text
stringlengths 0
188k
|
---|
অৰুন্ধতীৰ কথামতে অনুৰাগে ইন্টাৰকমত চাহৰ অৰ্ডাৰ দিলে আৰু বিচনালৈ উঠি আহি অৰুন্ধতীৰ গাত গা লগাই বহিল৷অৰুন্ধতীয়ে টিভিটোলৈ মনোযোগেৰে চাই থকা দেখি অনুৰাগে অভিমানৰ সুৰত ক’লে – |
:অৰু, আমি তেন্তে টিভি চাবলৈকে দাৰ্জিলিং আহিলোঁ? |
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগৰ গালত টপককৈ চুমা এটা দিলে৷তেনেতে কলিং বেলটো বাজি উঠিল— |
:উহ, এই মৰকেলেপটো এতিয়াহে আহিব লাগেনে? – এইবুলি কৈ অনুৰাগ উঠি গৈ দুৱাৰখন খুলি দিলে৷হোটেল বয়টোৱে টেবুলখনত চাহ দুকাপ থৈ আঁতৰি গ’ল৷ |
০০০০০০০০০০০ |
পুৱা দুই বজাতে অনুৰাগে অৰুন্ধতীক জগাই দিলে৷সিহঁতে সূৰ্যোদয় চাবৰ বাবে টাইগাৰ হিললৈ যোৱাৰ কথা ৷পুৱা দুই-তিনি বজাৰ পৰাই মানুহৰ লাইন লাগে বোলে৷অৰুন্ধতীৰ মিঠা টোপনিৰ পৰা একেবাৰে উঠিবৰ মন নাছিলেই, উপায়বিহীন হৈ শুৱাৰ পৰা উঠিল তাই৷ অনুৰাগে ফোনত আগদিনা বুক কৰা টেক্সি ড্ৰাইভাৰৰ লগত কথা পাতিলে৷ |
:অৰু, সোনকালে সাজু হোৱা, টেক্সি বাহিৰত ৰৈ আছে৷ |
দুয়ো গৈ হোটেলৰ বাহিৰত উপস্থিত হ’ল৷বাহিৰত ষ্ট্ৰীট লাইটৰ পোহৰত টুৰিষ্টৰ সমাগম দেখা পালে অৰুন্ধতী-অনুৰাগে৷লানি লানি টেক্সি৷অনুৰাগে সিহঁতৰ টেক্সি ড্ৰাইভাৰটোলৈ আকৌ ফোন লগালে৷অলপ পিছতে টেক্সি এখন আহি অনুৰাগ-অৰুন্ধতীৰ কাষত ৰ’লহি৷দুয়ো টেক্সিত বহাৰ পিছত টাইগাৰ হিললৈ বুলি টেক্সিখন আগবাঢ়িল৷ৰাস্তাত অৰুন্ধতীয়ে নিজকে অসুস্থ অনুভৱ কৰিলে, বমি বমি ভাব এটা আহি তাইৰ ডিঙিত ৰ’লহি৷ |
:ৰাগ, টেক্সিখন ৰাখিব কোৱা,মোৰ বমি আহিছে |
লৰালৰিকৈ অনুৰাগে ড্ৰাইভাৰক টেক্সিখন ৰখাবলৈ দি অৰুন্ধতীক ধৰি বাহিৰলৈ লৈ আহিল৷বাহিৰলৈ ওলাই সলসলকৈ বমি কৰিলে তাই৷অনুৰাগে পানীৰ বটলৰ সাফৰ খুলি পানী খাব দিলে তাইক৷তাৰপিছত টেক্সিত বহি অনুৰাগৰ কান্ধত মূৰটো থৈ ক’লে — |
:ৰাগ, গাটো খুব বেয়া লাগিছে৷ |
:অকনমান চকু মুদি দিয়া, ভাল পাবা৷ |
টেক্সিখন ধীৰে ধীৰে আগবাঢ়িল৷ |
যেতিয়া অনুৰাগ-অৰুন্ধতী টাইগাৰ হিলত গৈ উপস্থিত হ’ল তেতিয়া সূৰ্যোদয় চাবলৈ লোকে-লোকাৰণ্য হৈ পৰিছিল৷এই সূৰ্যোদয় চাবলৈ বোলে মানুহক ভাগ্য লাগিব৷ভাগ্য ভাল থাকিলেহে সূৰুযে মিচিকি হাঁহি মাৰি ওলাই আহে৷টাইগাৰ হিল পাওঁতে অৰুন্ধতীয়ে অলপ সুস্থ অনুভৱ কৰিলে আৰু দুয়ো টেক্সিৰ পৰা ওলাই সূৰ্যোদয় চাবৰ বাবে মানুহৰ ভীৰৰ মাজত সোমাই পৰিল৷অনুৰাগে কেমেৰাটো কান্ধত লৈ ল’লে৷লাহে লাহে সূৰুয ওলাবৰ হ’ল, মানুহৰ উৎকন্ঠা বাঢ়ি আহিল৷পিছে সকলোৰে আশাত চেচাঁপানী পৰিল যেতিয়া সকলোৱে আকাশত ডাৱৰ দেখিলে৷যি সৌন্দৰ্যৰে ৰূপৱান হৈ সূৰুয ওলাব লাগিছিল তেনেদৰে সূৰুয নোলাল, ডাৱৰৰ আঁৰত ঠেহ পাতিলে সূৰুযে৷তেনেকৈয়ে সকলোৱে ফটো তুলিলে ঠেহ লগা সূৰুযৰ,ফটো তুলিলে অনুৰাগেও৷অদূৰত দেখা গ’ল পৃথিৱীৰ ভিতৰতে তৃতীয় ওখ শৃংগ বৰফময় কাঞ্চনজংঘাৰ জিলিকনি!নিজ সৌন্দৰ্যৰে মূৰ্তমান হৈ কাঞ্চনজংঘাই যেন সকলো টুৰিষ্টক সুপ্ৰভাত জনালে৷কাঞ্চনজংঘাৰ সৌন্দৰ্যত সুৱগা চৰে যেতিয়া সূৰযৰ সোনালী পোহৰ আহি কাঞ্চনজংঘাৰ ওপৰত পৰে৷তেনে এক বিৰল দৃশ্য দেখাৰ পৰাও অৰুন্ধতী-অনুৰাগৰ লগতে তালৈ অহা সকলো লোক বঞ্চিত হৈ ৰ’ল৷অনুৰাগে কাঞ্চনজংঘাৰো ফটো উঠালে৷ |
টাইগাৰ হিলৰ পৰা উভতি আহি দুয়ো পুৱাৰ আহাৰৰ বাবে হোটেল এখনত সোমাল৷ |
ব্ৰেকফাষ্ট কৰি উঠি মিৰিক হ্ৰদলৈ বুলি টেক্সি আগবাঢ়িল৷ড্ৰাইভাৰে গাড়ীত ইংলিছ গান লগালে৷শুনি বেয়া নালাগিল অৰুন্ধতীৰ৷অকোৱা-পকোৱা মিহি ৰাষ্টা,পাহাৰৰ শোভা, মানুহৰ ঘৰ মাজে মাজে চাহবাগিচাৰ সেউজীয়া অপূৰ্ব সৌন্দৰ্যই অৰুন্ধতীক উন্মনা কৰি তুলিলে৷পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া ৰাস্তা যেন লাগিল অৰুন্ধতীৰ! |
হঠাতে বতৰটো গোমা কৰি আহিল৷ অৰুন্ধতীয়ে দেখিলে টেক্সিৰ সমূখৰ আইনাত এটোপাল,দুটোপাল বৰষুণৰ পানী৷কুঁৱলীময় সেমেকা ৰাস্তাৰে টেক্সিখনে গতি ল’লে৷এখন সৰু বজাৰ দেখা পালে অৰুন্ধতীহঁতে— |
:এইখন মিৰিকৰ মূল বজাৰ, Mirik is a small town of untouched natural beauty! – টেক্সি ড্ৰাইভাৰজনে ক’লে৷ |
তেনেই সৰু বজাৰ, এটা গলিৰে টেক্সিখন গৈ থকা যেনহে লাগিল অৰুন্ধতীৰ৷মিৰিক বজাৰ পাৰ হৈ অলপ দূৰ গৈ ড্ৰাইভাৰজনে সিহঁতক পুলিচ ষ্টেচনটো দেখুৱাই দিলে৷পুলিচ ষ্টেচনটোৰ কাষেৰে অকোৱা পকোৱা ৰাষ্টাৰে টেক্সিখন গৈ থাকিল৷ৰাষ্টাত বহুতো স্কুলৰ ল’ৰা-ছোৱালী দেখি অৰুন্ধতীৰ মনটো এনেয়ে ভাল লাগি গ’ল৷প্ৰায় দুপৰীয়া এক বজাত মিৰিক হ্ৰদ পালেগৈ৷ধুনীয়া শান্ত-সৌম্য হ্ৰদটোলৈ চাই অৰুন্ধতীহঁত অভিভূত হ’ল৷হ্ৰদৰ ইটো পাৰে এখন অৰণ্য৷হ্ৰদটোৰ মাজত এখন দীঘল ব্ৰীজ৷বটিং চিষ্টেমো আছে হ্ৰদটোত৷ |
:ব’লা, অলপ হ্ৰদৰ পাৰত বহোঁগৈ৷—অনুৰাগে ক’লে৷ |
অৰুন্ধতী আৰু অনুৰাগ গৈ হ্ৰদৰ পাৰৰ বননিতে বহি ল’লে৷হ্ৰদৰ শান্ত পানীয়ে অৰুন্ধতীৰ মনতো যেন শান্তিৰ এছাটি বা ছটিয়াই গ’ল৷ |
:কি ভাবি আছা? – অৰুন্ধতীৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত সোমোৱাই অনুৰাগে মৰমেৰে সুধিলে৷অৰুন্ধতীয়ে পানীলৈ গভীৰভাৱে চাই ধেমালিকৈ ক’লে – |
:তোমাৰ কথা৷ |
:তোমাৰ প্ৰেমিক তোমাৰ কাষতে আছে সোনজনী, পানীলৈ নাচাই মোলৈ চোৱা৷ |
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগক সুধিলে— |
:পৰিৱেশটো তোমাৰ কেনে লাগিছে ৰাগ? |
:তুমি মোৰ কাষত থাকিলে যি কোনো পৰিবেশেই ভাল লাগে- মাছৰ বজাৰ, পাছলিৰ বজাৰ, চিনেমা হলৰ পৰা ওলাই আহোঁতে হোৱা হাই-উৰুমি সকলো পৰিবেশেই মোৰ প্ৰিয় হ’ব যদিহে তুমি মোৰ কাষত থাকা৷ |
: আচ্ছা! মিষ্টাৰ ৰোমান্টিক ৰাগ কোৱাছোন বাৰু,তুমি যে মোৰ কাষত ইমান ৰোমান্টিক হৈ থাকা,এনেকৈ গোটেই জীৱন ৰোমান্টিক হৈ থাকিবানে?শুনিছোঁ, সংসাৰ পুৰণি হ’লে বোলে এনেবোৰ ৰোমান্টিক বিলাস নাথাকে৷ |
:অৰু, আমাৰ এই মধুৰ সময়বোৰত এনেবোৰ চিন্তা মনলৈ কিয় আনা?মই বেয়া পাওঁ… অনুৰাগে মুখ ফুলালে৷অৰুন্ধতীয়ে অনুৰাগৰ নাকতে মৰম অকন কৰি ক’লে- |
:হ’ব মোৰ সোণটো, ফটো উঠো ব’লা৷ |
অৰুন্ধতী ব্ৰীজখনৰ ফালে আগবাঢ়িল৷বহু ফটো উঠিলে দুয়োটাই৷ |
:বৰ ভোক লাগিছে, ব’লা হোটেল বিচাৰি যাওঁ – অনুৰাগে ক’লে৷ |
দুয়োজনে হোটেল এখনত দুপৰীয়াৰ ভাত সাজ খাই যাবলৈ ওলাল৷ |
সেইদিনা হোটেল জননী ভিলা পাওঁতে সিহঁতৰ গধূলী হ’ল৷ |
ৰাতি শুবৰ পৰত অনুৰাগে অৰুন্ধতীক বুকুৰ মাজলৈ চপাই আনিলে আৰু সুধিলে— |
:কাইলৈ ক’ত যাম বুলি ভাবিছা? |
:ক’ত যাবা? – ওলোটাই সুধিলে তাই |
:ৰক গাৰ্ডেনলৈ যাম দিয়া |
অৰুন্ধতীৰ অনুৰাগৰ বুকুৰ মাজত সোমাই মাকলৈ মনত পৰিল৷ঘৰৰ সৰু হোৱা বাবে বিয়াৰ আগলৈকে তাই মাকৰ লগত শুইছিল আৰু টোপনি নোযোৱালৈকে মাকে তাইক বুকুৰ উম দি শুৱাইছিল৷পুৰুষো কেতিয়াবা মাকৰ দৰেই মমতাময়ী হৈ উঠে – অৰুন্ধতীয়ে ভাবিলে৷ |
অনুৰাগৰ নাকৰ শব্দত তাই গম পালে অনুৰাগ টোপনি গ’ল৷তাই সন্তৰ্পনে অনুৰাগৰ বাহুবন্ধনৰ পৰা ওলাই আহিল আৰু অনুৰাগৰ মুখলৈ চালে – এটি পৱিত্ৰ শিশুৰ দৰে শুই পৰিছে অনুৰাগ৷অনুৰাগৰ কপালত চুমা এটা দি তাই টোপনি যাবলৈ চেষ্টা কৰিলে৷ |
পিছদিনা হোটেলতে ব্ৰেকফাষ্ট কৰি অনুৰাগহঁত ৰক-গাৰ্ডেন আৰু গংগামায়া পাৰ্ক চাবলৈ বুলি টেক্সিত বহিল৷পাহাৰীয়া অকোৱা-পকোৱা ৰাষ্টাৰে টেক্সি আগবাঢ়িল ৷অৰুন্ধতীয়ে খিৰিকীৰে দূৰৈৰ পাহাৰৰ প্ৰাকৃতিক শোভা চাই ৰ’ল৷এনে লাগিল শুকুলা ডাৱৰবোৰ যেন আকাশৰ ওপৰৰ পৰা পাহাৰলৈ নামিহে আহিছে৷পাহাৰৰ বগাখিনি ডাৱৰ নে বৰফ ধৰিব নোৱাৰিলে তাই৷ “মোহনীয়” শব্দটো যেন প্ৰতিমুহুৰ্ততে দাৰ্জিলিঙৰ আকাশ-বতাহৰ স’তে খাপ খাইহে পৰে৷অৰুন্ধতীহঁত যেতিয়া ৰক গাৰ্ডেন পালেগৈ টুৰিষ্টৰ সমাগমেৰে পৰিবেশটো গিজগিজাই আছিল৷শিলনিৰ মাজে মাজে ওপৰৰ পৰা কলকলাই বৈ অহা এটি জলপ্ৰপাত!অকোৱা-পকোৱাকৈ ওপৰলৈ উঠি যাব পৰা একোখন ব্ৰীজ৷ওপৰে-তলে মানুহেই মানুহ৷অৰুন্ধতী-অনুৰাগেও অকাই-পকাই ওপৰলৈ খোজকাঢ়ি উঠি গ’ল,বিভিন্ন প’জত ফটো উঠিলে সিহঁতে৷ৰক গাৰ্ডেনৰ প্ৰাকৃতিক শোভা সামৰি গংগামায়া পাৰ্ক চাবলৈ গ’ল অৰুন্ধতীহঁত৷গংগামায়া পাৰ্কখন বৰ দীঘল৷খোজকাঢ়ি খোজকাঢ়ি অৰুন্ধতীৰ ভাগৰ লাগিল৷বেঞ্চ এখনত বহি পৰিল তাই৷খোজকঢ়া ভাগৰ কাতি কৰি দুয়োজনে চাহ একাপ খাবৰ বাবে এখন ৰেষ্টুৰেন্টত গৈ বহিলগৈ৷অৰুন্ধতীয়ে লক্ষ্য কৰিলে—টুৰিষ্টৰ সমাগমেৰে পাৰ্কখন সজীৱ হৈ উঠিছে৷চাহ খাই অৰুন্ধতীহঁত আগবাঢ়িল৷এঠাইত নেপালী লোকনৃত্য দেখা পালে৷ অনুৰাগে লোকনৃত্যৰ ভিডিঅ’ কৰিলে৷ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি অৰুন্ধতীয়ে ফটোও উঠিলে৷পিছে পাৰ্কখন ইমানেই দীঘলীয়া আছিল যে অৰুন্ধতীহঁতে শেষ সীমা নাপালেগৈ৷আধাতে উভতি সেইদিনা গংগামায়া পাৰ্কৰ সামৰণি মাৰিলে৷পিছদিনা পুৱাই অৰুন্ধতী-অনুৰাগে “বাটাছিয়া লুপ” চাবলৈ গ’ল৷বাটাছিয়া লুপৰ মনোমোহা পৰিপাটি দৃশ্যই মোহিত কৰিলে অৰুন্ধতীক৷ইয়াত ভাৰতৰ স্বাধীনতাৰ সময়ত প্ৰাণ বিসৰ্জন দিয়া এজন গোৰ্খা সৈণিকৰ মূৰ্তি প্ৰতিস্থা কৰি থোৱা আছে৷বাটাছিয়া লুপৰ পৰা শুভ্ৰ বৰফময় কাঞ্চনজংঘাৰ দৃশ্য দেখিবলৈ পোৱা যায়৷এজন প্ৰফেশ্যনেল কেমেৰা মেনে অৰুন্ধতী-অনুৰাগক নেপালী বেশ-ভূষাৰে ফটো তুলিলে আৰু অনুৰাগৰ পৰা ঠিকনাটো লৈ ডাকযোগে ফটোকেইখন পঠিয়াই দিব বুলি ক’লে৷ “বাটাছিয়া লুপ” চাই লৰালৰিকৈ অনুৰাগ-অৰুন্ধতী নিজৰ হোটেললৈ উভতি আহিল৷ |
কোঠাত সোমায়েই অৰুন্ধতী কাপোৰ জপাত ব্যস্ত হৈ পৰিল৷কাপোৰ পেকিং কৰা শেষ কৰি ফ্ৰেছ হৈ অনুৰাগ-অৰুন্ধতীয়ে “জননী ভিলা”ৰ কোঠা এৰিলে আৰু হোটেলৰ ফৰ্মেলিটি খিনি শেষ কৰি দুয়ো উলাই আহিল৷বুক কৰি থোৱা টেক্সিত উঠি অনুৰাগ-অৰুন্ধতীয়ে সেইদিনা দাৰ্জিলিং এৰিলে৷ ■■ |
খণ্ড-৮ |
দাৰ্জিলিঙৰ পৰা ঘূৰি আহিয়েই অৰুন্ধতী কলেজৰ ক্লাছবোৰত ব্যস্ত হ’ব লগা হ’ল৷সেইদিনা অৰুন্ধতী কলেজলৈ যোৱাৰ পিছত অনুৰাগ কোৱাৰ্টাৰটোত অকলশৰীয়া হৈ পৰিল৷অকলশৰীয়া মুহুৰ্তকেইটা পাৰ কৰিবৰ বাবে অনুৰাগে বুকছেল্ফৰ কিতাপ খুচৰিলে৷এনেকৈ কিতাপ খুচৰি থাকোঁতে এখন ডায়েৰি অনুৰাগৰ হাতত লাগিল৷ডায়েৰি খনত কিনো আছে বুলি পাত লুটিয়ালে অনুৰাগে৷অৰুন্ধতীৰ হাতৰ আখৰ দেখি তাৰ অনুসন্ধিৎসা বাঢ়ি গ’ল৷ |
“এইবোৰচোন অৰুৱে লিখা কবিতা!মোৰ অৰুৱে তেন্তে কবিতাও লিখে!মোকটো তাই কোনোদিন কবিতা লিখে বুলি কোৱা নাই!!”—অনুৰাগৰ অভিমান হ’ল৷অভিমানী মনটোৰেই সি কবিতাবোৰ পঢ়ি গ’ল — |
“বন্ধু, |
তোমাৰ পৰা মোলৈ |
এটা দীঘলীয়া বাট |
স্মৃতিভ্ৰংশ মানুহৰ দৰে |
তুমি পাহৰিলা |
মোৰ ঠিকনা…” |
“অৰুৰ জীৱনত কোনোবা ক্লজফ্ৰেণ্ড আছিল যি অৰুৰ জীৱনৰ পৰা আঁতৰি গ’ল – কবিতাটোৱে সেইটোৱে কৈছে বোধহয়”—অনুৰাগে ভাবিলে ৷ |
“পুৰণি চিনাকী বিষাদ |
কোন সূদুৰৰ পৰা ভাঁহি অহা |
বাঁহীৰ কৰুণ সুৰ যেন |
বিষাদে বিষাদক আবৰা…” |
“অৰুৰ মনত কিবা দুখ আছে কবিতাটোৱে সেইটোকে কৈছে নেকি!মোৰ লগত দুখ শ্বেয়াৰ নকৰে নহয়!!”—অনুৰাগে এইবাৰ অভিমানত নিজৰ মাজতে মুখ ফুলালে৷ |
“বুকুত জীপাল হৈ উঠে |
সেউজীয়া নিয়ৰ তিতা ঘাঁহনি এডৰা.. |
কবিতাৰ শাৰী গুণগুণাই গুণগুণাই |
এটোপাল গানৰ চকুলোৰে মই |
সান্নিধ্যৰ উশাহ বিচাৰি….” |
“আপোনজনৰ সান্নিধ্য বিচৰা বিষাদৰ কবিতাচোন এইয়া !!”—অনুৰাগে ভাবিলে৷ |
তাৰপিছত “তুমি” নামৰ এটা কবিতাত অনুৰাগৰ চকু থৰ হৈ গ’ল— |
“তুমি |
এপাহ ৰঙা গোলাপ |
ধুমুহা-বৰষুণৰ এছাটি বতাহ |
তুমি গান |
চিনাকি-আপোন গান |
তুমি |
পুৱাৰ নিয়ৰকণা |
বৰ্ণনাতীত তুমি |
তুমি সাৰথি ভঙা-গঢ়াৰ |
তুমি বন্ধু বুজা-নুবুজাৰ |
জীৱন-মৰণে উশাহে নিশাহে |
মাথোঁ তুমি,তুমি আৰু তুমি” |
কবিতাটো পঢ়ি অনুৰাগৰ উশাহটো চুটি হৈ যোৱা যেন লাগিল৷অৰুৰ কোনোবা ভালপোৱা আছিল৷অৰুৰ যদি তেনে এটা অতীতেই আছিল তাই মোক কিয় আজিলৈকে কোৱা নাই!!অনুৰাগৰ কান্দিবৰ মন গ’ল৷ “নাই আৰু পঢ়িব নোৱাৰি”—ডায়েৰিখন জপাই থ’লে অনুৰাগে৷ |
কলেজৰ পৰা আহি অনুৰাগৰ মুখত ফুটি উঠা বিবৰ্ণ চেহেৰাই অৰুন্ধতীক চিন্তাত পেলালে৷ |
:তোমাৰ কিবা হৈছে নেকি ৰাগ?গা ভাল নাই নেকি? |
:নাই,একো হোৱা নাই – অনুৰাগে বৰ কষ্টৰে কথাকেইটা ক’লে৷ |
:মিছা কথা নক’বা৷মোৰ আৰু তোমাক চিনি পাবলৈ অকনো বাকী নাই ৰাগ৷তোমাৰ সঁচাই কিবা হৈছে৷কোৱা ৰাগ,কি হৈছে তোমাৰ? |
অনুৰাগে তললৈ মূৰটো কৰি অলপদেৰি মনে মনে থাকিল তাৰপিছত অৰুন্ধতীৰ ডায়েৰিখন আনি অৰুন্ধতীৰ হাতত দিলে৷ |
:আজি তোমাৰ কবিতা পঢ়িলোঁ৷তুমিটো কবিতা লিখা বুলিও মোক কোনোদিন কোৱা নাই!!-অনুৰাগে অভিমানেৰে কৈ উঠিল৷অৰুন্ধতীয়ে এইবাৰহে উৰহী গছৰ ওৰ ধৰিব পাৰিলে৷অৰুন্ধতীৰ হাঁহি উঠিল যদিও অনুৰাগৰ চিৰিয়াছ মুখখন দেখি হাঁহিটো সামৰি থ’লে তাই৷ |
:ৰাগ, কবিতা লিখোঁ বুলি তোমাক কবলৈ সময়েই বা কেতিয়া পাইছোঁ৷আৰু ডায়েৰিত লিখা এইবোৰ যে কবিতাও নহয়,মোৰ মাথোঁ অনুভৱৰ টুকুৰা৷তোমাক ক’ব লাগিব বুলিও কোনোদিন মনলৈ অহাই নাই৷আৰু ৰাগ,এইখন মোৰ পুৰণি ডায়েৰি,বিয়াৰ আগৰ৷ |
:বুজিছোঁ…অৰু,তুমি কাৰোবাক ভাল পাইছিলা?ডায়েৰিত “তুমি” নামৰ কবিতা এটা পঢ়িলোঁ! |
অনুৰাগৰ কথা শুনি অৰুন্ধতীৰ হাঁহিমেই নে কান্দিম তেনে লাগিল৷তাই মৰমেৰে অনুৰাগক ক’লে— |
:ৰাগ,তুমিয়েই মোৰ প্ৰিয়তম,মোৰ প্ৰেম মাথো তোমাৰ বাবে৷কাৰোবাক হয়তো ভাল লাগিছিল কেতিয়াবা কিন্তু সেইয়া প্ৰেম নাছিল৷ “তুমি” কবিতাটো মই কোনো বিশেষজনক লৈ লিখা নাছিলোঁ ৰাগ৷ “তুমি” শব্দটো মোৰ বাবে মাথোঁ এটি চিম্বলহে সেইয়া ফুলো হ’ব পাৰে,শিলগুটিও হ’ব পাৰে, আকাশ হ’ব পাৰে, প্ৰেৰণা হ’ব পাৰে, প্ৰেমৰ অনুভৱো হ’ব পাৰে…. |
:তোমাৰ কোনোবা ক্লজফ্ৰেণ্ড আছিল?বন্ধু নামৰ কবিতাটো যে লিখিছা!! – অনুৰাগে জেৰা কৰি গ’ল৷ |
:আছিল ৰাগ, এজনী মোৰ খুউব ভাল বান্ধৱী আছিল৷তাই মোক এদিন ভুল বুজি আঁতৰি গ’ল৷মনত বৰ দুখ পাইছিলোঁ,ক’ম বাৰু তোমাক বেলেগ এদিন৷ |
:আৰু যে আৰু এটা কবিতাত লিখিছা – সান্নিধ্যৰ উশাহ বিচাৰি…. |
:উস ৰাম!তোমাক এতিয়া সৱ কবিতাৰে ব্যাখ্যা দিব লাগিব দেখিছোঁ …সান্নিধ্যৰ উশাহ বিচাৰি মানে মই তোমাকে বিচাৰি আছিলোঁ কিন্তু তুমি মোৰ কাষত তেতিয়া নাছিলা… হ’বনে? |
অনুৰাগৰ মুখলৈ উজ্জ্বলতা ঘূৰি অহা দেখি অৰুন্ধতীয়ে স্বস্তিৰ নিশ্বাস এৰিলে৷ |
:ৰাগ, এটা কথা কওঁ..আমাৰ সম্বন্ধৰ ভেটিটোৱেই হ’ল – প্ৰেম,বিশ্বাস আৰু বুজাবুজি..তুমি মোক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব লাগিব ৰাগ৷তুমি জানানে–সন্দেহ আৰু অভিমানে সম্বন্ধৰ ভেটিলৈ শিথিলতা আনে৷ |
:অৰু,মোৰ সোণজনী৷মই সাহিত্যৰ মানুহ নহয়৷যি বুজি পাওঁ চিধাচিধিকৈয়েই বুজি পাওঁ৷আজিৰ পৰা মই তোমাৰ পৰা কেতিয়াও তোমাৰ কবিতাৰ ব্যাখ্যা নিবিচাৰোঁ৷এইয়া কাণত ধৰিছোঁ চোৱা৷বহুত আঘাত দিলোঁ তোমাক৷মোক ক্ষমা কৰিবা৷—অনুৰাগে কাণদুখনত ধৰিয়েই ক’লে৷ |
হঠাতে অৰুন্ধতীৰ জোৰকৈ হাঁহি উঠি গ’ল৷হাঁহি হাঁহি তাই ডায়েৰিখনৰ পাত এখিলা মেলি ল’লে আৰু অনুৰাগক কাষলৈ মাতিলে৷অনুৰাগে অৰুন্ধতীৰ কোলাত মূৰটো থ’লে আৰু ক’লে- |
:কি পঢ়ি শুনাবা,শুনুৱা |
:“তুমি”ৰ বিষয়ে পঢ়ি শুনাম,শুনা— |
“নাজানো,বন্ধুৰ দৰে তুমিচোন মোৰ নিচেই কাষত আহি থিয় হোৱা৷এই যে তুমি, “তুমি” বাৰু কোন?তুমি নিসংগতা,তুমি কবিতা অথবা তুমিয়েই মই?তুমি অশৰীৰি সত্তা যাৰ লগত মোৰ খুবেই অন্তৰংগতা৷তুমি মোৰ গাৰ ছাঁটোৰ দৰে৷তুমিয়েই জীৱন৷ |
মনটো যেতিয়া দুখেৰে ভৰি পৰে তুমি নিটোল কবিতাৰ দৰে মোৰ আগত থিয় হোৱা৷জীৱনৰ কথা ভাবিলে তুমি মোৰ কাষত থাকা,প্ৰেমত পৰিলে তুমি মোৰ বুকুৰ মাজত সুহুৰি বজাই ঘূৰি ফুৰা৷ তুমি অশৰীৰি মোৰ আজীৱন আত্মীয়৷মোৰ যিদিনা মৃত্যু হ’ব তুমিও সেইদিনা মোৰ লগতে মাটিত শুই পৰিবা৷আত্মাৰ স’তে তুমি মিলি পৰিবা৷তুমি মোৰ বাবে ঈশ্বৰৰ উপহাৰ” |
কথাখিনি পঢ়ি অৰুন্ধতীয়ে অনুৰাগলৈ চালে৷অনুৰাগ তেতিয়া টোপনিত….. |