_id
stringlengths
64
64
text
stringlengths
355
6.65k
title
stringclasses
1 value
ae1fcad746074933e4c211e9af9684b38797315d770cf88b38fa4144805030f5
দিল্লী, ইতিহাসৰ বহু উত্থান পতনৰ নীৰৱ সাক্ষী এখন চহৰ, দেশৰ ৰাজনৈতিক স্পন্দন। আজিৰ পৰা এশ বছৰ পূৰ্বে এই মহানগৰ খনকে নতুন ৰূপত সজোৱাৰ বাবে চলিছিল। ব্ৰিটিছ শাসিত ভাৰতৰ ৰাজধানী হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত সষ্টম হৈ উঠিছিল ব্ৰিটিছ প্ৰশাসন। দেশৰ পূব কোণত থকা ৰাজধানী চহৰ কলিকতাৰ পৰা প্ৰশাসনৰ কাম কাজ চলোৱাত অসুবিধা হোৱাত দিল্লীলৈ ব্ৰিটিছ প্ৰশাসনে ৰাজধানী চহৰ স্থানান্তৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে। তাৰ কিছুদিনৰ পাছতে অৰ্থাত ১৫ ডিচেম্বৰ তাৰিখে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ উপস্থিতিত নতুন ৰাজধানী চহৰৰ আধাৰশিলা স্থাপন কৰা হয়। আৰম্ভ হয় নতুন দিল্লীৰ নক্সা অংকনৰ প্ৰক্ৰিয়া। নতুন ৰাজধানী চহৰখন নতুন স্থাপত্য শিল্পৰে উজলাই তোলাৰ দায়িত্ব দিয়া হয় মূলতঃ দুজন ব্যক্তিক ব্ৰিটিছ স্থপতিবিদ ছাৰ এডৱিন লুটিয়েনচ আৰু হাৰ্বাৰ্ট বেকাৰক। এওঁলোক দুগৰাকী ব্যক্তিৰ নেতৃত্বতেই চলে নতুন দিল্লীৰ আন্তঃগাঁঠনি তথা ইউৰোপীয় স্থাপত্য শিল্পৰ আধাৰত নতুন নতুন ভৱন তথা পথৰ নিৰ্মাণ কাম কাজ। মোগল স্থাপত্য কীৰ্তিৰে শুৱাই থকা দিল্লীত মূৰ দাঙি উঠে ব্ৰিটিছ ভাস্কৰ্য্য শিল্পৰ নতুন ৰূপ।
8ced0d7396d5cdd6a630a454dcf643046291da1e2b3b50386e2021a0b685b8aa
দিল্লীৰ যাতায়ত ব্যৱস্থাৰ আজি কিছু বছৰৰ ভিতৰতে এক যুগান্তকাৰী ৰূপত পৰিবৰ্তন ঘটিছে। বৰ্তমান বিভিন্ন আধুনিক প্ৰযুক্তিৰ যাতায়তৰ সা সুবিধাই দিল্লীক কৰি তুলিছে দেশৰ ভিতৰতে এক অনন্য মহানগৰ। পোনপ্ৰথমেই নাম লব লাগিব দিল্লী মেট্ৰ’ৰ, যিয়ে আধুনিক প্ৰযুক্তিৰে যাতায়ত আৰু যোগাযোগ মাধ্যমত এক বিপ্লব গঢ়ি তুলিছে। বিশ্বৰ বৃহত্তম মেট্ৰ’ৰেল নেটৱৰ্ক সমূহৰ অন্যতম এই মেট্ৰ সেৱাই ১৪২টা ষ্টেচন (৩৫টা ভূগৰ্ভস্থ) ৰ সৈতে দিল্লীৰ প্ৰায় ১৯০ কি.মি. পথত বিস্তৃত হৈ আছে। দিল্লী মেট্ৰ’ ৰেলসেৱাৰ কাম এতিয়াও চলি আছে। দিল্লীত যাতায়তৰ দ্বিতীয় প্ৰধান ব্যৱস্থাটোৱেই হ’ল দিল্লী পৰিবহণ সেৱাৰ বাচ। বিশ্বৰ বৃহত্তম চি এন জি বাচসেৱা হিচাবে জনাজাত এই সেৱাৰ দ্বাৰা গোটেই দিল্লীতে বৰ্তমান চলি আছে প্ৰায় পাঁচ হাজাৰ সুদৃশ্য সেউজৰঙী বাচ, লগতে প্ৰায় এহাজাৰ শীত তাপ নিয়ন্ত্ৰিত বাচ। যাতায়তৰ ক্ষেত্ৰত দিল্লীৰ উল্লেখযোগ্য পথ সমূহৰ ভিতৰত মুখ্য পথ দুটা হৈছে ‘ৰিং ৰোড’(Ring Road) – বহি: আৰু আন্তঃ ৰিং ৰোড। দুয়োটা ৰিং ৰোডৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৭ কিলোমিটাৰ। গোটেই দিল্লীখনকেই এক বৃত্তাকাৰ ৰূপত আৱৰি থকা এই দুটা পথ হৈছে দিল্লীৰ যাতায়ত ব্যৱস্থাৰ হৃদস্পন্দন স্বৰূপ। দিল্লীক সাধাৰণে ‘উৰণীয়াসেতুৰ মহানগৰী’ হিচাবেও আখ্যা দিয়া হয়,কাৰণ প্ৰায়বোৰ পথতেই অৱস্থিত বৃহতাকাৰৰ উৰণীয়া সেতুসমূহ। খোদ ৰিং ৰোডতেই আছে বিশখনতকৈও অধিক বিশালকায় উৰণীয়া সেতু।
c01a72d2910dd56f836c01521bdd1c3a9cc10e06ec9810557d54aba187cffcc9
দুৰ্গাপূজাৰ সময়ত গণেশ বিশেষভাবে পূজিত হয়। দুৰ্গামূৰ্তিৰ সোঁফাল অথবা কোনো কোনো ক্ষেত্ৰত বাওঁফালে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি পূজা কৰা হয়। ইয়াৰ বাদেও ভাদ্ৰ আৰু মাঘ মাহৰ শুক্লাচতুৰ্থী তিথিতো ঘৰোৱা গণেশ পূজা বাংলাত প্ৰচলিত। কোনো কোনো প্ৰতিষ্ঠানে এই সময়ত সৰ্বজনীন গণেশ পূজাৰো আয়োজন কৰেন। ইয়াৰ বাদেও কোনোৱে কোনোৱে কালীপূজাৰ দিনা লক্ষ্মী আৰু গণেশৰ পূজা কৰে। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অনুষ্ঠিত গণেশ চতুৰ্থী গণেশৰ নামত উৎসৰ্গিত বৃহত্তম উৎসৱ। প্ৰতিবছৰে আগষ্ট মাহৰ শেষত বা ছেপ্টেম্বৰৰ আৰম্ভণিতে হিন্দু পঞ্জিকা অনুসৰি ভাদ্ৰমাহৰ শুক্লাচতুৰ্থী তিথিত এই পূজা অনুষ্ঠিত হয়। দহদিন ধৰি মহাৰাষ্ট্ৰত এই উৎসৱ চলে। তাৰপাছত অনন্ত চতুৰ্দশীৰ দিনা প্ৰতিমা নিৰঞ্জনৰ মাধ্যমত উৎসৱৰ পৰিসমাপ্তি ঘটে। মহাৰাষ্ট্ৰত এই উৎসৱ পূৰ্বতে আছিল পাৰিবাৰিক গণ্ডীত সীমাবদ্ধ এক ক্ষুদ্ৰ পৰ্বমাত্ৰ। ১৮৯৩ চনত লোকমান্য বাল গঙ্গাধৰ তিলকে এই উৎসৱক মহাৰাষ্ট্ৰৰ এক জাতীয় উৎসৱত পৰিণত কৰে। তেখেতৰ উদ্দেশ্য আছিল হিন্দুধৰ্মৰ জাতিভেসকলৰ সংকীৰ্ণতা দূৰ কৰি ব্ৰিটিছ বিৰোধী জাতীয় আন্দোলনক সুসংবদ্ধ আৰু সংগঠিত কৰা।
9416b38054bfad7f2c00629a7fdfd90c08bc168f4bb6e27dc995e4e787c00e14
দেশৰ ভিতৰতে এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ হিচাবে নতুন দিল্লীৰ নিজস্ব এক পৰিচয় আছে। বুৰঞ্জীপ্ৰসিদ্ধ কনট প্লেচৰ পৰা আৰম্ভ কৰি নেহৰু প্লেচলৈ বিস্তৃত ৰূপত বিস্তাৰিত হৈ আছে দিল্লীৰ বেপাৰ বাণিজ্য। ৰাজধানী চহৰ দিল্লীৰ একেবাৰে সোঁমাজত অৱস্থিত এই কনট প্লেচৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ১৯২৯ চনত আৰু সমাপ্ত হৈছিল ১৯৩৩ চনত। ৰাণী ভিক্টোৰিয়াৰ তৃতীয় পুত্ৰ প্ৰিন্স আৰ্থাৰ তথা ডিউক অব কনাট(Duke of Connaught) ৰ নামেৰে নামকৰণ কৰা এই স্থানডোখৰৰ নাম পাছত "ৰাজীৱ চৌক" নামেৰে নামকৰণ কৰা হয় যদিও দিল্লীবাসীৰ বাবে ই চিপি (CP) হিচাবেহে অধিক জনপ্ৰিয়। এই কনট প্লেচতে ভূ গৰ্ভত অৱস্থিত "পালিকা বজাৰ" হৈছে এক জনপ্ৰিয় বেহা বেপাৰৰ কেন্দ্ৰ। দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সমূহক একেখন মঞ্চলৈ আনিবলৈ কৰা এক প্ৰয়াসৰ ফলস্বৰূপেই প্ৰতিষ্ঠিত হৈছিল দিল্লী হাট(Dilli Haat)। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কাৰুকাৰ্য্য খচিত সামগ্ৰী সমূহৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ প্ৰাণকেন্দ্ৰ দিল্লী হাট প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯৪ চনত। হস্তশিল্পৰ লগতে বিভিন্ন প্ৰদেশৰ পৰম্পৰাগত খাদ্য সম্ভাৰ দিল্লী হাটৰ অইন এক আকৰ্ষণীয় ব্যৱস্থা। আশী দশকৰ শেষৰ ফালে প্ৰতিষ্ঠিত নেহৰু প্লেচ হৈছে দক্ষিণ এচিয়াৰ ভিতৰতে এক উল্লেখযোগ্য তথ্য প্ৰযুক্তিৰ ব্যৱসায় কেন্দ্ৰ। বিভিন্ন তথ্য প্ৰযুক্তিমূলক কোম্পানীৰ কাৰ্য্যালয়ৰ লগতে প্ৰযুক্তিমূলক সা সামগ্ৰীৰ বেহা বেপাৰৰ কেন্দ্ৰ নেহৰু প্লেচ দিল্লীৰ ব্যস্ততম ব্যৱসায়িক স্থান সমূহৰ ভিতৰত অন্যতম।
e35125b7dd8d49e23bfd84cd5268716f2ba3f023be9443f68d47c997cb100fe6
দেশৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবেও নতুন দিল্লী চিৰ পৰিচিত। দেশৰ কেইবাখনো প্ৰখ্যাত শিক্ষানুষ্ঠানে শিক্ষাদানৰ দিশত নতুন দিল্লীক এছিয়া মহাদেশৰ ভিতৰতে এখন উন্নত চহৰ হিচাবে প্ৰতিষ্ঠিত কৰিছে। পোনপ্ৰথমেই নাম ল’ব পাৰি দুখন প্ৰখ্যাত বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১৯২২ চনত প্ৰতিষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ হৈছিল তিনিখন মহাবিদ্যালয়ৰ সহায়ত। ছেইণ্ট ষ্টিফেঞ্চ কলেজ, হিন্দু কলেজ আৰু ৰামজাচ কলেজ। দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বহু পূৰ্বেই এইকেইখন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল যদিও পাছত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত তিনিওখন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান বহুকেইখন প্ৰখ্যাত কলেজ এই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ বহু বিভাগে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিছে। দিল্লী স্কুল অব ইকনমিক্স, ফেকাল্টি অব মেনেজমেণ্ট ষ্টাডিজ, ফেকাল্টি অৱ ল’ ইত্যাদি বিভাগবোৰ শিক্ষাৰ সৰ্বোতকৃষ্ট বিভাগ সমূহৰ ভিতৰত অন্যতম। দেশৰ আন এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েও নতুন দিল্লীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। স্নাতকোত্তৰ শিক্ষাক মুখ্য উদ্দেশ্য লৈ এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিল ১৯৬৯ চনত। দেশৰ বিজ্ঞান আৰু সামাজিক গৱেষণাত উত্কৃষ্ট সেৱা আগবঢ়াই অহা এইখন শিক্ষানুষ্ঠানত বৰ্তমান দেশ বিদেশৰ প্ৰায় পাঁচ সহস্ৰাধিক মেধাবী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।
2389e1eddf805018f4cf1f219c81a8d361b28bc92a5f8ed98bc82bcaa0f22121
নানা অৰ্থনৈতিক সূচকত বিশ্বব্যাপী বাংলাদেশৰ অৱস্থান শেষৰ শাৰীত, কিন্তু বিশ্ব বেংকৰ ২০১০ চনৰ দেশভিত্তিক আলোচনাত এই দেশৰ শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ আৰু অন্যান্য সামাজিক অনুষ্ঠানত হোৱা উন্নয়নৰ প্ৰশংসা কৰা হৈছে। ১৯৯০ চনৰে পৰা প্ৰতিবছৰে বাংলাদেশত গড়ে ৫% বৃদ্ধি আৰু ২০০৫ চনৰ পৰা ৬% দেখা গৈছে। মধ্যবিত্ত আৰু উপভোক্তা শ্ৰেণীৰ প্ৰসাৰণ ঘটিছে। ২০০৫ চনৰ ডিচেম্বৰ মাহত গ'ল্ডমেন চেক্সৰ বিশ্লেষণত বাংলাদেশক 'অগ্ৰনী ১১ দেশ'ৰ মাজত ধৰা হৈছে। ২০০৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ বেংকে ৬.৫% মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিৰ পূৰ্বানুমান কৰে। বাংলাদেশৰ সামাজিক উন্নয়ন আৰু দাৰিদ্ৰ নিৰ্মূলত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে দেশত প্ৰচলিত ক্ষুদ্ৰ ঋণ কৰ্মসূচী। গ্ৰামীন বেংকৰ প্ৰতিষ্ঠাতা তথা শান্তিৰ ন'বেল বঁটা বিজয়ী মুহাম্মদ ইউনুছ ক্ষুদ্ৰ ঋণৰ প্ৰবক্তা। ১৯৯০ দশকৰ শেষভাগত গ্ৰামীণ বেংকৰ সদস্যসংখ্যা আছিল ২৩ লাখ; অন্যান্য সাহায্য সংস্থাৰো প্ৰায় ২৫ লাখ সদস্য আছে।
968b22ffd80d502bb98c7602cf2814b7e7f8d3a95c73c9f74efcaaa977e38303
নিউ জলপাইগুৰি ৰেল ষ্টেচনৰপৰা দাৰ্জিলিঙ হিমালয়ান ৰেলৱেৰ সহায়ত যাব পাৰি। এই যাত্ৰাৰ মুঠ দৈৰ্ঘ্য ৮৮কিঃমিঃ (৫৫ মাইল)। শিলিগুৰিৰ পৰা ৫৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদিও দাৰ্জিলিঙলৈ যোৱাৰ সুবিধা আছে। এই যাত্ৰাৰ মুঠ দৈৰ্ঘ্য ৭৭ কিঃমিঃ (৪৮ মাইল)। ১৯৯৯ চনত ইউনেস্কোয়ে, ৬০ ছেঃমিঃ (২৪ ইঞ্চি) প্ৰস্থৰ নেৰ'-গজ ৰেলৱে, দাৰ্জিলিঙ হিমালয়ান ৰেলৱেক বিশ্বৰ ঐতিৰ্য্যবাহী স্থান হিচাপে ঘোষণা কৰিছিল। বাছ-সেৱা আৰু ভাৰাত পোৱা বিভিন্ন যান-বাহনেও দাৰ্জিলিঙক শিলিগুৰিৰ লগত সংযোগ কৰিছে। ইয়াৰ উপৰিও দাৰ্জিলিঙৰ বাগডোগ্ৰা (Bagdogra), গেংটক আৰু কাঠমাণ্ডু তথা ইয়াৰ নিকটতম চহৰ কুৰচিয়ং (Kurseong) আৰু কালিমপং (Kalimpong)-ৰ সৈতেও সংযোগ আছে। তথাপিও বাৰিষাকালত ভূমিস্খলনৰ ফলত পথ আৰু ৰেলৱেৰ যোগাযোগত ব্যাঘাত জন্মে। ইয়াৰ নিকটতম বিমান বন্দৰটো হৈছে বাগডোগ্ৰা। ই দাৰ্জিলিঙৰ পৰা ৯০ কিঃমিঃ (৫৬ মাইল) দূৰত অৱস্থিত। সাধাৰণতে চহৰৰ ভিতৰত, ইয়াৰ বাসিন্দাসকলে খোজকাঢ়িয়ে যায়।
3c29da2537822ba7d8349ad8c62e1647de4f57ad0be564c83ea70282bc8bb22c
নিউক্লীয় বিজ্ঞানী হিচাপে কালামৰ লগত সাঙোৰ খোৱা বিতৰ্কটো হ’ল, "পোখৰাণ-২" পৰীক্ষণৰ ফলাফল সমূহৰ বিশ্বাসযোগ্য আৰু তথ্য ভিত্তিক প্ৰতিবেদনৰ অভাৱ। ক্ষেত্ৰ পৰীক্ষণৰ নিৰ্দেশক কে সনাথনমে ৰাজহুৱা ভাবে স্বীকাৰ কৰিছিল যে সেই তাপ-নিউক্লীয় বোমাৰ (thermonuclear bomb) পৰীক্ষণ প্ৰকৃততে বিফল হৈছিল, আৰু ভুল প্ৰতিবেদন দাখিল কৰাৰ বাবে কালামক সমালোচনা কৰিছিল। সি যি কি নহওক, কালামে এই সকলোবোৰ নুই কৰে আৰু এই পৰীক্ষণৰ লগত ওতপ্ৰোত ভাৱে জড়িত আৰ চিদাম্বৰমেও সনাথনমৰ দাবী ভুল বুলি সদৰি কৰে। কালামক ২১ খনৰ ভিতৰত ২০ খনৰ দয়াৰ আবেদন (mercy petition) বিবেচনা নকৰাকৈ পেলাই থোৱা বাবে সমালোচনা কৰা হয়। ভাৰতীয় সংবিধানৰ দফা ৭২ মতে সৰ্বোচ্চ আদালতত দোষী সাব্যস্ত হোৱা অপৰাধীক ৰাষ্ট্ৰপতিয়ে ক্ষমাদান, মৃত্যুদণ্ড স্থগিত বা বাতিলকৰণ বা আন দণ্ডলৈ সলনি কৰিব পাৰে। কালামে বিবেচনা কৰা একমাত্ৰ আবেদনখন আছিল ধৰ্ষণকাৰী ধনঞ্জয় চেটাৰ্জিৰ দয়া আবেদন নাকচ কৰা, যাক পাচত ফাঁচি দিয়া হয়। বাকী ২০ খনৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ আবেদন আছিল কাশ্মিৰী সন্ত্ৰাসবাদী আফজল গুৰুৰ, যাক ২০০১ চনৰ ভাৰতীয় সংসদ ভৱনৰ আক্ৰমণৰ ষড়যন্ত্ৰৰ অভিযোগত ভাৰতৰ উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ড বিহিছিল। ইয়াৰ ফলত ২০ অক্টোবৰ ২০০৬ ত ফাঁচি হবলগীয়া অপৰাধীজন, "মৃত্যুদণ্ডৰ অভিযুক্ত" (convict in a death row) হিচাবেই অপেক্ষা কৰিব লগা হয়। ভাৰতীয় নিউক্লীয় কাৰ্যসুচীত (Indian nuclear programme) নেতৃত্ব প্ৰদান কৰা স্বত্বেও কালামে বিভিন্ন স্তৰৰ পৰা বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈছিল। সমালোচক সকলে দাবী কৰে যে নিউক্লীয় বিজ্ঞানৰ ওপৰত কালামৰ কোনো কৃতিত্ব নাই (No Authority)। হোমি চেথনা নামৰ নিউক্লীয় বিজ্ঞানী আৰু ৰাসায়নিক অভিযন্তা এজনে দাবী কৰিছিল যে কালামে নিউক্লীয় বিজ্ঞান, আনকি নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ ওপৰতো কোনো প্ৰবন্ধ প্ৰকাশ কৰি পোৱা নাই। চেথনাই আৰু কৈছিল যে কালামে এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত হে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, যি নিউক্লীয় ইঞ্জিনিয়াৰিঙৰ পৰা সম্পূৰ্ণ পৃথক আৰু বিভিন্ন বিশ্ববিদ্যালয় সমূহে তেখেতক প্ৰদান কৰা সন্মানসমূহৰ নিউক্লীয় পদাৰ্থ বিদ্যাৰ লগত কোনো সম্পৰ্ক নাই। ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ যোগে দিয়া তেখেতৰ সাক্ষাৎকাৰত চেথনাই কয় যে ১৯৫০ চনত কালামে মহাবিদ্যালয়ৰ উচ্চ পদাৰ্থ বিজ্ঞানৰ বিষয় বিলাকত উত্তীৰ্ণ হ'ব পৰা নাছিল। চেথনাই "তেওঁ (কালামে) (নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ বি‍ষয়ে) কি জানে" বুলিও প্ৰশ্ন কৰে। হোমি চেথনাই কালামে ৰাষ্ট্ৰপতি পদৰ অপপ্ৰয়োগ কৰি নিজকে সৰ্বভাৰতীয় পৰ্যায়ৰ নিউক্লীয় বিজ্ঞানী সজাইছে বুলিও অভিযোগ আনে। চেথনাই লগতে এয়াও কয় যে, কালামে উপগ্ৰহ উৎক্ষেপণ যান প্ৰকল্পত ১৯৭০ চনৰ পৰা এৰ’স্পেচ অভিযন্তা হিচাপে আৰু ১৯৮০ চনৰ পৰা প্ৰকল্প নিৰ্দেশক হিচাপেহে কাম কৰিছিল আৰু তাৰ পাছত কালামক ডি আৰ ডি অ'লৈ বদলি কৰা হয়। বেংগালুৰুৰ সন্মানীয় ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে প্ৰয়োজনীয় বৈজ্ঞানিক দক্ষতাৰ প্ৰমাণ নথকাৰ বাবে কালামৰ আবেদন খাৰিজ কৰিছিল।
4a861c8f1eb92ed8a4574379f5f1cae1c82bec1409fb76c45aa0324794de578e
নিৰ্দেশিকাত আৰু কোৱা হৈছে যে, প্ৰতি চেণ্টিমিটাৰত ১৫০ডাল সূতাৰ বেছি বা কম থাকিব নোৱাৰে, প্ৰতি চিলাইতে চাৰিডালকৈ সূতা থাকিব আৰু এক বৰ্গফুট পতাকাৰ ওজন ২৫ গ্ৰামৰ বেছি বা কম হব নোৱাৰিব। উত্তৰ কৰ্ণাটকৰ ধৰৱাদ আৰু বাগালকোট জিলাৰ নিকটস্থ গদগৰৰ দুটা তাঁত গোটৰ পৰা বয়নকৃত খাদী অনা হয়। বৰ্তমানে হুবলি-ভিত্তিক কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ ভাৰতৰ একমাত্ৰ লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা উৎপাদন আৰু সৰবৰাহ গোট। খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যন (কেভিআইচি) ভাৰতত পতাকা উৎপাদন গোট স্থাপনৰ বাবে অনুমতি প্ৰদানৰ ক্ষমতাপ্ৰাপ্ত। তথাপি বিধিনিৰ্দেশ অগ্ৰাহ্য কৰা হলে বিএচআই অনুমতিপ্ৰাপ্ত সংস্থাৰ অনুমতি বাতিল কৰা হ'ব পাৰে। বোৱাৰ পাছত পতাকাৰ উপাদানসমূহ বিএচআই লেবৰেটৰীত পৰীক্ষাৰ বাবে পঠোৱা হয়। বিধিনিৰ্দেশ অনুযায়ী পৰীক্ষাৰ পাছত যদি উপাদানসমূহ উত্তীৰ্ণ হয়, তেতিয়াহ’লে সেইবিলাক ফেক্টৰীলৈ ঘূৰাই পঠোৱা হয়। তাৰপাছত নিৰ্ধাৰিত ৰঙত এইবিলাক ব্লিচ আৰু ডাই কৰা হয়। সোঁমাজৰ অশোক চক্ৰটো হয় স্ক্ৰিন প্ৰিণ্ট, অথবা ষ্টেনচিল বা যথাযথ বয়ন মাধ্যমত অংকিত কৰা হয়। অশোক চক্ৰ অত্যন্ত সযত্নে পতাকাত আঁকা হয়, যাতে পতাকাৰ দুই দিশৰ পৰাই তাক দেখা পোৱা যায়।
4a0e27b2481f4795c42f89c7cd83695394ca3bf439112f6298f022b03bb71e2c
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। মেজিক কামৰূপ জিলাত ভেলাঘৰ বুলিও কোৱা হয়। উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হ'ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীত সমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীত সমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়।
27c81ab7cc475f8482998af72d9306af2fd99a91e81466f14816a7daa0e50c28
পুৰাতাত্ত্বিক প্ৰমাণৰ পৰা জনা যায়, যমুনা এসময়ত ঘগ্গৰ নদীৰ উপনদী আছিল। প্ৰাচীনযুগত এই ঘগ্গৰ নদীখন বৈদিক সৰস্বতী নদী নামেৰে অভিহিত হৈছিল। সৰস্বতী, সিন্ধু আৰু ইয়াৰ পাঁচ উপনদী একত্ৰে সপ্তসিন্ধু নামেৰে পৰিচিত আছিল। উত্তৰ ভাৰতৰ এক ভূআন্দোলনৰ ফলত যমুনাই নিজৰ অস্তিত্ব পৰিবৰ্তন কৰি গঙ্গাৰ উপনদীত পৰিণত হয়। মানি লোৱা হয়, ইয়াৰ পাছৰ পৰাই সৰস্বতী নদী শুকায় যায়। ইয়াতে সিন্ধু সভ্যতাৰ একাধিক জনবসতিৰ পতন ঘটে আৰু থৰ মৰুভূমিৰ উদ্ভব ঘটে। ঘগ্গৰ-হাকৰা নদীত বৰ্তমানে কেবল বৰ্ষাকালতহে পানী থাকে। প্ৰাচীনকালৰ পৰাই গঙ্গা-যমুনা নদী অববাহিকা আৰু দোয়াব অঞ্চল এক ঐতিহ্যবাহী ক্ষমতাকেন্দ্ৰ বুলি বিবেচিত হৈ আহিছে। চালুক্য ৰাজ বিনয়াদিত্যৰ ৰাজত্বকাল পৰ্যন্ত প্ৰাচীন ভাৰতৰ একাধিক বৃহৎ সাম্ৰাজ্যৰ কেন্দ্ৰ আছিল এই অঞ্চল। এইবোৰৰ মাজত উল্লেখযোগ্য: মগধ (৬০০ খ্ৰীষ্টপূৰ্ব), মৌৰ্য সাম্ৰাজ্য (৩২১-১৮৫ খ্ৰীষ্টপূৰ্ব), শূঙ্গ সাম্ৰাজ্য (১৮৫-৭৩ খ্ৰীষ্টপূৰ্ব), কুষাণ সাম্ৰাজ্য (খ্ৰীষ্টিয় প্ৰথম-তৃতীয় শতাব্দী) আৰু গুপ্ত সাম্ৰাজ্য (২৮০-৫৫০ খ্ৰীষ্টাব্দ)। এই সাম্ৰাজ্যসমূহৰ কেইবাখনৰো ৰাজধানী আছিল মথুৰা অথবা পাটলিপুত্ৰ চহৰত। এই সকলো সাম্ৰাজ্যই গঙ্গা আৰু যমুনা নদীৰ তীৰতেই বিকাশলাভ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত (৩৭৫-৪১৫ খ্ৰীষ্টাব্দ) গঙ্গা আৰু যমুনাৰ মূৰ্তি সমগ্ৰ গুপ্ত সাম্ৰাজ্যত বিয়পি পৰে।
a58255dc94749da6dfe2a090a9b7647b14a579555fcfe0a3f02a4b28e46e2cb6
পেচাগতভাবে এওঁলোক আছিল জমিদাৰ, চৰকাৰী কৰ্মচাৰী বা শিক্ষক। ঊনবিংশ শতাব্দীত বঙালী সমাজৰ চিন্তাধাৰা আৰু ৰুচিৰ আমূল পৰিবৰ্তন ঘটাবলৈ সক্ষম হোৱা বঙ্গৰ নৱজাগৰণ নামেৰে পৰিচিত যুগান্তকাৰী সামাজিক আৰু সাংস্কৃতিক সংস্কাৰ আন্দোলনৰ পটভূমিও আছিল কলকাতা নগৰ। বঙ্গৰ নৱজাগৰণ মাত্ৰ বঙ্গৰে নহয়, সমগ্ৰ ভাৰতৰে পথ-প্ৰদৰ্শক আছিল। এই আন্দোলনৰ পুৰোধা-পুৰুষ আছিল ৰাজা ৰামমোহন ৰায় (১৭৭২–১৮৩৩), হেনৰি লুই ভিভিয়ান ডিৰোজিও (১৮০৯–১৮৩১), ৰামতনু লাহিড়ী (১৮১৩–১৮৯৮), মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ (১৮১৭–১৯০৫), ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (১৮২০–১৮৯১), বঙ্কিমচন্দ্ৰ চট্টোপধ্যায় (১৮৩৮–১৮৯৪), ৰামকৃষ্ণ পৰমহংস (১৮৩৬–১৮৮৬), কেশৱচন্দ্ৰ সেন (১৮৩৮–১৮৮৪), স্বামী বিবেকানন্দ (১৮৬৩–১৯০২) আদি ব্যক্তিসকল। ১৮৮৩ চনত সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে জাতীয় সন্মিলনৰ আয়োজন কৰে। এয়াই আছিল ঊনবিংশ শতাব্দীৰ ভাৰতৰ প্ৰথম ৰাজনৈতিক সন্মিলন। লাহে-লাহে কলকাতা ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হয়। বিশেষকৈ ভাৰতৰ স্বাধীনতাৰ বিপ্লৱী সংগঠনসমূহৰ অন্যতম প্ৰধান কেন্দ্ৰত পৰিণত হয় এইখন নগৰ। ১৯০৫ চনত সাম্প্ৰদায়িক ভিত্তিত হোৱা বঙ্গভঙ্গৰ প্ৰতিবাদত কলকাতাযত ব্যাপক গণবিক্ষোভ আৰু ব্ৰিটিছে উত্পাদন কৰা সামগ্ৰী বৰ্জনৰ (স্বদেশী আন্দোলন) আৰম্ভ হয়। এইবোৰ গণআন্দোলনৰ তীব্ৰতা আৰু দেশৰ পূবভাগত অৱস্থিত কলকাতাৰ পৰা দেশ শাসনৰ প্ৰশাসনিক অসুবিধাৰ কাৰণে ১৯১১ চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিলে। ১৯২৩ চনত কলকাতা পৌৰ আইনৰ অধীনত কলকাতাৰ স্থানীয় স্বায়ত্ত্বশাসন কৰ্তৃপক্ষ কলকাতা পৌৰ নিগম প্ৰতিষ্ঠিত হয়। ১৯২৪ চনত দেশবন্ধু চিত্তৰঞ্জন দাস এই পৌৰসভাৰ প্ৰথম মেয়ৰ নিৰ্বাচিত হয়। পিছলৈ সুভাষচন্দ্ৰ বসু, বিধানচন্দ্ৰ ৰায়, আবুল কাচেম ফজলুল হক আদি বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলেও এই পদ অলংকৃত কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধ চলি থকা অৱস্থাত জাপানী সেনাবাহিনীয়ে একাধিকবাৰ কলকাতা নগৰ আৰু বন্দৰত বোমাবৰ্ষণ কৰিছিল। কলকাতাযত জাপানী বোমাবৰ্ষণৰ প্ৰথম আৰু শেষ ঘটনাটো ঘটে যথাক্ৰমে ১৯৪২ চনৰ ২০ ডিচেম্বৰ আৰু ১৯৪৪ চনৰ ২৪ ডিচেম্বৰৰ দিনা। যুদ্ধৰ সময়ত কলকাতাত পঞ্চাশৰ দশকত হোৱা দুৰ্ভিক্ষত লক্ষাধিক মানুহ মৃত্যুমুখত পৰে। এই দুৰ্ভিক্ষৰ কাৰণ আছিল সামৰিক তাণ্ডব, প্ৰশাসনিক ব্যৰ্থতা আৰু প্ৰাকৃতিক দুৰ্যোগ। ১৯৪৬ চনত পৃথক মুচলন্ত ৰাষ্ট্ৰ পাকিস্তানৰ দাবীত এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষত কলকাতাযত চাৰি হাজাৰতকৈয়ো বেছি মানুহে প্ৰাণ হেৰুৱায়। ভাৰত বিভাজনৰ সময়তো বহু মানুহ সাম্প্ৰদায়িকতাৰ চিকাৰ হয়। বিভাজনৰ পিছত বহুসংখ্যক মুচলন্ত পূব পাকিস্তানলৈ (বৰ্তমানৰ বাংলাদেশ) গুচি যায় আৰু পূব পাকিস্তানৰ লক্ষ লক্ষ হিন্দু কলকাতালৈ গুচি আহে। ফলস্বৰূপে নগৰৰ জনসংখ্যাত এক বৃহৎ পৰিবৰ্তন দেখা যায়। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাত বাংলা প্ৰেচিডেঞ্চিৰ হিন্দুপ্ৰধান পশ্চিম অংশ পশ্চিমবংগ নামেৰে ভাৰতৰ এখন অঙ্গৰাজ্যত পৰিণত হয় আৰু কলকাতা এই ৰাজ্যৰ ৰাজধানীৰ মৰ্যাদা পায়। দেশ বিভাজনৰ বাবে উদ্ভৱ হোৱা তীব্ৰ অৰ্থনৈতিক সংকট আৰু পূব-পাকিস্তানৰ পৰা হোৱা হিন্দু শৰণাৰ্থীসকলৰ ব্যপক অনুপ্ৰবেশে নগৰীয় অৰ্থনীতিত প্ৰচণ্ড চাপৰ সৃষ্টি কৰে। এই সমস্যাৰ সৈতে যুঁজিবলৈ পশ্চমবঙ্গৰ তদানীন্তন মুখ্যমন্ত্ৰী ডাঃ বিধানচন্দ্ৰ ৰায়ে বহুতো কাৰ্যকৰী উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে। কলকাতাৰ জনসংখ্যাৰ হেঁচা কমাবলৈ তেতিয়াৰ ছবিশ পৰগণা জিলাত লৱণহ্ৰদ (বৰ্তমানৰ বিধাননগৰ) আৰু নদীয়া জিলাত কল্যাণী নামৰ দুখন পৰিকল্পিত নগৰ গঢ়ি তোলে। বিধানচন্দ্ৰ ৰায়ৰ মৃত্যুৰ পিছত ১৯৬০ আৰু ১৯৭০ৰ দশকত তীব্ৰ বিদ্যুত সংকট, ধৰ্মঘট আৰু ঊগ্ৰ নক্সালবাদী আন্দোলনৰ ফলত মহানগৰৰ পৰি-গাঁথনি গভীৰভাবে ক্ষতিগ্ৰস্ত হয় আৰু অৰ্থনৈতিক অৱক্ষয়ৰ সূত্ৰপাত ঘটে। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়তো পূব পাকিস্তানেৰ বহুসংখ্যক মানুহে শৰণাৰ্থী হিচাপে কলকাতাত আশ্ৰয় লোৱাত নগৰৰ অৰ্থনীতিৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হয়। ১৯৮০ৰ দশকৰ মাজভাগত কলকাতাক চেৰ পেলাই মুম্বাই ভাৰতৰ সৰ্বাধিক জনবহুল নগৰৰ খ্যাতি অৰ্জন কৰে। ১৯৯০ৰ দশকত ভাৰত চৰকাৰৰ অৰ্থনৈতিক উদাৰীকৰণ নীতিয়ে নগৰৰ হৃত গৌৰৱ উদ্ধাৰত বহু পৰিমাণে সহায়ক হয়।
de30413444ba64d3a117d124a1adf86345b057b2b515a6f84dddd82033f9bc8c
প্ৰাচীন ভাৰতীয় গণিতৰ ইতিহাসত আৰ্যভট্টৰ হাতত ধৰিয়ে ক্লাছিকেল যুগ (কিম্বা স্বৰ্ণযুগ) আৰম্ভ হয়। গণিত আৰু জ্যোতিৰ্বিদ্যা সংক্ৰান্ত আৰ্যভট্টৰ বিভিন্ন কাম মূলতঃ দুখন গ্ৰন্থত সংকলিত হৈছে বুলি জনা গৈছে। ইয়াৰ ভিতৰত ‘আৰ্যভট্টীয়’ও, এখন যিখন উদ্ধাৰ কৰা হৈছে। এইখন ৰচিত হৈছিল চাৰিটা খণ্ডত, মুঠ ১১৮টা স্তোত্ৰত। তেওঁৰ অন্য এক কৰ্ম হৈছে ‘আৰ্য-সিদ্ধান্ত’। আৰ্য-সিদ্ধান্তৰ কোনো পাণ্ডুলিপি বিচাৰি পোৱা নাযায়, কেৱল [বৰাহমিহিৰ], ব্ৰহ্মগুপ্ত আৰু প্ৰথম ভাস্কৰৰ কাৰ্যত ইয়াৰ উল্লেখ পোৱা যায়। আৰ্যভট্টই গ্ৰন্থ ৰচনা কৰিছিল পদবাচ্যৰ আকাৰত। মাত্ৰ ২৩ বছৰ বয়সত আৰ্যভট্টই এই গ্ৰন্থখন সংকলন কৰিছিল। ইয়াৰ চাৰিটা অধ্যায়‌ আছে দশগীতিকা, গণিতপাদ, কালক্ৰিয়াপদ আৰু গোলপাদ। দশগীতিকা, কালক্ৰিয়া আৰু গোলপাদ অধ্যায়ত গোলীয় ত্ৰিকোণমিতি আৰু জ্যোতিৰ্বিদ্যা সংক্ৰান্ত বিষয়াৱলী আছে।
14c70791f921daa5c44257646b8196de2e728c11756197aa3b16b1170ecd03c6
প্ৰাচীনভাৰতৰ ১৬খন জনপদৰ ভিতৰত অন্যতম অস্মক জনপদৰ (Assakajanapada) ৰাজধানী আছিল কৰিমনগৰৰ কোটিলিংগালা। এই অঞ্চলত প্ৰাক-সাতবাহন ৰজাসকলে প্ৰচলন কৰা মুদ্ৰা পোৱা গৈছে। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা চিমুখ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলে প্ৰৱৰ্তন কৰা তাম্ৰমুদ্ৰাও ইয়াত পোৱা গৈছে। খ্ৰীষ্টপুৰ্ব ২৩০ ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ সাতবাহন ৰাজবংশ এই অঞ্চলৰ প্ৰধান শক্তিলৈ পৰিণত হৈছিল। এই ৰাজবংশৰ উৎস আছিল গোদাবৰী আৰু কৃষ্ণা নদীৰ মধ্যৱৰ্তী অঞ্চল। [উদ্ধৃতিৰ প্ৰয়োজন]সাতবাহন সকলৰ পতনৰ পিছত বাকাটক (Vakataka), বিষ্ণুকুণ্ডিয়া (Vishnukundina), চালুক্য (Chalukya), ৰাষ্ট্ৰকুট (Rashtrakuta), আৰু পশ্চিম চালুক্য (Western Chalukya) ৰাজবংশই এই অঞ্চল শাসন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]১০৮৩ ৰ পৰা ১৩১৩ খ্ৰীষ্টাব্দ পৰ্যন্ত তেলঙ্গানা অঞ্চল শাসন কৰে কাকতীয় ৰাজবংশ।
d901e64f09a386893f7e819f9733770f0d051c77b81c347e958c244042888a10
বঙালী ভাষা আৰু সাহিত্যৰ ঐতিহ্য হাজাৰ বছৰ পুৰণি। ৭ম শতাব্দীত লিখিত বৌদ্ধ দোহাৰ সঙ্কলন চৰ্যাপদ বঙালী ভাষাৰ প্ৰাচীনতম নিদৰ্শন হিচাবে স্বীকৃত। মধ্যযুগত বঙালী ভাষাত কাব্য, লোকগীতি, আৰু পালাগানৰ প্ৰচলন ঘটে। উনবিংশ আৰু বিংশ শতাব্দীত বঙালী কাব্য আৰু গদ্যসাহিত্যই ব্যাপক বিকাশ লাভ কৰে। ন'বেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলাম আদিয়ে বঙালী ভাষা সাহিত্যকে সমৃদ্ধ কৰি তোলে। বাংলাৰ লোক সাহিত্যও সমৃদ্ধ; মৈমনসিংহ গীতিকাত ইয়াৰ পৰিচয় পোৱা যায়। বাংলাদেশৰ সঙ্গীত বাণীপ্ৰধান; যন্ত্ৰসঙ্গীতৰ ভূমিকা সামান্য। গ্ৰাম্য বাংলাদেশৰ লোক সংগীতৰ মাজত বাউল গান, জাৰি, সাৰি /ছাৰি, ভাৱাইয়া, ভাটিয়ালি, মুৰ্ছিদী, গম্ভীৰা, কবিগান ইত্যাদি উল্লেখযোগ্য। গ্ৰামাঞ্চলৰ এই লোকসঙ্গীতৰ লগত বাদ্যযন্ত্ৰ হিচাবে মূলত: একতাৰা, দোতাৰা, ঢোল, বাঁহী ইত্যাদি ব্যবহাৰ কৰা হয়। নৃত্যশিল্পৰ কেবাটাও শৈলী বাংলাদেশত প্ৰচলিত --উপজাতীয় নৃত্য, লোকজ নৃত্য, শাস্ত্ৰীয় নৃত্য, ইত্যাদি। দেশৰ গ্ৰামাঞ্চলত যাত্ৰাগানৰ (পালাগান) প্ৰচলন আছে। ঢাকা-কেন্দ্ৰিক চলচ্চিত্ৰ শিল্প উদ্যোগৰপৰা প্ৰতি বছৰে প্ৰায় ৮০-ৰপৰা ১০০খন বঙালী চলচ্চিত্ৰ নিৰ্মিত হয়। বাংলাদেশত মুঠতে প্ৰায় ২০০-খন দৈনিক বাতৰি কাকত আৰু ১৮০০-খনতকৈও বেছি সাপ্তাহিক বা মাহেকীয়া পত্ৰিকা প্ৰকাশিত হয়।
ce0d461c21dfb8bcbf960851260a82f605fb4fdb2e3347f49ea7713b490170a3
বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে।
8f2859d323b118e04570be6eec8ac647cbc832abf4683670621ba0cb5c3af445
বাংলাদশ ৮-টা প্ৰশাসনিক ভাগত বিভক্ত- ঢাকা বিভাগ, চট্টগ্ৰাম বিভাগ, ৰাজশাহী বিভাগ, বৰিশাল বিভাগ, খুলনা বিভাগ, ছিলেট বিভাগ, ময়মনসিংহ বিভাগ আৰু ৰংপুৰ বিভাগ। প্ৰতিটো ভাগতে কেইবাখনকৈ জিলা আছে। বাংলাদেশৰ মুঠ জিলাৰ ৬৪-খন। জিলাৰ ক্ষুদ্ৰতৰ প্ৰশাসনিক অঞ্চলক উপজিলা বা থানা বোলা হয়। দেশখনত উপজিলা আৰু থানা আছে ৫০৭-খন। এই থানা কেইখন ৪,৪৮৪-খন ইউনিয়ন, ৫৯,৯৯০-খন মৌজা, আৰু ৮৭,৩১৯-খন গাঁৱত বিভক্ত। বিভাগ, জিলা, আৰু থানা পৰ্যায়ৰ প্ৰশাসনত কোনো নিৰ্বাচিত কৰ্মকৰ্তা নাই; চৰকাৰৰ দ্বাৰা নিযুক্ত প্ৰশাসকৰ অধীণত এই অঞ্চলসমূহ পৰিচালিত হয়। ইউনিয়ন, বা পৌৰসভাৰ ৱাৰ্ডত জনগনৰ নিৰ্বাচিত প্ৰতিনিধি থাকে। ১৯৯৭ চনৰ আইন অনুসৰি ইউনিয়ন পৰ্যায়ত মহিলাৰ বাবে ২৫% আসন সংৰক্ষণ কৰা হয়। ইয়াৰোপৰি চহৰ কেইখনত মুঠ ১২-খন কৰ্পোৰেছন (ঢাকা উত্তৰ,ঢাকা দক্ষিণ, চট্টগ্ৰাম, খুলনা, ৰাজশাহী, ছিলেট, বৰিশাল,ময়মনসিংহ,কুমিল্লা, নৰানগঞ্জ,গাজীপু,ৰংপুৰ), আৰু ২২৩-খন পৌৰসভা আছে।
8bf9792babe9604732e47437947ff8a649b72801b0fdb2329a47ab573ab7cf3a
বাংলাদেশত সংসদীয় গণতন্ত্ৰ ব্যৱস্থাৰ চৰকাৰ পদ্ধতি প্ৰচলিত। ৰাষ্ট্ৰপতি এই দেশৰ ৰাষ্ট্ৰপ্ৰধান, কিন্তু তেওঁৰ ক্ষমতা সীমিত। মূল ক্ষমতাৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী, যিয়ে চৰকাৰ প্ৰধান হিচাবে দায়িত্ব পালন কৰে। জাতীয় সংসদৰ সদস্যৰ ভোটত প্ৰতি পাঁচ বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। সংসদ নিৰ্বাচনৰ সময়ত কেয়াৰটেকাৰ চৰকাৰৰ অধীনত ৰাষ্ট্ৰপতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৯৯৬ চনত গৃহীত এই কেয়াৰটেকাৰ বা তত্ত্বাৱধায়ক চৰকাৰ ব্যবস্থাত সংসদীয় নিৰ্বাচনৰ সময়ত চৰকাৰী ক্ষমতা নিয়ন্ত্ৰিত হয় নিৰ্দলীয় নিৰপেক্ষ উপদেষ্টা মণ্ডলীৰ মাধ্যমত। সৰ্বশেষ অৱসৰপ্ৰাপ্ত প্ৰধান বিচাৰপতিয়ে প্ৰধান উপদেষ্টা হিচাবে দায়িত্ব পালন কৰে।
8ca4dc2a1dff822f00b66fcc71af41c3b74c3a7b2e0d2f0ec3cf78439d9139be
বাংলাদেশৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশৰ ৪১% লোক কৃষিজীৱী। বাকিখিনি শিল্প ও সেবা খাতত জড়িত। দেশখনৰ প্ৰধান কৃষিজ উৎপাদনৰ মাজত আছে ধান, পাট আৰু চাহ। দেশখনত আউশ, আমন, বোৰো আৰু ইৰি ধান উৎপাদন কৰা। পাট, বাংলাদেশত যাক সোণালী আঁহ বোলা হয়, এটা সময়ত বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ প্ৰধান উৎস আছিল। বৰ্তমান বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ অধিকাংশই আহে ৰপ্তানীকৃত তৈয়াৰী পোছাকৰ জৰিয়তে, আৰু অৰ্জিত মুদ্ৰাৰ অধিকাংশই ব্যয় হয় এই উদ্যাগৰ বাবে কেঁচামাল আমদানী কৰাত। সস্তা শ্ৰম আৰু অন্যান্য সুবিধাৰ কাৰণে ১৯৮০ৰ দশকৰপৰা এই উদ্যোগত যথেষ্ট বৈদেশিক আৰু স্থানীয় বিনিয়োগ হৈছে।
712f18bbd54984a07522a64eeefb54ae1f09710dd4231608e24a2db93f27951e
বাংলাদেশৰ উচ্চতম স্থান দেশৰ দক্ষিণ-পূৰ্বাঞ্চল পাৰ্বত্য চট্টগ্ৰামৰ মোডক পৰ্বত, যাৰ উচ্চতা ১,০৫২ মিটাৰ (৩,৪৫১ ফুট)। বঙ্গোপসাগৰ উপকূলৰ বহু অংশ জুৰি সুন্দৰবন অৱস্থিত, যি বিশ্বৰ অন্যতম বৃহত্তম মেনগ্ৰোভ বন। ইয়াত আছে ৰয়েল বেঙ্গল বাঘ, চিত্ৰল হৰিণ সহ নানা ধৰণৰ প্ৰাণীৰ বসবাস। বাংলাদেশৰ জলবায়ু নাতিশীতোষ্ণ। জলবায়ুৰ ওপৰত ভিত্তি কৰি ৬টি ঋতুত ভাগ কৰা হৈছে-গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। বছৰেকীয়া বৃষ্টিপাতৰ মাত্ৰা ১৫০০-২৫০০মি.মি./৬০-১০০ইঞ্চি; পূৰ্ব সীমান্তত এই মাত্ৰা ৩৭৫০ মি.মি./১৫০ইঞ্চিৰ বেছি। বাংলাদেশৰ গড় তাপমাত্ৰা ২৫o চেলচিয়াচ। বাংলাদেশৰ মাজেদি কৰ্কটক্ৰান্তি অতিক্ৰম কৰিছে। সেই কাৰণে এই অঞ্চলত নিৰক্ষ ৰেখীয় প্ৰভাৱ দেখা যায়। নৱেম্বৰৰ পৰা মাৰ্চ পৰ্যন্ত অলপ শীত অনুভূত হয়। মাৰ্চৰ পৰা জুন মাহ পৰ্যন্ত গ্ৰীষ্ম কাল চলে।
2c8f8bbdec0cd4a87420fc17d83254abdc030d65fb8826e3854f6f84d7d41070
বাংলাদেশৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৪ কোটি ৯০লাখ। জনমূৰি হিচাপত বাংলাদেশ বিশ্বৰ ৮-ম বৃহত্তম দেশ। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১০৫৫ জন, যিটো পৃথিৱীৰ ভিতৰতে সৰ্বাধিক (কিছু দ্বীপ আৰু নগৰ ৰাষ্ট্ৰ বাদে)। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৩৭% (২০১১ চনৰ হিচাব)। বাংলাদেশত নাৰী আৰু পুৰুষৰ ১০০:১০২। দেশৰ অধিকাংশ মানুহ শিশু আৰু তৰুণ (০–২৫ বছৰ বয়সীয়া লোক মুঠ জনসংখ্যাৰ ৬০%, ৬৫ বছৰৰ ওপৰৰ লোক মাত্ৰ ৩%)। পুৰুষ আৰু মহিলাৰ গড় আয়ু ৭৩.২ বছৰ। জাতিগতভাবে বাংলাদেশৰ ৯৮% মানুহ বঙালী। বাকী ২% মানুহ বিহাৰী বংশোদ্ভুত, অথবা বিভিন্ন উপজাতিৰ সদস্য। পাৰ্বত্য চট্টগ্ৰাম এলেকাত ১৩-টা বিভিন্ন উপজাতি আছে। তেওঁলোকৰ মাজত চাকমা উপজাতি প্ৰধান। পাৰ্বত্য চট্টগ্ৰামৰ বাহিৰৰ উপজাতি সমূহৰ মাজত গাৰো আৰু চাওঁতাল উল্লেখযোগ্য।
99f622997538d6c7ed090cb4db7ab071665e1aa7ceb5b9744d0c89f0a260e756
বান্দ্ৰা আৰু বৰলীৰ নলাদুটাৰ দৈৰ্ঘ্য যথাক্ৰমে ৩.৪ কিলোমিটাৰ আৰু ৩.৭ কিলোমিটাৰ। বৃহন্মুম্বাই ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্ট (বিইএচটি) দ্বীপচহৰত বিদ্যুৎ সৰবৰাহৰ দায়িত্বত আছে। অন্যহাতে উপনগৰ অঞ্চলত এই দায়িত্ব পালন কৰে ৰিলায়েন্স এনাৰ্জি, টাটা পাৱাৰ আৰু মহাবিতৰণ (মহাৰাষ্ট্ৰ ৰাজ্য বিদ্যুৎ বণ্টন কোম্পানি লিমিটেড)। মুম্বাইত উৎপাদন ক্ষমতাতকৈ চহৰৰ বিদ্যুতৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে। মুম্বাইৰ বৃহত্তম টেলিফোন পৰিসেৱা প্ৰদাতা চৰকাৰী সংস্থা এমটিএনএল। ২০০০ চন পৰ্য্যন্ত এই সংস্থাই ফিক্সড লাইন, চেলুলাৰ ফোন আৰু মোবাইল ওৱাৰলেচ লোকেল লুপ লাইনত একচেটিয়া ক্ষমতা ভোগ কৰিছিল। চেলুলাৰ ফোন ইয়াত ব্যাপক হাৰত ব্যবহৃত হয়।
5561cd9359bcaccec4b5432f494787ca36c695cf223a86fc6468b3d9dba6219e
বি. আৰ আম্বেদকাৰে শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি আহি বৰোদাৰ সৈনিক বিভাগৰ ছেক্ৰেটৰী পদত নিযুক্তি পালে। কিন্তু উচ্চ হিন্দুসকলে নীচ জাতিকুলৰ বুলি এইবাৰো এই বিদেশত শিক্ষিত লোকজনৰ শিক্ষাৰ অকণো আদৰ আৰু সহানুভূতি নেদেখুৱালে, কাৰ্যালয়ত তেওঁক এডোখৰ চুকত বহিবলৈ দিলে আৰু কোঠাটোত আগৰে পৰা পাৰি থোৱা কাৰ্পেটখন আঁতৰাই পেলাইছিল। অফিচৰ কাগজ পত্ৰ দুৰৰে পৰা দলিয়াহে তেওঁলৈ দিয়া হৈছিল। তেওঁ হিন্দু সমাজৰ এই বৈষম্য আঁতৰ কৰিবলৈ সংকল্প লৈ বোম্বাইত এডাইচাৰ টু ডিলাৰ এণ্ড চেয়াৰচ নামে এখন ফাৰ্ম আৰম্ভ কৰিলে। তাৰপিছতে তেওঁ চিডেন হাম বাণিজ্য কলেজত অস্থায়ী ভাৱে ৰাজনীতি-অৰ্থনীতি প্ৰৱক্তা পদত নিযুক্তি পালে। ইয়াতো তেওঁ জাত-কুলৰ কু-প্ৰভাৱত তিষ্টিব নোৱাৰিলে। ১৯১৭ খৃষ্টাব্দত তেওঁ অস্পৃশ্য সকলৰ হৈ টাইথ বেৰ কমিছনৰ আগত সাক্ষ্য দিছিল, ১৯১৮ খৃষ্টাব্দত নাগপুৰত অস্পৃশ্য সন্মিলন পাতিছিল। ইয়াৰ পিছতে তেওঁ অসমাপ্ত শিক্ষা শেষ কৰিবলৈ দৃঢ় সংকল্প লৈ লণ্ডনলৈ পুনৰ যাত্ৰা কৰে। ১৯২১ খৃষ্টাব্দত প্ৰভিন্সিয়েল দি চেট্ৰেলাইজেচন অৱ ইম্পোৰিয়েল ফাইনেন্স ইন ব্ৰিটিছ ইণ্ডিয়া শীৰ্ষক অধ্যয়নৰ বাবে এম. এছ. ছি. ডিগ্ৰী লাভ কৰিলে। ১৯২৩ খৃষ্টাব্দত তেওঁ ডি. এচ. চি ডিগ্ৰীও সমাপ্ত কৰিলে। তাৰ পিছত তেওঁ এল. এল ডি, আৰু ডি লিট উপাধি আৰ্জন কৰিলে।
eafd3ddbc973f465168d3ad9592c311bac79ad6b52e48c11e38992071c2bf00e
বি.আৰ. আম্বেদকাৰৰ প্ৰাইমেৰী শিক্ষা নিজৰ জন্মস্থানতেই আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ পিতাকে বোম্বাই নগৰীলৈ লৈ গল মাধ্যমিক শিক্ষা লাভৰ কাৰণে। বোম্বাই এল ফিন ষ্টোন নামৰ হাইস্কুল খনত নাম ভৰ্তি কৰালে। কিন্তু বিদ্যালয়ত নীচ জাতিকুলৰ হোৱা বাবে ঘৃণা-অবহেলাৰ পাত্ৰ হৈছিল। তেওঁৰ সংস্কৃত শিকাৰ আগ্ৰহ আছিল যদিও শিক্ষকে তেওঁক সেই অনুমতি প্ৰদান নকৰিলে বৰঞ্চ তেওঁক পাৰ্চীহে পঢ়িবলৈ অনুমতি দিছিল। পিছত তেওঁ সংস্কৃতৰ শিক্ষা নিজে লৈছিল। ইংৰাজীৰ জ্ঞান লাভিছিল পিতাকৰ পৰা। তেওঁৰ এনেকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ বোম্বাই এলফিনষ্টোন কলেজত ভৰ্তি হয়। ১৯১২ খৃষ্টাব্দত তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হল। ইয়াৰ পিছত তেওঁ কিছুদিন চাকৰি কৰি পৰিয়ালটিক তনকীয়াল কৰি ১৯১৩ খৃষ্টাব্দত তেওঁ আমেৰিকাৰ নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ বুৰঞ্জী, নৃতত্ত্ব, সমাজবিদ্যা, মনোবিজ্ঞান,অৰ্থনীতি আদি বিষয়ত অধ্যয়ন কৰিছিল। ১৯১৫ খৃষ্টাব্দত তেওঁ এনচিয়েণ্ট ইণ্ডিয়ান কমাৰ্ছ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তাতে তেওঁ লণ্ডন স্কুল অৱ ইকন'মিক্স এণ্ড পলিটিকেল চায়েন্স নামৰ বিদ্যালয়ত ভৰ্তি হল আৰু ডি. এছ. চি. ডিগ্ৰী লাভৰ বাবে আৰু গ্ৰেইজইনত আইন বিষয়ৰ ডিগ্ৰী লাভৰ উদ্দেশ্যে অধ্যয়নত লাগে।
11a8dba2a550ca38225f2f0f8a8413ec8095957c69d49b4411ee46558b46a15d
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল। দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে। ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈ আছিল। নৰকাসুৰৰ ৰাজ্যৰ সীমা পূ্ৱে ডিক্ৰঙৰ (বৰ্তমান বিহপুৰীয়া উত্তৰ অসম) পৰা পশ্চিমে কৰতোৱালৈকে বিস্তৃত আছিল। নৰকৰ অত্যাচাৰ আৰু দৌৰাত্ম্য বাঢ়ি অহাত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰে আৰু পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে। ভগদত্তৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ বজ্ৰদত্ত কামৰূপৰ ৰজা হয়। নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ বংশতেই ১৮ পুৰুষলৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পোৱা যায়। প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাঁও), মণিপুৰ, হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা পোৱা যায়। পুৰণি অসমত ৰাজত্ব কৰা অন্যান্য ৰজাৰ ভিতৰত কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক, শোণিতপুৰৰ বাণৰজা, নৰশংকৰ বা নাগাক্ষ ৰজা, দেৱেশ্বৰ অন্যতম। কিন্তু উজনি খণ্ডৰ সবিশেষ বিৱৰণ পোৱা নাযায়। উজনিৰ সৌমাৰপীঠত আহোম সকল অহাৰ আগত মৰাণ আৰু বৰাহী সকল বাস কৰিছিল বুলি আহোম সকলৰ বুৰঞ্জীৰ যোগেদিয়ে তথ্য পোৱা যায় কিন্তু কামৰূপ ৰাজ্যৰ অংগ হিচাপে কোনোধৰণৰ বিৱৰণ পোৱা নাযায়। অসমৰ প্ৰাচীন নাম অসম নাছিল। মহাভাৰতত এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ বুলি উল্লেখ আছে[উদ্ধৃতিৰ প্ৰয়োজন]। প্ৰাগজ্যোতিষৰ সীমা পূবে নগাঁৱৰ শিলঘাটৰ পৰা আৰম্ভ কৰি পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত থকাৰ কথা পোৱা যায়। কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। প্ৰাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে তেওঁলোকৰ ভিতৰত পুষ্য বৰ্মনেই (৩৫০-৩৮০ খ্ৰী.) প্ৰথম আৰু সেয়ে তেওঁ প্ৰথম ঐতিহাসিক ৰজা বোলা হয়। ভাস্কৰ বৰ্মন আনুমানিক ৫৯৪-৬৫০ খ্ৰী.ত কামৰূপৰ ৰজা হয়। সিংহাসনত আৰোহণ কৰিয়েই তেওঁ নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে। ভাস্কৰ বৰ্মন অবিবাহিত হোৱাৰ বাবে তেওঁৰ মৃত্যুৰ পাছতে (আনু. ৬৫০ খ্ৰী.) বৰ্মন বংশৰ ইতি পৰে। বৰ্মন বংশৰ পাছত কামৰূপত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি "শালস্তম্ভ" নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভ বংশৰ প্ৰায় কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহ (আনু. ৯৭০-৯৯০ খ্ৰী.) অপুত্ৰক হোৱাৰ বাবে শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আনু. ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে। বৃদ্ধকালত ব্ৰহ্মপালে সন্ন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছামতে তেওঁৰ পুত্ৰ ৰত্নপাল (আনু. ১০১-১০৪০ খ্ৰী.) কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত ক্ৰমে ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫), ধৰ্মপাল (১০৯৬-১১২০) ৰজা হয়। ধৰ্মপাল ৰজা হৈয়ে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষৰ পৰা 'কামৰূপ নগৰ'লৈ তুলি নিয়ে। ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল (১১২০-১১৩৯) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুৰ পাছতে পালবংশৰ যৱনিকা পৰে। ইয়াৰ পাছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয় কৰ্ণ, বল্লভদেৱ, পৃথু নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে। পৃথুৰ ৰাজত্ব কালতে ১২০৬ আৰু ১২২৬ চনত মুছলমানে কামৰূপ আক্ৰমণ কৰে। ১২২৮ চনত দিল্লীৰ চুলতান ইলতুতমিছৰ হাতত পৃথুৰ মৃত্যু হয় আৰু তেওঁৰ বংশৰ দুজন ৰজাই কামৰূপ ৰাজত্ব কৰে। এই বংশৰ শেষ ৰজা আছিল সন্ধ্যা (১২৫০-১২৭০ খ্ৰী.)। ইয়াৰ পিছত পুনৰ মুছলমানে কামৰূপ আক্ৰমণ কৰাত সন্ধ্যাই কামৰূপৰ ৰাজধানী 'কামৰূপ নগৰ'ৰৰ পৰা পশ্চিম কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ-কমতা হয় আৰু ইয়াৰ অধিপতিসকলক কমতেশ্বৰ বা কামেশ্বৰ বোলা হয়। সন্ধ্যাৰ পিছত তেওঁৰ পুত্ৰ সিন্ধুৰায় (আনু. ১২৭০-১২৮৫), ৰূপনাৰায়ণ (আনু. ১২৮৫-১৩০০), সিংহধ্বজ (১৩০০-১৩০৫), প্ৰতাপধ্বজ (১৩০৫-১৩২৫) কমতাৰ ৰজা হয়। প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ জীৱিত থকা অৱস্থাত প্ৰতাপধ্বজৰ ভতিজাক ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) বলেৰে কমতাৰ ৰজা হয়। পাছত তেওঁলোকৰ মাজৰ কমতা ৰাজ্য ভাগ হয়। দুৰ্লভনাৰায়ণৰ (১৩৩০-১৩৫০) মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ (১৩৫০-১৩৬৫) ৰজা হয়। তেওঁৱেই এই বংশৰ শেষ ৰজা। চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূৰ্বৰ কমতা ৰাজ্যৰ উত্তৰফাল) শাসন কৰিছিল। আৰিমত্তৰ পিছত ৰত্নসিংহ, শৃতৰংগ আৰু মৃগাংগ নামৰ তিনিজন ৰজাই গৌড় শাসন কৰিছিল। মৃগাংগ নিঃসন্তান হৈ মৃত্যু হোৱাত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ৰজাই গৌড়ৰ সিংহাসন দখল কৰি এক নতুন খান বা সেন বংশৰ পাতনি মেলে। কিন্তু ঘৰুৱা গৃহ কন্দলৰ সুবিধা লৈ মুছলমানে আক্ৰমণ কৰে আৰু পঞ্চদশ শতিকাৰ শেষৰ ফালে মুছলমানৰ আক্ৰমণে কমতা ৰাজ্য ধ্বংস হৈ পৰে। কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়। ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটিক পূজা কৰিছিল। কছাৰীসকলে নিজকে মহাভাৰতৰ ভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে। আনুমানিক ১১৮৭ চনত চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা বীৰপাল বা বীৰবৰে প্ৰথমতে সোৱণশিৰি নদীৰ দাঁতিত অৱস্থিত সোণাগিৰি পাহাৰত বসবাস কৰা ৬০ ঘৰ মানুহৰ ওপৰত অধিনায়কত্ব স্থাপন কৰি শাসন কৰিবলৈ লৈছিল। ইয়াৰ পিছত চুবুৰীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। পিছলৈ তেওঁ উত্তৰ-পূব অসম আৰু অৰুণাচলৰ অধিক অঞ্চল লৈ চুতীয়া ৰাজ্য বিস্তাৰ কৰে। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল। ত্ৰয়োবিংশ শতিকাৰ আগভাগত আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। এখন আহোম বুৰঞ্জীৰ মতে চুকাফা অহাৰ সময়ত বীৰপালৰ চুতীয়া ৰাজ্যৰ পূবে আছিল ব্ৰহ্মকুণ্ড, পশ্চিমে চিচি নদী (সোৱণশিৰিৰ উপনদী), উত্তৰে পৰ্বতমালা আৰু দক্ষিণে বুঢ়ীদিহিং নদী। পাছলৈ‌ ৰত্নধ্বজপালে ভদ্ৰেশেন আৰু ন্যায়পালৰ ৰাজ্য দখল কৰি বিশ্বনাথৰ দিকাৰাই-ঘিলাধাৰী অঞ্চলৰ লৈকে ৰাজ্য বিস্তাৰ কৰিছিল। চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।
fc668f21f7990101a73c9a15bb0733a0fcb1c41b60d2792a00665a71be33fd0c
বৃহস্পতি বাৰৰ পৰা বলি দিয়া কাৰ্য আৰম্ভ কৰা হৈছিল। সেই দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা দুপৰীয়া ‘দেওধনি’ আৰু ‘বাৰিকে’ গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ নিৰ্দেশ দিছিল। দেউধনিসকলে আবেলি বলি-বিধান শেষ হোৱাৰ অন্তত সাজ-পাৰ পিন্ধি, মণিকুটত ৰখা ৰূপৰ ফুল মুৰত আৰু কাণত কেৰু পিন্ধিছিল। বলি কটা স্থানত বহি গাঁৱৰ কুশল-মংগল অথবা বিপদ-আপদৰ সন্দৰ্ভত বাতৰি কোৱা হৈছিল। বাতৰি শেষ কৰি দেউধনিয়ে নৃত্য কৰিছিল আৰু বিষয়ববীয়াসকলে সহযোগ কৰিছিল। ঢুলীয়াই ঢোলৰ চেৱত ঢোল বজাইছিল। থানঘৰৰ চোতালৰ পুৰুষ আৰু মহিলাৰ নাচৰ চেও বেলেগ বেলেগ আছিল। দেউধনি নৃত্য অন্ত পৰা পাছত গাঁৱৰ ডেকা-গাভৰু বিহুৱাসকলে গাঁৱৰ ঘৰে ঘৰে গৈ বিহু কৰিছিল। সেইটোকে হুঁচৰি বুলি কোৱা হয়। পিছৰ সপ্তাহৰ বুধবাৰৰ দিনা সকলোৱে পুনৰ বাৰ থানঘৰৰ পৰা বিহু উলিয়াই লৈ আহিছিল আৰু গাঁৱৰ এমুৰত থকা নদী অথবা পুখুৰীৰ পাৰত বিহু থৈ আহিছিল। সেই সময়ত প্ৰতিবছৰে বিহুত হুঁচৰি নাগাইছিল, কেৱল দেওধনিৰ নিৰ্দেশ পালেহে সেই বছৰত হুঁচৰি গোৱা হৈছিল। শেষৰ দিনা কল ঢকুৱাৰে নাও সাজি নাওখনত জবা আৰু তগৰ ফুলেৰে সজাই তোলা হৈছিল আৰু লগতে এটা সৰু কুকুৰা পোৱালি নাৱতে বান্ধি উটুৱাই দিয়া হৈছিল। তাৰ পাচত ঢোল-পেঁপা সামৰি বিহুৱা সমাজ গাঁৱলৈ ঘূৰি আহিছিল। বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক কথা প্ৰচলিত আছে। সেই লোক কথাৰ অনুসৰি বৰদৈচিলা এই ভূমিৰ দেৱতাৰ জীয়ৰী আছিল আৰু কোনোবা সুদূৰ দেশলৈ বিয়া হৈ গৈছিল। প্ৰত্যেক বছৰে বসন্ত ঋতুত বৰদৈচিলা মাকৰ ঘৰলৈ আহে (ধুমুহা আহে)। সেই দিনটোতে বিহুৰ আৰম্ভণি হয় বুলি বিশ্বাস কৰা হয়। বৰদৈচিলা ঘূৰি যোবা দিনা বিহুৰ সামৰণি পৰে। উল্লেখযোগ্য যে 'বৰদৈচিলা' শব্দটি প্ৰকৃততে বড়ো মূলীয় শব্দ 'বৰদৈচিখলা'ৰ‌ পৰা অহা হয় যাৰ অৰ্থ হৈছে "বায়ু (বৰ)-পানীৰ (দৈ) ছোৱালী (চিখলা)" অৰ্থাৎ এবিধ ধুমুহা আৰু একে লোক কথা বড়োসকলৰ মাজতও প্ৰচলিত হৈ আছে। বড়ো জনগোষ্ঠীৰ লোকসকলে বিহু/বৈচাগুৰ সময়ত "বৰদৈচিখলা" নামৰ এটি নৃত্য কৰা দেখা যায়। ইয়াৰ পৰা বিহু এটি বড়ো মূলীয় উৎসৱ বুলি অনুমান কৰা যায়। অসমীয়া সমাজত এটি জনপ্ৰবাদ প্ৰচলিত আছে। "ঢোল বাই কʼত? খোল বাই কʼত?
d7bf4fb32a20d5b417f35137b6789f9c5f39508cc66c79685e1ea536380bf9dd
বেগম হজৰত মহলৰ সমাধি বিখ্যাত দৰবাৰ মাৰ্গৰ কাষতে ঘাণ্টাঘাৰৰ জামা মছজিদৰ ওচৰৰ কাঠমাণ্ডুৰ কেন্দ্ৰীয় অংশত অৱস্থিত। ইয়াক জামা মছজিদ কেন্দ্ৰীয় সমিতিয়ে চোৱা-চিতা কৰে। ১৯৬২ চনৰ ১৫ আগষ্টত ২৮৫৭ চনৰ বিদ্ৰোহত তেওঁৰ ভূমিকাৰ বাবে মহলক লক্ষ্ণৌৰ হজৰতগঞ্জৰ পুৰণি ভিক্টোৰিয়া উদ্যানত সন্মানিত কৰা হয়। উদ্যানখনৰ নাম সলনি কৰাৰ লগতে এটা মাৰ্বেল স্মাৰক নিৰ্মাণ কৰা হৈছিল য'ত অৱধ ৰাজপৰিয়ালৰ প্ৰতীক থকা চাৰিটা ঘূৰণীয়া পিতলৰ ফলক থকা এটা মাৰ্বলৰ ফলক অন্তৰ্ভুক্ত আছে। উদ্যানখন বিজয়া দশমী সময়ত ৰামলীলা বাবে ব্যৱহাৰ কৰা হৈছে। লগতে লক্ষ্ণৌ মহোৎসৱৰ বাবেও ব্যৱহাৰ কৰা হৈছে।
a87472a836338e14d16bb0f4e926bafd588a8ddaf29c0171177f03d4069e6355
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উটুৱাই নি জমা কৰা পলসুৱা মাটিৰে এনে ক্ষেত্ৰ গঠিত হয়। [উদ্ধৃতিৰ প্ৰয়োজন] উদ্যানৰ বুকুত বালিচৰ আৰু বানপানীৰে সৃষ্ট বিলৰ পয়োভৰ দেখা যায়। এনে বিলসমূহে মুঠ মাটিকালিৰ প্ৰায় ৫% আৱৰি আছে,[উদ্ধৃতিৰ প্ৰয়োজন] ওখ অংশক চাপৰি বোলা হয়। বানপানীৰ সময়ত চাপৰিতে বন্য-প্ৰাণী জমা হয়। বন্য প্ৰাণীৰ সহায়ক হ'বলৈ ভাৰতীয় সেনাৰ সহযোগত কেবাটাও কৃত্ৰিম চাপৰি সজোৱা হৈছে। হিমালয়ৰ পাদদেশত কাজিৰঙা এক বৃহৎ সংৰক্ষিত ভূমি।
0548ebc3e91da98774b1f46e9abd9dea48a02518cbc56bb9dffdcdde8dbc6e4b
ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হোৱা বাবে অহল্যাক প্ৰায়ে আয়োনিজাসম্ভৱা বুলি কোৱা হয়, অৰ্থাৎ যি মহিলাৰ পৰা জন্ম হোৱা নাই। ৰামায়ণৰ বালকাণ্ডৰ (খ্ৰীষ্টপূৰ্ব ৫মৰ পৰা চতুৰ্থ শতিকা) উল্লেখ আছে যে ব্ৰহ্মাই তেওঁক "বিশুদ্ধ সৃষ্টিশীল শক্তিৰ বাবে যথেষ্ট পৰিশ্ৰমেৰে" গঢ়ি তুলিছিল। ব্ৰহ্মপুৰাণ আৰু বিষ্ণুধৰ্মোত্তৰ পুৰাণেও ব্ৰহ্মাৰ দ্বাৰাই তেওঁৰ সৃষ্টি বুলি সমৰ্থন কৰে। মাহাৰী নৃত্য পৰম্পৰা অনুসৰি, ব্ৰহ্মাই সবাতোকৈ সুন্দৰ মহিলাৰ ৰূপত অহল্যাক সৃষ্টি কৰিছিল যাতে ইয়াৰ দ্বাৰা উৰ্বশীৰ গৌৰৱ ভাঙিব পৰা যায়, যি আছিল সবাতোকৈ সুন্দৰ অপ্সৰা। জনজাতীয় ভীল ৰামায়ণত আৰম্ভণিতে অহল্যা, গৌতম আৰু ইন্দ্ৰৰ কাহিনী বৰ্ণনা কৰা হৈছে। কাহিনীটোত বৰ্ণনা কৰা অনুসৰি অহল্যাক সপ্তঋষিৰ (সাতজন ঋষি) যজ্ঞৰ ভস্মৰ পৰা সৃষ্টি কৰা হৈছে আৰু মহৰ্ষি গৌতমক ব্ৰহ্মাৰ দ্বাৰা উপহাৰ দিয়া হৈছে। ইয়াৰ বিপৰীতে ভাগৱত পুৰাণ আৰু হৰিবংশয় অহল্যাক পুৰু ৰাজবংশৰ ৰাজকুমাৰী হিচাপে গণ্য কৰে, সেই অনুসৰি তেওঁ ৰজা মোদ্গলৰ কন্যা আৰু ৰজা দিবোদাসৰ ভগ্নী। ৰামায়ণৰ উত্তৰাকাণ্ডত(বেছিভাগ পণ্ডিতে ইয়াক মহাকাব্যত পৰৱৰ্তী সংযোজন হিচাপে গণ্য কৰে), ব্ৰহ্মাই অহল্যাক আটাইতকৈ ধুনীয়া মহিলা হিচাপে সৃষ্টি কৰে আৰু যৌৱন প্ৰাপ্ত নোহোৱালৈকে তেওঁক মহৰ্ষি গৌতমৰ যত্নত ৰাখে।
8cc014fa005f6c60e3a7ec2cdff46392764893ca48f6a81f3b5df12ac16a8304
ব্ৰাহ্মণ্য হিন্দুধৰ্মৰ প্ৰধান পাঁচজন দেৱতা ৰ এজন ৰূপে স্বীকৃতি পোৱাৰ পাছত কিছু ব্ৰাহ্মণে গণেশকেই তেওঁলোকৰ প্ৰধান দেৱতা ৰূপে পূজা কৰাৰ সিদ্ধান্ত লয়। এইভাবে গঠিত হ’ল গাণপত্য সম্প্ৰদায় আৰু তাৰ লগে লগেই গণপতিকে কেন্দ্ৰ কৰি ৰচিত হ’ল দুটি উপপুৰাণ – গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ। গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ গ্ৰন্থদুখনৰ ৰচনাকাল প্ৰসঙ্গত মতভেদ আছে। সাধাৰণভাবে এই দুই পুৰাণৰ ৰচনাকাল ১১০০ খ্ৰীষ্টাব্দৰ পৰা ১৪০০ খ্ৰীষ্টাব্দৰ মধ্যবৰ্তী কোনো সময় বুলি ধৰা হয়। সাধাৰণভাবে গণেশ পুৰাণ-ক পূৰ্ববৰ্তী বুলি ধৰা হ’লেও কোনো কোনো গৱেষকে এইখনক মুদ্গল পুৰাণ-ৰ পৰৱৰ্তী বুলি ধৰে। আন এক লোকমান্য শাস্ত্ৰগ্ৰন্থ গণপতি অথৰ্বশীৰ্ষ খ্ৰীষ্টিয় ষোড়শৰ পৰা সপ্তদশ শতিকাৰ মধ্যৱৰ্তী কোনো সময়ত ৰচিত হৈছিল। গণেশ পুৰাণ – গণেশ পুৰাণ গণেশৰ কাহিনী আৰু পূজাপদ্ধতি সংক্ৰান্তত সৰ্বাধিক গুৰুত্বপূৰ্ণ উপপুৰাণদুটিৰ মাজৰ এটা। এই পুৰাণ দুটা খণ্ডত বিভক্ত – উপাসনাখণ্ড আৰু ক্ৰীড়াখণ্ড বা উত্তৰখণ্ড। উপাসনাখণ্ডৰ অধ্যায়সংখ্যা ৯২; ক্ৰীড়াখণ্ডৰ ১৫৫। উপাসনাখণ্ডৰ ৩৬ অধ্যায়ৰ এটা স্তোত্ৰৰ অৱলম্বনত প্ৰসিদ্ধ গণেশ সহস্ৰনাম স্তোত্ৰটি ৰচিত হৈছিল।
f7b5e3f55b17326adbf28a2eb45305719a1332c3fa743f2475d13f27515cc042
ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছিল। ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে লাহোৰত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্‌যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. (388 kilometre (241 মাইল)) ভ্ৰমণ কৰি আহমেদাবাদৰপৰা দাণ্ডীৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে। ঘৰুৱা ব্যৱহাৰত নিমখৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে স্ত্ৰীসকলো এই সত্যাগ্ৰহৰ প্ৰতি আকৰ্ষিত হৈছিল। গান্ধীয়ে নাৰীসকলৰ অংশগ্ৰহণ পোষকতা কৰিছিল; তেখেতে কৈছিল: "মহিলাসকলে মোকো তেওঁলোকৰ মাজৰে এজন বুলি ভাবিব পাৰিছে" ("the women have come to look upon me as one of themselves.")। গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ পৰ্দা প্ৰথা, বাল্য বিবাহ, অস্পৃশ্যতা আৰু সতীদাহৰ বিৰোধ কৰিছিল। লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল। মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল। ১৯২০ৰ দশকত কংগ্ৰেছে গান্ধীয়ে এগৰাকী ত্ৰাণকৰ্তা অৱতাৰৰৰ (messiah) ৰূপত তুলি ধৰিছিল। এই নীতিয়ে সাধাৰণ ভাৰতীয় কৃষকসকলক অহিংসা আন্দোলৰ প্ৰতি আগ্ৰহান্বিত কৰাত সহায় কৰিছিল। ভাৰতৰ বহুতো গাঁৱত প্ৰদৰ্শিত নাট-ভাওনাত গান্ধীক অতীজৰ ভাৰতীয় বীৰসকলৰ নৱজন্মৰ ৰূপ হিচাপে প্ৰদৰ্শন কৰাৰ লগতে কেতিয়াবা দেৱতাৰ ৰূপতো তুলি ধৰিছিল। ভাৰতৰ অশিক্ষিত সকলৰ মাজত এনে নাটবোৰে ব্যাপক প্ৰভাৱ পেলাইছিল। এনে নাটৰ বাহিৰেও ৰচিত গীত-মাত, কংগ্ৰেছে অনুষ্ঠিত কৰা ধৰ্মীয় সভা আদিত মোহনদাস গান্ধীক এনে অৱতাৰী ৰূপত আলোচনা কৰা হৈছিল। ইয়াৰ আধৰতে গান্ধী সাধাৰণ লোকৰ মানত এক লোকবীৰত পৰিণত হৈছিল, লগতে কংগ্ৰেছ দল গান্ধীৰ পৱিত্ৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈছিল। অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ'বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে লৰ্ড এডৱাৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত গান্ধী–আৰউইন চুক্তি সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘুসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল। লৰ্ড ৱেলিংটনে ভাৰতৰ জাতীয়তাবাদী নেতাসকলৰ প্ৰতি উগ্ৰ মোনোভাৱ প্ৰদৰ্শন কৰে আৰু জাতীয়তাবাদী আন্দোলন মষিমূৰ কৰাৰ বাবে নতুন পন্থা গ্ৰহণ কৰে। মহাত্মা গান্ধীক আকৌ গ্ৰেপ্তাৰ কৰি অনুগামীসকলৰপৰা আঁতৰত ৰখাৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰৰ এই চেষ্টা সফল নহ'ল। দলিত সম্প্ৰদায়ৰ নেতা বি. আৰ. আম্বেদকাৰৰ প্ৰচাৰাভিযানৰ ফলশ্ৰুতিত ১৯৩২ চনত চৰকাৰে 'অস্পৃশ্য' সকলৰ বাবে পৃথক নিৰ্বাচন মণ্ডলী গঠন কৰি দিয়ে। মহাত্মা গান্ধীয়ে ইয়াৰ প্ৰতিবাদত ছেপ্টেম্বৰ মাহত ছয় দিনীয়া অনশন পালন কৰে। পৰিণতিত গঠিত হোৱা জনমতলৈ লক্ষ্য ৰাখি চৰকাৰে আপোচলৈ আহিবলৈ বাধ্য হয়। পালৱাওকাৰ বালুয়ে এই আপোচ আলোচনাত মুখ্য ভূমিকা লৈছিল। এই কাৰ্যৰে গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিত সম্প্ৰদায়সমূহৰ লোকৰ জীৱন যাপনৰ মান উন্নত কৰিবলৈ এক অভিযানৰ আৰম্ভণি কৰে। গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিতসকলক 'হৰিজন' (হৰিৰ পুত্ৰ) বুলি আখ্যা দিছিল। ১৯৩৩ চনৰ ৮ মে তাৰিখে গান্ধীয়ে আত্মাশুদ্ধিৰ বাবে ২১ দিনীয়া অনশন কৰে, আৰু এবছৰ জোৰা হৰিজন আন্দোলনৰ আৰম্ভণি কৰে। অৱশ্য দলিত সমাজৰ সকলোৱে এই আন্দোলন সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীয়ে আখ্যা দিয়া 'হৰিজন' শব্দৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে দলিতসকল সামাজিক ভাৱে পৈণত হোৱা নাই আৰু উন্নত জাতিৰ লোকসকলে দলিত সকলৰ ওপৰত 'সদাশয় স্বৈৰাচাৰ'ৰ (paternalistic) ভূমিকা লৈ আহিছে। আম্বদেকাৰ আৰু তেখেতৰ সমৰ্থকসকলে বিশ্বাস কৰিছিল যে গান্ধীয়ে দলিতসকলৰ ৰাজনৈতিক অধিকাৰক অৱজ্ঞা কৰি আহিছে। ১৯২৪-২৫ চনত দলিতসকলে মন্দিৰত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচাৰি কৰা আন্দোলনত গান্ধীয়ে সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীক 'শঠ আৰু বিশ্বাসৰ অযোগ্য' (devious and untrustworthy) বুলি অভিহিত কৰিছিল। জন্মসূত্ৰে গান্ধী বৈশ্য সম্প্ৰদায়ৰ আছিল যদিও তেওঁ নিজকে দলিতসকলৰ প্ৰতিনিধি হিচাপে যোগ্য বুলি বিবেচনা কৰিছিল। গান্ধী আৰু আম্বেদকাৰৰ মাজত মতবিৰোধ প্ৰায়েই হৈ থাকিছিল, কাৰণ আম্বেদকাৰে দলিতসকলক হিন্দু সম্প্ৰদায়ৰ বাহিৰলৈ নিব বিচাৰিছিল।
aa1c133e7ae2c71ce2e305a38295ec1f6d857535de6a75082d0976a854b439ab
ব্ৰিটিছ শাসনত যেতিয়া দিল্লী চহৰৰ নৱনিৰ্মাণৰ কাম কাজ চলি আছিল তেতিয়াই ইউৰোপীয় আৰু ভাৰতীয় স্থাপত্য কলাৰ আৰ্হিত মুৰ ডাঙি উঠিছিল বিভিন্ন বিশাল ভৱনে,যিবোৰ আজিও ভাৰত চৰকাৰৰ বিভিন্ন প্ৰশাসনিক কাম কাজত ব্যৱহাৰ হৈ আছে। ব্ৰিটিছ সাম্ৰাজ্যৰ স্থাপত্য শিল্পৰ পৰা বৰ্তমানৰ প্ৰযুক্তিৰ যুগলৈ দিল্লীত থিয় হৈ আছে বহু ভৱন, অট্টালিকা আদি। ব্ৰিটিছ সাম্ৰাজ্যৰ ভাইচৰয় আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেল সকলৰ বাসস্থান হিচাবে নিৰ্মিত ‘ৰাষ্ট্ৰপতি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ভাইচৰয় হাউচ’ হিচাবে। প্ৰায় ১৯ বছৰৰ কাম কাজৰ অন্তত: সম্পূৰ্ণ হোৱা এই বিশালকায় ভৱনটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ৰাষ্ট্ৰপতি ভৱন নাম দিয়া হয় আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসস্থান হিচাবে চিহ্নিত হয়। প্ৰায় দুইলাখ বৰ্গফুটেৰে আৱৰা আৰু ৩৬০টা কোঠালিৰে ‘ৰাষ্ট্ৰপতি ভৱন’ হৈছে বিশ্বৰ যিকোনো ৰাষ্ট্ৰপ্ৰধানৰ ভৱনসমূহৰ ভিতৰতে বৃহত্তম ভৱন। ৰাষ্ট্ৰপতি ভৱনৰ সমীপত থকা নৰ্থ আৰু চাউথ ব্লক হৈছে বৰ্তমান ভাৰতীয় প্ৰশাসন যন্ত্ৰৰ প্ৰাণকেন্দ্ৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়কে ধৰি বহুকেইটা গুৰুৰ্ত্বপূৰ্ণ মন্ত্ৰনালয়ৰ কাৰ্য্যালয় হিচাবে ব্যৱহৃত এই ভৱন দুটাৰ আৰ্হি প্ৰস্তুতি কৰিছিল স্থপতিবিদ হাৰ্বাৰ বেকাৰে। চাৰিটা খলপত বিভক্ত এই ভৱনৰ প্ৰতিটো মহলাত কোঠাৰ সংখ্যা প্ৰায় এহাজাৰ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসস্থান হিচাবে চিহ্নিত ‘তিন মূৰ্তি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ফ্লেগষ্টাফ হাউচ’(Flagstuff House) হিচাবে। ব্ৰিটিছ শাসনত সেনা প্ৰধানৰ বাসস্থান হিচাবে জনাজাত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ব্ৰিটিছ স্থপতিবিদ ৰবাৰ্ট ৰাছেলে।
5bf37a0e5ffe22410f93302076831c78d63db074feda398374272c8f373c70cb
ব্ৰিটিছসকল অহাৰ পূৰ্বে বৰ্তমান কলকাতা অঞ্চলত সূতানুটি, গোবিন্দপুৰ আৰু কলিকাতা নামৰ তিনখন গাঁও আছিল। বঙালীৰ "কলকাতা" আৰু ইংৰাজীৰ "কেলকাটা" নামৰ উৎস এই "কলিকাতা" শব্দটো। "কলিকাতা" নামটোৰ ব্যুৎপত্তিৰ প্ৰসঙ্গত গৱেষকসকলৰ মাজত মতবিৰোধ আছে। এটা মত অনুসৰি, "কলিকাতা" শব্দটোৰ উৎপত্তি "কালীক্ষেত্ৰ" শব্দৰ পৰা; যাৰ অৰ্থ "দেৱী কালীৰ ৰাজ্য ", মতান্তৰত এই শব্দটোৰ উৎস বঙালী "কিলকিলা" শব্দটো; যাৰ অৰ্থ "চেপেটা অঞ্চল "। আন এটা মত অনুসৰি খাল (নলা) শব্দটোৰ সৈতে কাট্টা (খনন কৰা) শব্দ যোগ হৈ এই শব্দটো সৃষ্টি কৰিছে। আকৌ অন্য এটা মত অনুসৰি এই অঞ্চলত উন্নত মানৰ 'পোৰা চূণ' (কলি) আৰু 'নাৰিকলৰ ৰচী' (কাতা) উৎপাদন হোৱা বাবেই এই অঞ্চলৰ নাম হয় কলিকাতা। ভাষাতাত্ত্বিক সুকুমাৰ সেনে অৱশ্যে কলিকাতা নামটোৰ এটা সম্পূৰ্ণ ভিন্নতৰ ব্যুৎপত্তি ব্যাখ্যা কৰিছে। তেখেতৰ মতে:'কলিকাতা' – শব্দটো আহিছে পাৰ্চী ভাষাত গৃহীত দুটি আৰবী মূলৰ শব্দৰ সংযোগত- 'কলি' (qali) মানে "অস্থিৰ; নিৰ্বোধ ", আৰু 'কাতা' (qatta) মানে "বদমাচৰ দল; হত্যাকাৰী "। নামটো যথেষ্ট যুক্তিপূৰ্ণ; কিয়নো গঙ্গাৰ পূব পাৰৰ জলাশয় আৰু জঙ্গলে আৱৰা অঞ্চলটো জলদস্যু, স্থলদস্যু আৰু বিভিন্ন দেশী-বিদেশী বদমাচৰ লুকোৱাৰ ঠাই আছিল। ২০০১ চনত কলকাতাৰ চৰকাৰী ইংৰাজী নাম কেলকাতা ( "Calcutta ") পৰিবৰ্তন কৰি কলকাতা ( "Kolkata ") কৰা হয়।
ae472685c7834121b323d9976d2e213faa0e467389af16e9c38173ff0ff35aa3
বৰং মানুহে তেওঁক উপহাস কৰি গৰীবৰ ব্যাৰিষ্টাৰৰ হে বুলিছিল। ১৯২৪ খৃষ্টাব্দত বঞ্চিত সকলক তেওঁলোকৰ পাপ্য স্বাস্থ্য, সম্পদ, সংস্কৃতি , সন্মান আদিৰ বাবে সংগ্ৰামত ব্ৰতী হল। ১৯২৬ খৃষ্টাব্দত তেওঁ এম. এল. এৰ বাবে মনোনয়ন দিছিল। ১৯২৭ খৃষ্টাব্দত তেওঁ মহাৰ পৰিষদ গঠন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। ১৯৩০ খৃষ্টাব্দৰ ৩ মাৰ্চত মন্দিৰত সোমোৱাৰ অধিকাৰ বিচাৰি কলাৰাব মন্দিৰৰ সন্মুখত সত্যাগ্ৰহ কৰিছিল। ১৯৩৬ চনত তেওঁ স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি গঠন কৰি, ১৯৩৭ চনত বম্বে বিধান সবাৰ এম. এল.এ নিৰ্বাচিত হয়। ১৯৪২ খৃষ্টাব্দত তেওঁ সৰ্বভাৰতীয় অনুসূচীত জাতি ফেডাৰেছন গঠন কৰিছিল আৰু পিছলৈ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাট গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হয়। ১৯৪৫ খৃষ্টাব্দত তেওঁ মানৱ শিক্ষা সমাজ গঠন কৰিলে। ১৯৪৬ চনত ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৪৭ খৃষ্টাব্দৰ ২৯ আগষ্টত সংবিধানৰ খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি নিৰ্বাচিত হৈ স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰিছিল।
3b1ab80c732e1e724d7a7d19cfea3731686007fe712fcf0cf9f4c78a720c3765
বৰ্তমান ছিক্কিমত কোনো বিমান বন্দৰ নাই। ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ পাকয়ংত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ বাগডোগ্ৰা বিমান বন্দৰ। ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছয়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে। বৰ্তমানলৈকে ছিক্কিমত কোনো ৰেলসেৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে পশ্চিমবংগৰ শিলিগুড়ি আৰু নিউ জলপাইগুড়ি। তথাপি ছিক্কিমৰ ৰাংপ' আৰু পশ্চিমবংগৰ ছেৱকৰ সৈতে ৰেলপথেৰে সংযোগ কৰিবলৈ এটা আঁচনি ঘোষণা কৰা হৈছে। এই আঁচনিটো ২০১৫ চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। ৩১ ক নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ- এই দুয়োটাই শিলিগুড়ি আৰু গেংটকক সংযোগ কৰিছে। ছিক্কিম ৰাষ্ট্ৰীয় পৰিবহণ বিভাগে বাছ আৰু ট্ৰাক সেৱা পৰিচালনা কৰে। ব্যক্তিগত খণ্ডৰ বাছ, টেক্সী আৰু জীপ গাড়ীয়ে সমগ্ৰ ছিক্কিমৰ সকলো ঠাইলৈ অহা-যোৱাৰ সুবিধা কৰাৰ লগতে শিলিগুড়িৰ লগতো সংযোগ কৰে।
71bdad2cc990c0e604544e786ad14fad5f18630903445fff341981beafdcade5
বৰ্তমানৰ মুম্বাই অঞ্চলটো অতীতত সাতোটা দ্বীপবিশিষ্ট এটা দ্বীপপুঞ্জ আছিল। এই সাতোটা দ্বীপৰ নাম বোম্বাই দ্বীপ, পাৰেল, মাজাগাঁও, মাহিম, কোলাবা, বৰলি আৰু ওল্ড ওম্যান’চ আইল্যাণ্ড (আন এক নাম লিটল কোলাবা)। ১৯৩৯ চনত পুৰাতাত্ত্বিক টডে উত্তৰ মুম্বাইৰ কাণ্ডিবলিৰ উপকূলবৰ্তী অঞ্চলত খননকাৰ্য চলায় কিছু প্লেইষ্টোচিনৰ নিদৰ্শন আবিষ্কাৰ কৰে। তাৰ পৰাই জনা যায় প্ৰস্তৰ যুগৰ পৰাই এই অঞ্চলত জনবসতিৰ অস্তিত্ব আছিল। তথাপি এই অঞ্চলত প্ৰথম কেতিয়া জনবসতি স্থাপিত হৈছিল তাক জনা নাযায়। সম্ভবত দুই হাজাৰ বছৰ বা তাৰো আগেয়ে মৎস্যজীবী কোলি সম্প্ৰদায়ে এই অঞ্চলত বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত মৌৰ্য সাম্ৰাজ্যৰ দক্ষিণলৈ প্ৰসাৰৰ সময়ত এই অঞ্চল উক্ত সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। মগধৰ বৌদ্ধ মৌৰ্যসম্ৰাট মহামতি অশোক এই অঞ্চলৰো শাসনকৰ্তা আছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীৰ মধ্যভাগতেই বোৰিবলিৰ কানহেৰি গুহা খোদিত হৈছিল। এই গুহা আছিল প্ৰাচীনকালত পশ্চিম ভাৰতত বৌদ্ধধৰ্মৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ১৫০ খ্ৰীষ্টাব্দত গ্ৰীক ভূগোলবিদ টলেমিৰ ৰচনাত এই অঞ্চলটো হেপটানেচিয়া (Heptanesia; প্ৰাচীন গ্ৰীক: সপ্তদ্বীপখণ্ড) নামেৰে উল্লিখিত হৈছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীৰ পৰা খ্ৰীষ্টিয় নবম শতাব্দীৰ মাজত এই দ্বীপসমূহ যি সকল দেশীয় ৰাজ্য আৰু সাম্ৰাজ্যৰ অধিকাৰভুক্ত হৈছিল, সেইবোৰ হ’ল: সাতবাহন, পশ্চিম ক্ষত্ৰপ, আভীৰ, বাকাটক, কলচুৰি, কোঙ্কণ মৌৰ্য, চালুক্য আৰু ৰাষ্ট্ৰকূট। ইয়াৰ পাছত ৮১০ৰ পৰা ১২৬০ খ্ৰীষ্টাব্দ পৰ্যন্ত এই অঞ্চল শাসন কৰে চিলহৰ ৰাজবংশই। এই যুগত নিৰ্মিত চহৰৰ কেইটামান প্ৰাচীন স্থাপত্য নিদৰ্শন হল যোগেশ্বৰী গুহা (৫২০-২৫ খ্ৰীষ্টাব্দ), এলিফেণ্টা গুহা (ষষ্ঠ-সপ্তম শতাব্দী), বলকেশ্বৰ মন্দিৰ (দশম শতাব্দী), আৰু বনগঙ্গা দিঘি (দ্বাদশ শতাব্দী)। দ্বাদশ অথবা ত্ৰয়োদশ শতাব্দীত ৰাজা ভীমদেবে এই অঞ্চলত তেখেতৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। তেখেতৰ ৰাজধানী আছিল মাহিকাবতী (অধুনা মাহিম)। ভীমদেবে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা মাহিকাবতীত য’লৈ পাথাৰে প্ৰভু সম্প্ৰদায়ক এই অঞ্চললৈ লৈ আনে। এই সম্প্ৰদায়েই চহৰৰ প্ৰাচীনতম অধিবাসীসকলৰ অন্যতম। ১৩৪৮ চনত গুজৰাটৰ মুচলন্ত শাসকসকলে এই অঞ্চল অধিকাৰ কৰে। পাছত ১৩৯১ৰ পৰা ১৫৩৪ চন পৰ্যন্ত এই অঞ্চল গুজৰাট চুলতানিৰ অধীনত থাকে। চুলতানৰ পৃষ্ঠপোষকতাত এই অঞ্চলত অনেক মচজিদ নিৰ্মিত হৈছিল। এইবোৰৰ মাজত উল্লেখযোগ্য আছিল ১৪৩১ চনত মুচলিম সন্ত হাজি আলিৰ সম্মানত নিৰ্মিত মাহিমৰ হাজি আলি দৰগা। ১৪২৯ৰ পৰা ১৪৩১ চন পৰ্যন্ত এই দ্বীপপুঞ্জৰ অধিকাৰক লৈ গুজৰাট চুলতানি আৰু দাক্ষিণাত্যৰ বাহমনি চুলতানিৰ মাজত বিবাদ আছিল। ১৪৯৩ চনত বাহমনি শাসক বাহাদুৰ খান গিলানিয়ে এই দ্বীপসমূহ জয় কৰাৰ লক্ষ্যৰে অভিযান চলাইছিল। কিন্তু তেওঁ পৰাজিত হয়। ১৫২৬ চনত প্ৰতিষ্ঠিত মোগল সাম্ৰাজ্য ষোড়শ শতাব্দীৰ মধ্যভাগৰ পৰা ভাৰতীয় উপমহাদেশৰ প্ৰধান শক্তিলৈ পৰিণত হয়। মোগল সম্ৰাট হুমায়ুনৰ ক্ৰমবৰ্ধমান ক্ষমতাত ভীত হৈ গুজৰাট চুলতানিৰ ১৬৬৮ চনৰ ২৭ মাৰ্চৰ ৰাজকীয় চনদ অনুসৰি, ১৬৬৮ চনত বাৰ্ষিক ১০ পাউণ্ডৰ বিনিময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক এই দ্বীপসমূহ লিজত দিয়া হয়। ১৬৬১ চনত এই অঞ্চলৰ জনসংখ্যা আছিল ১০,০০০; এই জনসংখ্যা ১৬৭৫ চনত বাঢ়ি গৈ হয় ৬০,০০০। ১৬৭২ চনৰ অক্টোবৰত মোগল সাম্ৰাজ্যৰ সিদ্দি নৌপ্ৰধান ইয়াকুত খানে, ১৬৭৩ চনৰ ২০ ফেব্ৰুৱাৰী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্নৰ-জেনেৰেল ৰিকলফ ভন গিয়নে, আৰু ১৬৭৩ চনৰ ১০ অক্টোবৰ সিদ্দি নৌপ্ৰধান সম্বলে এই দ্বীপসমূহ আক্ৰমণ কৰে। ১৬৮৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সদৰ চুৰাটৰ পৰা বোম্বাইলৈ তুলি অনা হয়। ইয়াৰ পাছতেই এই চহৰ বোম্বাই প্ৰেচিডেন্সিৰ সদৰত পৰিণত হয়। এই স্থানান্তৰণৰ পাছত ভাৰতত কোম্পানীৰ সকলো সংস্থাৰ প্ৰধান কাৰ্যালয়েই বোম্বাইলৈ তুলি অনা হয়। ১৬৮৯-৯০ চনত নাগাদে আৰু এবাৰ ইয়াকুত খানে এই দ্বীপসমূহত আক্ৰমণ কৰিছিল। পেছোৱা প্ৰথম বাজী ৰাওৰ অধীনত মাৰাঠীসকলে ১৭৩৭ চনত চেলচেট আৰু ১৭৩৯ চনত ভাচাই দখল কৰাত বোম্বাই অঞ্চলত পৰ্তুগীজৰ উপস্থিতিৰ পৰিসমাপ্তি ঘটে। অষ্টাদশ শতাব্দীৰ মধ্যভাগৰ পৰাই বোম্বাইয়ে এক প্ৰধান বাণিজ্য নগৰী ৰূপে আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। এই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ এই অঞ্চললৈ আহি বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। পাছত ১৭৭৪ চনৰ ২৮ ডিচেম্বৰত ব্ৰিটিছসকলে চেলচেট দখল কৰি লয়। চুৰাটৰ চুক্তিৰ (১৭৭৫) পাছত চেলচেট আৰু ভাচাইৰ ওপৰত ব্ৰিটিছসকল আনুষ্ঠানিকভাবে অধিকাৰ অৰ্জন কৰে। ইয়াৰ ফলত প্ৰথম ইঙ্গ-মাৰাঠা যুদ্ধ সূচিত হয়। ১৭৭৬ চনত পুৰন্দৰৰ চুক্তিৰ মাধ্যমেৰে ব্ৰিটিছসকলে চেলচেট ৰক্ষা কৰাত সক্ষম হয়। পাছত ১৭৮২ চনৰ চালবাইৰ চুক্তি সাক্ষৰৰ মাধ্যমেৰে প্ৰথম ইঙ্গ-মাৰাঠা যুদ্ধৰ মীমাংসা হয়। ১৭৮২ চনৰ পাছৰ পৰা চহৰৰ সাতোটা দ্বীপক সুসংবদ্ধ একক অঞ্চলত পৰিণত কৰাৰ বাবে এটা বৃহদাকাৰ গণপুৰ্ত প্ৰকল্প গৃহীত হয়।
622c4395b1c9ee4ccca785b314b83b211ad9b97668245e730b3b383615e673a7
ভগৎ সিঙৰ জন্ম পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁৱৰ এক সান্ধু জাট পৰিয়ালত হৈছিল। পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল। ভগৎৰ নামৰ অৰ্থ "ভক্ত"। তেওঁ যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য মহাৰাজ ৰঞ্জিত সিঙৰ সেনাবাহিনীত কাম কৰিছিল। ভগৎৰ ঠাকুৰদাদা অৰ্জুন সিং দয়ানন্দ সৰস্বতীৰ হিন্দু সমাজ সংস্কাৰ আন্দোলন আৰ্যসমাজৰ সৈতে জড়িত আছিল। ভগৎৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল।
25386bd58fbaee5dead91fef60b75367803d31187e7ba51816acdb68a5a14d1c
ভাত, দাইল আৰু মাছ বাংলাদেশীসকলৰ প্ৰধান খাদ্য, সেইবাবেই মাছে ভাতে বাঙালি বুলিও কোৱা হয়। দেশখনত ছানাৰ আৰু অন্যান্য প্ৰকাৰৰ মিঠাই, যেনে ৰসগোল্লা, চমচম বেছ জনপ্ৰিয়। বাংলাদেশৰ নাৰীৰ প্ৰধান পোছাক শাৰী। কমবয়সীয়া ছোৱালীয়ে, বিশেষকৈ চহৰাঞ্চলত চেলোৱাৰ-কামিজ পৰিধান কৰা দেখা যায়। পুৰুষৰ প্ৰধান পোছাক লুঙ্গি (লুঙী), কিন্তু চহৰবিলাকত পাশ্চাত্যৰ পোছাক ছাৰ্ট-পেণ্ট প্ৰচলিত। বিশেষ অনুষ্ঠানত পুৰুষে পাঞ্জাবী-পায়জামা পৰিধান কৰে। বাংলাদেশৰ প্ৰধান সামাজিক অনুষ্ঠান সমূহৰ মাজত আছে মুছলমান সকলৰ উৎসৱ ঈদুল ফিত্‌ৰ আৰু ঈদুল জোহা, আৰু হিন্দু সম্প্ৰদায়ৰ দুৰ্গা পূজা। বৌদ্ধসকলৰ প্ৰধান উত্সব বৌদ্ধ পূৰ্ণিমা, আৰু খ্ৰীষ্টানসকলৰ বৰদিন। সৰ্বজনীন উত্সৱৰ মাজত পহেলা বৈশাখ প্ৰধান। গ্ৰামাঞ্চলত নৱান্ন, পৌষ পাৰ্বণ ইত্যাদি লোকজ উৎসৱৰ প্ৰচলন আছে। স্বাধীনতা দিৱস, বিজয় দিৱস আৰু ভাষা আন্দোলনৰ স্মৃতিত ২১-ফেব্ৰুৱাৰী তাৰিখে শ্বহীদ দিৱস পালিত হয়। ক্ৰিকেট আৰু ফুটবল বাংলাদেশৰ অতি জনপ্ৰিয় খেল।
090d05c72ae949c6f4779906b11f540dc3144e41580fe54b305a252b6d3a6e32
ভাল শব্দৰ পৰ্তুগীজ প্ৰতিশব্দ bom (পুংলিঙ্গ) আৰু ইংৰাজী bay শব্দটোৰ ওচৰাওচৰি পৰ্তুগীজ প্ৰতিশব্দ baía (স্ত্ৰীলিং, পুৰণা বানানত bahia)। তদুপৰি সাধাৰণভাবে পৰ্তুগীজ ভাষাত ভাল উপসাগৰ শব্দটোৰ প্ৰতিশব্দ হিচাপে bom bahia শব্দটো ব্যাকৰণগতভাবে ভুল। সঠিক শব্দটো হ’ল boa bahia। যদিও ষোড়শ শতাব্দীৰ পৰ্তুগীজ ভাষাত "সৰু উপসাগৰ" অৰ্থত baim শব্দটোৰ প্ৰচলন অসম্ভব নাছিল। পৰ্তুগীজ পণ্ডিত জোচে পেদ্ৰো মাকাদোৱে তেখেতৰ Dicionário Onomástico Etimológico da Língua Portuguesa (Portuguese Dictionary of Onomastics and Etymology) গ্ৰন্থত "Bom Bahia" নামতত্ত্বটো খাৰিজ কৰিছে। তেখেতৰ মতে, পৰ্তুগীজ নথিপত্ৰত এই অঞ্চলত এখন উপসাগৰৰ উল্লেখ আছিল। সেই উল্লেখৰ পৰাই ইংৰাজসকলে ধৰি লয় যে bahia বা "bay" শব্দটো পৰ্তুগীজ নামৰে এটা অবিচ্ছেদ্য অংশ। এইভাবেই পৰ্তুগীজ নামৰ পৰা ইংৰাজী Bombay শব্দটোৰ প্ৰচলন হয়। ১৫০৭ চনত মিৰাদ-ই-আহমেদি গ্ৰন্থত এই অঞ্চলটোক মানবাই নামেৰে উল্লেখ কৰা হৈছে। ১৫০৮ চনত গ্যাসপাৰ কোৰিয়া নামৰ এক পৰ্তুগীজ লেখকে তেখেতৰ Lendas da Índia ("Legends of India") গ্ৰন্থত এই চহৰক Bombaim নামেৰে উল্লেখ কৰে। তেঁৱেই প্ৰথম পৰ্তুগীজ লেখক যাৰ ৰচনাত এই শব্দটোৰ উল্লেখ পোৱা যায়।
a50a563da8f92f3c41333e2f2f551099b8ee48ab010d6435c0fb19f5dd857d2b
ভাৰত উপমহাদেশৰ দক্ষিণে ভাৰত মহাসাগৰত শ্ৰীলংকা অৱস্থিত। পক্ নামৰ এক অগভীৰ আৰু ঠেক প্ৰণালীয়ে এই দ্বীপক ভাৰত উপমহাদেশৰ পৰা পৃঠক কৰিছে। দ্বীপটো ৫°৫৫'ৰ পৰা ৯°৫০' উত্তৰ অক্ষাংশ আৰু ৭৯°৪২' ৰ পৰা ৮১°২১' পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ মুঠ আয়তন ৬৫,৬১০ বৰ্গকিঃমিঃ। দ্বীপটোৰ প্ৰায় তিনিওফালে বহল উপকূল অঞ্চলে আগুৰি থকা দক্ষিণ-মধ্য ভাগত এটা মালভূমি আছে। মালভূমিটোত প্ৰায় ২,১৩৪ মিঃ আৰু ২,৪৩৮ মিঃ উচ্চতাযুক্ত শৃংগৰ কেইবাশাৰী ওখ পৰ্বত আছে। আদাম শৃংগ আৰু পিদুৰাটালাগালা এই অঞ্চলৰ উল্লেখযোগ্য শৃংগ। পিদুৰাটালাগালা শৃংগৰ উচ্চতা ২,৫২৮ মিঃ আৰু ই শ্ৰীলংকাৰ উচ্চতম শৃংগশ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় মৌচুমী। উপকূলীয় সমতল আৰু নিম্নভূমি অংশত এই জলবায়ু উষ্ণ আৰু উচ্চ অংশত ই নাতিশীতোষ্ণ। উপকূল অঞ্চলত সামুদ্ৰিক বায়ুৱে জলবায়ু কিছু পৰিমাণে শীতল কৰি ৰাখে।
86f13a85625c8612774240f46e57abbb29d0fa4288ccdc7cb1244b86e36e61ff
ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁ ১৯৮৭ চনত বিজেপিত যোগদান কৰাৰ দ্বাৰা ঘাইসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰৰ ভিতৰতে, তেওঁ গুজৰাট গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। ইতিমধ্যে তেওঁ এজন উচ্চ মানদণ্ডৰ দক্ষতা সম্পন্ন সংগঠক হিচাপে সুখ্যাতি লাভ কৰিছিল। তেওঁ দলৰ কেডাৰসকলক শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। দলে ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কেন্দ্ৰত জোঁট চৰকাৰ গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে এই অংশীদাৰীত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিয়ে এককভাৱে দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰি গুজৰাটত ১৯৯৫ চনত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই বিজেপিয়ে গুজৰাটৰ শাসনভাৰ চলাই আহিছে[উদ্ধৃতিৰ প্ৰয়োজন]। ১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা নৰেন্দ্ৰ মোদীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]। এই সময়চোৱাত, এল কে আদৱানীৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত কন্যাকুমাৰীৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ মোদীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত নতুন দিল্লীত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত মোদীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল[উদ্ধৃতিৰ প্ৰয়োজন]। ১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত নৰেন্দ্ৰ মোদীক জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল।
3d1b2c65338dec135290a5bea3827f01318e6372b67584bf7e85432176da294b
ভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ 'অসম বন নিয়ন্ত্ৰণ আইন'ৰপৰা (Assam Forest Regulation of 1891) আৰম্ভ কৰি ২০০২ চনৰ 'জৈৱবৈচিত্ৰ্য সংৰক্ষণ আইন'লৈ (Biodiversity Conservation Act of 200) কেবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে। ঘাইকঁ গঁড়ৰ চোৰাং-চিকাৰ এই উদ্যানৰ বাবে এটা চিন্তাৰ বিষয়। ১৯৮০ চনৰপৰা ২০০৫ চনলৈ ৫৬৭-টা গঁড় চোৰাং-চিকাৰীৰ হাতত নিধন হৈছে। বিগত কেইটামান বছৰত এই হাৰ কমি আহি ২০০৭ চনত ১৮-টা গঁড় চোৰাংকৈ হত্যা কৰা হৈছে। সন্ত্ৰাসবাদী সংগঠনৰ উপাৰ্জনৰ লগত চোৰাং-চিকাৰ জড়িত থকাৰ বিষয়েও তথ্য পোৱা গৈছে। অৱশ্যে বিগত বছৰকেইটাত এনে তথ্য পোৱা হোৱা নাই। চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে বিশেষ কেম্প সজাৰ উপৰিও ইতিপূৰ্বে থকা কেম্পসমূহক উন্নত কৰা, পহৰা দিয়া, খবৰ সংগ্ৰহ কৰা আৰু উদ্যানৰ পাৰ্শৱৰ্তী এলেকাত বন্দুক-বাৰুদ নিষিদ্ধ কৰা আদি ব্যৱস্থাই চোৰাং চিকাৰ কিছু দূৰ নিয়ন্ত্ৰণলৈ আনিছে। বছৰেকীয়া বানপানী আৰু মাত্ৰধিক বৰষুণ বন্য জীৱৰ মৃত্যুৰ এটা বৃহৎ কাৰণ, লগতে সংৰক্ষণৰ কাঠামোৰো ই ক্ষতিসাধন কৰে। বানপানীৰপৰা পৰিত্ৰাণৰ বাবে বহুতো জীৱই উদ্যান এলেকাৰ বাহিৰৰ ওখ ঠাইলৈ গুচি যায়, য'ত সহজে চিকাৰ হোৱাৰ উপৰিও তীব্ৰ-বেগী যানবাহনৰ খুন্দাতো প্ৰাণ দিবলগীয়া হয়। জনবসতিৰ খেতি নষ্ট কৰাৰ বাবেও কেতিয়াবা এনে জীৱক হত্যা কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন] এনে সমস্যা হ্ৰাস কৰিবলৈ উদ্যান প্ৰশাসনে পহৰা চকীৰ সংখ্যা বঢ়োৱাৰ লগতে পানীৰ মাজেৰে সূচল পহৰাৰ বাবে বেগী নাৱৰ ব্যৱস্থা কৰিছে। উদ্যানৰ ভিতৰতে কৃত্ৰিম ওখ স্থানৰ ব্যৱস্থাও কৰা হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন] কাজিৰঙা দক্ষিণ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ-ৰ ওপৰেৰ নিৰাপদে জীৱ-জন্তু পাৰ হ'বলৈ কেবাটাও ক'ৰিডৰ নিৰ্মাণ কৰা হৈছে। ঘৰুৱা প্ৰাণীৰ বেমাৰৰ জীৱাণু উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰাকৈ পালিত পশুক প্ৰতিষেধক প্ৰদান কৰা আৰু বন্য জীৱসমূহৰ জিনীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবলৈ পালিত পশুৰ লগত প্ৰজনন কৰিব নোৱাৰাকৈ সংবেদনশীল ক্ষেত্ৰসমূহ বেৰ দিয়া আদি পদ্ধতি পালন কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী চাহবাগিচাৰ কীটনাশক আৰু নুমলীগড় শোধনাগাৰৰপৰা নিৰ্গত আৱৰ্জনাৰে হোৱা জল প্ৰদূষণ উদ্যানখনৰ পৰিস্থিতিতন্ত্ৰৰ বাবে এক ভাবুকি। মিমোছা (Mimosa) আৰু বন গোলাপৰ (wild rose) দৰে আগ্ৰাসী উদ্ভিদে উদ্যানখনৰ থলুৱা উদ্ভিদৰ প্ৰতি আশংকা আনিছে।
676e83caeb21c780d87c64eacf9ad08e2fd62369155a317c0e4e4de110a9ac1d
ভাৰতীয় উপদ্বীপ আৰু তিব্বতীয় মালভূমিৰ জলবায়ুৰ ওপৰত হিমালয়ৰ প্ৰভাৱ আটাইতকৈ বেছি। দক্ষিণ দিশে ভাৰতীয় উপদ্বীপলৈ হিমশীতল, শুকান সুমেৰুৰ পৰা বলা বতাহক হিমালয়ে বাধা প্ৰদান কৰে। ইয়াৰ ফলত অন্যান্য মহাদেশৰ নাতিশীতোষ্ণ অঞ্চলতকৈ দক্ষিণ এছিয়াত বেছি গৰম অনুভৱ কৰা যায়। উত্তৰ দিশলৈ বলা মৌচুমী বতাহকো হিমালয়ে বাধা প্ৰদান কৰাৰ ফলত 'তৰাই অঞ্চল'ত ধাৰাষাৰ বৰষুণ হয়। মধ্য এছিয়াৰ মৰুভূমি, যেনে টাকলা মাকান আৰু গোবি মৰুভূমিৰ সৃষ্টিৰ কাৰণো হিমালয় বুলি ভৱা হয়। পশ্চিমৰ ইৰাণৰপৰা বলা শীতল বতাহক হিমালয় পৰ্বতমালাই বাধা প্ৰদান কৰে। ইয়াৰ ফলত কাশ্মীৰত তুষাৰপাত তথা পঞ্জাব আৰু উত্তৰ ভাৰতত ধাৰাষাৰ বৰষুণ হয়। উত্তৰ দিশৰপৰা বলা হিমশীতল বতাহক হিমালয়ে বাধা প্ৰদান কৰাৰ পাছতো কিছু বতাহ ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৈ যায়। ইয়াৰ ফলস্বৰূপে, উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশৰ উষ্ণতা কিছু পৰিমাণে হ্ৰাস পায়। মেৰু অঞ্চলৰ বাহিৰে হিমালয় পৰ্বতমালাত আটাইতকৈ বেছি হিমবাহৰ অঞ্চল পোৱা যায়। এছিয়াৰ কেইবাখনো উল্লেখযোগ্য নদী ইয়াৰপৰাই উৎপত্তি হৈছে আৰু ইয়াৰ ওপৰতেই পৃথিৱীৰ প্ৰায় ১০কোটি লোকে নিৰ্ভৰ কৰি জীয়াই আছে।
dca532d3c7b32fef3365c881418a14422ca247fb66f399cafd30fd41821c61a0
ভাৰতীয় শিল্প আৰু চিত্ৰকলাত গণেশ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় মূৰ্তিকল্প। গণেশৰ নানা ৰূপৰ বৰ্ণনা যিদৰে পুৰাণ আৰু ইতিহাসত পোৱা গৈছে, তেনেকৈ তেখেতৰ বিচিত্ৰ আৰু বহুমুখী মূৰ্তিও ভাৰতীয় উপমহাদেশত, আনকি উপমহাদেশৰ বাহিৰতো নানা স্থানৰ পৰা আবিষ্কৃত হৈছে। তেখেতৰ মূৰ্তিসমূহ বিচিত্ৰ ভাৱত ৰঞ্জিত। ক’ৰবাত তেওঁ দণ্ডায়মান, ক’ৰবাত নৃত্যৰত, ক’ৰবাত তেওঁ অসুৰবধকাৰী বীৰ যুৱক, ক’ৰবাত শিশুপুত্ৰ বেশত মাতাপিতাৰ কোলাত ক্ৰীড়াৰত অৱস্থাত, আকৌ ক’ৰবাত নিতান্তই পূজাভিলাষী হৈ উপবিষ্ট হৈ থকা। জনা যায় যে, গণেশৰ মূৰ্তি প্ৰথম নিৰ্মিত হৈছিল শ্ৰীলঙ্কাত খ্ৰীষ্টিয় দ্বিতীয় শতিকাত। খ্ৰীষ্টিয় ষষ্ঠ শতিকাত ভাৰতৰ বিভিন্ন অঞ্চলৰ গণেশৰ মূৰ্তি নিৰ্মিত হ’বলৈ আৰম্ভ কৰে। খ্ৰীষ্টিয় সপ্তম শতিকাতেই গণেশে এক লোকপূজ্য দেৱতা ৰ আসন লাভ কৰে আৰু তেখেতৰ বহু মূৰ্তি নিৰ্মিত হ’বলৈ আৰম্ভ কৰে। ভাৰতীয় শিল্পকলাত প্ৰথমৰ পৰাই গণেশ গজানন, একদন্ত আৰু লম্বোদৰৰূপে চিহ্নিত। গণেশৰ ধ্যান, প্ৰাৰ্থনা আৰু প্ৰণাম মন্ত্ৰতো তেখেতৰ এই ৰূপৰেই আদৰ বেছি। যেনে –অৰ্থাৎ, “যিনি খৰ্বাকৃতি, স্থূলশৰীৰ, লম্বোদৰ, গজেন্দ্ৰবদন অথচ সুন্দৰ; বদন হইতে নিঃসৃত মদগন্ধে প্ৰলুব্ধ ভ্ৰমৰসমূহেৰ দ্বাৰা যাঁহাৰ গণ্ডস্থল ব্যাকুলিত; যিনি দন্তাঘাতে শত্ৰুৰ দেহ বিদাৰিত কৰিয়া তাহাৰ দন্ত দ্বাৰা নিজ দেহে সিন্দূৰেৰ শোভা ধাৰণ কৰিয়াছেন; সেই পাৰ্বতীপুত্ৰ সিদ্ধিদাতা ও কামদাতা গণপতিকে বন্দনা কৰি। ”গণেশৰ প্ৰণামমন্ত্ৰতো দেখা যায় – অৰ্থাৎ, “যিনি একদন্ত, মহাকায়, লম্বোদৰ, গজানন আৰু বিঘ্ননাশকাৰী সেই হেৰম্বদেবকে আমি প্ৰণাম কৰি। ”গণেশেৰ প্ৰাৰ্থনা মন্ত্ৰটি ততোধিক সুলিখিত –অৰ্থাৎ, “দেবৰাজ ইন্দ্ৰেৰ মস্তকে বিমান্তিত মন্দাৰপুষ্পেৰ পৰাগসমূহেৰ দ্বাৰা ৰক্তিম হেৰম্বেৰ পাদপদ্মেৰ ৰেণুসমূহ আমাৰ বিঘ্নহৰণ কৰুক। ”গণেশৰ প্ৰথমৰ ফালৰ মূৰ্তিসমূহত দেখা যায়, গণেশে তেখেতৰ ভঙা দাঁতটি স্বহস্তে ধৰি আছে। গণেশ লম্বোদৰ গুপ্তযুগৰ পৰাই। ব্ৰহ্মাণ্ড পুৰাণ মতে, তেখেতৰ উদৰত সমগ্ৰ জগৎসংসাৰৰ অৱস্থান বুলিয়েই তেওঁ লম্বোদৰ। গণেশৰ হস্তসংখ্যা আৰু অস্ত্ৰক লৈ নানা মতবিৰোধ দেখা যায়। সচৰাচৰ গণেশৰ চতুৰ্ভূজ মূৰ্তি অধিক পূজিত হ’লেও স্থানবিশেষে দ্বিভূজৰ পৰা ষড়ভূজ গণেশো দেখা যায়। গণেশৰ হাতত সাধাৰণভাবে পাশ-অঙ্কুশ, বৰাভয় আৰু মোদকেই দেখা যায়। তথাপি বাঙালীলোকসকলে বিশ্বাস কৰে যে গণেশ বিষ্ণুৰ দৰে শঙ্খচক্ৰগদাপদ্মধাৰী। এই প্ৰসঙ্গত ব্ৰহ্মবৈবৰ্ত পুৰাণ-ত বৰ্ণিত পাৰ্বতীৰ কৃষ্ণৰূপী পুত্ৰলাভৰ উপাখ্যানটি স্মৰ্তব্য। গণেশৰ বাহন মূষিক বা এন্দুৰ। এন্দুৰ ধৰ্মৰ অৱতাৰ; মহাবল আৰু পূজাসিদ্ধিৰ অনুকূল। অন্যমতে, সংস্কৃতত মূষিক শব্দটো ‘মুশ’ ধাতুৰ পৰা উৎপন্ন, যাৰ অৰ্থ চুৰি কৰা। ধৰা হয়, গণেশৰ পদতলত এন্দুৰ, গণেশৰ দ্বাৰা বিঘ্নবিজয়ৰ প্ৰতীকমাত্ৰ। বৃহদ্ধৰ্ম পুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি পৃথিৱীয়ে গণেশক মূষিক বাহন দিছিল। ভাৰত আৰু ভাৰতৰ বাহিৰত প্ৰাপ্ত বিভিন্ন প্ৰত্নতাত্ত্বিক নিদৰ্শন আৰু বিভিন্ন শাস্ত্ৰত গণেশৰ এই সাধাৰণ ৰূপৰ বহু ৰূপভেদো পৰিলক্ষিত হয়। এই সকলো ৰূপভেদসকলৰ মূৰ্তি অনুসৰি ধ্যান আৰু পূজাবিধি ভিন্ন ভিন্ন। যেনে, গুপ্তযুগত প্ৰাপ্ত বহুকেইটা গণেশমূৰ্তি অষ্টভূজৰ পৰা দশভূজধাৰী। আকৌ তন্ত্ৰগ্ৰন্থ তন্ত্ৰসাৰত, কাশ্মীৰত, নেপালত আৰু আফগানিস্তানত কোনো কোনো ক্ষেত্ৰত গণেশৰ বাহন সিংহ। ইফালে প্ৰসন্ন গণেশ সাধাৰণ ৰূপেৰেই বিৰাজমান। কিন্তু প্ৰাণতোষিনী তন্ত্ৰ-ত উল্লিখিত চৌৰগণেশে সাধনাৰ ফল চুৰ কৰি বিঘ্নগণেশৰ বিঘ্ন ঘটায়। লক্ষ্মীগণেশ ে লক্ষ্মীক আলিঙ্গন কৰি থাকে। মহাগণপতি – মহাগণপতি গণেশৰ এটা তান্ত্ৰিক ৰূপ। এওঁৰ লগত শক্তি বিৰাজমান আৰু পৰস্পৰে পৰস্পৰৰ উপস্থ স্পৰ্শ কৰি আছে। এই মূৰ্তি শক্তিগণপতি বা বিৰিগণপতিৰ দৰে আদিৰসাশ্ৰিত। হেৰম্ব-গণপতি – হেৰম্ব-গণপতি তন্ত্ৰসাৰ-ত উল্লিখিত। তেওঁ পঞ্চানন। মাজৰ মাথাটি আকাশৰ ফালে ঊৰ্ধ্বমুখ। হাতত বৰ, অভয় , মোদক, নিজদন্ত, টাঙ্গি, মুণ্ডমালা, মুদগৰ, অঙ্কুশ আৰু ত্ৰিশূল। হেৰম্ব শব্দৰ অৰ্থ দীন পালক। বাহন সিংহ। যদিও নেপালত হেৰম্ব-গণপতিৰ বাহন এন্দুৰেই। নৃত্যগণেশ – নৃত্যগণেশ আঠখন হাতেৰে নৃত্যৰত। তেখেতৰ হাতত অস্ত্ৰ নাই। তেওঁ নাচৰ মুদ্ৰা দেখুৱাইছে। বিনায়ক গণেশ – বিনায়ক গণেশৰ উল্লেখ আছে অগ্নিপুৰাণ গ্ৰন্থত। এই গণেশৰ পাঁচটি বিশিষ্ট ৰূপ – চিন্তামণি বিনায়ক, কপৰ্দী বিনায়ক, আশা বিনায়ক, গজবিনায়ক আৰু সিদ্ধিবিনায়ক। যদিও যাজ্ঞবল্ক্য স্মৃতি অনুসৰি বিনায়ক এজনেই, আৰু তেওঁ অম্বিকাপুত্ৰ।
75dbceaf53a23924455381a83099b070f131843a9b6b8c46587f4ba6a9112f8b
ভাৰতীয় ৰে'ল চিভিল ইঞ্জিনিয়াৰিং সংস্থান, পুণে (Indian Railway Institute of Civil Engineering, Pune)। ভাৰতীয় ৰে'ল চিগনেল ইঞ্জিনিয়াৰিং আৰু দূৰসঞ্চাৰ সংস্থান (Indian Railway Institute of Signal and Telecommunications Engineering, Secunderabad)। ভাৰতীয় ৰে'ল মেকানিকেল আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সংস্থান (Indian Railway Institute of Mechanical and Electrical Engineering, Jamalpur)। ৰে'ল সুৰক্ষা বল একাডেমী (RPF Academy, Lucknow)। ভাৰতীয় ৰে'লে ৰে'ল মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰেলৰ চলন্ত সম্পদৰ (rolling stock) বেছি অংশই (ডবা, ইঞ্জিন বা ইয়াৰ অংশ বিশেষ) ৮ টাকৈ উৎপাদন গোটত নিৰ্মাণ কৰে। ভাৰতীয় ৰে'ল চলন্ত সম্পদ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাই নহয়, বহুকেইখন দেশলৈ ই সামগ্ৰী ৰপ্তানিও কৰে। প্ৰতিটো উৎপাদন গোটৰ মুৰব্বী এজন মহা প্ৰবন্ধক। সেইকেইটা হ'লআনহাতে দিল্লীৰ মেট্ৰ' ৰে'ল ব্যৱস্থা পৰিচালিত কৰা "দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেচন" (DMRC) এটা স্ব-শাসিত প্ৰতিষ্ঠান।
1ec5a20c78d8e7ebe38b07c9c5b79b5a5346d7fcef1d5f926f9907a4b015e8e0
ভাৰতীয় ৰে'লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ – বহল ১৬৭৬ মিঃমিঃ, মিটাৰ গজ – বহল ১০০০ মিঃমিঃ আৰু দুই ধৰণৰ নেৰ' গজ। এটা নেৰ' গজৰ বহল ৭৬২ মিঃমিঃ আৰু আনটো নেৰ' গজৰ বহল ৬১০ মিঃমিঃ। মুঠ পথ (route) দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃৰ বিপৰীতে মুঠ ৰে'ল চিৰিৰ (tract) দৈৰ্ঘ্য ১,১৫,০০০ কিঃমিঃ। ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে। মুঠ ৰে'ল চিৰিৰ (track) ৯১% আৰু মুঠ ৰেল পথৰ (route) ৮৬% ব্ৰড গজ। মুঠ পথ দৈৰ্ঘ্যৰ ৭% মিটাৰ গজ পথ। ইউনিগজ প্ৰকল্পৰ অধীনত বিশ্ব ঐতিহ্যৰ অধীনস্থ ৰেল পথবোৰক বাদ দি অন্যান্য পথসমূহক ব্ৰড গজলৈ ৰূপান্তৰণৰ কাম চলি আছে। নেৰ' গজ ৰেলপথৰ দৈৰ্ঘ্য ২,০০০ কিঃমিঃ। সাধাৰণতে নেৰ' গজ ৰেল পথ পাহাৰীয়া অঞ্চলত দেখা যায়। দাৰ্জিলিং হিমালয়ান ৰেলৱে, কালকা-চিমলা ৰেলৱে আৰু কাংগ্ৰা ভেলী ৰেলৱে তিনিটা লেখত লবলগীয়া নেৰ' গজ পথ।
e2a97d37868853f9dd9269f454bcb13b441f1a15e1478ed1528774b7c652b52b
ভাৰতীয় ৰে'লত দুই ধৰণৰ ইঞ্জিন ব্যৱহাৰ হয়- ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন। ইতিমধ্যে ভাপ ইঞ্জিন ভাৰতীয় ৰেলৰ পৰা নাইকিয়া হৈ গৈছে। অৱশ্যে কেইখনমান ঐতিহ্য ৰেলত (Heritage Train) ভাপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। ইঞ্জিনবোৰক ট্ৰেক গজ, ইন্ধন, কি কামৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু ইঞ্জিনৰ শক্তি বা মডেল নম্বৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াক চাৰি বা পাচটা ইংৰাজী আখৰেৰে চিহ্নিত কৰা হয়। ১ম আখৰটোৱে বুজায় কি ট্ৰেক গজৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে – W – ব্ৰডগজৰ বাবে, Y – মিটাৰগজৰ বাবে, Z – ২ ফুট ৬ ইঞ্চি বহল নেৰ'গজৰ বাবে, N – ২ ফুট বহল নেৰ'গজৰ বাবে। ২য় আখৰটোৱে বুজায় ইঞ্জিনটো কি শক্তিৰ চালিত হয় – D – ডিজেলেৰে চালিত, C – ডি.চি. বিদ্যুতেৰে চালিত, A – এ.চি. বিদ্যুতেৰে চালিত, CA – ডি.চি আৰু এ.চি. উভয় বিদ্যুতেৰ ইঞ্জিন চালিত (CAক এটা আখৰ বুলি গণ্য কৰা হয়), B – বেটাৰীৰে চালিত(এনে ইঞ্জিন বিৰল)। ৩য় আখৰটোৱে বুজায় কি কামৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে – G-মালগাড়ীৰ বাবে, P-যাত্ৰীবাহী গাড়ীৰ বাবে, M-যাত্ৰীবাহী আৰু মালগাড়ী উভয়ৰে বাবে, S-চাণ্টিঙৰ বাবে, U-উপনগৰীয় ৰে'লৰ বাবে (Electric multiple unit), R-ৰেলি কাৰৰ বাবে। ৪ৰ্থ আখৰটোৱে বুজায় ইঞ্জিনৰ অশ্বশক্তি (horsepower) বা মডেল নম্বৰ। উদাহৰণ স্বৰূপে, WDG-4 ইঞ্জিন মানে হ'ল – ই এটা ব্ৰডগজ ইঞ্জিন, ডিজেলেৰে চালিত হয়, মালগাড়ীৰ বাবে নিৰ্মিত আৰু ইয়াৰ অশ্বশক্তি ৪০০০ (১০০০ অশ্বশক্তি = ১)।
ab7b5e896ee23536c713498a1f2b8c3f31e31d8b404c7b19ab5016a1404093db
ভাৰতীয় ৰেলে বিশেষকৈ বিদেশী পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজকীয় সা-সুবিধাৰে কেইখনমান অতি বিলাসী পৰ্যটন ৰেলৰ প্ৰৱৰ্তন কৰিছে। সেই কেইখন হ'ল:পেলেচ অন হুইলচ (Palace on Wheels): ভাৰতীয় ৰেল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত এই ৰেলখন চলোৱা হৈছে। ই বিশ্বৰ দহখন বিলাসী ৰেলৰ অন্যতম। যাত্ৰাৰ আৰম্ভণী আৰু,সামৰণি ষ্টেচন দিল্লী। পেলেচ অন হুইলচৰ সাদিনীয়া ভ্ৰমণসূচীত ৰাজস্থানৰ জয়পুৰ, চেৱাই মাধোপুৰ, চিতোৰগড়. উদয়পুৰ, যোধপুৰ, ভৰতপুৰ আৰু উত্তৰ প্ৰদেশৰ আগ্ৰাক সামৰি লৈছে। [1]ডেক্কান অ'ডিচি (Deccan Odyssey): ভাৰতীয় ৰেল আৰু মহাৰাষ্ট্ৰ পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত ২০০৫ চনত ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। ইয়াক ইউৰোপৰ পৰ্যটন ৰেল অ'ৰিয়েণ্টেল এক্সপ্ৰেছ বা দক্ষিণ আফ্ৰিকাৰ পৰ্যটন ৰেল ব্লু ট্ৰেইনৰ সৈতে তুলনা কৰা হয়। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেচন মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ। ডেক্কান অ'ডিচিৰ ভ্ৰমণসূচীত আছে- সিন্ধুদূৰ্গ, গোৱা, কোহলাপুৰ, ঔৰঙ্গাবাদ আৰু নাচিক। [2]গোল্ডেন চেৰিয়ট (The Golden Chariot): ভাৰতীয় ৰেল আৰু কৰ্ণাটক ষ্টেট টুৰিজিম ডেভলপমেণ্ট কৰ্পোৰেচনৰ যুগ্ম উদ্যমত ২০০৮ চনত ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেচন যশোৱন্তপুৰম (বাংগালুৰু)। গোল্ডেন চেৰিয়টৰ 'প্ৰাইড অৱ চাউথ' শীৰ্ষক ভ্ৰমণসূচীত কাবিনী, শ্ৰীৰঙ্গপট্টনম, মহীশূৰ, শ্ৰাৱণবেলাগোলা, বেলুৰ, হালেবিল, হাম্পি, বাদামী, পাট্টাদকাল আৰু গোৱাক সামৰি লৈছে।
f6c45bcb503d659790ba4320de4c3a8b0e6500b3e0dd1a73d06cadba773f1c58
ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন নোহোৱা স্বত্বেও তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি কালামৰ তত্ত্বাৱধানত চলি থকা এই পৰীক্ষণসমূহৰ বাবে গোপনে পূঁজিৰ যোগান ধৰে। এই গোপনীয় মহাকাশ পৰীক্ষণসমূহৰ আচল উদ্দেশ্য লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাক সন্মত কৰোৱাতো কালামৰ উল্লেখযোগ্য ভূমিকা আছিল। কালামৰ গৱেষণা আৰু শৈক্ষিক নেতৃত্ব সেই সময়ত তেখেতক অতি জনপ্ৰিয় আৰু সন্মানীয় আসনত প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ বাবেই ১৯৮০ চনত চৰকাৰে তেখেতৰ নিৰ্দেশনাত এক উচ্চাকাংক্ষী ক্ষেপনাস্ত্ৰ কাৰ্যসূচী হাতত লৈছিল। কালাম আৰু ধাতুবিদ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞান উপদেষ্টা ড॰ ৱি এচ অৰুণাচলমে, তদানীন্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰ ভেংকটৰমণৰ উপদেশমৰ্মে, একেলগে কেইবাবিধৰো ক্ষেপনাস্ত্ৰ বিকাশ কৰাৰ আঁচনি তৈয়াৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ভেংকটৰমণে কালামক এই "সংহত দিকনিৰ্দেশিত ক্ষেপনাস্ত্ৰ বিকাশ পৰিযোজনা" (IGMDP) আৰু ব্যক্তিগত প্ৰচেষ্টাৰে এই পৰিযোজনাৰ বাবে ৩৮৮ কোটি টকা মন্ত্ৰীসভাৰ পৰা অনুমোদন কৰাইছিল। ভাৰতৰ মধ্যম দূৰত্বৱৰ্তী বেলিষ্টিক ক্ষেপনাস্ত্ৰ অগ্নি (Agni) আৰু টেক্টিকেল চাৰফেচ টু চাৰফেচ ক্ষেপনাস্ত্ৰ পৃথিৱীৰ (Prithvi) বিকাশত কালামৰ অবদান সকলোতকৈ অধিক, যদিও এই প্ৰকল্প দুটা অধিক সময় আৰু পূঁজি ব্যয় কৰাৰ লগতে প্ৰশাসনীয় খেলিমেলিৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। ১৯৯২ চন জুলাই মাহৰ পৰা ১৯৯৯ চনৰ ডিচেম্বৰলৈকে কালামে প্ৰধানমন্ত্ৰীৰ মুখ্য বিজ্ঞান উপদেষ্টা আৰু ডি আৰ ডি অ'ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়ছোৱাতে পোখৰান-২ (Pokhran-II) নিউক্লীয় পৰীক্ষা লানি সম্পন্ন হয় আৰু এই ক্ষেত্ৰত তেখেতৰ কাৰিকৰী আৰু ৰাজনৈতিক অবদান অত্যন্ত মহত্ত্বপূৰ্ণ। এই পৰীক্ষণত কালামে আৰ. চিদাম্বৰমৰ সৈতে মুখ্য প্ৰকল্প সমন্বয়ৰক্ষী (Chief Project Co-ordinator)-ৰ দ্বায়িত্ব পালন কৰে। সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ হোৱা আলোকচিত্ৰ আৰু খবৰ বিলাকে কালামক দেশৰ সৰ্বশ্ৰেষ্ঠ আনৱিক বিজ্ঞানীৰ ৰূপত প্ৰতিষ্ঠা কৰে। ১৯৯৮ চনত হৃদৰোগ বিশেষজ্ঞ ড॰ সোমা ৰাজুৰ সৈতে লগ লাগি কালামে এক কম খৰচী "কৰনেৰী ষ্টেণ্ট" নিৰ্মাণ কৰি উলিয়ায়।
348dd4cb16005b8daf06edfb29be1eb613ec56f0b3d135cc7f5dbd0200a763e1
ভাৰতৰ পশ্চিমাঞ্চলীয় ৰাজ্য মহাৰাষ্ট্ৰত 19.0°N 73.0°E / 19.0; 73.0 অক্ষ-দ্ৰাঘিমাংশত মুম্বাই চহৰ অৱস্থিত। এই চহৰ মুম্বাই জিলা আৰু মুম্বাই উপনগৰ জিলা নামেৰে মহাৰাষ্ট্ৰৰ দুটি পৃথক ৰাজস্ব জিলাক লৈ গঠিত। মূল চহৰাঞ্চলক দ্বীপচহৰ বা আইল্যাণ্ড চিটি নামেৰেও অভিহিত কৰা হয়। মুম্বাইৰ মুঠ আয়তন ৬০৩.৪ বৰ্গকিলোমিটাৰ। এৰ ৪৩৭.৭১ বৰ্গকিলোমিটাৰ অঞ্চলটৰ মাজত দ্বীপচহৰৰ আয়তন ৬৭.৭৯ বৰ্গকিলোমিটাৰ আৰু উপনগৰ জিলাৰ আয়তন ৩৭০ বৰ্গকিলোমিটাৰ। এই দুই অঞ্চল বৃহন্মুম্বাই পৌৰসংস্থাৰ (বিএমচ)ৰ এক্তিয়াৰভুক্ত। অৱশিষ্ট অঞ্চল প্ৰতিৰক্ষা মন্ত্ৰক, মুম্বাই বন্দৰ কৰ্তৃপক্ষ, পৰমাণু শক্তি কমিছন আৰু বোৰবলি জাতীয় উদ্যানৰ এক্তিয়াৰভুক্ত, যিটো বিএমচি-ৰ এক্তিয়াৰৰ বাহিৰত অৱস্থিত। ভাৰতৰ পশ্চিম উপকূলৰ কোঙ্কণ অঞ্চলত উলহাচ নদীৰ মোহনাত সাষ্টী দ্বীপত মুম্বাই অৱস্থিত। সাষ্টী দ্বীপৰ কিয়দংশ আকৌ থানে জিলাৰ অন্তৰ্গত। মুম্বাইৰ পশ্চিমাংশ আৰব সাগৰৰ দ্বাৰা বেষ্টিত। চহৰৰ অনেক অঞ্চলেই সমুদ্ৰপৃষ্ঠৰ পৰা সামান্য উচ্চতাত অৱস্থিত। চহৰৰ উচ্চতা মোটামুটি ১০ পৰা ১৫ মিটাৰৰ মাজত; গড় উচ্চতা ১৪ মিটাৰ। উত্তৰ মুম্বাই (সাষ্টী) অঞ্চলটো পৰ্বতময়।
4474fc70dcf81f89c240f7bc6acb9aaa3ddba3c44497a602256b9ae6a6eb271d
ভাৰতৰ ৰে'ল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমিটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰে'লপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰে'লৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং। প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত ব্ৰিটিছে ভাৰতত ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঁথা কৰি আছিল। তদুপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণত ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও ব্ৰিটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰে'লৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি ব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত "দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰে'লৱে" (Great Indian Peninsula Railway) গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল মুম্বাইৰ ব'ৰী বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰেলৱেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কিঃ মিঃ দৈৰ্ঘ্যৰ এটা ৰেলপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰে'ল পৰিবহণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব'ৰী বন্দৰ ষ্টেচনৰ পৰা থানেলৈকে প্ৰথম ৰে'লৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰে'লখনত সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল; আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাঁই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত। ব'ৰী বন্দৰ ষ্টেচনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাছ আৰু বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি নামকৰণ কৰা হ'ল।
9a0f8954e91633dd54ad2dfc6b15f5e381f1cce741dd84403326f4e100c26c55
ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে। তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেংকটাৰামনৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰামনৰ এই আৱিষ্কাৰ সমূহে ৰামনলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টক’হমত অনুষ্ঠিত হোৱা ন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহণ কৰিছিল। চন্দ্ৰশেখৰ ভেংকটাৰামনৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্ত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। ন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰিছিল।
65224aaa057f29c3bea3e3e2b298f8699ded359bfbc4468c287c9019709a4cfa
মধ্যযুগীয় আৰু আধুনিক কালৰ বাংলা সাহিত্যত গণেশৰ উপস্থিতি অনেকাংশই উজ্জ্বল। মধ্যযুগীয় সাহিত্যত গণেশ বিঘ্ননাশক দেৱতা আৰু সেই সূত্ৰে কাব্যৰ প্ৰাৰম্ভতে তেখেতৰ বন্দনা আৱশ্যকীয় কৰ্তব্য। ইয়াৰ বাদেও কৃত্তিবাস ওঝাই তেখেতৰ ৰামায়ণ পদ্যানুবাদত গণেশৰ জন্মকাহিনীটো অন্তৰ্গত কৰিছিল। অন্যহাতে আধুনিক সাহিত্যত গণেশৰ সেই দেবভূমিকা অনেকদূৰ খৰ্ব কৰা হৈছে। আজিও বিভিন্ন পূজাবাৰ্ষিকীত ব্যঙ্গকৌতুকমূলক ৰচনাত গণেশৰ উপস্থিতি উজ্জ্বল। বাল্মীকি ৰচিত মূল ৰামায়ণত গণেশৰ জন্মোপাখ্যানৰ সলনি স্থান পাইছিল কাৰ্তিকৰ জন্মকথাই। কৃত্তিবাসে সেই কাহিনী পৰিহাৰ কৰি ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু বৃহদ্ধৰ্ম পুৰাণে-ত উল্লিখিত কাহিনীৰ মিহলি কৰি গণেশৰ জন্মবিষয়ক এটা উপাখ্যান তেখেতৰ ৰামায়ণত অন্তৰ্ভুক্ত কৰে। কাহিনীটো এইধৰণৰ –ৰজা দশৰথে শনিৰ ভৱনলৈ গমন কৰাত শনি আপ্লুত হ’লে। কিন্তু তেওঁ ৰজাৰ ফালে দৃষ্টিপাত নকৰাকেই বাক্যালাপ কৰিবলৈ আৰম্ভ কৰিলে। দশৰথে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত শনি ক’লে:গৌৰীৰ সন্তান হোৱাত সকলো দেৱগণেই তেওঁক চাবলৈ গ’ল। কিন্তু শনি নগ’ল। ইয়াতে গৌৰীয়ে দূত পঠিয়াই তেওঁক মাতি পঠালে। গৌৰীৰ ইচ্ছাত শনিয়ে শুভদৃষ্টিৰেই নবজাতকৰ ফালে দৃষ্টিপাত কৰিলে। কিন্তু সেই শিশুৰ মুণ্ড তাতেই ছাই হৈ গ’ল। গৌৰী ব্যথিত হ’লে। জানিব খুজিলে, কোনে মোৰ পুত্ৰৰ মূৰ নিলে?
379eb1b6504a4fdc3ec240aeeb759c32fecd9e2202649018533ef6109c681daa
মহামানৱ মহাত্মা গান্ধীৰ অহিংস অসহযোগৰ আহ্বান দিয়াৰ সময়তে দেশৰ শ শ লোকৰ সৈতে ৰাজাজীয়েও নিজৰ লাভবান ব্যৱসায় এৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। এনেদৰে তেওঁ ১৯২০ চনৰ পৰা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিটো আন্দোলনতে অংশ গ্ৰহণ কৰি বহুবাৰ কাৰাবৰণ কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ প্ৰস্তাৱৰ সময়ত আন আন নেতাৰ লগত মনোমালিন্য ঘটি তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিছিল। তেওঁ বিভিন্ন ৰাজহুৱা বিষয়-পদত থাকি, দেশলৈ অৰিহণা আগবঢ়াইছিল। তেওঁ জৱাহৰলাল নেহৰু চৰকাৰৰ মন্ত্ৰীসভাতো যোগদান কৰিছিল। কিছুদিনৰ কাৰণে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল। ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল মাদ্ৰাজ (তামিলনাডু)ৰ মুখ্যমন্ত্ৰী। ভাষা সাহিত্যলৈও তেওঁ যথেষ্ট বৰঙনি আগবঢ়াইছে।
924ca57ca83419b683c3e4c5d3f0de6db1140b41d6bf1211ba4b4ce2f2aebda4
মাকক দিয়া শপত বাক্যৰ উপৰিও নিৰামিষ ভোজনৰ উপকাৰিতা সম্বন্ধে তেওঁ পঢ়া-শুনাও কৰে আৰু একান্ত আগ্ৰহী হৈয়েই নিৰামিষাহাৰী হয়। তেখেতে নিৰামিষভোজী সংঘত যোগ দিয়ে আৰু কাৰ্যকৰী কমিটিৰ সদস্যও নিৰ্বাচিত হয়, লগতে এই সংস্থাৰ এটা স্থানীয় শাখাও প্ৰচলন কৰে। তেখেতৰ এই অভিজ্ঞতা পৰৱৰ্তী জীৱনৰ সাংগঠনিক কাম-কাজৰ সহায়ক হয়। নিৰামিষভোজী বহুতো সদস্য থিওছ'ফিকেল ছ'ছাইটি (Theosophical Society)-ৰো সদস্য আছিল। এই ছ'ছাইটি গঠিত হৈছিল ১৮৭৫ চনত; সৰ্বজনীন ভ্ৰাতৃত্বৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। ইয়াত ধৰ্ম শিক্ষা হিচাপে বৌদ্ধ আৰু হিন্দু ব্ৰাহ্মণ্য দসাহিত্য পঢ়ুওৱা হৈছিল। ইয়াতেই গান্ধীয়ে ভাগৱত গীতা অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা পাইছিল। ইয়াৰ আগলৈকে ধৰ্মৰ কাৰণে গান্ধীয়ে বিশেষ উৎসাহ অনুভৱ কৰা নাছিল যদিও এই সময়তে তেওঁ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলামসহ অন্যান্য ধৰ্ম সম্পৰ্কে আৰু বিভিন্ন ৰীতি-নীতি সম্পৰ্কে অধ্যয়ন কৰে। ১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ওকালতি কৰাৰ অনুমতি পায় আৰু ভাৰতলৈ উভতি আহে। স্বগৃহলৈ উভতি আহি তেখেতে জানিব পাৰে যে ইতিমধ্যে মাকৰ মৃত্যু হৈছে আৰু বিদেশত থকা কালত তেখেতক এই কথা জানিবলৈ দিয়া হোৱা নাছিল। বোম্বাইত তেখেতে ওকালতি আৰম্ভ কৰে। কিন্তু তেখেতৰ ওকালতি পেছা ভালকৈ আগবঢ়া নাছিল, কাৰণ আদালতত কথা ক'বলৈ তেখেতে অসুবিধা পাইছিল। সেয়ে তেওঁ ৰাজকোটলৈ উভতি আহে আৰু 'আৰ্জি লেখক' হিচাপে কাম কৰিবলৈ লয়।
88efc26753b6b18cef8ecefd822f5a1d5f6a8a88d92821018a0bc28a18015687
মুম্বাই ছটা লোকসভা (সংসদীয়) কেন্দ্ৰক লৈ গঠিত। এইবোৰ হ’ল: মুম্বাই উত্তৰ, মুম্বাই উত্তৰ পশ্চিম, মুম্বাই উত্তৰ পূৰ্ব, মুম্বাই উত্তৰ মধ্য, মুম্বাই দক্ষিণ মধ্য আৰু মুম্বাই দক্ষিণ লোকসভা কেন্দ্ৰ। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত এই কেন্দ্ৰসমূহৰ মাজত পাঁচটাতে কংগ্ৰেছ আৰু এটাত এনচিপিয়ে জয়লাভ কৰে। অন্যহাতে মুম্বাইত মহাৰাষ্ট্ৰ বিধানসভাৰ ৩৬টা কেন্দ্ৰ অৱস্থিত। ২০০৯ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত এই কেন্দ্ৰসমূহৰ মাজত ১৭টাত কংগ্ৰেছ, ৬টাত এমএনএচ, ৫টাত বিজেপি, ৪টাত শিবসেনা আৰু এটাত এচপিয়ে জয়লাভ কৰে। [2][3] [4] বৃহন্মুম্বাই পৌৰসংস্থাৰ কৰ্পোৰেটসকল প্ৰতি পাঁচ বছৰৰ ব্যৱধানত নিৰ্বাচিত হয়। এই পৌৰসংস্থা ২৪টা মিউনিচিপ্যাল ওৱাৰ্ডৰ ২২৭ জন নিৰ্বাচিত জনপ্ৰতিনিধি, পৌৰপ্ৰশাসনৰ বিশেষ জ্ঞান আৰু অভিজ্ঞতাসম্পন্ন পাঁচ জন মনোনীত কাউন্সিলৰ আৰু এজন মেয়ৰক লৈ গঠিত। মুম্বাইৰ মেয়ৰ পদটো প্ৰধানত: নামসৰ্বস্ব।
a4327020429e05122deeff8a97aba385be68dd3e36b725d598fd425719e758b9
মুম্বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মস্থান আৰু অতীতৰ এক শক্তিশালী ঘাঁটি। ১৮৮৫ চনৰ ২৮-৩১ ডিচেম্বৰত বোম্বাই চহৰতেই জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। কংগ্ৰেছৰ প্ৰথম পঞ্চাশ বছৰত মুঠ ছবাৰ ইয়াতেই কংগ্ৰেছৰ অধিবেশন আয়োজিত হৈছিল। বিংশ শতাব্দীতো বোম্বাই সেয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক অন্যতম প্ৰধান কেন্দ্ৰত পৰিণত হয়। ১৯৬০-ৰ দশকত বোম্বাইত আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ উত্থান ঘটে। ১৯৬৬ চনৰ ১৯ জুনত শিবসেনা দলটি প্ৰতিষ্ঠিত হয়। এই দলে মহাৰাষ্ট্ৰৰ স্থানীয় অধিবাসী মাৰাঠীসকলৰ অধিকাৰৰ সপক্ষে মতপ্ৰকাশ কৰে আৰু মুম্বাই পৰা উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় অভিবাসীৰ বলপূৰ্বক বিতাড়িত কৰাৰ অভিযান আৰম্ভ কৰে। স্বাধীনতাৰ পাছৰ পৰা ১৯৮০-ৰ দশকৰ মধ্যভাগ পৰ্যন্ত চহৰৰ ৰাজনীতিত কংগ্ৰেছৰ একাধিপত্য টিকি আছিল।
0d25326e74e3ceb3a562ee47d61fdf540a26a763fceabe158261f8eda765666e
মুম্বাই ভাৰতৰ প্ৰধান বহুভাষিক চহৰ। ভাৰতৰ প্ৰধান ভাষাসমূহৰ মাজত ১৬টা ভাষা এই চহৰত কথিত হয়। চৰকাৰী ভাষা মাৰাঠী; অন্যান্য ভাষাসমূহ হ’ল হিন্দী, গুজৰাটী আৰু ইংৰাজী। উন্নয়নশীল দেশসমূহৰ দ্ৰুত বৰ্ধমান চহৰবোৰত যি যি সমস্যা দেখা যায়, তাৰ বেছিভাগেই মুম্বাইত বিদ্যমান। ব্যাপক দাৰিদ্ৰ্য আৰু বেকাৰত্ব, অনুন্নত স্বাস্থ্যব্যৱস্থা, অনুন্নত জীৱনযাত্ৰা আৰু শিক্ষাৰ মান এই চহৰৰ মূল সমস্যা। বসবাসৰ সুবন্দোবস্ত থকা সত্ত্বেও মুম্বাইবাসীসকলে অনেক সময়তেই কৰ্মস্থলৰ পৰা দূৰ জনাকীৰ্ণ আৰু তুলনামূলকভাবে ব্যয়বহুল আবাসত বাস কৰে। এই কাৰণে জন পৰিবহণ ব্যৱস্থাৰ মাধ্যমবোৰত সদায়ে প্ৰচুৰ ভীৰ থাকে আৰু যানজঁট নিত্যনৈমিত্তিক বিষয় হৈ উঠে। কোনো কোনোৱে বাচ অথবা ট্ৰেন ষ্টেচনৰ কাষতে বসবাস কৰে। যদিও উপনগৰৰ বাসিন্দাসকলৰ দক্ষিণলৈ প্ৰধান বাণিজ্য কেন্দ্ৰত গৈ পাবলৈ অনেক সময় লাগি যায়। এছিয়াৰ দ্বিতীয় বৃহত্তম বস্তি ধাৰাবি মধ্য মুম্বাইত অৱস্থিত; ইয়াত বসবাস কৰে প্ৰায় ৮০০,০০০ মানুহ।
72b3e8851d30b2a10270fc81ca5fdfcf5a2cc000e1525c50fd3519e426dec63e
মুম্বাই ভাৰতৰ বৃহত্তম চহৰ আৰু অৰ্থনৈতিক ৰাজধানী। দেশৰ সামগ্ৰিক জিডিপিৰ ৫ শতাংশ উৎপাদিত হয় এই চহৰতে। ইয়াৰ বাহিৰেও মুম্বাই ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰও। দেশৰ সামগ্ৰিক কাৰখানা শ্ৰমিক নিয়োগৰ ১০ শতাংশ, শিল্পোৎপাদনৰ ২৫ শতাংশ, আয়কৰ সংগ্ৰহৰ ৩৩ শতাংশ, বহিঃশুল্কৰ ৬০ শতাংশ, কেন্দ্ৰীয় অন্তঃশুল্কৰ ২০ শতাংশ বৈদেশিক বাণিজ্যৰ ৪০ শতাংশ আৰু ৪ হাজাৰ কোটি টাকা কৰ্পোৰেট কৰৰ উৎস হল মুম্বাই। মুম্বাইৰ জিডিপি ২০০,৪৮৩ কোটি টকা আৰু জনেপ্ৰতি আয় ১২৮,০০০ টকা। মুম্বাইৰ জনেপ্ৰতি আয় ভাৰতৰ জাতীয় গড়ৰ জনেপ্ৰতি আয়ৰ তিন গুণ। ভাৰতৰ অসংখ্য শিল্পগোষ্ঠী (লাৰচেন অ্যাণ্ড টব্ৰো, ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় জীৱন বিমা নিগম, টাটা গোষ্ঠী, গোদৰেজ গোষ্ঠী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ সহ) আৰু পাঁচটা ফৰচুন গ্লোবাল ৫০০ কোম্পানিৰ প্ৰধান কাৰ্যালয় মুম্বাইত অবস্থিত। এই অঞ্চলত অনেক বিদেশী বেংক আৰু বাণিজ্যিক সংস্থাৰ শাখাও আছে। এইবোৰৰ মাজত বিশ্ব বাণিজ্য কেন্দ্ৰ বিশেষভাবে উল্লেখযোগ্য। ১৯৭০-ৰ দশক পৰ্যন্ত মুম্বাইৰ অৰ্থনৈতিক সমৃদ্ধিৰ পশ্চাতত আছিল বস্ত্ৰবয়ন শিল্প আৰু বৈদেশিক বাণিজ্য।
aeb52db9ab4120afec838b7645e5cd56ae903c1067f43f46f1b5d908f9bf711c
মুম্বাই শব্দটোৰ প্ৰচলন হয় স্থানীয় অশিক্ষিত মাৰাঠীসকলৰ উচ্চাৰণবিকৃতিৰ পৰা। তেখেতসকলে মাৰাঠী ভাষাত বোম্বাই শব্দটো উচ্চাৰণ কৰিব নোৱাৰে। বোম্বাই শব্দটোৰ উদ্ভব হয় খ্ৰীষ্টিয় ষোড়শ শতাব্দীত এই অঞ্চলত পৰ্তুগীজসকলৰ আগমনৰ পাছত। তেখেতসকলে এই অঞ্চলক বিভিন্ন নামেৰে অভিহিত কৰিছিল। এই নামসমূহৰ মাজৰ পৰা বোম্বাইম (Bombaim) শব্দটোৱে লেখ্য আকাৰত প্ৰচলন লাভ কৰে। পৰ্তুগীজ ভাষাত শব্দটো আজিও প্ৰচলিত। সপ্তদশ শতাব্দীত ব্ৰিটিছসকলে এই অঞ্চলৰ অধিকাৰ অৰ্জন কৰে। ধৰা হয়, চহৰৰ বোম্বাই নামটো পৰ্তুগীজ বোম্বাইম শব্দটোৰ ইংৰাজীকৃত ৰূপ। এই চহৰৰ মাৰাঠী আৰু গুজৰাটীভাষীসকলৰ কাষত মুম্বাই বা মম্বাই আৰু হিন্দী, পাৰ্চী আৰু উৰ্দুভাষীসকলৰ কাষত বম্বাই নামেৰে পৰিচিত। কেতিয়াবা কেতিয়াবা এই চহৰক আৰু পুৰণা ককমুচী বা গলজুঙ্কজা নামেৰেও অভিহিত কৰা হয়। ১৯৯৫ চনৰ নৱেম্বৰত শিবসেনাই মাৰাঠী উচ্চাৰণ অনুসৰি চহৰৰ নাম পৰিবৰ্তন কৰি ৰাখে মুম্বাই। হিন্দু জাতীয়তাবাদী দল শিবসেনাই এই নাম পৰিবৰ্তনক লৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰেছিল। ইয়াৰ পাছত মুম্বাইৰ দেখাকদেখি দেশৰ অনেক চহৰেই ইংৰাজী নাম পৰিবৰ্তন কৰি স্থানীয় উচ্চাৰণ অনুযায়ী নামকৰণ কৰা হয়।
363e877b7f3a4ff96ca0059906ae1c4e60f8a2f357562797382bd7d139de5d46
মুম্বাইৰ জন পৰিবহণ ব্যৱস্থাৰ অন্তৰ্গত পৰিবহণ মাধ্যমবোৰ হ’ল মুম্বাই পাতালবাহী ৰেল, বৃহন্মুম্বাই ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্ট (বিইএচটি) বাচ, টেক্সি, অ’ট ৰিস্কা আৰু ফেৰী। ২০০৮ চনৰ হিচাব অনুযায়ী, পাতালবাহী ৰেল আৰু বিইএচটি বাচ পৰিসেৱাৰ মাধ্যমেৰে চহৰৰ ৮৮ শতাংশ যাত্ৰীয়ে পৰিবহণ কৰে। কলা আৰু হালধীয়া মিটাৰযুক্ত টেক্সি পৰিসেৱা সমগ্ৰ চহৰতেই পোৱা যায়। উল্লেখ্য, টেক্সিৰে মুম্বাইৰ সকলোতে প্ৰবেশ কৰিব পাৰিলেও, অ’ট ৰিস্কা চলাচলৰ অনুমতি কেবলমাত্ৰ চহৰৰ উপনগৰ অঞ্চলতহে আছে। আইনানুসৰি, মুম্বাইৰ টেক্সি আৰু অ’ট ৰিস্কাই ঘন প্ৰাকৃতিক গেচ্‌ক ইন্ধন হিচাপে ব্যবহাৰ কৰিব লাগে। এই দুই পৰিসেৱা চহৰৰ সুলভ আৰু কম খৰচৰ যাত্ৰী পৰিসেৱা। ২০০৮ চনৰ হিচাব অনুযায়ী, মুম্বাই চহৰত মুঠ যানবাহনৰ সংখ্যা ১৫,৩০০,০০০। আকৌ ২০০৫ চনৰ এক হিচাব অনুযায়ী, চহৰত কলা আৰু হালধীয়া টেক্সিৰ সংখ্যা ৫৬,৪৫৯ আৰু অ’ট ৰিস্কাৰ সংখ্যা ১,০২,২২৪। নবি মুম্বাইৰ এনএমএমটিয়ে মুম্বাইত ভলভো বাচ চলায়। এই বাচসমূহ নবি মুম্বাইৰ পৰা বান্দ্ৰা, দিনদোশি আৰু বোৰিবলি পৰ্যন্ত চলাচল কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় পথ ব্যৱস্থাৰ ৩ নং ৰাষ্ট্ৰীয় পথ, ৪ নং ৰাষ্ট্ৰীয় পথ আৰু ৮ নং ৰাষ্ট্ৰীয় পথএ মুম্বাইক দেশৰ অন্যান্য অংশৰ লগত যুক্ত কৰিছে। মুম্বাই-পুনে এক্সপ্ৰেচ ভাৰতত নিৰ্মিত প্ৰথম এক্সপ্ৰেচ। ইয়াৰ বাদেও মুম্বাই-ভদোদৰা এক্সপ্ৰেচ বৰ্তমানে নিৰ্মাণাধীন। মাহিম কজৱে আৰু সদ্যনিৰ্মিত ৰাজীব গান্ধী সমুদ্ৰসেতুৱে দ্বীপচহৰৰ লগত পশ্চিম উপনগৰৰ সংযোগ ৰক্ষা কৰিছে। চহৰৰ তিনিটা প্ৰধান ৰাস্তা হল চিয়নৰ পৰা থানে পৰ্যন্ত প্ৰসাৰিত ইষ্টাৰ্ন এক্সপ্ৰেচ হাইওৱে, চিয়নৰ পৰা পানভেল পৰ্যন্ত প্ৰসাৰিত চিয়ন পানভেল এক্সপ্ৰেচ আৰু বান্দ্ৰাৰ পৰা বোৰিবলি পৰ্যন্ত প্ৰসাৰিত ওয়েষ্টাৰ্ন এক্সপ্ৰেচ হাইওৱে। ২০০৮ চনৰ হিচাপ অনুযায়ী, মুম্বাইৰ বাচ পৰিসেৱাই প্ৰতিদিনে পঁচপন্ন লক্ষ যাত্ৰী বহন কৰে। চহৰৰ সকলো অঞ্চলত আৰু নবি মুম্বাই, মীৰা-ভায়ান্দৰ আৰু থানে অঞ্চলতো বিইএচটি-ৰ পাবলিক বাচ পৰিসেৱা সুলভ। কম দূৰত্বৰ ভ্ৰমণৰ বাবে যাত্ৰীসকলে বাচৰ ব্যৱহাৰেই বেছিকৈ কৰে। যদিও বেছিদূৰত্বৰ ভ্ৰমণৰ ক্ষেত্ৰত ট্ৰেন বেছি সস্তা। বিইএচটিয়ে মুঠ ৪,০১৩খন বাচ চলায়। এইবোৰৰ মাজত চিচিটিভি কেমেৰা লগোৱা থাকে। এই বাচবোৰে ৩৯০টা ৰুটেৰে দৈনিক ৪৫ লক্ষ যাত্ৰীৰ পৰিবহণ কৰে। এই বাচসমূহৰ মাজত আছে চিঙ্গল-ডেকাৰ, ডাবল-ডেকাৰ, ভেষ্টিবিউল, লো-ফ্লোৰ, প্ৰতিবন্ধী-সহায়ক, বাতানুকূল আৰু ইউৰো থ্ৰি মানসম্মত ঘন প্ৰাকৃতিক গেচ চালিত বাচ। মহাৰাষ্ট্ৰ ৰাজ্য পথ পৰিবহণ সংস্থা (এমএচআৰটিচি)ৰ বাচবোৰ আন্তঃনগৰীয় পৰিবহণৰ কামত ব্যবহৃত হয়। এই বাচসমূহে মহাৰাষ্ট্ৰৰ অন্যান্য চহৰৰ লগত মুম্বাইৰ যোগাযোগ ৰক্ষা কৰে। মুম্বাই দৰ্শন নামৰ এটা পৰ্যটক বাচ পৰিসেৱাই পৰ্যটকক মুম্বাইৰ দৰ্শনীয় স্থানবোৰ ঘূৰি দেখুওৱাত সহায় কৰে। মুম্বাই বিআৰটিএচ (বাচ ৰ‌্যাপিড ট্ৰানজিট চিষ্টেম)ৰ লেনবোৰ সমগ্ৰ মুম্বাইৰ সুবিধাৰ্থে পৰিকল্পিত হৈছে।
aedf13103b8a85cf3f7cf56b2ddd3ca74a5404ce0abb5e6afc6eda803c00e525
মুম্বাইৰ জলবায়ু ক্ৰান্তীয় প্ৰকৃতিৰ। কোপেন জলবায়ু বৰ্গীকৰণ অনুযায়ী এই জলবায়ু ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুষ্ক প্ৰকৃতিৰ। ইয়াত সাত মাহ শুষ্ক আৱাহাৱা বিৰাজ কৰে আৰু জুলাই মাহত প্ৰচুৰ বৃষ্টিপাত হয়। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ পৰ্যন্ত শীতকালত আৰু মাৰ্চৰ পৰা জুন মাহ পৰ্যন্ত গ্ৰীষ্মকাল বিৰাজ কৰে। জুনৰ পৰা চেপ্টেম্বৰৰ শেষ ভাগ পৰ্যন্ত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়। অক্টোবৰ-নৱেম্বৰ মাহত ইয়াত বিৰাজ কৰে শৰৎকাল। মে মাহত এই অঞ্চলত প্ৰাকবৰ্ষা বৃষ্টিপাত দেখা যায়। আকৌ অক্টোবৰ-নৱেম্বৰ মাহত উত্তৰ-পূৰ্ব মৌচুমী বায়ুৰ প্ৰভাৱতো কিছু বৃষ্টিপাত সংঘটিত হয়। ১৯৫৪ চনত মুম্বাইত সৰ্বোচ্চ বাৰ্ষিক বৃষ্টিপাত নথিভুক্ত হৈছিল ৩৪৫২ মিলিমিটাৰ। ২০০৫ চনৰ ২৬ জুলাইত চহৰত একেদিনাই বৃষ্টিপাত হয় ৯৪৪ মিলিমিটাৰ। এইয়াই মুম্বাইৰ এদিনৰ সৰ্বোচ্চ বৃষ্টিপাতৰ ৰেকৰ্ড। চহৰৰ গড় মুঠ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ দ্বীপচহৰত ২১৪৬.৬ মিলিমিটাৰ আৰু উপনগৰ অঞ্চলত ২৪৫৭ মিলিমিটাৰ। মুম্বাইৰ গড় বাৰ্ষিক তাপমাত্ৰা ২৭.২° চেণ্টিগ্ৰেড আৰু গড় বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ২১৬.৭ চেণ্টিমিটাৰ। দ্বীপচহৰৰ বাৰ্ষিক সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা যথাক্ৰমে ৩১.২° চেণ্টিগ্ৰেড আৰু ২৩.৭°চেণ্টিগ্ৰেড।
c9b67e5203e6f1781178f821548d5dbfcbf66adfafe4186059e6f47e62aa0a94
মূল গঙ্গা নদীৰ উৎসস্থল ভাগীৰথী আৰু অলকানন্দা নদীৰ সঙ্গমস্থল। হিন্দু সংস্কৃতিত ভাগীৰথীকেই গঙ্গাৰ মূল প্ৰবাহ বুলি মানি লোৱা হয়। যদিও অলকানন্দা নদীখন দীৰ্ঘতৰ। অলকানন্দাৰ উৎসস্থল নন্দাদেবী, ত্ৰিশূল আৰু কামেট শৃঙ্গৰ বৰফগলা পানী। ভাগীৰথীৰ উৎস গোমুখৰ গঙ্গোত্ৰী হিমবাহ (উচ্চতা 3,892 মিটাৰ (12,769 ফুট))। গঙ্গাৰ পানীৰ উৎস অনেকবোৰ সৰু নদী। ইয়াৰ মাজত ছটা দীৰ্ঘতম ধাৰা আৰু গঙ্গাৰ লগত সেইবোৰৰ সঙ্গমস্থলসমূহক হিন্দুসকলে পবিত্ৰ বুলি মানি চলে। এই ছটি ধাৰা হল অলকানন্দা, ধৌলীগঙ্গা, নন্দাকিনী, পিণ্ডাৰ, মন্দাকিনী আৰু ভাগীৰথী। পঞ্চপ্ৰয়াগ নামে পৰিচিত পাঁচোটা সঙ্গমস্থলেই অলকানন্দাৰ ওপৰত অৱস্থিত। এইবিলাক হল বিষ্ণুপ্ৰয়াগ (য’ত ধৌলীগঙ্গা অলকানন্দাৰ লগত মিলিত হৈছে), নন্দপ্ৰয়াগ (য’ত নন্দাকিনী মিলিত হৈছে), কৰ্ণপ্ৰয়াগ (য’ত পিণ্ডাৰ মিলিত হৈছে), ৰুদ্ৰপ্ৰয়াগ (য’ত মন্দাকিনী মিলিত হৈছে) আৰু সৰ্বশেষত দেবপ্ৰয়াগ য’ত ভাগীৰথী আৰু অলকানন্দাৰ মিলনৰ ফলত মূল গঙ্গা নদীৰ জন্ম হৈছে। হিমালয় পাৰ্বত্য অঞ্চলত গঙ্গাৰ দৈৰ্ঘ্য 250 kilometre (160 মাইল)। হৃষীকেশৰ ওচৰত গঙ্গাই হিমালয় ত্যাগ কৰি তীৰ্থচহৰ হৰিদ্বাৰ গাঙ্গেয় সমভূমিত পৰিছেগৈ। হৰিদ্বাৰত এটি বান্ধ সৃষ্টি কৰি গঙ্গা খালৰ মাধ্যমেৰে গঙ্গাৰ পানী উত্তৰপ্ৰদেশৰ দোয়াব অঞ্চললৈ জলসিঞ্চনৰ বাবে পঠোৱা হয়। এইখিনিতে গঙ্গাৰ মূলধাৰাটো হৰিদ্বাৰৰ আগত সামান্য দক্ষিণ-পশ্চিমমুখী হ'লেও হৰিদ্বাৰৰ পৰা তাক দক্ষিণ-পূৰ্বৰ ফালে বোৱাই নিয়া হৈছে॥ ইয়াৰ পৰা গঙ্গা কনৌজ, ফাৰুকাবাদ আৰু কানপুৰ চহৰৰ ধাৰেৰে এটা অৰ্ধ-বৃত্তাকাৰ পথেৰে 800 kilometre (500 মাইল) পাৰ হৈছে। এই পথেৰেই ৰামগঙ্গা (বাৰ্ষিক জলপ্ৰবাহ 500 cubic metres per second (18,000 cu ft/s)) গঙ্গাত মিলিছে। এলাহাবাদৰ ত্ৰিবেণী সঙ্গমত যমুনা নদী গঙ্গাত মিলিছে। সঙ্গমস্থলত যমুনাৰ আকাৰ গঙ্গাতকৈয়ো বৃহত্‌।
6e2d2ff3fc46f341e04159dc89a5f0e5e5dbb8b9d9b117aedeff67af59a9e0a4
মূলত: চাৰি প্ৰকাৰৰ উদ্ভিদসমষ্টি (vegetation) দেখিবলৈ পোৱা যায়: পলসুৱা মাটিৰ ঘাঁহনি alluvial inundated grasslands, পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য alluvial savanna woodlands, গ্ৰীষ্মপ্ৰধান আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য tropical moist mixed deciduous forests, আৰু গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য tropical semi-evergreen forests। ১৯৮৬ চনৰ জৰীপ অনুযায়ী উদ্যানখনৰ উদ্ভিদসমষ্টিৰ অংশ: ওখ ঘাঁহনি ৪১%, চাপৰ ঘাঁহনি ১১%, মুকলি জংগল ২৯%, পিটনি ৪%, নদী আৰু অন্য জলাশয় ৮%, বালিভূমি ৬%উদ্যানখনৰ পূব আৰু পশ্চিম অংশৰ মাজত উচ্চতাৰ পাৰ্থক্য আছে। পশ্চিম অংশ পূবতকৈ নামনিত। পশ্চিম অংশ ঘাঁহনিৰে আৱৰা। ওখ ঘাঁহ ওখ অংশত পোৱা যায়, আনহাতে চাপৰ ঘাঁহ পোৱা যায় আপেক্ষিক ভাৱে কম উচ্চ আৰু জলাশবসমূহৰ পাৰে পাৰে। [উদ্ধৃতিৰ প্ৰয়োজন] বছৰেকীয়া বানপানী, তৃণভোজীৰ চাৰণ আৰু নিয়ন্ত্ৰিত ভাৱে জ্বলাই দিয়াৰ বাবে ঘাঁহনি আৰু খাগৰি অক্ষুণ্ণ থাকে। ওখ ঘাঁহৰ ভিতৰত কুঁহিয়াৰ (sugarcanes), spear grass, elephant grass, আৰু নল-খাগৰি (Phragmites/common reed) প্ৰধান। ঘাঁহৰ মাজে মাজে বিভিন্ন বনৰীয়া ফুল (forb) বিৰাজমান। ঘাঁহনিৰ মাজে মাজে কেবাটাও প্ৰজাতিৰ গছ দেখিবলৈ পোৱা যায়। ঘাঁহনিক ছাঁয়া দি ৰখা এই ওখ গছসমূহৰ ভিতৰত ছাভানা ঘাঁহনিত kumbhi, Indian gooseberry, শিমলু (cotton tree), আৰু পলসুৱা ঘাঁহনিত ঔটেঙা (elephant apple) গছেই প্ৰধান। [উদ্ধৃতিৰ প্ৰয়োজন]কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ ব্লকসমূহত চিৰসেউজ অৰণ্য বিৰাজমান। এই চিৰসেউজ অৰণ্যত দেখা পোৱা গছ সমূহ হৈছে Aphanamixis polystachya, Talauma hodgsonii, Dillenia indica, Garcinia tinctoria, Ficus rumphii, Cinnamomum bejolghota, আৰু Syzygium বিভিন্ন প্ৰজাতি। বাগৰি, বিমলী, আৰু হালধিবাৰী ব্লকত গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য দেখা যায়। এই অংশত পোৱা যায় Albizia procera, Duabanga grandiflora, Lagerstroemia speciosa, Crateva unilocularis, Sterculia urens, Grewia serrulata, Mallotus philippensis, Bridelia retusa, Aphania rubra, Leea indica, আৰু Leea umbraculifera.কাজিৰঙাৰ জলাশয় সমূহতো বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। পানী মেটেকা (water hyacinth) কাজিৰঙাত সতকাই চকুত পৰা এবিধ আগ্ৰাসী জল-উদ্ভিদ।
c4baabbf95f9b50348ef00fae2dc4cafcc8231e5ab920e1584c60c7e6e5d2cda
মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে, গুজৰাটৰ পোৰবন্দৰ (বৰ্তমান কীৰ্তি মন্দিৰ) নামে স্থানত। হিন্দু ধৰ্মাৱলম্বী মোধ সম্প্ৰদায়ৰ, পিতাক কৰমচান্দ গান্ধীয়ে (১৮২২ - ১৮৮৫) পোৰবন্দৰ ৰাজ্যৰ এজন দেৱান হিচাবে কাথিৱাৰ এজেন্সি নামে ব্ৰিটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল। বৈষ্ণব ধৰ্মাৱলম্বী মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী, এখেতৰ আগৰ কেইগৰাকীৰ সন্তান জন্মৰ সময়ত মৃত্যু ঘটিছিল। জৈন ধৰ্মৰ পৰিবেশত এগৰাকী ধাৰ্মিক মাতৃৰ সান্নিধ্যত ডাঙৰ-দীঘল হোৱা গান্ধীৰ জীৱনত ভবিষ্যতলৈ গভীৰ প্ৰভাব পেলায়। সহজ-সৰল জীৱন যাপন, নিৰামিষ আহাৰ, ব্ৰত আৰু অনশন, পাৰস্পৰিক সহনশীলতা আদি পাছলৈ তেখেতৰ জীৱনৰ অভিন্ন অংগ হৈ পৰে। ১৮৮৩ চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি কস্তুৰবা মাখাঞ্জীৰ (কস্তুৰবাই নামেও পৰিচিত আছিল) লগত বিবাহ-পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰি গৰাকী পুত্ৰ সন্তান ক্ৰমে: হৰিলাল গান্ধী (জন্ম ১৮৮৮), মণিলাল গান্ধী (জন্ম ১৮৯২), ৰামদাস গান্ধী (জন্ম ১৮৯৭) আৰু দেৱদাস গান্ধী (জন্ম ১৯০০)। মহাত্মা গান্ধীয়ে শৈশৱত পোৰবন্দৰ আৰু ৰাজকোটত পঢ়া-শুনা কৰিছিল। ছাত্ৰ হিচাপে তেওঁ মধ্যমীয়া আছিল। গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মহাত্মা গান্ধীয়ে সাধাৰণভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কলেজত অধ্যয়ন কালত তেওঁৰ পৰিবাৰৰ ইচ্ছা আছিল তেখেতে বেৰিষ্টাৰীৰ বাবে পঢ়ক। ১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজলৈ যায়। লণ্ডনত পঢ়াৰ সময়ছোৱাত গান্ধীৰ জীৱন যাপন আছিল ছাত্ৰকালতে মাকক দিয়া শপত বাক্যৰ দ্বাৰা প্ৰভাৱিত।
d69ae81f879b22f952432a9f1ee8c0b14df682a9680b71de86f2d1065904f90c
মোহিনীঅট্টম শব্দটিৰ আক্ষৰিক অৰ্থ বিচাৰ কৰিলে দেখা যায় মোহিনী অৰ্থাৎ মোহনীয় নাৰী আৰু অট্টম শব্দৰ অৰ্থ লালিত্যপূৰ্ণ আৰু কমনীয় দেহ ভংগীমা। অন্যান্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দৰে এই নৃত্যৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। পৌৰাণিক আখ্যানত মোহিনী চৰিত্ৰটিৰ দুই স্থানত উল্লেখ পোৱা যায়। সমুদ্ৰ মন্থনৰ সময়ত অসুৰৰ হাতৰ পৰা অমৃত উদ্ধাৰৰ হেতুকে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰা বুলি জনা যায়। আন এক আখ্যান মতে শিৱৰ বৰত বলিয়ান হোৱা ভস্মাসুৰক নাশ কৰাৰ উদ্দেশ্যে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। মোহিনীঅট্টম নৃত্যৰ প্ৰধান চৰিত্ৰ মোহিনীৰূপী বিষ্ণু। বিষ্ণু বা কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰাৰ ভাৱধাৰাকে মোহিনীঅট্টম নৃত্যৰ জৰিয়তে পৰিবেশন কৰা হয়।
158d9dcecf2d535c0c375c76316130e6ac121b379b65a7cabf40501a6f296979
মোৰাৰজী দেশায়ে গুজৰাট প্ৰদেশ কমিটীত যোগদান কৰিলে। গান্ধী আৰউইন চুক্তি আৰু কৰাচী চুক্তিৰ পিছত তেওঁ কংগ্ৰেছ কমিটীৰ সম্পাদক হিচাপে নিযুক্ত হয়। এই সময়চোৱাত তেওঁ এবাৰ কাৰাবাস খাটিব লগীয়া হয়। ১৯৩৭ চনৰ পৰা তেওঁ জনসাধাৰণৰ সেৱা কৰাৰ পোনপটীয়া সুবিধা লাভ কৰে। বি জি খেৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে তেওঁ মাটিৰ ৰায়তী স্বত্ব আইনখনৰ অমূল সংস্কাৰ সাধন কৰাৰ উপৰিও পুলিচ বিভাগটোৰ উল্লেখনীয় পৰিবৰ্তন আনিবলৈ সমৰ্থবান হয়। তেওঁ ন্যায়পালিকাক প্ৰাদেশিক কাৰ্যপালিকাৰ পৰা পৃথক কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লৈছিল। ১৯৫২ চনত খেৰে বোম্বাই মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ লোৱাত দেশায়ে বোম্বাইৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈ ১৯৬৫ চনলৈকে কাৰ্যনিবাহ কৰে। পিছে ভাষিক ভিত্তিত বোম্বাই ৰাজ্য বিভক্ত হোৱাৰ ঘটনাটোক কেন্দ্ৰে কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তাৰ পিছত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰ চলায়। এই দুয়ো দপ্তৰ চলায় ১৯৫৬ চনৰ পৰা ১৯৫৭ চনলৈকে। তাৰ পাছত তেওঁ বিত্ত দপ্তৰৰ ভাৰ গ্ৰহণ কৰে।
c6a168fdd272ec44a188419dc7141622bb285bc493cd87ead677b4c2d99b9594
মৎসপুৰাণ – মৎস্যপুৰাণৰ মতে, পাৰ্বতীয়ে চূৰ্ণক বা বেচন দি নিজৰ গা মালিচ কৰি আছিল। সেই সময়ত এই চূৰ্ণকেদি এটা গজাননৰ মূৰ্তি নিৰ্মাণ কৰি তাক গঙ্গাজলত পেলাই দিয়ে। পুতুলাটো বিৰাট হৈ পৃথিৱী পূৰ্ণ কৰাত উদ্যত হোৱাত পাৰ্বতী আৰু গঙ্গাই ইয়াক পুত্ৰ বুলি সম্বোধন কৰে আৰু ব্ৰহ্মাই ইয়াক গণাধিপতি কৰি দিয়ে। বামনপুৰাণ – বামনপুৰাণৰ মতে, পাৰ্বতীয়ে স্নানৰ সময়ত নিজৰ গাত্ৰমল দি চতুৰ্ভূজ গজাননৰ মূৰ্তি নিৰ্মাণ কৰাত মহাদেৱে তাক পুত্ৰৰূপে গ্ৰহণ কৰে। কৈছিল, যিহেতু “ময়া নায়কেন বিনা জাতঃ পুত্ৰকঃ” (মোৰ অবিহনেই পুত্ৰৰ জন্ম হৈছে) সেইহেতু ই বিনায়ক নামেৰে প্ৰসিদ্ধ হ’ব আৰু বিঘ্ননাশকাৰী হ’ব। ব্ৰহ্মবৈবৰ্ত পুৰাণ – ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুযায়ী, পৰশুৰামে একৈশবাৰ পৃথিৱীক নিঃক্ষত্ৰিয় কৰি কৈলাসলৈ শিৱৰ লগত সাক্ষাৎ কৰিবলৈ অহাত, দ্বাৰৰক্ষক গণেশে তেওঁক বাধা দিয়ে। ফলত উভয়ৰ মাজত ভয়ানক যুদ্ধ হয়। পৰশুৰামৰ কুঠাৰৰ আঘাতত গণেশৰ এটা দাঁত সমূলি ভাঙি যায়। শিবপুৰাণ – শিবপুৰাণ অনুসৰি, গণেশ আৰু কাৰ্তিকৰ বিবাহৰ বাবে জোৰ-জবৰদস্তি কৰি আছিল। তেতিয়া স্থিৰ হয় যে, উভয়ৰ মাজত যিয়ে আগে বিশ্বপৰিক্ৰমা কৰি আহিব পাৰিব তাৰ বিবাহ আগে হবে। কাৰ্তিকে ময়ূৰত আৰোহণ কৰি বিশ্বপৰিক্ৰমাযলৈ ওলায়; কিন্তু গণেশে শিৱ আৰু পাৰ্বতীক সাতবাৰ প্ৰদক্ষিণ কৰি কৈছিল, শাস্ত্ৰমতে তেওঁ শতবাৰ বিশ্বপৰিক্ৰমা কৰিলে। ইয়াৰ পাছত বিশ্বৰূপৰ দুই কন্যা সিদ্ধি আৰু বুদ্ধিৰ লগত গণেশৰ বিবাহ হয়। সিদ্ধিৰ পুত্ৰ হয় লক্ষ্য আৰু বুদ্ধিৰ পুত্ৰ লাভ। কাৰ্তিকে নাৰসকলৰ কাষৰ পৰা বিবাহৰ সংবাদ পাই ঘূৰি আহে আৰু মনৰ দুখত ক্ৰৌঞ্চ পৰ্বতত গৈ বাস কৰিবলৈ ধৰে। অন্য এটা মতৰ মতে, তুলসী নামৰ এক নাৰীয়ে গণেশক বিবাহ কৰিবলৈ বিচৰাত ব্ৰহ্মচৰ্যব্ৰতী গণেশ অসম্মত হয়। তেওঁ তুলসীৰ চিত্ত বৈকল্যৰ বাবে তাক শাও দিয়ে দানবপত্নী হ’বলৈ। তুলসীয়েও তেওঁক শাও দিয়ে। ফলত পুষ্টি নামৰ এক নাৰীক গণেশে বিবাহ কৰিবলৈ বাধ্য হয়। তন্ত্ৰ – তন্ত্ৰমতে লক্ষ্মী আৰু সৰস্বতী গণেশৰ স্ত্ৰী। ইয়াৰ বাদেও তীব্ৰা, জ্বালিনী, নন্দা, সুভোগদা, কামৰূপিনী, উগ্ৰা, তেজোবতী, সত্যা আৰু বিঘ্ননাশিনী নামেৰে আন নগৰাকী শক্তিৰ কথাও জনা যায়। মহাভাৰত – মহাভাৰতৰ মতে, কৌৰৱ আৰু পাণ্ডৱসকলৰ মৃত্যু হ’লত ব্যাসদেৱে ধ্যানত বহে। মহাভাৰতৰ সমস্ত ঘটনা তেখেতৰ মনৰ মাজত ফুটি উঠে। তেতিয়া এই সুবিশাল গ্ৰন্থ লিপিবদ্ধ কৰাৰ বাবে উপযুক্ত লিপিকাৰৰ সন্ধানত তেওঁ ব্ৰহ্মাৰ কাষলৈ যায়। ব্ৰহ্মাই তেওঁক গণেশৰ কাষলৈ যাবলৈ কৈছিল। গণেশে মহাভাৰত লিখিবলৈ সম্মত হয় ঠিকেই, কিন্তু শৰ্তাৰোপ কৰে যে, লিখোতে লিখোতে তেখেতৰ কলম থমকি ৰ’ব নোৱাৰিব। ব্যাসেও প্ৰত্যুত্তৰত চৰ্তাৰোপ কৰে যে, কোনো শ্লোকৰ অৰ্থ নুবুজাকৈ তেওঁ লিখিব নোৱাৰিব। এইবাবে ব্যাসে মহাভাৰতত ৮৮০০ কূটশ্লোক অন্তৰ্ভুক্ত কৰে, যাতে এই শ্লোকসমূহৰ অৰ্থ অনুধাবন কৰাত গণেশৰ কিছু সময় লাগে আৰু সেই অৱসৰত তেওঁ আৰু কিছুসংখ্যক শ্লোক ৰচনা কৰে। ভাদ্ৰ আৰু মাঘমাহৰ শুক্লাচতুৰ্থীকে গণেশ চতুৰ্থী বোলা হয়। হিন্দু বিশ্বাস অনুসৰি এই দিনটো গণেশৰ জন্মদিন। গণেশ চতুৰ্থী সংক্ৰান্তত এটা কিংবদন্তী হিন্দুসমাজত প্ৰচলিত, এবাৰ গণেশ চতুৰ্থীত প্ৰতি ঘৰতে মোদক ভক্ষণ কৰি ভৰা পেটেৰে এন্দুৰৰ পিঠিত উঠি ফুৰি আছিল গণেশ। পথত এন্দুৰৰ সন্মুখত এটা সাপ আহি পৰাত সি ভয়ত কঁপিবলৈ আৰম্ভ কৰে। এনেতে গণেশ পৰি যায় আৰু তেখেতৰ পেট ফাটি সকলো মোদক ৰাস্তাত পৰি যায়। গণেশে উঠি সেইবোৰ বুটলি পেটৰ মাজত সুমুৱায় পেটৰ ফটা ঠাইটুকুৰা সেই সাপডালেৰেই বান্ধি দিয়ে। আকাশৰ পৰা চন্দ্ৰই তাকে দেখি হাঁহি পেলায়। গতিকে গণেশ শাও দিয়ে যে চতুৰ্থীৰ দিনা কোনেও চন্দ্ৰ দেখা নাপাব। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে গণেশ অত্যন্ত মোদকপ্ৰিয় দেৱতা। অন্যমতে, এই দিনা শিৱই গণেশক লুকুৱাই কাৰ্তিকক এটা ফল দিছিল। চন্দ্ৰই তাকে দেখি হঁহাত শিৱই চন্দ্ৰক অভিশাপ দিয়ে। গাণপত্য সম্প্ৰদায়ৰ প্ৰধান ধৰ্মগ্ৰন্থ তথা গণেশ বিষয়ক দুই উপপুৰাণ গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ-ত পৃথক পৃথকভাবে গণেশৰ যথাক্ৰমে চাৰি আৰু আঠোটি অৱতাৰৰ কথা কোৱা হৈছে। গণেশ পুৰাণ – গণেশ পুৰাণ-ত উল্লিখিত গণেশৰ চাৰি অৱতাৰ সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগত অবতীৰ্ণ হয়। এওঁলোক হ’ল –মহোৎকট বিনায়ক – এওঁ দশভূজধাৰী আৰু ৰক্তবৰ্ণৰ। বিভিন্ন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যত দেখা যায় এওঁৰ বাহন হয় হাতী নহয় সিংহ। এওঁ সত্য যুগত কশ্যপ আৰু অদিতিৰ সন্তান হৈ জন্মগ্ৰহণ কৰে আৰু সেই কাৰণে কাশ্যপেয় নামেৰে পৰিচিত হয়। এই অৱতাৰত তেওঁ নৰান্তক আৰু দেবান্তক নামে দুই অসুৰভ্ৰাতা অৰু ধূম্ৰাক্ষ নামৰ এক দৈত্যক বধ কৰে। ময়ূৰেশ্বৰ – এওঁ ষড়ভূজধাৰী আৰু শ্বেতবৰ্ণৰ। বাহন ময়ূৰ। ত্ৰেতা যুগত শিৱ আৰু পাৰ্বতীৰ পুত্ৰৰূপে এওঁৰ জন্ম। এই অৱতাৰত তেওঁ সিন্ধু নামৰ এক দৈত্যক বধ কৰে। অৱতাৰকাল সমাপ্ত হ’লত ময়ূৰটি তেওঁ তেখেতৰ ভ্ৰাতা কাৰ্তিকক দান কৰে। গজানন – এওঁ চতুৰ্ভুজধাৰী আৰু ৰক্তবৰ্ণৰ। বাহন এন্দুৰ। এওঁ দ্বাপৰ যুগত শিৱ আৰু পাৰ্বতীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰে। সিন্দুৰ নামৰ এক দৈত্যক তেওঁ এই অৱতাৰত বধ কৰে। এই অৱতাৰতেই ৰজা বৰেণ্যৰ কাষত তেওঁ গণেশ গীতা প্ৰকাশ কৰে। ধূম্ৰকেতু – দ্বিভূজ অথবা চতুৰ্ভূজধাৰী আৰু ধূম্ৰবৰ্ণৰ। বাহন নীল ঘোঁৰা। এওঁ কলি যুগৰ শেষত অৱতীৰ্ণ হ’ব আৰু অনেক দৈত্য বধ কৰিব। এই অৱতাৰ বিষ্ণুৰ শেষ অবতাৰ কল্কিৰ অনুসৰণত কল্পিত। মুদ্গল পুৰাণ – মুদ্গল পুৰাণ-ত গণেশৰ আঠোটি অৱতাৰৰ বৰ্ণনা পোৱা যায়। এওঁলোক হ’ল –বক্ৰতুণ্ড – প্ৰথম অবতাৰ। এওঁক ব্ৰহ্মৰ অংশ আৰু পৰম বুলি মানিলোৱা হয়। এওঁৰ সিংহবাহন। এই অৱতাৰৰ উদ্দেশ্য মাৎসৰ্যাসুৰ (অৰ্থাৎ ঈৰ্ষা) বধ। একদন্ত – এওঁ প্ৰত্যেক ব্যক্তিগত আত্মা আৰু পৰমব্ৰহ্মৰ প্ৰতীক। এওঁৰ মূষিকবাহন। এই অৱতাৰৰ উদ্দেশ্য মদাসুৰ (অৰ্থাৎ, অহং) বধ। মহোদৰ – এওঁ বক্ৰতুণ্ড আৰু একদন্তৰ সম্মিলিত ৰূপ। ব্ৰহ্মৰ প্ৰজ্ঞাৰ প্ৰতীক। মোহাসুৰ (অৰ্থাৎ সংশয়) বধ এই অৱতাৰৰ উদ্দেশ্য। এওঁৰো মূষিকবাহন। গজবক্ত্ৰ বা গজানন – মহোদৰৰ অন্যৰূপ। লোভাসুৰ (অৰ্থাৎ লোভ) বধ এই অৱতাৰৰ উদ্দেশ্য। লম্বোদৰ – ব্ৰহ্মৰ শক্তিৰ প্ৰতীক। এওঁৰ মূষিকবাহন। ক্ৰোধাসুৰ (অৰ্থাৎ ৰাগ) বধ এই অৱতাৰৰ উদ্দেশ্য। বিকট – সূৰ্যৰ প্ৰতীক। জ্যোতিৰ্ময় ব্ৰহ্মৰ প্ৰকাশ। কামাসুৰ (অৰ্থাৎ কামনাবাসনা) বধ এই অৱতাৰৰ উদ্দেশ্য। এওঁৰ ময়ূৰবাহন। বিঘ্নৰাজ – বিষ্ণুৰ প্ৰতীক। ব্ৰহ্মৰ অস্তিত্বৰ প্ৰকাশ। মমাসুৰ (অৰ্থাৎ অহংকাৰ) বধৰ উদ্দেশ্যে এই অৱতাৰ। ধূম্ৰবৰ্ণ – শিৱৰ প্ৰতীক। অভিমানাসুৰ (অৰ্থাৎ গৰিমা) বধৰ উদ্দেশ্যে এই অৱতাৰ।
9ecfad31693a1f385771ebe49fbfa83d61cec4b432500ac2c574c1319b29e0c0
যিহেতু দিল্লীৰ জনগাঁথনি বিভিন্ন ঠাইৰ লোকৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে, সেইবাবে ইয়াৰ সংস্কৃতিও মিশ্ৰিত, যদিও উত্তৰ ভাৰতীয় লোকৰ কলা সংস্কৃতিৰ প্ৰাধান্যতা বেছি। কিন্তু দিল্লীক দেশৰ ভিতৰতে এখন উচ্চ খাপৰ সাংস্কৃতিক কেন্দ্ৰ বুলিও ধৰিলে ভুল কৰা নহ’ব। দেশৰ বিভিন্ন অঞ্চলৰ সংস্কৃতিক ঐতিহ্যক দৰ্শনীয় ৰূপত উপস্থাপন কৰিবলৈ ঘনে ঘনে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। চিৰি ফৰ্ট,কামানী, শ্ৰীৰাম চেণ্টাৰ, ইণ্ডিয়ান হেবিটেট চেণ্টাৰ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষগৃহত অনুষ্ঠিত হয় বহুতো উচ্চমানদণ্ডৰ অনুষ্ঠান। ইয়াৰ উপৰিও নাট্য প্ৰদৰ্শনৰ দিশত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় হৈছে দেশৰ অন্যতম নাট্য শিক্ষানুষ্ঠান, য’ত প্ৰতিবছৰে অনুষ্ঠিত হয় দেশ বিদেশৰ কালজয়ী নাটসমূহ। ইয়াৰ উপৰিও দেশৰ ৰাজনৈতিক আৰু কূটনীতিৰ প্ৰাণকেন্দ্ৰ নতুন দিল্লীতে আছে দেশৰ প্ৰধানমন্ত্ৰী তথা অন্যান্য মন্ত্ৰী,সাংসদ আদিৰ চৰকাৰী বাসগৃহসমূহ। ২৪ আকবৰ ৰোড বুলি ক’লে যেনেদৰে বিৰোধী দল কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয় হিচাবে জনা যায়,ঠিক সেইদৰে ১১ অশোকা ৰোড বুলি কলে শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয় হিচাবে জনা যায়। ঠিক সেইদৰে নতুন দিল্লীৰ চানক্যপুৰী হৈছে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰ, কাৰণ ইয়াতেই আছে দেশ বিদেশৰ ৰাষ্ট্ৰদূত সকলৰ কাৰ্য্যালয়। বিভিন্ন বিখ্যাত খাদ্য সম্ভাৰৰ বাবে বিখ্যাত দিল্লীত যিদৰে আপুনি চাঁদনী চৌকৰ ‘পৰাথেৱালী গলি’ত বিভিন্ন প্ৰকাৰৰ পৰঠা খাবলৈ পাব, ঠিক তেনেদৰে নিজামুদ্দিন আৰু নিউ ফ্ৰেণ্ডচ কলনীত বিচাৰি পাব ক্ৰমান্বয়ে মোগল ৰান্ধনীশালৰ বিৰিয়ানী আৰু প্ৰখ্যাত আফগান ৰন্ধন চাৱৰ্মা। বুৰঞ্জীপ্ৰসিদ্ধ দিল্লীয়ে ইতিমধ্যে লালকিল্লা, কুটুব মিনাৰ, পুৰাণা কিল্লা আদিৰে নিজৰ ঐতিহ্য শ শ বছৰ ধৰি বহন কৰি আছে যদিও যোৱা এশটা বছৰত দিল্লীয়ে পাইছে আধুনিকতাৰ পৰশ,বিশেষকৈ যোৱা এটা দশকত নতুন দিল্লীয়ে লাভ কৰিছে অত্যাধুনিক প্ৰযুক্তিৰে এক অভিনৱ ৰূপ। সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে ই শিৰোনাম দখল কৰি থাকে যদিও দিল্লীয়ে আপোনাক বুজি পাবলৈ হ’লে আপুনিও দিল্লীক বুজি পাব লাগিব। উত্তৰ ভাৰতীয়ৰ আতিশায্য. হত্যা, হিংসা, ধৰ্ষন আদিৰে দিল্লীয়ে প্ৰায়েই শিৰোণামা দখল কৰি থাকে। কিন্তু দিল্লীক যদি এখন সেউজ, মিশ্ৰ সাংস্কৃতিক অথবা তথ্য প্ৰযুক্তিৰে উন্নত এখন ৰাজধানী হিচাবে চোৱা যায় তেন্তে দিল্লীৰ এক বেলেগ ৰূপ প্ৰত্যক্ষ হ’ব। দিল্লীত যিয়েই বহুবছৰ ধৰি কটাইছে তেওঁলোকে হয়তো ইয়াৰ মোহৰ পৰা আঁতৰি থাকিব নোৱাৰে সেয়া লাগিলে দক্ষিণ ভাৰতীয় এগৰাকীয়েই হওক, এগৰাকী গুজৰাটীয়েই হওক, এগৰাকী মাৰাঠীয়েই হওক অথবা এগৰাকী অসমীয়াই হওক। দিল্লীবাসী অসমীয়া সকলৰ বাবেও যেন নতুন দিল্লীখন এখন আপোন ঘৰ।
89a7dae34cc0904444ad338cb9aade0665ea8a74c0d1171865f9e55e92cd6168
যিহেতু ‘’আয়ুৰ্বেদ’’ ভাৰতৰ “পৰম্পৰাগত ঔষধ”,ইয়াৰ নীতি আৰু সিদ্ধান্ত সমূহৰ বিষয়ে জানিবলৈ হয়তো প্ৰাচীন আয়ুৰ্বেদিক সাহিত্যসমূহৰ ঐতিহাসিক তথ্য বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত ঔষধ সমূহৰ বিষয়ে কৰা অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এক ঐতিহাসিক ঔষধি ব্যৱস্থা হোৱাৰ পৰিপ্ৰেক্ষিতত আয়ুৰ্বেদে শৰীৰক পঞ্চমহাভূত (সংস্কৃত:महापञ्चभूत, ক্ষিতি,অপ,তেজ, মৰুত্‍ আৰু ব্যোম ) আৰু (সংস্কৃত:सप्तधातु, ৰস,ৰক্ত,মাংস,মেদ,অস্থি,মজ্জা আৰু শুক্ৰ)ৰ সমষ্টি হিচাপে গণ্য কৰেআয়ুৰ্বেদৰ মতে ত্ৰিদোষ(সংস্কৃত:दोष)ৰ সমতাই দেহৰ ভাৰসাম্য ৰক্ষা কৰে: বায়ু /বাত, পিত্ত আৰু কফ। আয়ুৰ্বেদীয় সিদ্ধান্ত মতে প্ৰতিজন মানুহৰে দেহত এই ত্ৰিদোষৰ এক নিৰ্দিষ্ট অনুপাত থাকে যিয়ে তেওঁৰ স্বাস্থ্য তথা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে। সকলোৰে দেহত এই অনুপাত বেলেগ বেলেগ আৰু সকলোৱে দেহত ইয়াৰ সমতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে। আয়ুৰ্বেদৰ মতে সকলো বস্তুতেই ২০টা মৌলিক গুণ (সংস্কৃত:गुण) লুকাই থাকে সেয়া হ’ল: গুৰু/লঘু, হিম/উষ্ণ, স্নিগ্ধ/ৰূক্ষ, মন্দ/তীক্ষ্ণ,স্থিৰ/চলন্ত, স্লক্ষ্ণ/খাৰ, বিশদা/পিচ্চিল, মৃদু/কঠিন,সূক্ষ্ম/স্থূল, সান্দ্ৰ/দ্ৰৱ। শৰীৰৰ স্ৰোত সমূহৰ যথাযথ প্ৰবাহ অক্ষুণ্ণ ৰখাটো আয়ুৰ্বেদিক ঔষধ সমূহৰ এক প্ৰধান লক্ষ্য কাৰণ স্ৰোত সমূহৰ প্ৰবাহত ব্যাঘাত জন্মিলে শৰীৰত বাত বিষ,মৃগী, , পক্ষাঘাত,পেশী বিকৃতি,বাতুলামি আদি ৰোগ সৃষ্টি হয়। স্ৰোত সমূহৰ ক্ৰিয়া অব্যাহত ৰাখিবলৈ আৰু দোষ সমূহৰ ক্ৰিয়া লাঘৱ কৰিবলৈ চিকিত্সক সকলে ঘাম নিৰ্গতক ঔষধ আৰু ভাপ ভিত্তিক চিকিৎসাৰ পৰামৰ্শ দিয়ে। হিন্দুত্ব আৰু বৌদ্ধত্বই আয়ুৰ্বেদৰ ধাৰণা সমূহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ ভিতৰত শৰীৰৰ “ভাৰসাম্য” অন্যতম যাক বৌদ্ধধৰ্মত “মাধ্যাত্মিক” বুলি জনা যায় (সংস্কৃত:माध्यात्मिक)।
ff589c65daadf3415954805d23da02ea14c27dec5069ebf997bf40b19f0be407
লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি। তাৰপিছত তেওঁ বিভিন্ন ঠাই ঘূৰি শিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে। ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। ১৮১৬ চনৰ শেষৰ ফালে মানে অসম আক্ৰমণ কৰে। এই যুঁজত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। মানে অসম আক্ৰমণ কৰি প্ৰথম বাৰ আঁতৰি যোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে। ইয়াৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰে আৰু ১৮২১ চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে। ক্ৰমে মানে ইংৰাজৰ এলেকাত আক্ৰমণ চলোৱাত ১৮২৪ চনত মানৰ লগত ইংৰাজৰ যুদ্ধ হয়। ইংৰাজে এই যুঁজত জয়লাভ কৰে। অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানৰ সন্ধি হয় আৰু অসম ইংৰাজৰ হাতলৈ যায় তাৰ পাছৰে পৰা অসম স্বাধীন ৰাজ্যৰ পৰা এখন কোনো দেশৰ অংগৰাজ্যত পৰিণত হয়। ইয়াৰ লগে লগে চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰো অন্ত পৰে। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত হোৱা সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ সফল নহ'ল। ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যোদ্ধ ঘোষণা কৰে। ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহক শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে। ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে। অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমতি চিপাহী বিদ্ৰোহ আৰম্ভ হয়। সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়। চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়। চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে। শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে। ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত নিজাকৈ চৰকাৰ গঠন হয়। স্বাধীন অসমৰ প্ৰথম গৱৰ্ণৰ আছিল ছাৰ আকবৰ হাইদৰি আৰু মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈকে শাসন কৰা বৰদলৈ মন্ত্ৰীসভাৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮), গুৱাহাটী উচ্চ ন্যায়ালয় (১৯৪৮), গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আদি প্ৰতিষ্ঠা হয়। ১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হয়। বিষ্ণুৰাম মেধিৰ দিনত (১৯৫০-১৯৫৭) প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা, পঞ্চায়ত গঠন আৰু কৃষিখণ্ডৰ উন্নতি হয়। ১৯৫৭ চনত বিমলা প্ৰসাদ চলিহা (১৯৫৭-১৯৭০) অসমৰ মুখ্যমন্ত্ৰী হয়। এই সময়তে শৰাইঘাটৰ দলং নিৰ্মাণ (১৯৬২) আৰু গুৱাহাটীৰ নুনমাটিত তেল শোধনাগাৰ (১৯৬২) স্থাপন হয়। চলিহা মন্ত্ৰীসভাৰ দিনতে ১৯৫৯-৬০ চনত অসমত ভাষা আন্দোলন তীব্ৰৰূপ লয়। ১৯৬১ চনত অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে গৃহীত হয়। ১৯৭০ চনত বিমলাপ্ৰসাদ চলিহাৰ শাৰীৰিক অসুস্থতাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়। চৌধুৰীৰ দিনত বঙাইগাঁৱত পেট্ৰোৰাসায়নিক প্ৰকল্প, যোগীঘোপাত কাগজ কল আৰু নগাঁওত মৰাপাট কলৰ আধাৰশিলা স্থাপন হয়। ১৯৭২ চনত চৌধুৰী মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৭২ চনত অসমত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হয়। সিংহ মন্ত্ৰীসভাৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। ১৯৭৮ চনত অসমত জনতা দলে মন্ত্ৰীসভা গঠন কৰে। জনতা দলৰ নেতা গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী হয়।
30b52378ea55e9e3963a6ba764fa4896ccf10ccd7b898b89fe3aa39a3c61af04
শতদ্ৰু-যমুনা লিঙ্ক (এসওয়াইএল) নামেৰে এটি গধুৰ পণ্যবাহী খাল বৰ্তমান নিৰ্মাণাধীন। যমুনা নদীৰ পৰা উৎপন্ন হোৱা এই খালটো পঞ্জাব অঞ্চলৰ এটি প্ৰাচীন ক্যাৰাভান পথ আৰু উচ্চভূমি গিৰিপথৰ মাজেদি প্ৰবাহিত হৈ পতিত হয় শতদ্ৰু-সিন্ধু জলনিৰ্গম প্ৰণালীৰ নৌবহনযোগ্য অংশলৈ। পূৰ্ব দিশেৰে এই লিঙ্কটো গঙ্গা নদীৰ লগত সংযুক্ত হব। এই লিঙ্কটোৰ মাধ্যমেৰে ভাৰতৰ পূৰ্ব উপকূল পাকিস্তানৰ মাজেৰে পশ্চিম উপকূলৰ লগত সংযুক্ত হৈছে। সম্পূৰ্ণ হোৱাৰ পাছত ভাৰতৰ পূব উপকূলৰ লগত পশ্চিম উপকূল তথা আৰব সাগৰৰ নৌদূৰত্ব বহুলাংশ কমি যাব। ফলত উত্তৰ-মধ্য ভাৰতৰ বাণিজ্য লাভবান হব।
631ee2484b584bea8dc6ad98238b5082864ddbb1156c5bbd815af3f7d2ba9d3a
সংস্কৃত ভাষাত "যমুনা" নামটোৰ অৰ্থ "যমজ"। গঙ্গা নদীৰ সমান্তৰালভাবে এই নদী প্ৰবাহিত বুলিয়েই যমুনাৰ এই নামকৰণ। বৈদিক যুগত (১৭০০ – ১১০০ খ্ৰীষ্টপূৰ্বে) ৰচিত ঋগ্বেদৰ একাধিক স্থানত "যমুনা" নামটোৰ উল্লেখ পোৱা যায়। পৰবৰ্তীকালত ৰচিত অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আৰু শতপথ ব্ৰাহ্মণতো "যমুনা" নামটোৰ সন্ধান পোৱা গৈছে। ঋগ্বেদৰ এটি উপাখ্যানত ভ্ৰাতা যমৰ প্ৰতি যমুনাৰ "অত্যধিক স্নেহ"ৰ বৰ্ণনা আছে। যমে যমুনাক নিজৰ বাবে এজন উপযুক্ত স্বামী বাচি লবলৈ কোৱাত যমুনাই কৃষ্ণক বৰণ কৰে। ষোড়শ শতাব্দীত দাৰ্শনিক বল্লভাচাৰ্য ৰচিত যমুনাষ্টকম্ স্তোত্ৰত এই কাহিনীৰ বৰ্ণনা আছে। এই কাব্যৰ বৰ্ণনা অনুযায়ী যমুনাই তেওঁৰ প্ৰেমিক কৃষ্ণৰ লগত মিলিত হয় আৰু জগতৰ পাপস্খলন কৰিবলৈ মৰ্ত্যলৈ নামি আহিছিল। এই স্তবত যমুনাক সকলো আধ্যাত্মিকতাৰ উৎস বুলি বন্দনা কৰা হৈছে; কোৱা হৈছে যে গঙ্গা বৈৰাগ্য, উচ্চ জ্ঞান আৰু মোক্ষ দানত সমৰ্থ, কিন্তু যমুনাই তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা যমৰ অত্যন্ত প্ৰিয় বুলিয়েই মৃত্যুৰ পৰাও মুক্তি দিয়াত সমৰ্থ। হিন্দু পুৰাণৰ বৰ্ণনা অনুযায়ী, যমুনা কালিন্দ পৰ্বতৰ পৰা উৎসাৰিত। এই কাৰণে তেওঁক কালিন্দৰ কন্যা কালিন্দী নামেৰেও অভিহিত কৰা হয়। কৃষ্ণৰ লীলাবৰ্ণনাত আৰু বৈষ্ণৱ পদাবলীত কালিন্দী নামটোৰ বহুল প্ৰয়োগ পৰিলক্ষিত হয়। মহামতি আলেকজেণ্ডাৰৰ পদাধিকাৰী চেলুকচ প্ৰথম নিকাটৰৰ জৰীপ আৰু ৩০৫ খ্ৰীষ্টপূৰ্বে ভাৰত ভ্ৰমণকাৰী জনৈক ডায়াডকিৰ বৰ্ণনাত এই নদী ইয়োমেনস (Iomanes) বা ইওয়ামেস (Ioames) নামেৰে পৰিচিত।
2ff0612d267f9efc537a7c851a743cb5185cc6b47fd999049250aa573639723d
সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উৎসৱ আছে। অসমীয়াসকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান। সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত'ৰূপে পৰিচিত। এই দিনটেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল। অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু বা ব'হাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে। ৰঙালী বিহু ব'হাগ বিহুৰূপেও পৰিচিত। বিহুৰ আগদিনাখনক উৰুকা বোলে। প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু।
8aa615bfbab3e5424e1b36ea17f0b9ddc9af824cb1a077fc0d8c647b4720de47
সকলো পৰ্যটককে বন-বিভাগৰ দ্বাৰা অনুমোদিত 'গাইড'ৰ লগতহে উদ্যানৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হয়। মাউতৰ দ্বাৰা পৰিচালিত হাতীৰে বা জীপ আৰু 'চাৰিচকীয়া ড্ৰাইভ'ৰ অইন গাড়ীৰে অৰণ্যৰ ভিতৰলৈ যাবলৈ আগতীয়াকৈ 'বুক' কৰিব লাগে। কঁহৰাত থকা উদ্যান প্ৰশাসন কেন্দ্ৰৰপৰা (Park Administrative Centre) গাড়ী যাব পৰা তিনিটা বাটেৰে উদ্যানখনৰ তিনিটা ক্ষেত্ৰ কঁহৰা, বাগৰি আৰু অগৰাতলীৰ মাজেৰে সৰু গাড়ীৰে ভ্ৰমণ কৰিব পাৰি। এই বাট নৱেম্বৰ মাহৰপৰা মে মাহৰ মধ্যভাগলৈ খোলা থাকে। গাইড লগত থাকিলে পৰ্যটকে নিজৰ গাড়ীৰেও এই বাটেৰে ভ্ৰমণ কৰিব পাৰে। [উদ্ধৃতিৰ প্ৰয়োজন]গুৱাহাটী, তেজপুৰৰপৰা উজনি অসমলৈ চলাচল কৰা অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ব্যক্তিগত মালিকানাধীন বাছেৰে গৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাই-পথত অৱস্থিত কাজিৰঙাৰ মুখ্য প্ৰৱেশদ্বাৰ, কঁহৰাত নামিব পাৰি। আটাইতকৈ ওচৰৰ নগৰ বোকাখাটলৈ দূৰত্ব ২৩ কি.মি.। উদ্যানৰ ওচৰৰ চহৰ হৈছে গুৱাহাটী (দূৰত্ব ২১৭ কি.মি.) আৰু যোৰহাট (দূৰত্ব ৯৭ কি.মি.)। ফৰকাটিং (দূৰত্ব ৭৫ কি.মি.) আটাইতকৈ ওচৰৰ ৰেল-ষ্টেচন। [উদ্ধৃতিৰ প্ৰয়োজন] কাষৰীয়া বিমানকোঠ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ।
504f03afbb2e08c1a57428484d16125bcb16cba68f46af6e05e29b4199c367f8
সত্য অনুসন্ধানৰ বৃহৎ উদ্দেশ্যত গান্ধীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ নিজে কৰা ভুলৰপৰা শিক্ষা লৈ আৰু নিজৰ ওপৰতে পৰীক্ষা-নিৰীক্ষা চলাই সত্য অনুসন্ধানৰ প্ৰয়াস কৰিছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম The Story of My Experiments with Truth (মোৰ সত্য অন্বেষণৰ কাহিনী)। ব্ৰুছ ৱাটছনৰ মতে গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাটোৰ মূল ভেঁটি আছিল বৈদিক ধাৰণাত থকা আত্মবিশ্লেষণ। জৈন আৰু বৌদ্ধ ধৰ্মৰ অহিংসা, নিৰামিষাহাৰ, জীৱহত্যা নকৰা আৰু বিশ্বশান্তিৰ ধাৰণাৰ লগতে খ্ৰীষ্টিয়ান আৰু ইছলামসকলৰ সমতা, ভ্ৰাতৃত্ব আদি ধাৰণায়ো গান্ধীৰ সত্যাগ্ৰহত স্থান পাইছিল। গান্ধীয়ে কৈছিল যে তেওঁৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ যুদ্ধখন আছিল নিজৰ মনৰ অন্ধকাৰ, ভয় আৰু নিৰাপত্তাহীনতাক জয় কৰা। তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰেই সত্য আৰু সত্যই ঈশ্বৰ। অহিংসাৰ ধাৰণা হিন্দু ধৰ্মীয় চিন্তাধাৰাত পুৰণি কালৰপৰা আছে আৰু বৌদ্ধ, জৈন, ইহুদি আৰু খ্ৰীষ্টিয়ান ধৰ্মীয় চিন্তাধাৰাতো ইয়াৰ নিদৰ্শন পোৱা যায়। গান্ধীয়ে তেওঁৰ জীৱনীত কৈছে: "যেতিয়া মই হতাশ হওঁ, তেতিয়া মই স্মৰণ কৰোঁ যে সমগ্ৰ ইতিহাসত সত্য আৰু ভালৰ জয় হৈ আহিছে। দুঃশাসক আৰু হত্যাকাৰীসকল কোনো সময়ত অপৰাজেয় হ'লেও অৱশেষত তেওঁলোকৰ পতন ঘটে আৰু এই কথা সদায় মনত ৰখা উচিত। "সৰু কালত গান্ধীয়ে পৰীক্ষামূলকভাৱে মাংস খায়। ইয়াৰ কাৰণ হয়তো তেওঁৰ বংশগত কৌতূহল বা তেওঁৰ বন্ধু শেখ মেহতা। নিৰামিষভোজনৰ ধাৰণাটো হিন্দু আৰু জৈন ধৰ্মত গভীৰভাৱে বিদ্যমান আৰু সেই সময়ত গুজৰাটৰ বেছিভাগ হিন্দু লোকেই আছিল নিৰামিষাহাৰী। গান্ধীৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নাছিল। লণ্ডনলৈ পঢ়িবলৈ যোৱাৰ আগত গান্ধীয়ে তেওঁৰ মাক পুতলি বাই আৰু খুড়াক বেচাৰ্জীৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হয় যে, তেওঁ মাংস, মদ আৰু নাৰীসংগৰপৰা আঁতৰত থাকিব। তেওঁ এই প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছিল আৰু খাদ্যাভ্যাসসম্পৰ্কে এক দৰ্শন লাভ কৰিছিল। গান্ধী পিছৰ জীৱনকালত এজন সম্পূৰ্ণ নিৰামিষাহাৰী হৈ উঠে। তেওঁ London vegetarian Societyৰ সভ্য হয় আৰু ছোছাইটিৰ পত্ৰিকা The Vegetarianত নিৰামিষভোজনৰ সম্পৰ্কে বহুকেইটা প্ৰবন্ধ লিখে।
1b63aad73c5991d0e2413f94f9b561718e0ab801e7cbda97600c685a735486e7
সমগ্ৰ ৰাজ্যখন পাহাৰীয়া এলেকাৰ ভিতৰত পৰে আৰু বিভিন্ন স্থানৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰপৰা ২৮০ মিটাৰ (৯২০ ফুট) ৰপৰা ৮৫৮৫ মিটাৰ (২৮,০০০ ফুট)লৈকে দেখা যায়। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ কাঞ্চনজংঘা নেপাল-ছিক্কিম সীমান্তত অৱস্থিত। ৰাজ্যখনৰ অংশই কৃষিৰ বাবে অনুপযোগী। তথাপি, বহুতো এঢলীয়া ঠাই কৃষিৰ বাবে উপযোগী কৰি তোলা হৈছে। ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত বহুতো বৰফৰ ফলত উৎপত্তি হোৱা নিজৰা আছে। ইয়াৰ পৰাই তিস্তা আৰু ইয়াৰ উপনদী সমূহ তথা ৰংগীত নদীৰ উৎপত্তি হৈছে। ৰংগীত নদীখন উত্তৰৰপৰা দক্ষিণলৈ বৈ গৈছে। ৰাজ্যখনৰ এক-তৃতীয়াংশ অঞ্চল ঘন অৰণ্যৰে আৱৰা।
279ce531e879dbb43c3c346a1c97fd50265df25b482e008d7841f69dc3afc0c7
সমসাময়িক সময়তে অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমজুৰি এক অভূতপূৰ্ব গণ আন্দোলন গা কৰি উঠে। এই আন্দোলনৰ সময়তে ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। শইকীয়া মন্ত্ৰীসভাই দমন নীতিৰে অসম আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত ১৯৮৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ লগত এখন চুক্তি (অসম চুক্তি) স্বাক্ষৰিত কৰে। লগে লগে ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটে। অসম চুক্তিৰ চৰ্ত অনুযায়ী হিতেশ্বৰ শইকীয়া চৰকাৰে পদত্যাগ কৰে। লগে লগে প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন প্ৰাক্তন ছাত্ৰনেতাসকলে আঞ্চলিক দল অসম গণ পৰিষদ গঠন কৰে। ১৯৮৫ চনৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ আঞ্চলিক দৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়। মহন্ত চৰকাৰৰ সময়তে অসমত সংযুক্ত মুক্তি বাহিনী, অসম নামৰ এটি বিপ্লৱী সংগঠনৰ জন্ম হয়। এই সংগঠনক নিষিদ্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ সম্পূৰ্ণ হ'বলৈ এমাহ বাকী থাকোঁতেই পুনৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰে। ইয়াৰ পিছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ই) দলে জয়লাভ কৰে আৰু হিতেশ্বৰ শইকীয়া পুনৰ মুখ্যমন্ত্ৰী হয়। ১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হোৱাত কেইদিনমানৰ কাৰণে ডাঃ ভূমিধৰ বৰ্মন অসমৰ অস্থায়ী মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে। এই বছৰতে অনুষ্ঠিত হোৱা নিৰ্বাচনত পুনৰ অসম গণ পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে'ত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়। ইয়াৰ পিছত ২০০১ চনত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ (ই) দলে ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে।
7c8c402e41df5ebaf5491e79ff4dfc92e0e5d7e4cd5831c922d6d6d69a02d055
সিন্ধু গাঙ্গেয় সমভূমি অঞ্চলত যমুনা নদীৰ গুৰুত্ব বৃদ্ধি কৰিছে এই নদীৰ খালসমূহে। খ্ৰীষ্টীয় চতুৰ্দশ শতাব্দীত টোঘলক শাসনকালত নহৰ-ই-বেহিস্ত নামেৰে যমুনা নদীৰ সমান্তৰালকৈ এটি খাল কটা হৈছিল। পৰবৰ্তীকালত সপ্তদশ শতাব্দীৰ প্ৰথমাৰ্ধত মোগল শাসনকালত বাস্তুকাৰ আলি মৰ্দান খানে খালটোৰ সংস্কাৰ কৰে আৰু প্ৰসাৰিত কৰে। এই সময়ত বেনাওয়াচত যমুনাৰ সমভূমিত প্ৰবেশস্থলৰ পৰা মোগল ৰাজধানী চাহজাহানাবাদ (অধুনা দিল্লী) পৰ্যন্ত খালটো প্ৰসাৰিত আছিল। সমুদ্ৰপৃষ্ঠৰ পৰা ৭৯০ মিটাৰ উচ্চতাত ডাকপাথৰৰ কাষত যমুনা উত্তৰৰ সমভূমি অঞ্চলত প্ৰবেশ কৰিছে। দুন উপত্যকাৰ ডাকপাথৰৰ পৰা ১১ কিলোমিটাৰ দূৰত আচচান বান্ধৰ পৰা উৎপন্ন হৈছে পূৰ্ব আৰু পশ্চিম যমুনা খাল।
862ad6c5a3c4b056cfb519ea7b952444668df4bfdc6e31d4271ca536e3e26fc4
সিন্ধু সভ্যতা পশ্চিমে পাকিস্তানৰ বেলুচিস্তানৰ পৰা আৰম্ভ কৰি পূবে উত্তৰ প্ৰদেশ, উত্তৰে উত্তৰ-পূব আফগানিস্তান আৰু দক্ষিণে মহাৰাষ্ট্ৰলৈকে বিস্তাৰিত আছিল। সিন্ধু উপত্যকাৰ ভৌগোলিক অৱস্থানে পাহাৰ, মৰুভূমি আৰু সমুদ্ৰই আগুৰি ৰখা সাৰুৱা কৃষিভূমিৰ সৈতে ইজিপ্ট আৰু পেৰুৰ দৰে সভ্যতা গঢ়ি উঠিবৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰিছিল। আফগানিস্তান, তুৰ্কমেনিস্তান আৰু গুজৰাটত সিন্ধু সভ্যতাৰ অধিক থলী থকাৰ সম্ভাৱনা আছে। উপকূলীয় অঞ্চলসমূহ পশ্চিম বেলুচিস্তানৰ চুটকাগন ড’ৰৰ পৰাগুজৰাটৰ ল’থাললৈকে বিস্তৃত আছিল। উত্তৰ আফগানিস্তানৰ অক্সাচ নদী,উত্তৰ-পশ্চিম পাকিস্তানৰ গোমাল নদী উপত্যকা,জম্মুৰ ওচৰৰ বিজ নদীৰ মান্দা আৰুদিল্লীৰ পৰা মাত্ৰ ২৮ কি:মি: দূৰৰ আলমগীৰপুৰৰ হিন্দন নদীতো সিন্ধু সভ্যতাৰ থলী উদ্ধাৰ হৈছে। সিন্ধু উপত্যকাৰ থলীসমূহ ঘাইকৈ নদীসমূহৰ লগতে প্ৰাচীন সাগৰীয় উপকূলসমূহ, উদাহৰণস্বৰূপে বালাকোট, আৰু দ্বীপসমূহত, উদাহৰণস্বৰূপে ঢোলাভিৰা, পোৱা গৈছে। পাকিস্তানৰ হাকৰা সুঁতি আৰু ভাৰতৰ ঘাগৰ নদীত শুকাই যোৱা নদীভূমিৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ ভিতৰত আছে ৰূপাৰ, ৰাখিগাঢ়ী, চোঠী, কলিবঙ্গন আৰু গণৱাৰীৱালা। জে.জি. শ্বেফাৰ আৰু ডি. এ. লিকটেনষ্টাইনৰ মতে, হৰপ্পা সভ্যতা “বাগৰ, হাকৰা, আৰু কতি দিজ সংস্কৃতি বা ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ ঘাগৰ-হাকৰা উপত্যকাৰ ‘পৰম্পৰাগত গোট’ৰ এক মিশ্ৰিত ৰূপ।
ad3a4c9ec20023622790cc145a14d36a97a5cf674980a06c950ab8aafe4de900
সিন্ধু সভ্যতাৰ অন্তিম হৰপ্পা পৰ্যায়ত (১৯০০-১৩০০ খ্ৰীষ্টপূৰ্বত) হৰপ্পাবাসীসকলে সিন্ধু উপত্যকা এৰি পূবফালে বসতি স্থাপন কৰি গঙ্গা-যমুনা দোয়াব পৰ্যন্ত গুচি আহে। যদিও কোনেও গঙ্গা পাৰ হৈ পূৰ্বতীৰত বসতি স্থাপন নাইকৰা। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিৰ ফালে হৰপ্পা সভ্যতা ভাঙি যোৱাৰ সময়ৰ পৰা ভাৰতীয় সভ্যতাৰ প্ৰাণকেন্দ্ৰ সিন্ধু উপত্যকাৰ পৰা আঁতৰি আহে গাঙ্গেয় অববাহিকালৈ। গাঙ্গেয় অববাহিকাত অন্তিম হৰপ্পা বসতি আৰু সমাধিক্ষেত্ৰ এইচ পুৰাতাত্ত্বিক সংস্কৃতি, ইন্দো-আৰ্য জাতি আৰু বৈদিক যুগৰ মাজত কোনো সংযোগ থাকিলেও থাকিব পাৰে। আদি বৈদিক যুগ বা ঋগ্বেদৰ যুগত গঙ্গাই নহয়, সিন্ধু আৰু সৰস্বতী নদীও আছিল পবিত্ৰ নদী। কিন্তু পৰৱৰ্তী তিনি বেদত গঙ্গাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তাৰপাছত মৌৰ্যৰ পৰা মোগল সাম্ৰাজ্য পৰ্যন্ত অধিকাংশ ভাৰতীয় সভ্যতাৰেই প্ৰাণকেন্দ্ৰ আছিল গাঙ্গেয় সমভূমি। প্ৰথম যি ইউৰোপীয় পৰ্যটকৰ ৰচনাত গঙ্গাৰ উল্লেখ পোৱা যায়, তেওঁ মেগাস্থেনিচ (৩৫০-২৯০ খ্ৰীষ্টপূৰ্ব)। তেওঁৰ লেখা ইণ্ডিকা কিতাপখনত একাধিকবাৰ গঙ্গাৰ উল্লেখ পোৱা যায়: "ভাৰতত অনেক ডাঙৰ আৰু নৌবহনযোগ্য নদী আছে। এই নদীসমূহ উত্তৰ সীমান্তৰ পাৰ্বত্য অঞ্চলৰ পৰা উৎপন্ন হৈ সমতল অঞ্চল পৰ্যন্ত প্ৰবাহিত। অনেকবোৰ নদী আকৌ পৰস্পৰৰ লগত মিলিত হৈ সম্মিলিত ৰূপত মিলিছে গঙ্গা নদীত।
bf79911c89ea2203178cad7cd7b13a924bf40dc71bbbe8b0eaf04e1d5e9bf5b4
সুভাষ চন্দ্ৰ বসুৰ জন্ম হয় ১৮৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে (১২.১০ pm) বংগ প্ৰদেশৰ (Bengal province) উৰিষ্যা ডিভিজনৰ কটকত। দেউতাক জানকীনাথ বসু এজন উকীল আৰু মাক প্ৰভাৱতী দেৱী। মাক-দেউতাকৰ ১৪ টি সন্তানৰ ভিতৰত সুভাষ নৱম সন্তান। ১৯০২ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুলত নাম লগায়। বেপ্টিষ্ট মিছনে চলোৱা এই স্কুলত তেওঁ ১৯০৯ চনলৈকে পঢ়ি ৰেৱেনশ্ব' কলেজিয়েট স্কুলত পঢ়িবলৈ যায়। ৰেৱেনশ্ব'ৰ তেতিয়াৰ প্ৰধান শিক্ষক বেণী মাধৱ দাসে প্ৰথম দিনাই বসুৰ প্ৰতিভাৰ উমান পায়। ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈ তেওঁ প্ৰেচিডেন্সি কলেজত কিছুদিন অধ্যয়ন কৰে। অধ্যাপক অ'টেনৰ (Oaten) ভাৰতবিৰোধী মন্তব্যৰ বিৰোধিতা কৰি তেওঁ প্ৰেচিডেন্সি কলেজৰপৰা নিৰ্বাসিত হয় আৰু ইয়াতেই প্ৰথম তেওঁৰ জাতীয়বাদী চেতনাৰ উমান পোৱা যায়।
1d89eb2dd74acd9bc853bfe64a5adc5db97a06a662516ea23379e5da50edd0bc
সূক্ষ্মকৈ ফুল কটা কাঠৰ প্ৰকাণ্ড দুৱাৰ গণেশ পোল দৰৱাজাত(বিভিন্ন কাৰুকাৰ্য কৰা সেই দুৱাৰত)গণেশৰ ছবি অঁকা আছে। তাত ব্যৱহাৰ কৰা বিভিন্ন ৰং হেনো পালেং শাককে ধৰি বিভিন্ন তৰু-তৃণৰপৰা আহৰণ কৰা উদ্ভিজ ৰং। ১৪৫৯ চনত ৰথোড়সকলৰ প্ৰধান ৰাও যোধা সিঙে যো্ধপুৰ নগৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ নামেৰে এই নগৰৰ নাম ‘যোধপুৰ’ হয়। যোধপুৰ নগৰৰ উল্লেখযোগ্য স্থাপত্য দুটা হ'ল উমেদ ভৱন পেলেচ আৰু মেহেৰানগড় দুৰ্গ। বিংশ শতিকাৰ প্ৰথমাৰ্ধত মহাৰাজ উমেদ সিঙে বিখ্যাত প্ৰাসাদ ‘উমেদ ভৱন পেলেচ’ সজাইছিল। প্ৰকাণ্ড প্ৰাসাদোটোৰ সোঁফালে পঁয়ত্ৰিছটা আৰু বাঁওফালে পঞ্চাছটা কোঠা আছে। এটা কোঠাৰ বেৰত ঐতিহাসিক যুদ্ধ-বিগ্ৰহৰ বহু ছবি অঁকা আছে। একোটা জাতীয় সামগ্ৰীৰ বাবে একোটা কোঠা যেনে- ‘ঘড়িয়ো কা কমৰা’, ‘কাচ কা ফাৰ্নিচাৰ’, ‘চায় ৱ ডিনাৰ ছেট’, ‘বেলজিয়াম ড্ৰেছিং টেবুল ছেট’, ইত্যাদি। আটকধুনীয়া ছোফা ছেট সজাই থোৱা অভিজাত চ'ৰাঘৰটোত দেশ অথবা বিদেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আহিলে বহিবলৈ দিয়া হয়। ৪৯০ ফুট ওখ পাহাৰৰ ওপৰত অৱস্থিত ‘মেহেৰানগড়’ দুৰ্গ। মেহেৰানগড় মানে ৰাজকীয় বেষ্টন (Majestic and regal fort)। ১৪৫৯ চনত ৰাও যোধা সিঙে ৰাজস্থানী কলা-সংস্কৃতিক প্ৰধান্য দি এই প্ৰকাণ্ড দুৰ্গটো সজাইছিল। পাহাৰৰ বহু ওপৰলৈ ক্ৰমশঃ উঠি যোৱা যথেষ্ট বহল এঢলীয়া পকী ৰাস্তাটোত একাদিক্ৰমে তিনিখন প্ৰবেশদ্বাৰ আছে। সেইকেইখন হৈছে-জয়পোল,লোহাপোল আৰু ফতেহপোল (Victory gate)। কেইবাটাও পাক ঘূৰি ওপৰলৈ যাব লাগে। দুৰ্গৰ ভিতৰৰ যাদুঘৰটোত পাল্কীখানা, শস্ত্ৰখানা, দৌলতখানা ইত্যাদি আছে। এটা কোঠাত আছে ৰাও শিৱাজীৰ (১২১১ চন) পৰা ৰাজা মানসিঙলৈকে (১৮০৪ চন) আঠাইছজন ৰজাৰ একাদিক্ৰমে নামৰ তালিকা এখন আৰু তেওঁলোকৰ ছবি। ভাৰতৰ একমাত্ৰ চামুণ্ডা মন্দিৰটো এই দুৰ্গতেই আছে। এই মন্দিৰত ২০০৮ চনত মহালয়াৰ দিনা ৰাতিপুৱা পূজা দিবলৈ আহি ঠেলা-হেঁচাত পদপিষ্টহৈ শ শ ভক্তই মৃত্যুক আঁকোৱালি লৈছিল। ১৯৫৬ চনত ৰাও জয়শালে এই নগৰ প্ৰতিষ্ঠা কৰে। সেয়ে তেওঁৰ নামেৰে এই নগৰৰ নাম জয়শালমেৰ হয়। দুৰ্গ, হাউলীৰে ভৰা জয়শালমেৰ নগৰক থৰ মৰুভূমিৰ সোণালী নগৰ বুলি কোৱা হয়। কিয়নো এই নগৰ থৰ মৰুভূমিৰ সোঁমাজত অৱস্থিত আৰু এই সকলো কিল্লা (দুৰ্গ), হাভেলী (হাউলী), প্ৰাসাদ-কাৰেং সোণালী ৰঙৰ। জয়শালমেৰ নগৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল- মন্দিৰ পেলেচ, পাট্টনকী হাভেলী আৰু সোণৰ কিল্লা। ২০০ বছৰ আগেয়ে মহাৰাজ মুলৰাজ সিঙে ‘মন্দিৰ পেলেছ’ সজাইছিল। বৰ্তমান ইয়াত পূৰ্বৰ ৰাজপৰিয়ালৰ বংশধৰসকল থাকে। সোণালী ৰঙৰ কাৰেংটোৰ সন্মুখভাগ অতি সূক্ষ্মকৈ ফুল কটা। ওপৰমহলাৰ ভোজন কোঠাৰ কাৰুকাৰ্য্য বৰ্তমানৰ অভিজাত ৰেস্তোৰাঁৰ দৰে। চ'ৰাঘৰত এই ৰাজপৰিয়ালৰ পূৰ্বসুৰী ৰজাসকলৰ ছবি বন্ধাই থোৱা আছে। ১১৫৬ চনত ৰাও জয়শালে ৭৬ মিটাৰ ওখ ত্ৰিকুট পাহাৰৰ ওপৰত এই কিল্লা সজাইছিল। এই দুৰ্গৰ নিৰ্মাণত কোনো ছিমেণ্ট, চূণ অথবা পানী ব্যৱহাৰ হোৱা নাই। ইটো-সিটো জোৰা লগা পদ্ধতিৰে (Interlocked System) এই দুৰ্গ নিৰ্মাণ কৰা হৈছে। জয়পুৰৰ আমিৰ ফ'ৰ্ট, যোধপুৰৰ মেহেৰানগড় ফ'ৰ্টৰ নিচিনাকৈ ইয়াত প্ৰকাণ্ড চাৰিখন প্ৰবেশদ্বাৰ আছে- গণেশপোল (Elephant Gate), সূৰজ পোল (Sun Gate), ভূতাপোল (Haunted Gate) আৰু হাৱা পোল (Wind Gate)। কিল্লাৰ ভিতৰত বহু হাভেলী আৰু ছশৰপৰা আঠশ বছৰীয়া পুৰণি হিন্দু আৰু জৈন মন্দিৰ আছে। জয়শালমেৰ হাভেলীৰ নগৰ। এই হাভেলীবোৰে জয়শালমেৰৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে। বিখ্যাত ‘পাট্টন কী হাভেলী’ অৰ্থাৎ পাটোৱাসকলৰ হাউলী।
40e196c6cd362c583a44aef09c73e45ba7d7636dfd94105a012e12805835573c
সেই সময়ত বহুতো ভাৰতীয় নিম্নবিত্তীয় হোৱাৰ কাৰণে নিৰামিষভোজনৰ আন্দোলন তেওঁলোকৰ কাৰণে কেৱল আদৰ্শগত আন্দোলনেই নাছিল, ইয়াৰ বাস্তৱ প্ৰয়োজনো আছিল। তেওঁ অধিক ভোজনৰ বিৰোধিতা কৰিছিল আৰু অনশনক ৰাজনৈতিক প্ৰতিবাদৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ নিজৰ দাবী পূৰণৰ কাৰণে বহু সময়ত আমৰণ অনশনৰো পণ কৰিছিল। তেওঁৰ জীৱনীত লিখা আছে যে, নিৰামিষভোজনেই আছিল তেওঁৰ ব্ৰহ্মচৰ্চাত গভীৰ মনোযোগৰ সূচনা। মুখৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে ব্ৰহ্মচৰ্য ব্যৰ্থ হ'ব পাৰে। গান্ধীৰ ১৬ বছৰ বয়সত তেওঁৰ দেউতাক ভীষণ অসুস্থ হৈ পৰে, আৰু অসুস্থ হোৱাৰ এই সময়ছোৱা গান্ধীয়ে দেউতাকৰ কাষত কটায়। এনিশা গান্ধীৰ খুড়াকে দেউতাকৰ ওচৰত থাকি গান্ধীক বিশ্ৰামৰ সুযোগ প্ৰদান কৰে। তেওঁ তেওঁৰ শোৱনিকোঠাত গৈ পত্নীৰ সৈতে প্ৰণয়ত লিপ্ত হয়। অলপ পাছতে এজন কৰ্মচাৰীয়ে গান্ধীক তেওঁৰ দেউতাকৰ মৃত্যুৰ সংবাদ জনায়। তেওঁ এই ঘটনাটোত দুগুণ লজ্জা পায় আৰু ইয়ে তেওঁক ১৬ বছৰ বয়সতে বিবাহিত হোৱা সত্ত্বেও ব্ৰহ্মচাৰী হ'বলৈ বাধ্য কৰে। গান্ধীয়ে ব্ৰহ্মচৰ্যক ঈশ্বৰৰ সান্নিধ্য লাভ আৰু আত্মোপলব্ধিৰ পন্থা হিচাপে গ্ৰহণ কৰিছিল। গান্ধীৰ মতে ব্ৰহ্মচৰ্যৰ অৰ্থ "চিন্তা, বাক্য আৰু কৰ্মৰ নিয়ন্ত্ৰণ। "গান্ধী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ গোটেই জীৱন হিন্দু ধৰ্ম পালন কৰে আৰু হিন্দু ধৰ্মৰ অধিকাংশ আদৰ্শই গ্ৰহণ কৰে। এজন সাধাৰণ হিন্দু হিচাপে তেওঁ সকলো ধৰ্মৰে প্ৰতি সমভাৱ ৰাখিছিল আৰু প্ৰায় সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ অধ্যয়ন কৰিছিল। তেওঁ ব্ৰহ্মত্ব সম্পৰ্কে আগ্ৰহী আছিল। হিন্দুত্ব সম্পৰ্কে তেওঁ কৈছিল:গান্ধীয়ে গুজৰাটী ভাষাত ভাগৱত গীতাৰ সম্পৰ্কে এটি ধাৰাভাষ্য লিখিছিল। গুজৰাটী পাণ্ডুলিপিটো ইংৰাজী ভাষালৈ অনুবাদ কৰে মহাদেৱ দেশায়ে। দেশায়ে ইয়াতে এটা অতিৰিক্ত পাতনি আৰু ধাৰাভাষ্য যোগ কৰে, আৰু ই গান্ধীৰ এটি ভূমিকাসহ ১৯৪৬ চনত প্ৰকাশ পায়।
f38a7e6220f5ab2fbec8162160cf8c2e28a396b2424072a0d71a970c21b43570
স্কোপজেতে মাদাৰ টেৰেছাই প্ৰাথমিক স্কুলৰ শিক্ষা লাভ কৰে। স্কুলত পঢ়া দিনৰে পৰা তেওঁ মেধা শক্তিৰ আছিল। সুখ্যাতিৰে প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ চাৰ্বয়ান উচ্চ বিদ্যালয়ত ভৰ্তি হৈছিল। সৰুতে তেওঁৰ প্ৰিয় বিষয় আছিল সংগীত, ভূগোল আৰু বুৰঞ্জী। তেওঁ সুন্দৰকৈ মেণ্ডোলিনো বজাব পাৰিছিল। তেওঁ সময়ে সময়ে গীৰ্জাৰ গায়ক দলৰ লগতো যোগদান কৰিছিল আৰু গান পৰিবেশন কৰিছিলিল কনচাৰ্টত। তেওঁৰ সৰুৰে পৰা অন্তৰত মানৱ সেৱাৰ ভাব এটা উদয় হৈছিল। তেওঁ বাঞ্চা কৰিছিল সন্নাসিনী আৰু মিছনেৰী জীৱন। এই আকাংক্ষা বাস্তৱত ৰূপ দিবলৈ তেওঁ স্থানীয় জেচুইট পাদ্ৰীসকলক লগ কৰে। কাৰণ এই জেচুইট পাদ্ৰীসকলে ভাৰতত থাকি মিছনত কাম কৰিছিল। জেচুইট পাদ্ৰীসকলে তেওঁক আয়াৰলেণ্ডৰ লৰেটো সন্ন্যাসিনীসকলৰ লগত যোগদান দিবলৈ পৰামৰ্শ দিলে। তেতিয়া তেওঁৰ বয়স মাত্ৰ ১২ বছৰ আছিল।
cd499b6b56c48a064f22fdd30545a791ec50e1466cf374eebfcfc60ef0740165
স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেও কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনাই ৰাজকুমাৰৰ আগত ক'লা পতাকা দেখুৱালে মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰুৱে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁলোকক জেললৈ পঠালে। জৱাহৰলালাৰ সেয়ে প্ৰথম জেল যাত্ৰা। এইদৰে তেওঁ ১৯৪৫ চনলৈকে স্বাধীনতাৰ সংগ্ৰামৰ নানা পৰ্য্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল। ঘাইকৈ তেওঁ নৈনী, আলীপুৰ, ডেৰাডুন আৰু আহমেদাবাদৰ জেলত অধিক দিন কটাইছিল। এই দীঘলীয়া জেল জীৱনতে তেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ১৯৪৬ চনৰ ১৭ আগষ্ট তাৰিখে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। নেহৰুৱে গণতন্ত্ৰৰ বিধি আৰু কাৰ্যৰ প্ৰতি সদায় আস্থাশীলতা প্ৰকাশ কৰি গৈছে। তেওঁ বিৰোধীপক্ষৰ সমালোচনাৰ প্ৰতিও বেয়া মনোভাৱ ৰখা নাছিল। ১৯৫৪ চন আৰু ১৯৫৮ চনত তেওঁ প্ৰধানমন্ত্ৰী পদ ইস্তাফা দিবলৈ বিচৰাত ৰাইজৰ স্নেহে সেইপদলৈ তেওঁক পুনৰ ঘূৰাই আনিছিল। নেহৰুৰ দিনতেই আন্তৰ্জাতিক ৰাজনীতিৰ পৰিধিও অতিক্ৰম কৰিছিল। ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত ২৯খন দেশৰ সহযোগত পঞ্চশীল আৰু সহ অৱস্থানৰ বৈদেশিক নীতি ৰচনা কৰিলে আৰু ইয়াত মুখ্যভূমিকা গ্ৰহণ কৰিলে নেহৰু, টিটো আৰু নাচেৰে।
85b6c6b6188a839524ec0da75128ef9d678b0284af031a7e3052088cc6462b43
স্বাধীনতাৰ পাছত ভাৰতৰ ৰে'ল পৰিবহণক ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পৰিচালনাৰ সুবিধাৰ্থে ১৯৫১-৫২ চনত ভাৰতীয় ৰে'লক ৬টা মণ্ডলত বিভাজন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰে'লৰ আৰু কিছুমান মণ্ডলৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ ভাৰতীয় ৰে'লৰ মুঠ মণ্ডল ১৭ টা প্ৰতিটো মণ্ডলক একাধিক ডিভিজনত ভাগ কৰা হৈছে। বৰ্তমান ভাৰতীয় ৰেল মুঠ ডিভিজনৰ সংখ্যা ৬৮ টা। ভাৰতীয় ৰে'লৰ কৰ্মচাৰীসকলক ৰাজপত্ৰিত ("ক" বৰ্গ আৰু "খ" বৰ্গ) আৰু অৰাজপত্ৰিত ("গ" বৰ্গ আৰু "ঘ" বৰ্গ) হিচাপে ভাগ কৰা হৈছে। 'ক' বৰ্গৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি দিয়ে। "গ" বৰ্গ আৰু 'ঘ' বৰ্গৰ কৰ্মচাৰীসকলক ২০খন ৰে'ল নিয়োগ বোৰ্ডে (Railway Recruitment Board) নিযুক্তি দিয়ে।
d927b8aa91e61089712d807d272ec7e6021a8acf9745c24918bb0257ec8d2cf5
স্মৃতি ইৰানীয়ে ১৯৯৮ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ১৯৯৮ চনত তেওঁক মিকা সিঙৰ শ্বাৱান মই লগ গেই আগ এলবামৰ বলিয়া গীতত দেখা গৈছিল। ২০০০ চনত তেওঁ টিভি ধাৰাবাহিক আতিশ আৰু হম হে কল আজ কলৰ জৰিয়তে টেলিভিছনত প্ৰদাৰ্পণ কৰিছিল। ইয়াৰ লগতে তেওঁ ডিডি মেট্ৰৰ কবিতা ধাৰাবাহিকতো অভিনয় কৰিছিল। ২০০০ চনৰ মধ্যভাগত তেওঁ একতা কাপুৰৰ জনপ্ৰিয় টিভি ধাৰাবাহিক কিউ কি চাচ ভি কভি বহু থিত মুখ্য চৰিত্ৰ তুলসী বিৰানীৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়। ইয়াৰ বাবে তেওঁ একেৰাহে পাঁচ বাৰ ভাৰতীয় টেলিভিছন একাডেমীৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু চাৰিটা ভাৰতীয় টেলি এৱাৰ্ড লাভ কৰিছিল। ২০০১ চনত তেওঁ জি টিভিৰ ৰামায়ণত সীতাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। ২০০৬ চনত তেওঁ থৰি চি জামিন থোৰা চা আছমানৰ সহ-প্ৰযোজক আছিল।
a5ac29e7a0a674b311583d63b9928df8753248780c9da7f98ad927903e9de2d1
সৰহসংখ্যক ছীলত অংকিত জন্তুসমূহ চিনাক্ত কৰিব পৰা হোৱা নাই। প্ৰকাণ্ড শিঙযুক্ত আধা বলদ, আধা জেব্ৰাৰ আকৃতিৰ জন্তুসমূহ নিৰীক্ষণ কৰিবলগীয়া। এতিয়ালৈকে এই প্ৰতিকৃতিসমূহৰ কোনো ধাৰ্মিক বা কাল্টিক গুৰুত্ব থকাৰো প্ৰমাণ পোৱা হোৱা নাই। শংখ, চিৰামিক, ষ্টেটাইট আদি আটাইকেইটা হৰপ্পা স্তৰতে মণিহাৰ, খাৰু আৰু আন অলংকাৰসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। প্ৰসাধন আৰু প্ৰাতঃকৃত্যৰ কিছুমান যাৱতীয় সামগ্ৰী (যেনে ফণী)হৰপ্পাত পোৱা গৈছে। কিছুমান ছীলত লেপেটা কাঢ়ি বহা মানুহৰ প্ৰতিকৃতি পোৱা গৈছে। বহু লোকে ইয়াক যোগাসনত থকা পশুপতি আখ্যা দিছে। ইয়াৰ বিপৰীতে কিছুসংখ্যক লোকে হিন্দু দেৱতা শিৱৰ সৈতে ইয়াৰ সাদৃশ্য দৰ্শাইছে। ছীলসমূহত অংকিত হাৰ্প’ৰ দৰে বাদ্যযন্ত্ৰ আৰু আৱিষ্কৃত শংখসমূহে বাদ্যযন্ত্ৰৰ ব্যৱহাৰ সূচায়। মহেঞ্জোদাৰোত বৰ্গাকাৰ ডাইচৰো (পিঠিবোৰত একৰ পৰা ছয়লৈ বিন্ধাযুক্ত) সন্ধান পোৱা গৈছে। সিন্ধু সভ্যতাৰ অৰ্থনীতি ঘাইকৈ বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল যেন অনুমান হয়। উন্নত পৰিৱহণ ব্যৱস্থাই ব্যৱসায়-বাণিজ্যত সুবিধা প্ৰদান কৰিছিল। সম্ভৱতঃ সিন্ধু সভ্যতাই চকা ব্যৱহাৰ কৰা প্ৰথমটো সভ্যতা। এই ব্যৱস্থাসমূহৰ ভিতৰত গৰুগাড়ী আৰু নাও অন্যতম আছিল। তাম্ৰ যুগৰ ৪৩০০–৩২০০ খ্ৰী:পূ:ৰ ভিতৰত দক্ষিণ তুৰ্কমেনিস্তান আৰু উত্তৰ ইৰাণৰ সৈতে সিন্ধু সভ্যতাৰ কিছু মিল দেখা যায়। ইয়াৰ পৰা এই ঠাইসমূহৰ মাজত আহ-যাহ আৰু বাণিজ্যিক সম্পৰ্কৰ ধাৰণা কৰিব পাৰি। প্ৰাৰম্ভিক হৰপ্পা কালৰ (প্ৰায় ৩২০০-২৬০০ খ্ৰী:পূ:) সৈতে মধ্য এচিয়া আৰু ইৰাণী মালভূমিৰ মৃৎশিল্প, ছীল মোহৰ, মূৰ্ত্তি, আ-অলংকাৰ আদিৰ সাদৃশ্যই মৰুপথেদি বেপাৰ-বাণিজ্যৰ প্ৰচলনৰ কথা সূচায়। বাণিজ্য ক্ষেত্ৰসমূহে আফগানিস্তানৰ একাংশ, ইৰানৰ উপকূলীয় অঞ্চল, ভাৰতৰ উত্তৰ-পশ্চিম অংশ আৰু মেচ’পটেমিয়াকে ধৰি এক বৃহৎ অঞ্চল সংযোগ কৰিছিল। হৰপ্পাত সমাধিস্থ কৰা লোকৰ দাঁতৰ অৱশেষ পৰীক্ষা কৰি পোৱা গৈছে যে নগৰ নিবাসীসকলৰ কিছুসংখ্যক আন ঠাইৰ পৰা প্ৰব্ৰজন কৰি আহি ইয়াত থিতাপি লৈছিলহি। ক্ৰীট আৰু ইজিপ্টলৈকে বাণিজ্য ক্ষেত্ৰসমূহ বিস্তাৰিত হোৱাৰ প্ৰমাণ পোৱা গৈছে। মধ্য হৰপ্পা কালত হৰপ্পা আৰু মেচ’পটেমিয়াৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল আৰু পাৰ্চীয়ান উপসাগৰৰ বাহৰেইন আৰু ফৈলাকাৰ একাংশ মধ্যভোগীয়ে এই সম্পৰ্কৰ পৰিচালনা কৰিছিল। বিভিন্ন অধ্যয়নে সূচায় যে সিন্ধু সভ্যতা থলীত বিভিন্ন প্ৰকাৰৰ খাদ্যশস্যৰ খেতি কৰা হৈছিল। জনা যায় যে মেহৰগড় নিবাসী লোকসকলে ঘৰুৱাভাৱে উৎপাদন কৰা ঘেঁহু আৰু বাৰ্লি ব্যৱহাৰ কৰিছিল। ২০০৯ চনত পি. এন. ৰাৱে চলোৱা এক অধ্যয়নত কোৱা হয় যে সিন্ধু লিপিসমূহ কথিত শব্দসমূহৰ ওচৰ-পাজৰৰ।
73a9e8f82543ee7eff1a671f0e1a7979ac6073a091a2cd3529298f9697ab440b
সৰুতে হজৰত মহলৰ নাম আছিল মুহাম্মদী খানুম আৰু তেওঁৰ জন্ম ১৮২০ চনত ব্ৰিটিছ ভাৰতৰ অৱধৰ ফৈজাবাদত হৈছিল। তেওঁ বৃত্তিৰে এগৰাকী দেহোপজীৱিনী আছিল। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ৰাজকীয় প্ৰতিনিধিলৈ বিক্ৰী কৰাৰ পিছত ৰাজকীয় হেৰেমলৈ লৈ যোৱা হৈছিল আৰু পিছলৈ এওঁ 'পৰী'ৰ মৰ্যাদা লাভ কৰিছিল। তেওঁক হেৰেমত মহক পৰি বুলি কোৱা হৈছিল। অৱধ ৰজায়ে তেওঁক ৰাজকীয় উপপত্নী হিচাপে গ্ৰহণ কৰাৰ পিছত তেওঁ বেগম উপাধি লাভ কৰিছিল। তেওঁলোকৰ সন্তান বিৰজিছ কাদৰৰ জন্মৰ পিছত তেওঁক 'হজৰত মহল' উপাধি প্ৰদান কৰা হৈছিল। তেওঁ শেষ তাজদাৰ-ই-অৱধ ৱাজিদ আলি শ্বাহৰ এগৰাকী উপপত্নী পত্নী আছিল।
57ccb15c420a23fdaef74dabf795c440fb37f42f6f57204e0cd760a6063b6ee5
হাইদৰাবাদ ভাৰতৰ বাকী চহৰসমূহৰ লগত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত। প্ৰধান ঘাইপথ সমূহ হৈছে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথ। হাইদৰাবাদৰ প্ৰধান বাছ আস্থান হৈছে মহাত্মা গান্ধী বাছ আস্থান। চহৰখনত ৰাজ্যিক পৰিবহণ নিগমৰ ৪০০০ নতকৈও অধিক বাছ চলাচল কৰে। চহৰখনৰ প্ৰধান ৰেল যাতায়ত ব্যৱস্থাৰ ভিতৰত মাল্টিমডেল ট্ৰান্সপ'ৰ্ট চিষ্টেম (এম এম টি এছ) উল্লেখযোগ্য। ভাৰতীয় ৰেলৰ দক্ষিণ মধ্য ৰে'লৱে মণ্ডলৰ মুখ্য কাৰ্যালয় হাইদৰাবাদৰ নিকটৱৰ্ত্তী চেকেন্দ্ৰাবাদত অৱস্থিত। হাইদৰাবাদৰ তিনিটা প্ৰধান ৰেল ষ্টেচন হৈছে চেকেন্দ্ৰাবাদ ৰে'লৱে ষ্টেচন, হাইদৰাবাদ ডেক্কান ৰে'লৱে ষ্টেচন (নামপল্লী) আৰু কাচিগুড়া ৰে'লৱে ষ্টেচন। ২০১৭ চনৰ নৱেম্বৰত হাইদৰাবাদ মেট্ৰ' ৰে'ল সেৱাৰ শুভাৰম্ভ ঘটে। এই ক্ষিপ্ৰ ৰে'লসেৱাই চহৰ খনৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰে। হাইদৰাবাদ চহৰৰ পৰা প্ৰায় ২৪ কিঃমিঃ দক্ষিণে অৱস্থিত ছামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে চহৰখনৰ প্ৰধান বিমানবন্দৰ।
02653cc378b15175775bb45c6f184a6095b9d8422097ae49f4c945b3d0317c9d
হিন্দু বিশ্বাসৰ মতে শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভ্ৰাতৃ বলৰামে তেওঁলোকক দ্বাৰকাত প্ৰতিষ্ঠা কৰিছিল, তেওঁলোক আছিল যাদৱ বংশৰ। মৌৰ্য্য, গুপ্ত, চালুক্য, প্ৰতিহাৰা আদি উল্লেখনীয় ৰাজবংশ। পাৰ্চী সকল ইৰানৰ পৰা ৮ম শতিকাত পলাই গুজৰাটলৈ আহে পবিত্ৰ শিখা লৈ যি এতিয়াও ভলসদত জ্বলি আছে। মুছলমানসকলৰ প্ৰভাৱ এতিয়াও গুজৰাটৰ কলা-সংস্কৃতিত দেখা যায়। পৰ্তুগীজ সকল গুজৰাটলৈ অহা প্ৰথম ইউৰোপীয় লোক। তেওঁলোকে আহি সৌৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ দিউ দ্বীপত বাহৰ পাতে। তাৰ পিছত আহে ইংৰাজ সকল ১৬১২ চনত। তেওঁলোকে চুৰট নামৰ ঠাইত ব্যৱসায় কৰে। ইংৰাজ সকলৰ তলত থাকোঁতে গুজৰাট 'বম্বে প্ৰদেশ'ৰ অংশ আছিল।
6c06815761c70e6b22a374f48bbf0dc66f705306b15f0505d1d7bf0fcde4d2ab
হিন্দু মন্দিৰত গণেশৰ উপস্থিতি দুইভাবে থাকে – প্ৰথমতে ‘পৰিয়ালৰ-দেৱতা ’ৰ ‘পাৰ্শ্বদেৱতা ’ ৰূপে; অথবা মন্দিৰৰ প্ৰধান দেৱতা ৰূপে। পুৰাণত কথিত পাৰ্বতীৰ দ্বাৰৰক্ষক গণেশৰ স্মৰণত, পূজাসিদ্ধিৰ দেৱতা ৰূপে মন্দিৰদ্বাৰৰ ওপৰত তেখেতৰ মূৰ্তিও খোদিত হৈ থাকে। ইয়াৰ বাদেও কেৱলমাত্ৰ গণেশৰ বাবেও অনেক মন্দিৰ নিৰ্মিত হৈছে। এইবোৰৰ মাজত মহাৰাষ্ট্ৰৰ অষ্টবিনায়ক মন্দিৰ বিশেষভাবে উল্লেখনীয়। পুণে চহৰৰ ১০০ কিলোমিটাৰৰ মাজত এই আঠোটি মন্দিৰৰ এটা ‘মণ্ডল’ গণপতিৰ পবিত্ৰ জগতৰ প্ৰতীক। ইয়াৰ বাদেও উত্তৰ ভাৰতৰ যি বহুকেইটা অঞ্চলত উল্লেখযোগ্য গণেশ মন্দিৰ আছে সেইবোৰ হ’লঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ ওয়াই; মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িনী; ৰাজস্থান ৰাজ্যৰ যোধপুৰ, নাগপুৰ আৰু ৰায়পুৰ; বিহাৰ ৰাজ্যৰ বৈদ্যনাথ; গুজৰাট ৰাজ্যৰ বৰোদা, ধোলাকা আৰু ভালসাদ; উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ ধূণ্ডিৰাজ মন্দিৰ।
6b5b6aa1d4480a2f5849048f634e1840c4ecd9b6f1918acafb431d10b46bae45
হিন্দু শব্দটো উচ্ছাৰিত হৈছে সংস্কৃত সিন্ধু শব্দৰ পৰা। সিন্ধু হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ এখন ঐতিহাসিক নদীৰ নাম। মধ্যযুগৰ ব্ৰাহ্মণীয়-সংস্কৃতসকলৰ ৰচনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়। ন্যায়, তৰ্ক শাখা (the school of logic)বৈশেষিকা, কণা শাখা (the atomist school)সাংখ্য, (the enumeration school)ৰাজ যোগ,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল। )পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখাবেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখাঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিকা, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ। ওপৰত উল্লিখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ।
d2e4267f130d35ed397303702410ae25f417f64c4acd8eecaa9f152178cd5de5
হিন্দুসকলৰ সমস্ত ধৰ্মীয় আৰু বিভিন্ন সাৰস্বত অনুষ্ঠানত গণেশ পূজিত হয়। ইয়াৰ বাদেও ব্যৱসায় আৰম্ভৰ সময়ত গণেশপূজা আৱশ্যকীয় কৰ্তব্য বুলি বিবেচিত হয়। হিন্দুসকলে বিশ্বাস কৰে, সকলো কাৰ্যৰ পূৰ্বে গণেশ স্মৰণ বা পূজন শুভকৰ আৰু মঙ্গলজনক আৰু তাক কৰিলে কাৰ্য সিদ্ধি অবশ্যম্ভাবী। খ্ৰীষ্টিয় পঞ্চম শতিকাত গণেশৰ একক পূজা প্ৰচলিত হোৱাৰ দুই-এক শতিকাৰ পাছত গাণপত্য নামৰ এক গণেশপূজক সম্প্ৰদায়ৰ উদ্ভব হয়। ক্ৰমশ: এই সম্প্ৰদায় ছটা শাখাত বিভক্ত হৈ পৰে – মহাগাণপত্য, হৰিদ্ৰাগাণপত্য, উচ্ছিষ্টগাণপত্য, নবনীতগাণপত্য, স্বৰ্ণগাণপত্য আৰু সন্তানগাণপত্য। বৰ্তমানে গাণপত্য সম্প্ৰদায় অবলুপ্ত আৰু গণেশ এক সম্প্ৰদায়বিহীন বা নহয়-সেক্টেৰিয়ান হিন্দু দেৱতা। মাৰ্গসঙ্গীত আৰু শাস্ত্ৰীয় নৃত্য বিশেষত: ভৰতনাট্যমৰ সূচনাত গণেশ বন্দনাৰ প্ৰথা প্ৰচলিত আছে। ‘ওঁ শ্ৰী গণেশায় নমঃ’ বা ‘ওঁ গাং গণেশায় নমঃ’ গণেশৰ সৰ্বাধিক প্ৰসিদ্ধ দুটি মন্ত্ৰ। গণেশ পূজাৰ সময়ত ভক্তগণ মোদক অৰ্থাৎ লাড্ডু, ৰক্তবৰ্ণৰ পুষ্প, ৰক্তচন্দন আৰু দূবৰি নিবেদন কৰা হয়। বাংলাত গণেশ এক অত্যন্ত জনপ্ৰিয় দেৱতা। এওঁ ঘৰে ঘৰে পূজিত হয়। তথাপি কেৱলমাত্ৰ গণেশৰ নামত উৎসৰ্গিত কোনো উৎসৱ বাংলাত পালিত নহয়।
33bbb6f498f89ffff4405f3759808995009f0d4e0225bb6d37146f2b5998ed81
হিমালয় হৈছে পৃথিৱীৰ আটাইতকৈ নতুনকৈ গঠিত হোৱা পৰ্বতমালা। ইয়াৰ উৎপত্তি গেদীয় আৰু ৰূপান্তৰিত শিল ওপৰলৈ উঠি অহাৰ ফলত হৈছে। 'প্লেট টেকটনিক'ৰ আধুনিক তত্ত্বৰ মতে, 'ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট' আৰু 'ইউৰেছিয়ান প্লেট'ৰ সমকেন্দ্ৰিক সীমাত হোৱা 'মহাদেশীয় খুন্দা'ৰ (orogeny ) ফলত হিমালয় পৰ্বতমালাৰ গঠন হৈছে। ইয়াক 'fold mountain' বোলা হয়। প্ৰায় ৭ কোটি বছৰৰ আগতে উত্তৰ দিশলৈ বাৰ্ষিক ১৫ ছেঃমিঃ বেগত গতি কৰা ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে ইউৰেছিয়ান প্লেটক খুন্দা মাৰিছিল। প্ৰায় ৫ কোটি বছৰৰ আগত, এই ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে টেঠিছ মহাসাগৰক সম্পূৰ্ণকৈ বন্ধ কৰি তুলিছিল। এই ঘটনাটো ইয়াত থকা গেদীয় শিলৰ উপস্থিতিয়ে ইয়াৰ সত্যতা প্ৰমাণ কৰিছে। ইয়াৰ গেদসমূহ পাতল হোৱা বাবে এইবিলাক ডুব যোৱাৰ পৰিৱৰ্তে ভাঁজ হৈ পৰ্বতমালালৈ পৰিৱৰ্তন হয়। ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে তিব্বতীয় মালভূমিৰ নিম্নাংশত অনুভূতি দিশত হেঁচা দিয়াৰ ফলত ই ওপৰলৈ উঠি গৈছে। এই খুন্দাৰ ফলতেই ম্যানমাৰৰ আৰাকান য়মা আৰু বংগোপ সাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৃষ্টি হৈছিল। বৰ্তমানলৈকে 'ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট' প্ৰতিবছৰে ৬৭ মিঃমিঃকৈ গতি কৰি আছে।
e74904e139b9a23ff316957add2e6dd6ab985f6c4126d96e8d2af524d9561af0
হুছেইনৰ প্ৰাৰম্ভিক শিক্ষা ফৰুৰখাবাদ জিলাৰ ইটোৱাৰ ইছলামীয়া হাইস্কুলৰ পৰাই লাভ কৰে। তেওঁৰ এজন গৃহ শিক্ষকে তেওঁৰ পঢ়াশুনাত সাহায় কৰিছিল,যথা সময়ত হাইস্কুলীয়া শিক্ষা শেষ কৰি, ১৯১৩ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্তি হয়। উক্ত বিশ্ববিদ্যালয়ত থাকোঁতে জাকিৰে এজন জনপ্ৰিয় ছাত্ৰনেতা হিচাপে পৰিচয় দিছিল। সেইসময়তে তেওঁৰ প্ৰতিবা অনুসন্ধিত্সু মন, বাগ্মিতা, কৌতুক আৰু যুক্তিপূৰ্ণ কথা-বতৰাই লগৰীয়াসকলক মুগ্ধ কৰিছিল আৰু তেওঁলোকে তেওঁক আখ্যা দিছিল মুৰশ্বিদ (গুৰু বা পথ প্ৰদৰ্শক) বুলি। সৰুৰে পৰাই তেওঁ বাতৰি কাকত পঢ়া এটা অভ্যাসত পৰিণত কৰিছিল আৰু বাতৰি কাকতৰ তাত্পৰ্য আৰু ভূমিকা সম্পৰ্কে লগৰ বন্ধু-বান্ধৱৰ আগত ব্যাখ্যা কৰিছিল। মাত্ৰ ১৬ বছৰ বয়সতে, ইটালী আৰু তুৰ্কীস্থানৰ মাজত হোৱা যুদ্ধত তুৰ্কীস্থানক তেওঁৰ সামান্য শক্তিৰে হলেও সহায় কৰিবলৈ আগবাঢ়িছিল। সকলো ছাত্ৰৰ পৰা পইছা তুলি আৰু প্ৰতি শুক্ৰবাৰে নামাজলৈ গৈ নামাজৰ শেষত তেওঁৰ মূৰৰ টুপীটো সোলোকাই তুৰ্কী সাহায্যৰ অৰ্থে বৰঙনি তুলিছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাই এম-এ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ইউৰোপলৈ যায় আৰু জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। তেওঁ ১৯২২ চনৰ পৰা ১৯২৬ চলৈ জাৰ্মানীত কটায় আৰু এদিন তাৰপৰাই সাহিত্য আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰি ডি. ফিল. উপাধি লাভ কৰিবলৈ সমৰ্থ হয়। কলিকতা, দিল্লী, আলিগড়, এলাহাবাদ, কাইৰো আদি বিশ্ববিদ্যালয়ে তেওঁক ডি-লিট উপাধিৰে সন্মনিত কৰিছিল।
a4fc63cc3bb6517ad6b6ed5fa7e4dd5cc5c476b71ae5524b735ba5bcb57cf65b
হৰপ্পা সভ্যতাৰ পূৰ্ণাংগ ভাগটো ২৬০০-ৰ পৰা ১৯০০ খ্ৰী:পূ:লৈকে বৰ্ত্তি আছিল। প্ৰাক আৰু শেষ হৰপ্পা সংস্কৃতিৰে সৈতে একগোট কৰি সমগ্ৰ সিন্ধু সভ্যতাৰ কাল আছিল সম্ভৱতঃ ৩৩০০-ৰ পৰা ১৪০০ খ্ৰী:পূ:লৈকে। ২০১৪ চনৰ ডিচেম্বৰত ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান শাখাই সদৰী কৰা প্ৰতিবেদন মতে প্ৰাৰম্ভিক হৰপ্পাৰ পিছতেই মেহৰগড় (৭০০০-৩৩০০ খ্ৰী:পূ:) আৰু ভিৰানা (৭৫৭০-৬২০০ খ্ৰী:পূ:) সংস্কৃতিৰ আৰম্ভণি হৈছিল। সিন্ধু সভ্যতাৰ কালপঞ্জীত স্তৰ (phase) আৰু যুগ (era), এই শব্দ দুটা ব্যৱহাৰ কৰা হয়। প্ৰাৰম্ভিক হৰপ্পা, পূৰ্ণাংগ হৰপ্পা আৰু শেষ হৰপ্পাৰ স্তৰকেইটাক যথাক্ৰমে আঞ্চলিকীকৰণ, একত্ৰীকৰণ আৰু থলুৱাকৰণৰ যুগ বুলি অভিহিত কৰা হয়।
3cbfcb8e173facf41b7f24cb50f472d9879d277d5587908d2a9c6c5e3bdab959
হৰিদ্বাৰৰ উত্তৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত মধ্য হিমালয়ৰ মুচৌৰি পৰ্বতশ্ৰেণীৰ বান্দাৰপুচ শৃঙ্গৰ দক্ষিণ-পশ্চিম পাদদেশত যমুনোত্ৰী হিমবাহৰ ৬,৩৮৭ মিটাৰ উচ্চতাত যমুনা নদীৰ উৎপত্তি। ইয়াত দেৱী যমুনাৰ প্ৰতি উৎসৰ্গিত যমুনোত্ৰী মন্দিৰ হিন্দুধৰ্মৰ পবিত্ৰ তীৰ্থসমূহৰ অন্যতম। এই মন্দিৰ সৰু চাৰিধাম যাত্ৰাচক্ৰৰ অন্যতম। এই মন্দিৰৰ অনতিদূৰত নদীৰ সোঁ তীৰ অবধি ১৩ কিলোমিটাৰ ট্ৰেকৰুটত মাৰ্কণ্ডেয় তীৰ্থ অবস্থিত। লোকবিশ্বাস অনুসৰি, ইয়াতেই মাৰ্কণ্ডেয় পুৰাণ ৰচনা কৰিছিল ঋষি মাৰ্কণ্ডেয়ই। ইয়াৰ পৰা যমুনা প্ৰবাহিত হৈছে দক্ষিণাভিমুখে। মধ্য হিমালয়, শিবালিক পৰ্বতশ্ৰেণী আৰু মোৰাইনিক নদীৰ মাজেদি এই নদীৰ ২০০ কিলোমিটাৰ প্ৰবাহপথ উচ্চ যমুনা উপত্যকা নামেৰে পৰিচিত। এই উপত্যকাৰ জিওমৰফোলজিক্যাল বৈশিষ্ট্যসমূহ হ’ল শৃঙ্খলিত শৈলশিখৰ, শুদ্ধ পাথৰৰ ভূমিতল আৰু একাধিক নদীমঞ্চ। নওগাঁও অঞ্চলৰ দৰে নদীৰ নিম্ন উপত্যকাত বহুকাল প্ৰাচীন বৃহত্তৰ নদীমঞ্চসমূহ দেখা যায়। হিমাচল প্ৰদেশত ২,৩২০ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট যমুনা নদীৰ এক প্ৰাচীন নদী ধাৰণ অঞ্চলৰ সন্ধান পোৱা যায়। উচ্চ ধাৰণ অঞ্চলৰ এক গুৰুত্বপূৰ্ণ উপনদী হল টোনচ। এইখন যমুনাৰ দীৰ্ঘতম আৰু বৃহত্তম উপনদী। টোনচ নদীৰ উৎপত্তি হৰি-কি-দুন উপত্যকাত। মূল নদীতকৈ এই নদীৰ জলধাৰণ ক্ষমতা বেছি। কলসিৰ পাছতেই হৰিদ্বাৰৰ কাষত ই যমুনাৰ লগত মিলিত হৈছে। এই নদীৰ সমগ্ৰ জলনিৰ্গম প্ৰণালীটো প্ৰসাৰিত হৈছে হিমাচল প্ৰদেশৰ গিৰি-শতদ্ৰু ধাৰণ অববাহিকা আৰু গাড়োৱালৰ যমুনা-ভিলংনা ধাৰণ অববাহিকাৰ মধ্যবৰ্তী অঞ্চলত। চিমলাৰ দক্ষিণ শৈলশিখৰটো এই প্ৰণালীৰ অন্তৰ্গত। যমুনা অববাহিকাৰ উচ্চ ধাৰণ অঞ্চলৰ অন্যতম উপনদীসমূহ হল গিৰি, ঋষিগঙ্গা, কুণ্টা, হনুমানগঙ্গা আৰু বাটা। ইয়াৰপাছত দেৰাদুনৰ নিকটৱৰ্তী ডাকপাথৰত যমুনা নদী দুন উপত্যকাৰ সমভূমিত অবতীৰ্ণ হৈছে।
9218b5a8cdd45e8cc997eaa9db83429cd13e0c6474c17832022d6eca39fff3ac
১০৯২ চনত বিনা প্ৰতিদ্বন্দ্ব্ব্বিতাৰে জেইল সিঙ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হ'ল। সেইখিনি সময়তে একাংশ মিডিয়াই অনুভৱ কৰিছিল যে, ইন্দিৰা গান্ধীৰ ওচৰত বিশ্বাসভাজন হোৱাৰ বাবেহে জেইল সিঙে এই সুযোগ লাভ কৰিলে। নিৰ্বাচনৰ পাছত জেইল সিঙে কৈছিল-"মোৰ দলপতিয়ে যদি মোক ঝাৰু লৈ ঝাৰুদাৰ হ'বলৈও কওঁ, মোৰ আপত্তি নাথাকিব। তেখেতেতো মোক ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰিছে। " ১৯৮২ চনৰ ২৫ জুলাই জেইল সিঙে ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিৰ পদত বহা তেঁৱেই প্ৰথমগৰাকী শিখধৰ্মী ব্যক্তি। জেইল সিঙে ইন্দিৰা গান্ধীৰ ছাঁতে থাকি নিজৰ কাম-কাজ সম্পন্ন কৰিছিল। প্ৰতি সপ্তাহে সপ্তাহে নিজৰ কৰ্মনীতি সম্বন্ধীয় সিন্ধান্তবোৰ জেইল সিঙে ইন্দিৰা গান্ধীৰ আগত প্ৰকাশ কৰিবলগীয়া হৈছিল। ১৯৮৪ চনৰ ৩১ মে'ৰ দিনা অৰ্থাৎ অপাৰেছন ব্লু ষ্টাৰৰ আগদিনা তেওঁ ইন্দিৰা গান্ধীৰ লগত এঘণ্টাতকৈও অধিক সময় বাৰ্তালাপ কৰিছিল, কিন্তু ইন্দিৰা গান্ধীয়ে তেওঁৰ পৰিকল্পনাৰ বিষয়ে এটাও শব্দও তেওঁৰ আগত উচ্চাৰণ কৰা নাছিল। সেই অপাৰেছনটোৰ পাছত জেইল সিঙক পদত্যাগ কৰিবলৈ শিখসকলে হেঁচা প্ৰয়োগ কৰিলে। কিন্তু জেইল সিঙে হৰভজন সিঙ য়োগীৰ উপদেশ মানি পদত্যাগ নকৰিলে।