান কৰা গঙ্গা। হিন্দুসকলৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে গঙ্গাক আবাহন কৰা হয়। ধৰা হয়, সকলো পবিত্ৰ পানীতেই গঙ্গা অধিষ্ঠিত। গঙ্গোত্ৰী, হৰিদ্বাৰ, প্ৰয়াগ আৰু বাৰাণসীত গঙ্গাস্নান হিন্দুসকলৰ বাবে বিশেষ পুণ্যকৰ্ম। গঙ্গাৰ প্ৰতীকী আৰু ধৰ্মীয় গুৰুত্ব ভাৰতত সংশয়বাদী্সকলেও স্বীকাৰ কৰে। জৱাহৰলাল নেহেৰু নিজে ধৰ্মবিৰোধী হলেও তেওঁৰ চিতাভষ্মৰ একমুঠি গঙ্গাত বিসৰ্জন দিবলৈ কৈছিল। তেওঁ লিখিছিল, "গঙ্গা ভাৰতৰ নদী। ভাৰতবাসীৰ প্ৰিয়। এই নদীক আগুৰি ৰৈছে কত জাতিৰ কত স্মৃতি, কত আশা আৰু ভীতি, বিজয়ৰ কত গান, কত জয়পৰাজয়। গঙ্গা ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ প্ৰতীক। কত পৰিবৰ্তনৰ মাজেদি নিত্য বৈ যায় গঙ্গা। তথাপি গঙ্গা ”গঙ্গা”ই হৈ আছে"। প্ৰতি বছৰে জেঠ মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি হিন্দুসকলে "গঙ্গাবতৰণ" বা গঙ্গাৰ মৰ্ত্যলৈ অবতৰণৰ স্মৰণত বিশেষভাবে উদযাপন কৰে। এই দিনটোক "দশহৰা" বোলে। হিন্দুমতে, এই দিনটো গঙ্গাস্নানৰ কাৰণে বিশেষভাবে প্ৰশস্ত। হিন্দুসকলে বিশ্বাস কৰে যে, এই দিনা গঙ্গাস্নান কৰিলে দহবিধ বা দহ জন্মৰ পাপৰ পৰা পৰিত্ৰাণ পোৱা যায়। যিসকলে এই দিনা গঙ্গালৈ আহি স্নান কৰিব নোৱাৰে, তেওঁলোকে তেওঁলোকৰ বাসস্থানৰ নিকটবৰ্তী জলাশয় বা নদীত স্নান কৰে। কাৰণ, হিন্দু বিশ্বাসত এই দিনটোত সকলো জলাশয় বা নদী গঙ্গাতুল্য হয়। "গঙ্গাবতৰণ" হিন্দুধৰ্মৰ এক প্ৰাচীন উপাখ্যান। এই গল্পৰ নানা পাঠান্তৰ পোৱা যায়। বেদত আছে, স্বৰ্গৰ ৰজা ইন্দ্ৰ বৃত্ৰ নামেৰে এক অসুৰক বধ কৰে। তাৰ তেজ সোমৰসৰ ৰূপত পৃথিবীত বাগৰি পৰে। বৈষ্ণব মতে, এই গল্পত ইন্দ্ৰৰ পৰিবৰ্তে দেখা যায় তেওঁৰ পূৰ্বৰ সহকাৰী বিষ্ণুক। এই স্বৰ্গীয় তৰলৰ নাম, এই মতে, "বিষ্ণুপদী"।
df259817e5bd5267891d3d56e27704bee0d5566fb03e1cd6eafa512df5dbf2a7
উৱাৰী বটেশ্বৰ অঞ্চলত ২০০৬ চনত আৱিষ্কৃত পুৰাতাত্বিক নিদৰ্শন অনুযায়ী বাংলাদেশ অঞ্চলত জনবসতি গঢ়ি উঠিছিল প্ৰায় ৪ হাজাৰ বছৰ আগতে। ধাৰণা কৰা হয় যে দ্ৰাবিড় আৰু তিব্বতীয়-বাৰ্মী জনগোষ্ঠীয়ে এই ঠাইত সেই সময়ত বসতি স্থাপন কৰিছিল। পাছলৈ এই অঞ্চলটো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হয় আৰু স্থানীয় তথা বিদেশী শাসকৰ দ্বাৰা শাসিত হৈ থাকে। আৰ্যসকলৰ আগমনৰ পাছত খ্ৰীষ্টিয় চতুৰ্থ-ৰ পৰা ষষ্ঠ শতিকা পৰ্য্যন্ত গুপ্ত ৰাজবংশই বাংলা শাসন কৰিছিল। ইয়াৰ ঠিক পাছতেই শশাঙ্ক নামে এজন স্থানীয় ৰজাই স্বল্প কালৰ বাবে এই অঞ্চলৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। প্ৰায় এশ বছৰ জোৰা অৰাজকতাৰ (যাক মাৎসন্যায় পৰ্ব বুলি কোৱা হয়) শেষত বৌদ্ধ ধৰ্মাৱলম্বী পাল ৰাজবংশ বাংলাৰ অধিকাংশৰ অধিকাৰী হয়, আৰু পৰৱৰ্তী চাৰিশ বছৰ তেওঁলোকৰ অধীনত থাকে। ইয়াৰ পাছত হিন্দু ধৰ্মাৱলম্বী সেন ৰাজবংশ ক্ষমতালৈ আহে। দ্বাদশ শতিকাত চুফি ধৰ্মপ্ৰচাৰক সকলৰ দ্বাৰা বাংলাত ইছলাম ধৰ্মৰ প্ৰৱৰ্তন ঘটে। পৰবৰ্ত্তী কালত বিভিন্ন সময়ত সামৰিক অভিযান আৰু যুদ্ধ জয়ৰ সহায়েৰে মুচলিম শাসন প্ৰতিষ্ঠা হয়। ১২০৫ - ১২০৬ চনৰ সময়ছোৱাত ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খলজী নামেৰে এজন তুৰ্কী বংশোদ্ভূত সেনাপতিয়ে ৰাজা লক্ষ্মণ সেনক পৰাজিত কৰি সেন ৰাজবংশৰ পতন আনে। ষোড়শ শতিকাত মোগল সাম্ৰাজ্যৰ অধীনলৈ অহাৰ আগলৈ বাংলা স্থানীয় চুলতান আৰু ভূস্বামীসকলৰ দ্বাৰা শাসিত হয়। মোগল বিজয়ৰ সময়ত ঢাকাত বাংলাৰ ৰাজধানী স্থাপিত হয় আৰু এই ঠাইৰ নাম দিয়া হয় জাহাঙ্গীৰ নগৰ। বাংলালৈ ইউৰোপীয় ব্যবসায়ীৰ আগমন ঘটে পঞ্চদশ শতিকাৰ শেষভাগত। লাহে লাহে তেওঁলোকৰ প্ৰভাৱ বাঢ়িবলৈ লয়। ১৭৫৭ খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পলাশীৰ যুদ্ধত জয়লাভৰ সুযোগ লৈ বাংলাৰ শাসনক্ষমতা দখল কৰে। (Baxter, pp. 23—28)। ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পাছত বাংলাৰ শাসনভাৰ কোম্পানীৰ হাতৰপৰা ব্ৰিটিছ সাম্ৰাজ্যই প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছ ৰজাৰ নিয়ন্ত্ৰণাধীন একোজন ভাইছৰয়ে প্ৰশাসন পৰিচালনা কৰিছিল। (Baxter, pp.30—32) ঔপনিৱেশিক শাসনৰ আমোলত ভাৰত উপমহাদেশত বহুবাৰ ভয়াবহ দুৰ্ভিক্ষ দেখা দিয়ে। তাৰ মাজত ছিয়াত্তৰৰ মন্বন্তৰ নামে পৰিচিত ১৭৭০ খ্ৰীষ্টাব্দৰ দুৰ্ভিক্ষত আনুমানিক ৩০ লাখ লোকৰ মৃত্যু হয়। ১৯০৫ চনৰপৰা ১৯১১ খ্ৰীষ্টাব্দ পৰ্য্যন্ত বঙ্গভঙ্গৰ ফলশ্ৰুতিত পূৰ্ববঙ্গ আৰু অসমক সাঙুৰি এখন নতুন প্ৰদেশ গঠিত হৈছিল, যাৰ ৰাজধানী আছিল ঢাকা। (Baxter, pp. 39—40) কিন্তু কলিকতা-কেন্দ্ৰিক ৰাজনীতিবিদ আৰু বুদ্ধিজীবীৰ চৰম বিৰোধিতাৰ ফলত বঙ্গভঙ্গ ৰদ কৰা হয় ১৯১১ চনত। ভাৰত উপমহাদেশৰ দেশ বিভাজনৰ সময় ১৯৪৭ চনত ধৰ্মৰ ভিত্তিত আকৌ বাংলা প্ৰদেশখনক দুভাগ কৰা হয়। হিন্দু সংখ্যাগৰিষ্ঠ পশ্চিমবঙ্গ ভাৰতৰ অংশ হয়, আৰু মুছলিম সংখ্যাগৰিষ্ঠ পূৰ্ববঙ্গ পাকিস্তানৰ অংশ হয়। ১৯৫৪ চনত পূৰ্ববঙ্গৰ নাম সলনি কৰি পূব পাকিস্তান কৰা হয়। ১৯৫০ চনত ভূমি সংস্কাৰৰ অধীনত জমিদাৰী ব্যবস্থা তুলি দিয়া হয়। (Baxter, p. 72) কিন্তু পূব পাকিস্তানৰ অৰ্থনৈতিক আৰু জনসংখ্যাগত গুৰুত্ব সত্ত্বেও পাকিস্তান চৰকাৰ আৰু সেনাবাহিনী সম্পূৰ্ণৰূপে পশ্চিম পাকিস্তানীসকলৰ নিয়ন্ত্ৰণাধীন আছিল। ১৯৫২চনৰ ভাষা আন্দোলনত পাকিস্তানৰ দুই অংশৰ মাজৰ সংঘাত প্ৰথমে প্ৰকাশ পায়। (Baxter, pp. 62—63) পৰবৰ্তী দশক জুৰি কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক ও সাংস্কৃতিক বিষয়ত লোৱা কেবাটাও পদক্ষেপে পূব পাকিস্তানত বিক্ষোভৰ অগনি জ্বলাই তোলে।
c023f7f845024a026422f88d408785b836c1cdb6a47585403526d35abddca306
ঊনবিংশ শতাব্দীত ভাৰত আছিল ব্ৰিটিছ শাসনৰ অধীনত। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দেশীয় ৰাজ্যৰ শাসকসকলে ভিন্ন ভিন্ন নক্সাৰ একাধিক পতাকা ব্যৱহাৰ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ভাৰতৰ তদানীন্তন ব্ৰিটিছ শাসকবৰ্গই প্ৰথমে এখন ভাৰতীয় পতাকাৰ ধাৰণাটি উত্থাপন কৰে। পাশ্চাত্য হেৰাল্ডিক আদৰ্শত নিৰ্মিত ষ্টাৰ অফ ইণ্ডিয়া আছিল কানাডা আৰু অষ্ট্ৰেলিয়াসহ অন্যান্য ব্ৰিটিছ উপনিবেশৰ পতাকাসমূহৰ সমৰূপীয়। ব্লু আৰু ৰেড এনচাইন পতাকাদুখনৰ ঊৰ্ধ্বত-বাম কোয়াড্ৰ্যাণ্টত থাকিছিল ইউনিয়ন ফ্লেগ আৰু দক্ষিণাৰ্ধ্বৰ মাজভাগত ৰাজমুকুট-বেষ্টিত এটা ষ্টাৰ অফ ইণ্ডিয়া। ষ্টাৰটো যে "ভাৰতীয়ত্ব"-ৰ প্ৰকাশক, তাক বুজাবলৈ ৰাণী ভিক্টোৰিয়াই তেওঁৰ ভাৰতীয় প্ৰজাবৰ্গৰ প্ৰতিনিধিস্বৰূপ সাম্ৰাজ্যৰ সেৱাত "নাইট কম্যাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ইণ্ডিয়া" নামৰ এটা পদ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সকলো দেশীয় ৰাজ্য বিকৃত ৰেড এনচাইন উড্ডীয়নৰ অধিকাৰ সহ ইউৰোপীয় হেৰাল্ডিক মাপকাঠি-সম্মত প্ৰতীকসহ পতাকা লাভ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড এনচাইনে ব্ৰিটিছৰ ওচৰত ভাৰতৰ প্ৰতিনিধিৰৰূপে সৰ্বাপেক্ষা অধিক গুৰুত্ব অৰ্জন কৰিছিল। লিগ অফ নেশ্যনচ আৰু ১৯৪৫-৪৭ সময়ত জাতিসংঘই এই পতাকাকেই ভাৰতৰ পতাকা হিচাপে ব্যৱহাৰ কৰে। বিংশ শতাব্দীৰ প্ৰাৰম্ভণিতেব্ৰিটিচ ঔপনিবেশিক শাসনৰ কবলৰ পৰা মুক্তিলাভৰ উদ্দেশ্যে ভাৰতৰ স্বাধীনতা আন্দোলনে তাৰ গুৰুত্ব অৰ্জন কৰিবলৈ আৰম্ভ কৰিলত, এখন জাতীয় পতাকাৰ প্ৰয়োজনীয়তা বিশেষভাৱে অনুভূত হয়। ১৯০৪ চনত স্বামী বিবেকানন্দৰ আইৰিচ শিষ্যা ভগ্নী নিবেদিতাই ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ ৰূপদান কৰে। এই পতাকাখন ভগিনী নিবেদিতাৰ পতাকা নামেৰে অভিহিত হয়। ৰঙা চতুষ্কোণাকাৰ এই পতাকাৰ কেন্দ্ৰত আছিল বজ্ৰ আৰু শ্বেতপদ্ম সম্বলিত এটি হালধীয়া ইনচেট। পতাকাত "বন্দে মাতৰম" কথাষাৰ বঙালীত লিখা আছিল। ৰঙা ৰং আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক, হালধীয়া বিজয়ৰ আৰু শ্বেতপদ্ম পবিত্ৰতাৰ প্ৰতীক। ১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগ ভংগ বিৰোধী এখন সভাত প্ৰথম ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলিত হয়। এই পতাকা উত্তোলন কৰে শচীন্দ্ৰপ্ৰসাদ বসুৱে। পতাকাখন কলকাতা পতাকা নামেৰে পৰিচিত হয়। এই পতাকাৰ উপৰ, মধ্য আৰু তলত যথাক্ৰমে কমলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ তিনিটি আনুভূমিক ভাগ আছিল। উপৰৰ ভাগটোত আঠপাহ অৰ্ধ-প্ৰস্ফুটিত পদুম আৰু তলৰ ভাগত সূৰ্য আৰু অৰ্ধচন্দ্ৰ অঙ্কিত আছিল। মাজত দেৱনাগৰী হৰফত লিখিত আছিল "বন্দে মাতৰম" কথাষাৰ। ১৯০৭ চনৰ ২২ জুলাইত জাৰ্মানীৰ ষ্টাটগাৰ্ট চহৰত ভিখাজী কামাই অন্য এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে। এই পতাকাৰ ওপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং। সেউজীয়া ৰং আছিল ইছলামৰ প্ৰতীক আৰু গেৰুৱা হিন্দু আৰু বৌদ্ধধৰ্মৰ প্ৰতীক। সেউজীয়া ভাগটোৰ ওপৰত ব্ৰিটিছ ভাৰতৰ আঠখন প্ৰদেশৰ প্ৰতীক হিচাপে আঠপাহ পদুমৰ শাৰী অঙ্কিত আছিল। মাজৰ ভাগত দেৱনাগৰী হৰফত "বন্দে মাতৰম" কথাষাৰ লিখা আছিল আৰু তলৰ ভাগত পতাকাদণ্ডৰ ফালে অৰ্ধচন্দ্ৰ আৰু উত্তোলনৰভাগটোৰ ফালে এটা সূৰ্য অঙ্কিত আছিল। ভিখাজী কামা, বীৰ সাভাৰকৰ আৰু শ্যামজি কৃষ্ণ বৰ্মাই একেলগে এই পতাকাৰ নক্সা অঙ্কন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত বাৰ্লিন কমিটিত ভাৰতীয় বিপ্লৱীসকলে এই পতাকাখন গ্ৰহণ কৰে। সেই তেতিয়াৰ পৰাই ই বাৰ্লিন কমিটি পতাকা নামেৰে অভিহিত হয়। প্ৰথম বিশ্বযুদ্ধত মেছোপটেমিয়াত সক্ৰিয়ভাৱে এই পতাকা ব্যৱহৃত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গদৰ পাৰ্টিয়ে পতাকাখন কিছু সময়ৰ বাবে ভাৰতৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। ১৯১৭ চনত বাল গংগাধৰ তিলক আৰু এনী বেছাণ্ট পৰিচালিত হোমৰুল আন্দোলনে এখন নতুন পতাকাৰ জন্ম দিয়ে। এই পতাকাত পাঁচটা ৰঙা আৰু চাৰিটা সেউজীয়া আনুভূমিক ভাগ আছিল। উপৰৰ বাওঁফালে আয়তাকাৰ ইউনিয়ন পতাকা আছিল আন্দোলনৰ আকাঙ্ক্ষিত ডোমিনিয়ন মৰ্যাদা লাভৰ প্ৰতীক। ওপৰৰ উত্তোলিতভাগত আছিল বগা অৰ্ধচন্দ্ৰ আৰু তৰা।
99aec4b195d0e2fdfd95f334c19469c41b5ff2b9de54eba3bc9f016fec3cb448
এই আশ্ৰয় গৃহত থাকি হাজাৰ হাজাৰ শিশুৱে মানুহ হোৱাৰ পথ বিচাৰি পাইছিল। কেৱল শিশুৰ সেৱাৰ বাবেই তেওঁ দেশ-বিদেশত এনে কুৰিটা আশ্ৰয় গৃহ নিৰ্মাণ কৰিছিল। সেই আশ্ৰয় গৃহ বিলাকৰ যোগে তেওঁ শিশুৰ মংগল সাধন কৰিবলৈ সমৰ্থ হৈছিল। কুষ্ঠা, যক্ষ্মা, কলেৰা আৰু টাইফয়েড আদি ৰোগীৰ কাৰণে এবিধ চলন্ত ডিচপেনছাৰীৰ প্ৰচলন কৰিছিল। যাৰ ফলত অনেক ৰোগীয়ে সহজতে চিকিত্সা সেৱা লাভ কৰি আৰোগ্য হোৱাৰ পথ দেখিছিল। তেওঁ কুষ্ঠৰোগীসকলৰ কাৰণে বিশেষভাবে চিন্তা কৰিছিল। এই ৰোগীসকলক তেওঁ নিজে চিকিত্সা কৰাৰ উপৰিও ডাক্তৰ আচু নাৰ্ছ সকলে তেওঁক সহায় কৰিছিল। আৰোগ্য নোহোৱা কুষ্ঠ ৰোগীসকলক শান্তি নগৰ নামে ঠাই সংস্থাপনৰ ব্যৱস্থা কৰিছিল। শান্তি নগৰত ৩৪ একৰ মাটি আছিল, তেওঁ তাতে অনেক বাংলাদেশী ভগনীয়াকো স্বাস্থ্য-সেৱা আগবঢ়ায়। মাদাৰ টেৰেছাই বিশ্বত জনসাধাৰণৰ সেৱাৰ নামত প্ৰতিষ্ঠা কৰিছে ৬০খন স্কুল, ২০০ৰো অধিক চিকিৎসালয়, ৫৪খন কুষ্ঠাশ্ৰম, ২০ খনতকৈ বেছি অনাথ গৃহ, ৩৩৫খন চলন্ত ডিচপেনচাৰী, ২৮টা পৰিয়াল সেৱা কেন্দ্ৰ, এটা যক্ষ্মা ক্লিনিক, ৬খন দাঁন্তব্য চিকিৎসালয় আৰু অনেক কমাৰ্চিয়েল স্কুল। ২০০৮ চনলৈকে মুঠ ৪৩,০০০ কুষ্ঠৰোগী তেওঁৰ চিকিৎসালয়ত সেৱা লৈ আছে, ২০০০ শিশুৱে তেওঁৰ শিশুভৱনত আশ্ৰয় পাই আছে আৰু ১৬,০০,০০০ ৰোগীক তেওঁৰ ডিচপেনছাৰীয়ে চিকিত্সা কৰি আছে। মাদাৰ টেৰেছা মানৱ সেৱাৰ এনে শাখা-প্ৰশাখা পৃথিৱীৰ প্ৰায়বোৰ দেশতে আছে। তেওঁৰ সংস্থাত ২০০৮ চনলৈকে মুঠ ১৮০০ গৰাকী নাৰ্চ, ১৮৫ জন ব্ৰাদাৰ আৰু ৪০০ জন প্ৰশিক্ষাৰ্থী আছে। মিছনেৰী ব্ৰাদাৰ্ছ অৱ চেৰিটি আৰু ইণ্টাৰনেচনেল এছোচিয়েচন অৱ কোৱাৰ্কাছ অৱ মাদাৰ টেৰেছা তেওঁৰ সেৱা বাহিনী। ১৯৬৪ চনত পোপ পলে তেওঁক মানৱ সেৱা কৰিবলৈ আৰু অধিক সুবিধা কৰি দিলে। পোপ পলৰ গাড়ীখন মাদাৰ টেৰেছাই উপহাৰ হিচাপে লাভ কৰাত-সেই গাড়ীখনকে দেখুৱাই তেওঁ এখন লটাৰী খেল আৰম্ভ কৰিছিল। এই খেলৰ দ্বাৰা তেওঁৰ ৪৬,০০,০০০ টকা সংগ্ৰহ হোৱাত, সেই টকাৰে এটা কুষ্ঠকেন্দ্ৰ নিৰ্মাণ কৰিলে। মাদাৰ টেৰেছাৰ কাৰ্যালয় হৈছে কলিকতাৰ লোৱাৰ চাৰ্কুলাৰ বোৰ্ডত। তেওঁ জীৱনত অনেক খ্যাতি লাভ কৰিছে। মানৱ সেৱাৰ শ্ৰেষ্ঠ সন্মান মেগছেছে বঁটা লাভ কৰাৰ উপৰিও তেওঁ পোপ জন শান্তি বঁটা, গুড চামাৰিটান বঁটা আৰু জন কেনেডি আন্তৰ্জাতিক বঁটাও লাভ কৰিছে।
878d2cd6e24c4c228aef66266c7d1e82b185e1302cce309aabba788f51e7dfdc
এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিবলৈ ইন্দ্ৰই তেওঁৰ যাদুকৰী শক্তি ব্যৱহাৰ কৰি অৱশেষত ব্ৰহ্মাৰ ওচৰত উপস্থিত হয় আৰু অহল্যাৰ পাণি দাবী কৰে। অৱশ্যে, ঐশ্বৰিক ঋষি নাৰদে ব্ৰহ্মাক ব্যক্ত কৰে যে মহৰ্ষি গৌতমে ইন্দ্ৰতকৈয়ো আগত তিনিওখন ভুৱন পৰিভ্ৰমণ কৰিছে। নাৰদে বৰ্ণনা কৰে যে বেদৰ মতে ঋষি গৌতমে ইচ্ছা পূৰণ কৰা গাইগৰু সুৰভিয়ে সন্তান প্ৰসৱ কৰাৰ সময়ত দৈনিক পূজাৰ অংশ হিচাপে সুৰভিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি গাইজনীক তিনিও লোকৰ সমান মৰ্যাদা প্ৰদান কৰে। নাৰদৰ যুক্তিত ব্ৰহ্মা সন্মত হয় আৰু অহল্যা আৰু গৌতমৰ মাজত বিবাহ সম্পন্ন হয়, যাৰ ফলত ইন্দ্ৰ ঈৰ্ষা আৰু ক্ৰোধত ক'ব নোৱাৰা হয়। পদ্মপুৰাণত অহল্যাৰ প্ৰাৰম্ভিক জীৱন সম্পৰ্কে একেধৰণৰ, কিন্তু এক চমু বৰ্ণনা দেখা যায়। কাহিনীটোৰ সকলো সংস্কৰণতেই, মহৰ্ষি গৌতমৰে বিবাহ সম্পন্ন হোৱাৰ পিছত, অহল্যাই ঋষি গৌতমৰ আশ্ৰমত থাকিবলৈ লোৱা, আৰু সেই আশ্ৰমেই মহাকাব্যিক অভিশাপৰ স্থান হৈ পৰে বুলি উল্লেখ আছে। ৰামায়ণত লিপিবদ্ধ কৰা অনুসৰি ঋষি গৌতমৰ এই আশ্ৰম মিথিলাৰ ওচৰৰ এখন অৰণ্যত (মিথিলা-উপৱন) আছিল, য'ত দম্পতীহালে কেইবা বছৰ ধৰি একেলগে তপস্বীত্ব পালন কৰে। আন শাস্ত্ৰসমূহত আশ্ৰমখন সাধাৰণতে নদীৰ পাৰৰ ওচৰত বুলি উল্লেখ কৰিছে।
5b9a121399a08c79b0a817fd7b1b6e63e44d7b7c11169e87552ef74e70594c3e
এই বান্ধ নিৰ্মাণৰ প্ৰকৃত উদ্দেশ্য আছিল 40,000 cu ft/s (1,100 m3/s) পানী গঙ্গাৰ পৰা ভাগীৰথী-হুগলি নদীৰ পথেৰে ঘূৰাই দিয়া যাতে কলকাতা বন্দৰৰ নাব্যতা ৰক্ষিত হয়। সেই সময়ত শুকান বতৰত গঙ্গাত মুঠ পানী থাকিছিল 50,000 to 55,000 cu ft/s (1,400 to 1,600 m3/s)। ফলত পূৰ্ব পাকিস্তানৰ বাবে কেৱল মাত্ৰ 10,000 to 15,000 cu ft/s (280 to 420 m3/s) পানীহে অবশিষ্ট থাকে। পূৰ্ব পাকিস্তানে ইয়াত আপত্তি জনোৱাত বিবাদৰ সূত্ৰপাত হয়। ১৯৯৬ চনত এক ৩০ বছৰীয়া চুক্তি সাক্ষৰিত হয়। এই চুক্তিৰ চৰ্তসমূহ জটিল আছিল। তথাপি তাৰ সাৰমৰ্ম আছিল গঙ্গাত যদি 70,000 cu ft/s (2,000 m3/s)-ৰ কম পানী প্ৰবাহিত হয়, তেতিয়া ভাৰত আৰু বাংলাদেশে ৫০% কৰি অৰ্থাৎ 35,000 cu ft/s (990 m3/s) পানী প্ৰতি দহ-দিনৰ ব্যৱধানত পাব। কিন্তু পাছৰ বছৰতেই ফাৰাক্কাত জলপ্ৰবাহৰ পৰিমাণৰ ৰেকৰ্ড হ্ৰাস পায়। ফলত চুক্তিৰ চৰ্ত মনা অসম্ভব হৈ পৰে। ১৯৯৭ চনৰ মাৰ্চ মাহত বাংলাদেশত গঙ্গাৰ জলপ্ৰবাহৰ পৰিমাণ আছিল আটাইতকৈ কম - 6,500 cu ft/s (180 m3/s)।
b31ac2e907de6a638ce824ddcdfe827a1b2eca3dd20ef55b1ddceb4849455345
এই সকলোবোৰ গৱে‍ষণা, বিকাশ আৰু ৰূপাংকন আন আন লোকে কৰিছিল, যি সময়ত কালাম পূঁজি সংগ্ৰহ তথা আন সমলসমূহ সংগ্ৰহ কৰাত ব্যস্ত আছিল। । ডি আৰ ডি অ'ৰ নিৰ্দেশক হিচাপে কালামক বহু কৃতিত্ব দিয়া হয়। কিন্তু "এডভান্স চিষ্টেম লেবৰেটৰী"-ৰ প্ৰাক্তন নিৰ্দেশক আৰু অগ্নি ক্ষেপনাস্ত্ৰ প্ৰকল্পৰ প্ৰাক্তন নিৰ্দেশক ড॰ ৰাম নাৰায়ণ আগৰৱালহে অগ্নিৰ সফল ৰূপাংকনৰ মূল হোতা বুলি ভৱাৰ থল আছে। নিজৰ আত্মজীৱনী অগ্নিৰ ডেউকাত কালামে অগ্নিৰ সফলতাৰ কৃতিত্ব MIT-ত শিক্ষালাভ কৰা ড॰ আগৰৱাললৈ সমৰ্পিত কৰিছে। পৃথিৱী ক্ষেপনাস্ত্ৰৰ সফলতাৰ বাবে কৰ্ণেল ভি জে সুন্দৰম আৰু ত্ৰিশূল শ্ৰেণীৰ ক্ষেপনাস্ত্ৰৰ ক্ষেত্ৰত কমাণ্ডাৰ এচ আৰ মোহনৰ মূল কৃতিত্ব আছে বুলি কালামে উল্লেখ কৰিছে। ২০০৬ চনত জ্যেষ্ঠ সংবাদদাতা প্ৰফুল বিডৱায়ে "দি ডেইলি ষ্টাৰ" বাতৰি কাকতত লিখিছিল যে, ইন্দিৰা গান্ধীৰ ইচ্ছানুসৰী কালামৰ নিৰ্দেশনাত চলা প্ৰজেক্ট ভেলিয়েণ্ট আৰু প্ৰজেক্ট ডেভিল দুয়োটা কাৰ্যসূচীয়েই সম্পূৰ্ণ বিফল হৈছে। ১৯৮০ চনত ভাৰতীয় সেনা বাহিনীৰ হেঁচাত ভাৰত চৰকাৰে দুয়োটা প্ৰকল্পই বাতিল কৰিবলৈ বাধ্য হয়। বহুতো অসামৰিক সংগঠনে কুন্দনকুলম নিউক্লীয় শক্তি কেন্দ্ৰ (Kudankulam Nuclear Power Plant) সম্পৰ্কে কালামৰ স্থিতিকো সমালোচনা কৰে। তেখেতে এই কেন্দ্ৰ স্থাপন কৰাৰ পোষকতা কৰিছিল আৰু সেই বিষয়ে স্থানীয় লোকসকলৰ লগত কেতিয়াও আলোচনা কৰিব নিবিছাৰিছিল। এবাৰ কালামে এই প্ৰকল্পৰ ক্ষেত্ৰ পৰিদৰ্শন কৰোঁতে স্থানীয় ৰাইজৰ পৰা ভীষণ প্ৰতিবাদৰ সন্মুখীন হৈছিল। প্ৰতিবাদী সকলে কালামে নিশ্চিত কৰা এই কেন্দ্ৰৰ সুৰক্ষা উপকৰণ সমূহৰ বিশ্বাসযোগ্যতা নাই বুলি মতপোষণ কৰিছিল। আমেৰিকান নিৰাপত্তা কৰ্তৃপক্ষৰ দ্বাৰা তালাচী২০১১ চনৰ ২৯ চেপ্টেম্বৰত বিমানত উঠিবলৈ লওতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ জন এফ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালাম তালাচীৰ সন্মুখীন হৈছিল। আমেৰিকান নিয়ম অনুসৰি যিসকল লোকৰ তালাচীৰ পৰা অব্যাহতি দিয়া হয়, সেইসকল লোকৰ তালিকাত কালামৰ নাম নথকাৰ বাবে তেখেতৰ ব্যক্তিগত তালাচী লোৱা হৈছিল। এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিবলৈ যাওঁতেও আমেৰিকান কৰ্তৃপক্ষই তেখেতৰ তালাচী লয় আৰু তেখেতৰ জেকেট আৰু জোতা খুলিবলৈ বাধ্য কৰে, কিয়নো তেওঁলোকৰ নিয়ম মতে ব্যক্তিগত তালাচী লওতে এইকেইটা বস্তু পিন্ধি থাকিব নোৱাৰি। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ কৰ্মচাৰী সকলে কালাম ভাৰতৰ ৰাষ্ট্ৰপতি বুলি নি‍শ্চিত কৰাৰ পাছতো আমেৰিকান কৰ্তৃপক্ষই তেখেতক এই তালাচীৰ পৰা ৰেহাই দিবলৈ মান্তি নহয়। ২০১১ চনৰ ১৩ নৱেম্বৰলৈকে এই ঘটনাটো কাকো জনোৱা হোৱা নাছিল, কিন্তু এয়াক গম পোৱাৰ লগে লগে দেশজুৰি ইয়াৰ তুমুল প্ৰতিবাদ হয় আৰু ভাৰত চৰকাৰেও প্ৰতিক্ৰিয়ামূলক পদক্ষেপ লোৱাৰ ভাবুকি দিয়ে।
7ff4ef437a9e21166c9d5a9512faa3c25289c177e06f35c2399827c6bed24497
এওঁলোক মূলত হকাৰ, টেক্সি ড্ৰাইভাৰ, মেকানিক আৰু অন্যান্য ব্লু কলাৰ কামত নিযুক্ত। চহৰৰ বন্দৰ আৰু জাহাজনিৰ্মাণ শিল্প সুবিখ্যাত। মুম্বাই বন্দৰ ভাৰতৰ অন্যতম প্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ বন্দৰ। মাজত মুম্বাইৰ ধাৰাবিত এটা ক্ৰমবৰ্ধমান পুনৰ্নবীকৰণ শিল্প বিদ্যমান। ইয়াত চহৰৰ অন্যান্য অংশৰ পৰা সংগৃহীত বৰ্জ্য পদাৰ্থৰ পুনৰ্নবীকৰণ কৰা হয়। জিলাত প্ৰায় ১৫,০০০ চিঙ্গল-ৰুমৰ কাৰখানা আছে। ভাৰতৰ প্ৰধান টেলিভিশ্বন আৰু চেটেলাইট নেটৱৰ্ক আৰু দেশৰ প্ৰধান কেইবাটাও প্ৰকাশন সংস্থাৰ প্ৰধান কাৰ্যালয়ো মুম্বাইত অৱস্থিত। মুম্বাইতে অৱস্থিত বলিউড নামৰ হিন্দী চলচ্চিত্ৰ শিল্পকেন্দ্ৰটো ভাৰতৰ বৃহত্তম আৰু বিশ্বৰ অন্যতম বৃহৎ চলচ্চিত্ৰ প্ৰস্তুতকাৰক। ভাৰতৰ অন্যান্য অংশৰ দৰে মুম্বাইয়ো ১৯৯১ চনৰ অৰ্থনৈতিক উদাৰীকৰণৰ সুফল ভোগ কৰিছে। ১৯৯০-ৰ দশকৰ মাজভাগৰ পৰা চহৰৰ অৰ্থনৈতিক ব্যবস্থাত ব্যাপক উন্নতি সাধন হয়।
a89032dc08ce67ccc9f4f27e39aa51d0f9540adbb92e1a9d04daaf62811e93d8
এওঁলোকে একেলগে ভাৰতীয় জাতীয় পতাকা মিশ্বন হাতত লয়। ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত যঁতৰৰ ছবি সম্বলিত এখন পতাকা প্ৰস্তুত কৰে। কিন্তু গান্ধীজিয়ে ভাবিলে, এই পতাকাত ভাৰতৰ সকলো ধৰ্মসম্প্ৰদায়ৰ প্ৰতিফলন নঘটিল। মহাত্মা গান্ধীৰ ইচ্ছানুসাৰে এখন নতুন পতাকাৰ নক্সা তৈয়াৰ কৰা হয়। এই ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ ওপৰত আছিল বগা, মাজত সেউজীয়া আৰু তলত নীলা; যিবিলাক যথাক্ৰমে সংখ্যালঘু ধৰ্মসম্প্ৰদায়, মুছলমান আৰু হিন্দুৰ প্ৰতীক। তিনিটি ভাগ জুৰি অঁকা আছিল যঁতৰৰ ছবি। আনুভূমিক ত্ৰিৰঙ্গ ভাগ সম্বলিত এই পতাকা আয়াৰলেণ্ডৰ জাতীয় পতাকাৰ সমৰূপ আছিল। উল্লেখযোগ্য যে, আয়ালেণ্ডৰ পতাকা আৰু এখন প্ৰধান ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী আন্দোলনৰ প্ৰতীক। জাতীয় কংগ্ৰেছৰ আহমেদাবাদ অধিবেশনত উত্তোলিত হয়। যদিও ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিনে এইখনক চৰকাৰী পতাকা হিচাপে গ্ৰহণ নকৰিলে। স্বাধীনতা আন্দোলনত ইয়াৰ ব্যাপক প্ৰয়োগো দেখা নগ’ল। পতাকাৰ এই সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ বিষয়টোৱে অনেকৰ মনত অসন্তোষৰ সৃষ্টি কৰে। ১৯২৪ চনত কলকাতাত সৰ্বভাৰতীয় সংস্কৃত কংগ্ৰেছে হিন্দুধৰ্মৰ প্ৰতীকৰূপে গেৰুৱা ৰং আৰু বিষ্ণুৰ গদাৰ চিত্ৰ পতাকাত সংযোজনৰ প্ৰস্তাৱ দিয়ে। এই বছৰেই "হিন্দু যোগী আৰু সন্ন্যাসী আৰু মুছলমান ফকীৰ আৰু দৰবেশসকলৰ মাজত প্ৰচলিত ত্যাগৰ প্ৰতীক" গেৰু বা গিৰিমাটি ৰং পতাকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিখসকলে দাবী তোলে, হয় তেওঁলোকৰ প্ৰতিনিধিৰূপে হালধীয়া ৰং পতাকাত থাকিব লাগিব, নহয় পতাকাৰ পৰা ধৰ্মীয় প্ৰতীকতত্ত্ব বাদ দিব লাগিব। এই সকলো দাবীৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ লক্ষৰে ১৯৩১ চনৰ ২ এপ্ৰিলত কংগ্ৰেছ কৰ্মসমিতিয়ে সাতজনীয়া এখন পতাকা সমিতি গঠন কৰে। "পতাকাত ব্যৱহৃত তিনিটি ৰঙক লৈ আপত্তি আছে; কাৰণ এই ৰংসমূহ সাম্প্ৰদায়িক ভিত্তিত চিহ্নিত" – এই মৰ্মে এটি প্ৰস্তাৱ গৃহীত হয়। কিন্তু এই সকলো অপ্ৰাতিষ্ঠিনিক আলাপ-আলোচনাৰ ফল হয় অভাবনীয়। পতাকাত একমাত্ৰ ৰং হালধীয়াৰ সলনি কমলা ৰখা হয় আৰু ওপৰৰ দণ্ডৰ ফালে যঁতৰৰ চিত্ৰ অঁকা হয়। পতাকা সমিতিয়ে এই পতাকাৰ প্ৰস্তাৱ ৰাখিলেও, সমগ্ৰ প্ৰকল্পত সাম্প্ৰদায়িক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে বুলি মন কৰি, কংগ্ৰেছে এই পতাকা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। পাছত ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিঙ্গলি ভেংকয়া অঙ্কিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়। একেই সময়ত আজাদ হিন্দ ফৌজ ব্যৱহৃত পতাকাত "Azad Hind" (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে। স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হয়। গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰবৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে। তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাপে গৃহীত হ’ব।
README.md exists but content is empty.
Downloads last month
80